গল্প: যুদ্ধৰ শেষত – পৰী পাৰবীন স্নেপশ্বট ১: ক’লা-বগা ৰঙৰ নোমাল জেকেটটো উলিয়াই আকৌ সুমুৱাই থ’লে তাই। এই জেকেটটো পিন্ধিলে আজিকালি বিছাই ডকাদি ডাকে তাইক। কিন্তু জেকেটটো ধুনীয়া বাবেই আলমাৰীটো খুলিলেই জেকেটটো চকুত পৰে, অজানিতে হাতলৈ উঠি আহে আৰু গাত ওলোমাই তাই ফেৰফেৰীয়া বতাহজাকৰ সতে যুদ্ধত নামে। সেইখন যুদ্ধত তাই ঠিকেই জিকে। তুষাৰ আৰু বতাহজাকৰ অত্যাচাৰতো তাই বুকু ফিন্দাই বৰফৰ ৰাস্তাত খোজ থ’ব পাৰে। কিন্তু একে সময়তে আন এখন যুদ্ধইহে তাইৰ হৃদয় তোলপাৰ লগায়। প্ৰথম অৱস্থাত সেই যুদ্ধখনে ইমান বীভৎস ৰূপ ধাৰণ কৰা নাছিল। পিছলৈ যুদ্ধখনে জীৱন মৃত্যুৰ হিচাপবোৰো বেহিচাপী কৰি তুলিলে। প্ৰথমবাৰ জেকেটটো পিন্ধাৰ দিনা তাই পখিলাৰ দৰে উৰি আছিল। জন্মদিনৰ উপহাৰ আছিল সেইটো। প্ৰিয়জনে দিয়া মৰমৰ উপহাৰ। ৱাৰ্ডড্ৰৱত সাঁচি থ’ব নে গাত সুমুৱাই ভালপোৱাবোৰ উমাল কৰি ৰাখিব, সেই সিদ্ধান্ত লওঁতেই এবছৰ লাগিছিল। পিছৰটো জন্মদিনত পিন্ধিছিল তাই, খুব আলফুলকৈ পিন্ধিছিল, আৰু সিদিনাই সি তাইক আৰু কিছুমান আলফুলীয়া অনুভৱ উপহাৰ দিছিল। সেই আলফুলীয়া অনুভৱখিনিও বুকুৰ বৰঘৰত সযতনে ৰাখিবলৈ জাপি কুচি লৈছিলহে, তেনে সময়তে ৰণডংকা বাজি...
Posts
Showing posts from 2018
- Get link
- X
- Other Apps
গল্প: ডায়েৰীৰ সৰি যোৱা পাতখিলা “মোৰ মাজত একোৱেই নাপাবা কাব্যম । মই এটা শূন্য লৈ জীয়াই আছো”। :“শূন্যটোৰ আগত মই দহ বহাই লম প্ৰাচী । তুমি অনুমতি দিয়া মাথোঁ”। :“বিয়োগ চিন এটা ওফৰি আহি আগত পৰিবহি কাব্যম”। :“আসঃ, পাহৰি যোৱাচোন আগৰ কথাবোৰ । পাহৰি যোৱা । মই পাহৰাই পেলাম তোমাৰ অতীতৰ সমূহ বেদনা । মই এনেকৈ আৱৰিম যাতে তোমাক একো দুখেই চুব নোৱাৰে । প্ৰাচী শুনিছানে প্ৰাচী ?”, ফোনৰ সিপাৰে কাব্যমৰ আকুল কন্ঠ সেয়া । ইপাৰত প্ৰাচী । কাব্যমৰ কন্ঠত তাইৰ চকুহালো মেঘাল হৈ পৰিছিল । জীৱনৰ এই এক বিন্দুত উপনীত হৈছে তাই উপেক্ষা কৰো বুলিও কিছুমান অনুভৱে তাইৰ পিছ নেৰে । একোৱেই কোৱা নাছিল তাই, কব পৰা নাছিল। নীৰৱে ফোনটো কাটি দিছিল তাই । ঋষভৰ লগত সম্পৰ্কটো বিচ্ছেদ হোৱাৰ পৰাই তাই শূণ্য এটা বুকুত ভৰাই মিছা গপত গংগাটোপ হৈ খোজ কাঢ়িবলৈ শিকিছিল । এদিনতে ৰূপকথাৰ নায়িকাজনীয়ে খলনায়িকাৰ নাম পাইছিল । অভিসাৰী হৈ বিস্তীৰ্ণ হৈ পৰা সময়বোৰৰ পৰা হাত হাৰিবলৈকে তাই বেশ সলাইছিল । মৰিশালীৰ নিস্তব্ধ বাটটিকেই তাই বাচি লৈছিল । সিফালে যে সোণাৰুৱা বাটেৰে কৃষ্ণচূড়াৰ দেশ । আসঃ ইমান ৰং সহ্য হয়নে তাইৰ ? বগা-ক’লা পৃথিৱীখনত তাই ডুব...
- Get link
- X
- Other Apps
গল্প: চি লভড এ ৰিভাৰ এক্সুৱেলি: পৰী পাৰবীন -------------------------------------------------- দীঘলীয়া বাৰ্তালাপৰ অন্তত তাই তললৈ নামি আহিল। তাই মানে ৰাজনন্দিনী কোঁৱৰ, হাতত এহাতে কিতাপখন, এহাতে মোবাইলটো। চিৰিকেইটা পাৰ হৈয়ে তাই চক খাই উঠিল। সিমূৰে ৰৈ আছিল ৰূমমেট ৰূপশ্ৰী দেৱী। “কি কৰি আছিলি চাদৰ ওপৰত?”, নন্দিনীলৈ চাই ৰূপশ্ৰীৰ তীক্ষ্ণ সুৰৰ প্ৰশ্ন। “পঢ়ি আছিলোঁ।“, তাই শান্ত কণ্ঠেৰে উত্তৰ দিলে। “পঢ়ি আছিলি?”, তাই মোবাইলটোলৈ চকু দিলে, “কথা পাতি থকা শুনিছিলোঁ”, ৰুপশ্ৰীয়ে সন্দেহ পানী ছটিয়াইছে। “মাৰ ফোন আহিছিল।“, এইবাৰো নন্দিনীয়ে ধীৰ কণ্ঠেৰে উত্তৰ দিলে। “সঁচাকৈনে? আচ্চা কচোন, কি পঢ়িলি আজি?” “শুনিবি কি পঢ়িলোঁ? ব’ল বিচনাত বহি লওঁ, ইমান ভাল লগা কথাবোৰ পঢ়ি আছো, তোক কওঁ কওঁ লাগিয়ে আছিল।“ “হয়নে? ক’ তেতিয়াহ’লে”, কিছু নৰম হ’ল ৰূপশ্ৰীৰ কথাৰ সুৰ। নন্দিনীয়ে কথা কৈ থকাৰ সময়খিনি বৰ প্ৰিয় তাইৰ। দুয়োজনীৰ বন্ধুত্ব যথেষ্ট দীঘলীয়া। এই বন্ধুত্বৰ খাতিৰতে যেন এই কৰ্তৃত্ববোধ। দুয়োজনী বিচনাত বহি আড্ডা দিবলৈ আৰম্ভ কৰিলে। “আজিৰ পৰা দুইতিনিহাজাৰ বছৰৰ আগৰ এজন কিশোৰৰ কথা ক’ম দেই তোক। ল’ৰাজন তেতিয়া মুঠেই এঘাৰ...
- Get link
- X
- Other Apps
গল্প: পালিত সময়:পৰী পাৰবীন শেষৰগৰাকীৰ ৰোগীৰ নাম মাতি ভিতৰলৈ যাবলৈ ইংগিত দিছিল ফাৰ্মেচীখনৰ কৰ্মচাৰীজনে। হাতত তিনিবছৰীয়া শিশু এটি লৈ তাইৰ চেম্বাৰ ওলাইছিলহি প্ৰিয়া নামৰ ছোৱালীজনী। ৰুক্ষ চুলি, প্ৰসাধনবিহীন চেহেৰা আৰু এশ এবুৰি সমস্যাৰে মলিন মুখখন লৈ শিশুৰোগ বিশেষজ্ঞ ডাঃ অন্তৰাৰ চেম্বাৰত ভৰি দিছিল তাই। লগত লৈ অহা শিশুটোৰ বুকু, পেট, জিভা, চকু পৰীক্ষা কৰি ডাক্তৰী নিদানপত্ৰত বেমাৰৰ লক্ষণসমূহ সহিতে ঔষধৰ নাম লিখি ডাঃ অন্তৰাই তাইক বিদায় দিলে। গুচি যোৱাৰ পাছত চকীখনত আঁউজি বহি ৰ’ল বহুতদেৰি। মানুহগৰাকীৰ মুখখনে মিহিকৈ আমনি কৰিবলৈ ধৰিছে তাইক। কিবা যেন চিনাকী চেহেৰা, ক’ৰবাত যেন তাইৰ স’তে সংযোগ থকা। ইফালে নীলিময়ে ফোন কৰি আছে, নীলিময়ৰ স’তে চিনেমা প্লেন তাইৰ। ষ্টেথোস্কোপডাল খুলি তাই বাহিৰলৈ ওলাই আহি মানুহগৰাকী কোনফালে গ’ল চালে। নেদেখিলে। হয়তো অটো লৈ গুচি গ’ল। এটা অচিন অনুভৱ তাইৰ বুকুত সানি শিশুটি গুচি গ’ল তাইৰ পৰা। শিশুটোৰ মুখখন ভালকৈ চোৱা নহ’ল তাইৰ। কেনেবাকৈ প্ৰদুম্নৰ নিচিনা নাছিলতো! নে নীলিময়ৰ দৰে? খেলিমেলি। খেলিমেলি। এনেকৈয়ে সন্ধ্যা আঠবজাৰ তাইৰ পৃথিৱীখনত হঠাতে খেলিমেলি লাগি গ’ল। গাড়ী ...
- Get link
- X
- Other Apps
গল্প: নীলা গানৰ সুৰ ঘৰ নহয় যেন ৰজাৰ হাউলিহে। বিশাল চৌহদ, ওখ কংক্ৰীটৰ দেৱাল, দেৱালৰ ওপৰত কাঁচৰ টুকুৰা, চৌহদৰ কাষে কাষে পাইন কেইজোপাৰ সূৰুয-বিমুখী পাতবোৰ আৰু ভিতৰত ৰাজকীয় গাম্ভীৰ্যৰে বিশাল বিশাল আচবাব। আচবাববোৰ পৰিচালনা কৰিবলৈ এগৰাকী সুগৃহিনী। গৃহিনী নহয় যেন ৰাজৰাণী। ৰাজৰাণীৰ আকৌ চাৰিটা সুন্দৰ পুত্ৰ। দীপলিপ ছোৱালী এজনীৰ আশাতে হেনো চাৰিটাকৈ লৰা সন্তানৰ জন্ম। অৱশেষত সৰুটিকে বহুতদিনলৈ ফ্ৰক পিন্ধাই ছোৱালীৰ দৰে ৰাখিছিল ৰাণীয়ে। কাজেই সৰুটি আৰু ডাঙৰটিৰ মাজত বয়সৰ বৃহৎ তফাৎ। ডাঙৰটি যোগ্য হৈ উঠাৰ লগে লগেই পুত্ৰবধুৰ সন্ধান চলিল। ৰাজপৰিয়ালত আকৌ বোৱাৰী হোৱাৰ বাবে সৌভাগ্যও লাগিব। পুত্ৰবধু ধুনীয়া হ’ব লাগিব। পুত্ৰবধু কামত পাৰ্গত হ’ব লাগিব। পুত্ৰবধুৰ বয়স কুমলীয়া হ’ব লাগিব। চাৰিওফালে পুত্ৰবধুৰ সন্ধানত সেনানী মেলি দিয়া হ’ল। সৰুটিয়ে মাকৰ আঁচলত ধৰি পিনপিনাই ফুৰোতেই মাত এষাৰ মাতিছিল, “আম্মা, দাদাৰ লগত যে পঢ়ে ধৃষ্ণিৰাণী, তাইকে দেখোন দাদাই বিয়া পাতিব পাৰে।“ মাকে সৰু পুতেকৰ মুখত সোপা লগালে, “কি কৱ তই? মুছলীমৰ ঘৰলৈ হিন্দু বোৱাৰী?” বেচেৰাই তেতিয়ালৈ জনা নাছিল যে মুছলীমৰ ঘৰলৈ মুছলীম ছোৱালীহে আনিব ...
- Get link
- X
- Other Apps
গল্প: মধুচন্দ্ৰিকা দৃশ্যাংশ ১: “পিঠিত এইটো কি দাগ লগাই ল’লি উৰ্ণী?”, উৰ্ণীৰ ডিঙিৰ পিছফালৰ ব্লাউজৰ ৰচীডালত গাঁথি মাৰি দি মাহীয়েকৰ ছোৱালী ঝৰ্ণাই টিপ্পনি মাৰিলে । “কি লাগিলনো অ’? চাওঁ মোহাৰি দেচোন”, উৰ্ণীয়ে আইনাখনত পিঠি দি ঘূৰি ঘূৰি চাবলৈ ধৰিলে । একোকে দেখা নাই তাই । “মোহাৰি দিলে নাযায় অ’ সোণজনী ।হ’ব দে ওৰণি লৈ থাকিবি”, কাণসমনীয়া সখীজনীয়ে বাকীকেইজনীলৈ চাই চকু টিপিয়াই দিলে । লগে লগে ড্ৰেছিং ৰূমটো হাঁহিৰে গিৰ্জনি মাৰি উঠিল । “পিছে উৰ্ণীবা, হনিমুন কৰিবলৈ ক’লৈ যাম বুলি ভাবিছা ?” সেন্দুৰ এচিকুট পৰি ৰঙা পৰা নাকটোত চিকুটি দি ভনীয়েক দিশাই মাত লগালে । আঠমঙলা খাবলৈ যোৱাৰ দিনাই লগৰকিজনীয়ে তাইক হাৰাশাস্তি কৰি দিছিল । ক’লৈ যাবি হনিমুন কৰিবলৈ, কেইদিনৰ বাবে যাবি ইত্যাদি বিভিন্ন প্ৰশ্ন সিহঁতৰ । বি এ পাছ কৰোতেই বিয়া হৈ গ’ল তাইৰ । দৰা দেখনিয়াৰ । দৰা শিক্ষাবান । দৰা চাকৰিয়াল । দৰাৰ ঘৰ গজগজীয়া । তাই বহুত ভাগ্যতহে এনে ঘৰ পাইছে । বিয়া মানেই সপোন । বিয়া মানেই সৰগত পাৰিজাত ফুলাৰ আখৰা । সেই আখৰাত বেলিফুলত কোমল পক ধৰে । সেই আখৰাত জোনাক ফাটি পৰে ।এৰা । তাই সপোনহে দেখিব পাৰে । চাদৰৰ আঁচল ককালত গু...
- Get link
- X
- Other Apps
গল্প: বগীবিল দলং আৰু এখন আধালিখা উপন্যাস এটা চতুৰ্ভূজ সৃষ্টি কৰাৰ কথা আছিল । এল পি স্কুলৰ ল’ৰা এটাইও জানে যে চতুৰ্ভুজ এটা হ’বলৈ হ’লে অন্তত দুটা বিন্দুৰ লগত তৃতীয়টোৰ সামঞ্জস্য থকাটো খুবেই দৰকাৰী। চতুৰ্থটোৰ লগত অৱশ্যে প্ৰত্যক্ষ সংযোগ নহলেও চলিলহেঁতেন। তথাপি চতুৰ্ভুজটো সৃষ্টি নহ’ল। দুটা বিন্দু কিয়, এটা বিন্দুতো তাই মিলিত হ’ব নোৱাৰিলে। ওফৰি পৰিল সকলোবোৰ সৰলৰৈখিক সমীকৰণ। মুঠতে চতুৰ্ভুজটোত কেণা লাগিল। কথাবোৰ ভাবি ভাবি অভিশ্ৰুতিয়ে বগীবিল দলংখনলৈ চাই থাকিল। অৰ্ধনিৰ্মিত বগীবিল দলং। এই যে দলংখনক লৈ তাইৰ কিমান হেঁপাহ আছিল। দলংখনৰ বুকুৰে বগুৱা বাই বাই হেঁপাহবোৰ অভিসাৰী ৰাতিটোত নগ্ন হৈ পৰি থাকে। একদম নিলাজ হেঁপাহ সেয়া। প্ৰিয়জনৰ সতে মিলনৰ হেঁপাহ। কেৱল দলংখনেই নে ? উত্তৰ পাৰৰ গেৰুকামুখৰ পাৰ্শ্বৱৰ্তী এলেকাৰ কৈলাশপুৰৰ সেই পামখন, য’ত সেউজীয়া বিশ্বাস এডৰা লহপহকৈ বাঢ়ি ৰঙচুৱা সপোন চপাইছিল, সেইখনত ওমলাৰ হেঁপাহকণো জানো ক’ম আছিল! আৰু আত্মাৰ সেই বাণীবোৰ? নৈপৰীয়া এখিনি মানুহৰ লগতে গোটেই অসমবাসীৰ ওচৰত দায়বদ্ধ হৈ যে তাই যে বাৰে বাৰে কলম হাতত তুলি লৈছিল, সেই কলমটোও এদিন দলিয়াই দিবলগা হ’ল এক অহেত...
- Get link
- X
- Other Apps
গল্প: জুই ফুলা ৰাতিৰ আখ্যান ------------------------------ “তহঁতে কি কি কাকত পঢ়, কৈ যা চোন এফালৰ পৰা”, ইংৰাজীৰ ক্লাছত শৰ্মা ছাৰে সমূহ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কৈ উঠে। “দৈনিক জনমভূমি ছাৰ”, আনে মাত মতাৰ আগতে উৰ্বশীয়ে চিঞৰি উত্তৰ দিয়ে। ছাৰে তাইলৈ চাই সন্তোষৰ হাঁহি এটা মাৰে। “গুড গাৰ্ল। এতিয়া কচোন কোনটো শিতান ভাল লাগে দৈনিক জনমভূমিৰ?” “নাৰী দৰ্পণ”, ওঁঠযোৰ বেঁকাকৈ উত্তৰ দিয়ে তাই। ঢেকঢেকাই হাঁহি দিয়ে গোটেই ক্লাছটোৱে। বৈদিকে বহীত লিখি থকাৰ পৰা চকু তুলি নাৰীবাদী সত্তাটোলৈ চাই পঠিয়ায়। চাব নোৱাৰে, সেই নাৰীৰ চকুত বিজুলী। উৰ্বশীয়ে জ্বলাই দিয়া জুইকুৰা ক্লাছ শেষ হোৱাৰ পিছতো জ্বলি থাকে। সুযোগ পালেই ল’ৰা আৰু ছোৱালীখিনিৰ মাজত নিজৰ অস্তিত্বক লৈ সৰু সুৰা যুদ্ধ এখন লাগে। যুদ্ধখনৰ মহাযোদ্ধা উৰ্বশীয়ে শেষত নিজকে বিজয়ী বুলি ঘোষণা কৰে, “পুৰুষে নাৰীৰ মানসিক স্তৰ কেতিয়াও অতিক্ৰম কৰিবই নোৱাৰে। এজন পুৰুষে সেই স্তৰ পালে আৰু বুদ্ধ নাম পাই ভগৱান হৈ গ’ল। অথচ হাজাৰ হাজাৰ নাৰীৰ মাজত সেই বুদ্ধত্ব বিৰাজমান।“ বৈদিক, সীমান্তহঁতৰ মূৰৰ ওপৰেৰে যোৱা কথাষাৰে শৰ্মা ছাৰৰ চকু মেল খোৱাই দিয়ে। ইমান সৰু ছোৱালী এজনী না...
- Get link
- X
- Other Apps
গল্প: খহি পৰা বুকুখন দৃশ্যাংশ এক: কাঁটা তাঁৰৰ বেৰখন পাৰ হৈ ঘৰৰ পৰা প্ৰায়ে পলাইছিল তাই। মাকে দুপৰৰ সুখনিদ্ৰাত পৰে মানে তাই হাতত সাৰে ভৰিত সাৰে খোজ দি ঘৰৰ পৰা পলায় ওচৰৰ দিপ্তী, ইৰাণীহঁতৰ লগত দৰা-কইনা খেলিবলৈ। এদিন এনেকৈ ঘৰৰ পৰা পলাই খেলিবলৈ যাওঁতে কাটা তাঁৰে বিন্ধিলে তাইক। বিন্ধিলে মানে একেবাৰে বুকুৰ কোমলখিনিত বাৰুকৈয়ে আঁচ বহুৱালে। পিছদিনা মাকে চেমিজ খুলি গা ধুৱাওঁতেহে লাগি গ’ল অথন্তৰ। :মাজনী, বুকুৰ দাগটো কেনেকৈ হ’ল অ’? :নাজানো অ’ মা? মনত নাই। :কুকুৰে আঁচুৰিছিল নেকি কেনেবাকৈ? :নাই মা, মই কুকুৰৰ ওচৰলৈ কিয় যাম আক?’ :আন কোনোবাই আঁচুৰিছিল নেকি মনত পেলোৱাচোন। :নাই মা। কোনোবাই আক’ তাত কিয় আঁচুৰিব? :কোনোবাই তাত আঁচুৰিলে মোক লগে লগে কৈ দিবা দেই দেহামানু। ছবছৰীয়া চঞ্চল ছোৱালীজনীক লৈ মাকৰ চিন্তাৰ অন্ত নাই। তাঁৰেৰে খোঁচ খোৱা বুকুখন লৈও চিন্তা। মাকৰ চিন্তা দেখি হাঁহি উঠে তাইৰ। তথাপি তাই আচল কথাটো মাকক কৈ নিদিয়ে। মাকক ক’লেই যে দুপৰীয়া ফেন্সিং পাৰ হৈ খেলিবলৈ যোৱা পৰ্বটো বন্ধ হৈ যাব তাইৰ। তাই বুজা নাছিল তেতিয়া। তেনেই অবোধ বালিকা আছিল তেতিয়া। বুকুখন খহি পৰে বুলি মাকৰ উলাহ আদৰৰ অন্...