চেপ্তেম্বৰ, ২০১৮ৰ ডায়েৰী:

২ চেপ্তেম্বৰ:


সৰু কচুৱে দেউতাকৰ লগত লাগি আছিল, "এইবাৰ মোৰ বাৰ্থডে ডাঙৰকৈ পাতিব লাগিব।"
ওচৰতে থকা খুৰাকে বোলে, "বাৰ্থডে কিয়, বিয়া পাতিম বুলি ক'না, বিয়াখনো পাতি দিম।"
মুখখন ফুলাই সি মাকৰ ওচৰ পালেহি। মাকে নিচুকাব ধৰিলে, "তোমাক এইবাৰ ধুনীয়া বাৰ্থডে গিফ্ট দিম দেই বাবা।"
মুখখন উজলি উঠিল তাৰ, "কি দিবা মা?"
"ধুনীয়া এখন পঢ়াটেবুল।"
এতিয়া শোওঁতে, বহোঁতে সেয়ে চিন্তা তাৰ- পঢ়াটেবুলখনত ড্ৰয়াৰ থাকিবনে, ড্ৰয়াৰত লকাৰ থাকিবনে, ইত্যাদি ইত্যাদি । মাকে বোলে, "ৰাতিলৈ তোমাক পঢ়াটেবুলৰ সাধু এটা ক'ম দেই বাবা।"
ৰাতি বিচনাত পৰি কুতুৰি থাকিল মাকক, "মা সাধুটো কোৱানা।"
আৰু মাকে তাক সাধুটো ক'বলৈ আৰম্ভ কৰিলে,
-"এখন ঘৰত এজনী অক্কণমানি ছোৱালী আছিল । তাইৰ দেউতাকে তাইক বৰ মৰম কৰিছিল । সেইবছৰ তাইক এখন পঢ়াটেবুল কিনি দিয়াৰ কথা আছিল।"
-"তাৰ পিছত কি হ'ল, নিদিলে নেকি দেউতাটোৱে টেবুলখন?"
-"দেউতাজনে দিম বুলি ভাবি থাকোতেই ডাঙৰ বেমাৰত পৰি গ'ল । সেইবছৰ আকৌ তাইৰ এলপি বৃত্তিৰ ৰিজাল্ট দিলে । তাই বহুত ভাল ৰিজাল্ট কৰিলে।"
-"তাৰ পিছত কি হ'ল মা? টেবুলখন দিব নোৱাৰিলে ন ? ডাঙৰ বেমাৰ হলেতো বহুত পইচা খৰচ হ'ল চাগৈ"।
-ঠিকে কৈছা সোণ, ডাঙৰ বেমাৰ হ'ল । বহুত পইচাও খৰচ হ'ল । দেউতাকৰ লগতে মাকজনীও লাগি থাকিব লগা হ'ল । গতিকে টেবুলৰ কথাটো তল পৰিল ।
-আমাৰ দেউতাৰ বেমাৰ হ'ব নালাগে মা ।
-সেইকাৰণে তোমালোকে দেউতাক বেছি আমনি নকৰিবা । অফিচৰ পৰা গৰমে গৰমে ঘৰলৈ আহিলে তোমালোক দুয়োটাই কাজিয়া কৰি নাথাকিবা । তাতকৈ দেউতাক পানী এগিলাচকে দিবাগৈ ।
-ঠিক ক'লা মা । মই কাজিয়া নকৰো নহয়, দাদাইহে …………
- বাৰু শুনা, মোৰ সাধুটো শেষ হোৱা নাই।
-অ' কোৱা। কি হ'ল তাৰপিছত? দেউতাজনৰ ভাল হ'লনে ?
- দেউতাজন পূৰাকৈ ভাল নহ'ল বাৰু । কিন্তু সেই অকণমানি ছোৱালীজনীৰ দাদা এজনো আছিল নহয় ।
- দাদাজনে নিজৰ টেবুলখন দি দিলে নেকি ছোৱালীজনীক ?
- ওহো । নিজৰ টেবুলখন দি নিদিলে। বেলেগ এটা কামহে কৰিলে। সি ভনীয়েকক এখন টেবুল বনাই দিম বুলি ক'লে ।
-তাৰ পিছত ?
-পিছদিনা ভনীয়েকজনীয়ে স্কুলৰ পৰা আহি দেখে, ককায়েকে তাইৰ কাৰণে এখন টেবুল বনাই থৈছে। আৰু টেবুলখন বনাওঁতে ককায়েকৰ আঙুলি এটাও কাটি গ'ল । বেণ্ডেজ লগোৱা হাতেৰেই সি টেবুলখন কমপ্লিট কৰিলে আৰু ভনীয়েকক উপহাৰ দিলে ।
- মা অ', ইমান ভাল দাদাটো । মোৰো লগ পাবলৈ মন গৈছে মা ।
-লগ পালাইতো । সদায় কথা পাতা সেই ছোৱালীজনীৰ দাদাজনৰ লগত ।
-কোন হয়নো মা?
-কিয়? তোমালোকৰ মামাজন আক' ।
-মামা! মামা ইমান ভাল। বহুত মৰম কৰিছিল ন তোমাক ? টেবুলখন ধুনীয়াকৈ বনাইছিল ন?
-টেবুলখন দোকানৰ নিচিনা ধুনীয়া নাছিল বাৰু । কিন্তু তাত বহুত মৰম সোমাই আছিল ।
- মা অ' । মামালৈ ফোনটো লগাই দিয়ানা । মামাৰ লগত কথা পাতোঁ ।
-বলা কথা পাতোঁ।
-ব'লা ।


৪ চেপ্তেম্বৰ:

গম- এ-দুনীয়া ভী গম-এ-য়াৰ মে চামিল কৰ লো…

প্ৰেম আহে এনেকৈয়ে
সংগোপনে,
চুচুক চামাক খোজেৰে…
কেৰাহিৰ গৰম তেলৰ চিটিকনিয়ে ডিঙিৰ এবখলা কাঢ়ি নিয়াৰ পাছতহে গম পাওঁ… প্ৰেম আহিছে জীৱনলৈ। ধুমুহাৰ পিছত ক্ৰমাৎ বুকুখনৰ জুপুৰীটোৰ গত লাগিছে । ফুল পাতেৰে বাগিচাখন নদন বদন হৈছে । শেতেলিৰ তিতা গাৰুটোৱে ৰ'দৰ মুখ দেখিছে । আৰু ডিঙিৰ চেকচেকনি শাম কটাবলৈ বৰফ-পানী কি লগাওঁ বুলি ৰূমটো চলাথ কৰো, মনলৈ নাহে ফ্ৰীজত বৰফ আছে, টেপ খুলিলে পানী , জ্বলাই থোৱা গেছৰ তেলখিনি ক'লা হয় আৰু ধোঁৱাৰে ভৰি উঠে কোঠালি ।
নকৈছিলোনে মই, দুখতকৈ আপোন মোৰ কোনো নাই। দুখ মোৰ জোলোঙা ভৰি ওপচি আহে, নিচুকাই নিচুকাই কোলাত বহুৱাই প্ৰেমৰে জয়গান গায়,
এৰা।
প্ৰেম আহে এনেকৈয়ে,
এনেকৈয়ে যায়গৈ,
চুচুক চামাক খোজেৰে,
বৰ সংগোপনে
বৰ সংগোপনে…


৪ চেপ্তেম্বৰ:

কিবা মন্ত্ৰমুগ্ধৰ দৰে গৈ থাকো বাটৰ আঁত হেৰুৱাই। যেতিয়া সম্বিত পাওঁ……চৌপাশে ৰঙৰ মেলা অথচ ধনী হয় মোৰ দুখৰ জোলোঙা। আৰু চিঞৰি চিঞৰি কৈ উঠোঁ, "মোক এটা আন্ধাৰ গুহা দিয়া, বিনিময়ত মই মোৰ সমস্ত পোহৰ তোমাক দি দিম"।

 ৬ চেপ্তেম্বৰ:

অলপ সময়ৰ বাবে তত হেৰাইছিল, বিচলিত হৈছিলো আৰু সৰু ছোৱালীৰ উচুপনি এটাই তল ওপৰ কৰিছিল বুকু……
হাঁহি উঠিল, যেতিয়া মইজনী জাগ্ৰত হ'ল আৰু মোক ক'লে, "তোৰ স'তে মই আছো।"
আস: আৰু কি লাগে মোক? মইজনী হেৰাই যোৱা নাই, মোৰ স'তেই আছে হেনো


৭ চেপ্তেম্বৰ:

বাৰে বাৰে কচাইৰ দোকানত বিক্ৰী হওঁ, আৰু এসেৰ এসেৰকৈ বিক্ৰী হয় মোৰ মাংস । আকৌ ফ্ৰাংকেন্সটাইনৰ দৰে জীয়াই তোলা হয় শৰীৰ, আকৌ বিক্ৰী হয় মাংস, আকৌ ফ্ৰাংকেন্সটাইন, আকৌ শৰীৰ, আকৌ মাংস……

৭ চেপ্তেম্বৰ:

পানীত পৰি পাইছেনে কেতিয়াবা, বাচিবলৈ ককবকাই থকাৰ পিছত মৃত্যু নিশ্চিত বুলি জানিলে অস্বাভাৱিকভাৱে শান্ত হৈ যায় মৃত্যুমুখী শৰীৰ ।
মই এতিয়া শান্ত ।


৭ চেপ্তেম্বৰ:

পুৰুষৰ আঙুলি নাৰীলৈ আৰু নাৰীৰ আঙুলি নিজলৈ…

৭ চেপ্তেম্বৰ:

হেৰাই যোৱাৰ তাড়নাটো নতুন নহয়। নতুন নহয়, অকলে অকলে হলাহল পান কৰাৰ বাসনা। লোভ মোহ ত্যাগ কৰি সন্যাসিনী হোৱাৰ পৰিকল্পনাটো বাৰু ভৱিষ্যতৰ।
পিছে এই এবখলা মেলিলো কিয়? কাৰণ, চঞ্চলজনীৰ অজ্ঞাতবাসলৈ যোৱাৰ মন। কিছুদিনলৈ লেটাৰ ভিতৰত সোমাই থকাৰ মন। যোৱাৰ সময়ত কৈ গৈছে,
"ভালপোৱা মানুহৰ মৰমবোৰ আত্মাত থাকিব।"


২২ চেপ্তেম্বৰ

অসুখৰ সময়………সোণালী ফিছাৰ স্থৱিৰ সময়

Comments

  1. ভাল লাগিছে পঢ়ি , আপোনাৰ ভাই

    ReplyDelete

Post a Comment

Popular posts from this blog