) মোৰ মৰমৰ (অনু)পমা বা,

মৰম যাচিলোঁ প্ৰথমেই ধন্যবাদ জনাওঁ তেওঁক, তেওঁ মানে মৌচুমী বৰি বা, তোমাক যাৰ জৰিয়তে চিনি পালোঁ, যাৰ নামটোৱেই এটা ব্ৰেণ্ড আমাৰ মাজত চিনাকী হোৱাৰ পাচতে তোমাৰ লেখা পঢ়িলোঁ আখৰুৱা তোমাৰ উপন্যাস পঢ়িলোঁ শ্যামকাণু দূৰৈ হৈ নাযাবা খবৰ পালোঁ মোৰ অপেক্ষাৰত তালিকাৰ প্ৰথমখন কিতাপ সেইখনেই তাৰ পাছতে কাকতত পঢ়িবলৈ পাইছোএক আলোকৰ যাত্ৰা নিজৰ পৰা নিজলৈ মুখামুখিকৈ লগ নাপালেও তোমাৰ মাজত যেন মই এটা আত্মিক নিজা নিজা গোন্ধ পালোঁ আৰু সেই গোন্ধৰ উঁহ বিচাৰি মই তোমাৰ বৃত্তটোৰ মাজত কেনেকৈ সোমাই পৰিছোঁ বই নোৱাৰিলোঁ

পমা বা, জানানে মই নতুনকৈ লিখিবলৈ লোৱা অভ্যাসটোৰ কাৰণে মৌচুমীবা খুব আচৰিত হৈছিল কিয়নো মৌচুমীবা মোৰ খুব ওচৰৰ সম্পৰ্কৰ আছিল একেখন এল পি স্কুল, একেখন হাইস্কুল, একেখন কলেজৰ উপৰিও এটা গভীৰ ঘৰুৱা সম্পৰ্কৰ এনাজৰীৰে বান্ধ খাই আছিল আমাৰ ৰঙীণ মনবোৰ লাহেকৈ জীৱনৰ চাকনৈয়াত পৰিলো মই ওফৰিলো ৰবাত, মৌবা থাকিল ৰবাত এনেকুৱাই হয় সকলোৰে হয়তো তোমাৰো তেনেকুৱাই কিন্তু সময়ৰ সোঁতত আগুৱাই গৈ থাকিলেও আমাৰ সংবেদনশীল মনটোৱে হেৰুওৱা সময়বোৰ বিচাৰি চলাথ কৰে স্মৃতিৰ দোলনাত দুলি থকা সময়বোৰক কলমৰ পৰশ দিয়াৰ হেঁপাহ জাগিল তেনেকৈয়ে মোৰ কলমটো মোৰ সংগী হৈ পৰিল

পমা বা, মই নাৰীবাদী নহয়, কিন্তু নাৰীৰ উত্থানত সদায় সুখী হওঁ একবিংশ শতিকাতো নাৰীৰ অসহায় অৱস্থাই মোক মূক কৰি তোলে দামী সাজসজ্জাৰে আধুনিকা যেন লগা ভব্য গব্য মহিলাগৰাকীও পুৰুষ এজন নহলে বাটলৈ অকলে ওলাব নোৱাৰে আহত হওঁ তেওঁলোকৰ চিন্তাধাৰাত যেতিয়া অযুক্তিকৰ অন্ধবিশ্বাসেৰে ওলমি থাকে তথাকথিত চাৰ্টিফিকেটৰ শিক্ষা গোলকীকৰণৰ পাৰ্শ্বক্ৰিয়াৰ ফলস্বৰুপে আমাৰ মাজলৈ অহা সহজলভ্য বিলাসিতাইও কিছুমানক চিন্তাৰ কৰ্ষণৰ পৰাই আঁতৰাই আনিলে

পমা বা, এই চিন্তাবোৰ মনলৈ আহে কিয় নাজানো আন দহজনী ছোৱালীৰ দৰেই প্ৰকৃতিৰ পৰিবেশত উমলি জামলি ডাঙৰ হৈছো জীৱনৰ প্ৰতিটো স্তৰতে একো একোখন কিতাপে জীৱনৰ বাট দেখুৱাইছিল। আখৰ জোঁটাব পাৰোঁতেইবুঢ়ী আইৰ সাধুখন হাতত পৰিছিলহি, যিখনে মোক কিতাপৰ জগতখন চিনাকী কৰাই দিলে মেডাম কুৰীৰ জীৱনীয়ে মোক কৰ্মনিষ্ঠাৰ লগতে বিজ্ঞানৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিলে এন ফ্ৰাংকৰ ডায়েৰীয়ে মোৰ মাজলৈ সংবেদনশীলতা আনিলে সেয়া মোৰ ক্লাছ চেভেনৰ কথা তাৰ পাছত গোগ্ৰাসে গিলিছিলো অসংখ্য উপন্যাস উপন্যাসৰ চৰিত্ৰত সোমাই উচুপিছিলো, কল্পনাৰ ৰাজ্যত ঘুৰি ফুৰিছিলো মাজতে বহুতদিনৰ বিৰতি, প্ৰায় দহবছৰৰ বিৰতি শেহতীয়াকৈ ৰীতা চৌধুৰীৰমায়াবৃত্তআৰুবিভ্ৰান্ত বাস্তৱখন পঢ়ি মই নাৰীত্বৰ অফুৰন্ত শক্তি মোৰ মাজত উপলদ্ধি কৰিছিলো সেয়াই চমুকৈ মোৰ কলমৰ যাত্ৰা

এটা কথা ভাবি ভাল লাগিছে, যিখন চহৰত তুমি শিপা এৰি থৈ গৈছিলা, সেইখন চহৰক মই মোৰ ডাল পাতেৰে সজাইছো তোমাৰ আৰু মোৰ মাজত সেইটোও এটা টান তুমি এৰি যোৱা বাটৰ সুৰে মোৰ মন উতলা কৰে আজিও, জানানে ? হয়, আজিও তুমি তিতি যোৱা সেই কিনকিনিয়া বৰষুনজাকত মই আজিও তিতো অনু্ভৱৰনো কিহৰ আকৌ বয়স, নহয় জানো পমা বা?

চোৱাচোন, কিবাকিবি লিখি থাকোঁতে তোমাৰ ঘৰৰ খবৰ সোধাই নহ কথাবোৰ লিখিবলৈ লে শেষেই নহয় দেখোন তোমাক আমনি কৰি আছো নেকি বাৰু ? তোমাৰ অজস্ৰ ব্যস্ততাৰ মাজত যেতিয়াই সময় পোৱা চিঠিখন পঢ়িবা আৰু সময় পালে তোমাৰ কলমৰ যাত্ৰাৰ কথাও লিখিবা

সদৌশেষত সুধিছো, তোমাৰ স্বাস্থ্য বাৰু ঠিকে আছেনে ? তোমাৰ সুন্দৰ মনটোক গতি দিবলৈ স্বাস্থ্য ভালে থকাটো অতি জৰুৰী আৰু লগতে সুধিছো তোমাৰ পৰিয়ালৰ খবৰ তোমাৰ বাবাটোলৈ মোৰ অশেষ শুভকামনা থাকিল, লগতে তোমাৰ অনাগত ভৱিষ্যৎ জীৱনলৈ মোৰ অশেষ শুভেচ্ছা থাকিল

মৰমেৰে,

তোমাৰ ভন্টী
পাৰবীন চুলতানা
২২/০৯/২০১৬
 ---------------------------------------------------
)
মৰমৰ মৌ বা,


ভালে আছানে ? বেমাৰৰ নাম শুনি এসোঁতা কান্দি লোৱা পৰ্বটো শেষ নে বাৰু ? ভিনদেউটোলৈ দুখেই লাগে পাই তিনিজনীকৈ এমা ডিমা ছোৱালীক কেনেকৈ যে চম্ভালিছে!

এই মৌ বা, আজি তোমাক এজনী সৰু ছোৱালীৰ কথা কবলৈ মন গৈছে আচলতে ছোৱালীজনীক মই অলপ মিছ কৰি আছো এইকেইদিন শুনিবানে ছোৱালীজনীৰ কাহিনী ডাৰউইনেছাৰভাইভেল অৱ দ্য ফিটেষ্টসূত্ৰটোৰ পৰীক্ষণৰ বাবে পৃথিৱীলৈ পঠোৱা এজনী ছোৱালীৰ কথা

ককায়েক বায়েকক স্কুললৈ যোৱা দেখি মাকৰ আঁচলত ধৰি পাঁচবছৰীয়া ছোৱালীজনীৰো ঠেনঠেননি আৰম্ভ স্কুললৈ যোৱাৰ আৱদাৰেৰে সৰুৰে পৰাই অসুখীয়া ছোৱালীজনীৰ অভিমানবোৰৰ বিপক্ষে মাত মতাৰ সাহস কাৰো নাছিল মানিমুনি, মছণ্ডৰীৰ পাতৰ মাজতে তাইক বুৰাই ৰাখে মাকে খীণ মীণ ছোৱালীজনীৰ মাৰ্কশ্বিটৰ নাম্বাৰবোৰো সিমানেই ভৰপূৰ আছিল চতুৰ্থ মানত পঢ়ি থাকোতে ক্লাছলৈ নতুন ৰা এটা আহিল ছোৱালীজনীক প্ৰত্যাহবান জনাব পৰা ৰা সিহঁতৰ সৰু অঞ্চলটোত সেইটো এটা খবৰ স্কুলখনলৈ নাম কঢ়িয়াব হেনো ৰাটোৱে। ককায়েকে ছোৱালীজনীক জোকায়, চা লগৰজন জিলাৰ ভিতৰত ফাৰ্ষ্ট আৰু তই বেমাৰতে পৰি থাকিবি মূৰৰ তেজ উথলি উঠে তাইৰ সেইটো কেনেকৈ ? কেনেকৈ ?

সেইটো জিদতে তাই ৰাতি এপৰলৈকে জমা-খৰচৰ অংক কৰি বহি থাকে মাকৰ লগত দেউতাকে ৰাতি ঘৰ সোমোৱাৰ পাচতহে তাই বিছনাৰ পাটীত পৰে দেউতাকজন বৰ ওখ আছিল তাইৰ বাবে আনৰ বাবে যিমান ওখ, তাইৰ বাবে তাতোকৈও বহুত বেছি ওখ সেই ওখ দেউতাকজনক চুব পাৰিলেই তাইৰ আকাশ চুব পৰা হেন হৈ পৰে ইমান ডাঙৰলৈকে মাকৰ কোলাত উঠি থাকে নেকিবুলি দেউতাকে মাকৰ কোলাৰ পৰা নিজৰ কোলালৈ টানি লয় ছোৱালীজনী জীৱনৰ নটা বছৰ ইকোলা সিকোলাকৈ এনেকৈয়ে ডাঙৰ ছোৱালীজনী

আলসুৱা ছোৱালীজনীয়ে কোলাত উঠি থাকিলে জানো শিলৰ তে খেলিব পাৰিব ? ডাৰউইনৰ তত্ব অনুসৰি তাইক দিয়া বাস্তৱৰ কঠিনতাৰ পাঠ কুঁহিয়াৰ পেৰাত সোমাৱাই ৰস উলিয়াওৱাৰ দৰে কষ্টত তাই সিদিনা কলগছৰ আঁৰ লৈ চকুলো টুকিছিল এল,পি বৃত্তিৰ ভাল ৰিজাল্টটো আনিবলৈ তাইৰ লগত কোনো নাছিল দেউতাক নৰিয়াপাটীত, দেউতাকৰ তে মাক হস্পিতেলত, ককায়েক মেট্ৰিক পৰীক্ষাত আৰু তাইৰ লগত অকলে এঘাৰবছৰীয়া বায়েক বছৰেকৰ উৎসৱটোত হেঁপাহৰ কাপোৰযোৰতকৈ নবছৰীয়া ছোৱালীজনীৰ বাবে গুৰুত্বপূৰ্ণ আছিল আকাশৰ সমান ওখ দেউতাকজন আহি তাইক এবাৰলৈ কোলাত তুলি লোৱাটো

মাকৰ দৰে সুগঢ়ী ছোৱালীজনী দেউতাকৰ আদৰ্শৰে পৰিপুষ্ট আছিল নবছৰতে শিকি লোৱা সেই আদৰ্শতে বাট বুলিছে তাই মৰমত মৰম, খঙত খং, কামত কাম, জেদত জেদেৰে জীৱনৰ প্ৰত্যাহবানবোৰ পাৰ হোৱা ছোৱালীজনীয়ে নিজৰ নবছৰীয়া লৰাটোক স্কুললৈ লৈ যাওঁতে কথাবোৰ মনলৈ আনিলে দেউতাকৰ এটাই ভুল আছিল, নিজৰ স্বাস্থ্যৰ প্ৰতি অবজ্ঞা সেই ভুলটো তাই বুকুত বান্ধি লে দেউতাকৰ দৰে সেইটো ভুল তাই নকৰে স্বাস্থ্য সচেতন তাই আৰু স্বাস্থ্য সচেতন কৰি তুলিব তাইক বেৰি থকা আপোন মানুহবোৰক

ৰাটোক স্কুলত থৈ আহিয়ে তাই নিজৰ এটা স্বাস্থ্য বীমা কৰিলে আৰু স্বাস্থ্যৰ খুটি-নাতিবোৰ পৰীক্ষা কৰালে সৰু-সুৰা যিবোৰ আপদীয়া অশান্তি আছিল, এই ধৰা মূৰ কামোৰণি বা তেনেকুৱা বিলাক, সেইবোৰ তাই মনৰ জোৰেৰে পাহৰিবলৈ চেষ্টা কৰিলে

অপাৰেচন এটা বুলিয়েইনো এসোঁতা কন্দাৰ কি প্ৰয়োজন আছে মৌবা ? অদৰকাৰী অংগ এটা আঁতৰাই পেলাব ভাল ডক্টৰ এজনে বিধিসন্মত খাদ্যাভাস, প্ৰচুৰ পৰিমাণৰ জুলীয়া খাদ্য, কেলচিয়াম-আইৰণ আদি মিনাৰেলযুক্ত সুষম আহাৰ আৰু অলপ পৰিমাণৰ পাতলীয়া শৰীৰ চৰ্চা। শৰীৰ নামৰ মেচিনটো ভালে ৰাখিবলৈ ইয়াতকৈনো বেলেগ কি লাগে ? অত্যন্ত জীৱনবোধেৰে ভৰপূৰ তোমাৰ মন অলপমান মিলাব পাৰিলেই দেখোন চৌপাশ ৰঙীণ

ভালে থাকা তুমি, ভালে থাকক তোমাৰ পৰিয়াল, ভালে থাকক আমাৰ চিঠি গোট
সদৌশেষত পুনৰ মৰমেৰে

ইতি
তোমাৰ মৰমৰ ভন্টী
পাৰবীন চুলতানা
ডিব্ৰুগড়
১৪/১০/২০১৬
-----------------------------------
)
জোন মোৰ,

ৰাতিটোৱে বাগৰ সলালেই তোমাৰ দশমতম জনম বৰ্ষ । কথাবোৰ সৌ সিদিনাৰহে আছিল । তোমাক আদৰিবলৈ সাজু হৈছিলোঁ । অনেক প্ৰত্যাহ্বানৰ মাজতো তুমি মোৰ কোলা শুৱনি কৰিবলৈ আহিছিলা ।

কথাবোৰ বুজি পোৱা ধৰণেৰে জীৱনটো আৰম্ভ হোৱাই নাছিল । মাতৃত্বৰ দায়িত্ববোধে তিলমানো চুব পৰা নাছিল তেতিয়ালৈ । কিমান যে পাগলী আছিলো মই । অকলশৰীয়া ভাৰাঘৰটোৰ পৰা তিনিআলিৰ গুমটিখনৰ পকৰীৰ সোৱাদ ল’বলৈ মন গ’লেই অকলে ওলাই আহিছিলো । অ' পাহৰিছোৱেই, তোমাৰ দেউতাও তেতিয়া চাকৰিসূত্ৰে অলপ দূৰত থাকিব লগা হৈছিল । মোৰ লগত কোননো আছিল ? অ' আছিল । ভগৱানৰ সুদৃষ্টি আছিল মোৰ ওপৰত । নহ’লেনো তোমাক গৰ্ভত লৈ ৰাতিৰ ৰাতিটো নিশ্চিন্তমনে টোপনি যাব পাৰোনে ?

২০০৭ চনৰ ২৫ ফেব্ৰুৱাৰী । দেওবাৰ । সিদিনা তোমাৰ দেউতাও ওলালহি । লগতে তোমাৰ জেঠাইও পালেহি । দেওবাৰ যদিও অফিচৰ কামবোৰ শেষ কৰিবলৈ মই অফিচলৈ ঢাপলি মেলিছিলো । ছুটী লোৱাৰ আগতে কামবোৰ শেষ নকৰিলে বাকীবোৰে অসুবিধা পাব, সেই মনোভাৱেৰে । কামবোৰ চিজিল লগাই মোৰ সহকৰ্মীজনক সবিশেষ বুজাই দিলোঁ যাতে মই নাথাকিলে অফিচত অসুবিধা নহয় । তুমি যে অহাৰ কথা ! অৱশ্যে ডাক্তৰৰ হিচাপমতে তেতিয়াও কিছুদিন বাকী ।

শেষৰাতিলৈ তুমি অহাৰ উমান দিলা । এনাস্থেচিয়াৰ জালত তোমাৰ জোনহেন কণমানি মুখখনি প্ৰথমে দেখাৰ সৌভাগ্য নহ'ল । যেতিয়া জ্ঞান আহিল, জীৱনলৈ অপাৰ হেঁপাহ কঢ়িয়াই মোৰ কাষত শুই আছিলা তুমি ।

এই জোন, তোমাক কোলাতেই থ’ম নে বোকোচাতেই থ’ম তেতিয়া । তুমি অহাৰ পাছত জীৱনটো ৰঙীণ হৈ পৰিল । ইমান অহংকাৰৰ হৈ পৰিল মোৰ পৃথিৱীখন । গপ তুলি তুলি বছৰবোৰ আহে । নিমিষতে বাগৰে । অহংকাৰবোৰ দিনক-দিনে বাঢ়িহে গৈছে দেখোন ।

তুমি ডাঙৰ হ'লা । মোক কিটচেনত মটৰৰ বাকলি গুচাই দিব পৰাকৈ তুমি ডাঙৰ হ'লা । ভাইটিক কাপোৰ পিন্ধাই দিব পৰাকৈ তুমি ডাঙৰ হ'লা ।

জোন মোৰ । এই যে তোমাক পুৱা সাত বজাতে স্কুললৈ টানি টানি লৈ যাওঁ, পৰীক্ষাৰ ভুল উত্তৰৰ কাৰণে চকু পকাই ধৰো । সেয়া নিতান্তই এটা চাকৰি নতুবা পৰীক্ষাৰ নম্বৰকেইটিৰ কাৰণে নহয় কিন্তু । মোৰ লক্ষ্য হ'ল, তোমালোকক জ্ঞানী কৰি তোলাহে । জ্ঞান নহ’লে ভুল-শুদ্ধৰ বিচাৰটিকে কেনেকৈ কৰিবা ? উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত ল’বলৈকে আমাক জ্ঞানৰ দৰকাৰ । নহয় জানো ? সপ্তাহৰ এটি মাথো দেওবাৰ । সেইদিনাও আৰ্ট স্কুল নতুবা গানৰ স্কুল । ইয়াতো কিন্তু সুগভীৰ লক্ষ্য মোৰ । প্ৰতিযোগিতাত প্ৰশংসা বুটলাটো মোৰ লক্ষ্য নহয় । মোৰ লক্ষ্য অনন্য । এই সাধনাই তোমাৰ ভিতৰৰ 'তুমি'টোক আজীৱন সংগ দিব । বিষাদ জয় হ'ব তোমাৰ সুৰত, নতুবা বিষাদ সামৰিব কেনভাচত বুলাই লোৱা তুলিকাই। সেয়াহে মোৰ লক্ষ্য ।

তুমি সুখী হোৱা । কায়িকভাৱে নহলেও মোৰ অন্তৰাত্মা তোমাৰ খোজে প্ৰতি ।  তুমি ভাল মানুহ হোৱা । দহজনৰ চকুত নহয়, নিজে নিজৰ চকুত শুদ্ধ হোৱা । তুমি ধনী হোৱা । ধনৰ নহয়, মনৰ । তুমি সু্স্থ হৈ  থাকা । কেৱল শৰীৰেৰে নহয়, আত্মাৰেও । তোমাৰ জনমদিনত এইয়ে মোৰ কামনা ।

চিঠিখন বহুতেই দীঘল হ'ল নহয় সোণ ? ক'বলৈ যে এতিয়াও বহুত বাকী । চিঠিখন পঢ়িবলৈ টান পাইছা নেকি বাৰু ? ইংৰাজী মাধ্যমত পঢ়িলা বুলিয়ে অসমীয়া নপঢ়িলে নহ’ব কিন্তু । চোৱাচোন আমাৰ ভাষাটো কিমান সুন্দৰ । গতিকে মোৰ চিঠিখন পঢ়িবলৈকে তুমি কিন্তু আমাৰ মাতৃভাষাটো শিকিব লাগিব ।

কথা দিবানে তুমি ? মোৰ সৰু অনুৰোধটো ৰাখিবা দেই সোণ । মোৰ জোন । এইবাৰলৈ সামৰো দেই ।

ইতি
তোমাৰ মা
পাৰবীন চুলতানা
২৫/০২/২০১৭



Comments

Popular posts from this blog