গল্প: মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম
-----------------------------------------------------------------------------------------------------------------------------
@ পৰী পাৰবীন
“তুমি চাকৰিটো কৰিবলৈকে ইমান দু্ৰ্গম ঠাইলৈ যাব নোৱাৰা৷ “
“আৰে৷ কিয় নাযাম? কিমান কষ্ট কৰি লৈছোঁ চাকৰিটো, কিমান দিনৰ প্ৰিপেৰেচন আছিল তুমি নাজানানে? “
“মই সকলো বুজোঁ৷ কিন্তু তুমি এইবাৰলৈ মোৰ কথা মানি লোৱা৷ কোনোবা কলেজত চাকৰি পাই যাবা তুমি৷ নৰ্মচ আছে তোমাৰ৷ “
“নৰ্মচ আছে মোৰ৷ তুমি বিচৰা ধৰণেৰে সেয়া আৰামদায়কো হ’ব নতুবা সন্মানীয়ও হ’ব৷ কিন্তু মোৰ লক্ষ্য সেয়া নহয়৷ “
এপিএচ চি বাছনিত চাকৰিটো পাই উগ্ৰপন্থীৰ ঘাটি বুলি জনাজাত ঠাইডোখৰত তাইৰ পষ্টিং হোৱাৰ লগে লগে থৰকাচুটি হেৰাইছিল নিলীময়ৰ ৷ কোনোপধ্যেই সি তাৰ হ’বলগীয়া পত্নী সন্ধ্যাশ্ৰীক তালৈ যাবলৈ দিব নোৱাৰে৷ তাইক বলাব নোৱাৰি তাইৰ মাকৰ ওচৰ পাইছিলগৈ, “চাওকচোন খুড়ী৷ বুজাওক তাই৷ ঠাইডোখৰ ছোৱালীৰ কাৰণে একেবাৰে চুইটেবল নহয়৷ “
এপইণ্টমেণ্ট লেটাৰখন সি কাঢ়ি লৈ থৈছিল৷
---------------------------------------------------
ইফালে সন্ধ্যাশ্ৰী?
আকাশত উৰাৰ সপোনটোক কোনোপধ্যেই এটা কোঠালীত বন্দী কৰিব নোখোজে তাই৷
-----------------------------------------------------
সপোনটো কেতিয়াকৈ যে জোলোঙাৰ ফুটাইদি সৰি পৰিল তাই নাজানে৷ বৰ জেদী হৈ পৰিছিল সিদিনা৷ এপইণ্টমেণ্ট লেটাৰখন সি লৈ যোৱাৰে পৰা তাই কান্দি থাকিল৷ ভিতৰি ভিতৰি কঠোৰ হৈ পৰিল৷ “নীলিময় তুমি মোক হেৰুৱালা ’, বাৰে বাৰে উচুপি উচুপি দোহাৰি থাকিল৷
-------------------------------------------------------
“সি আজিকালি বহুত ড্ৰিংকচ কৰে অ’ মাজনী৷ তই পাৰিলে ফোন এটা কৰিবি৷ “, ঘৰলৈ আহিলেই মাকে তাইক অনুৰোধ কৰে৷ তাই আঁতৰি আহে নীৰৱে৷ কিছুমান কথাৰ সমাধান নাই তাইৰ ওচৰত৷ এই যে নীলিময়ৰ তাইৰ ওপৰত আধিপত্য, এই যে হকে বিহকে বাদ বিবাদ -এইবোৰে বৰ অশান্তি দিয়ে তাইক৷ স্বাধীন মনটোক সন্মান জনাইয়ে সি তাইৰ প্ৰেমত বলীয়া হৈছিল৷ পিছলৈ সেই স্বাধীন মনটোকে শাসনৰ জৰীৰে বান্ধিব বিচাৰিছিল সি৷
পুৰুষজাতিটোলৈ অহেতুক খং এটা উজাই আহে তাইৰ৷ নিজকে তছলিমা নাছৰিনৰ লগত ৰিজায় তাই৷ তেওঁকো দেখোন দমাবলৈ কতই কত ব্যৱস্থা লৈছিল৷
----------------------------------------------------------
চাকৰিৰ জখলাডালত দোপতদোপে আগুৱাই গৈছিল তাই৷ সৎ, নিৰ্ভয়া ছোৱালীজনীৰ কৃতিত্বই তাক সুখ নিদিয়াকৈ থকা নাছিল৷ মাথোঁঁ সি তাৰ হ’বলগীয়া পত্নীৰ এই ৰূপ মানিব নিবিচাৰে৷ ৰাতি দুপৰলৈকে কৰ্তব্যৰ নামত তাই সেনাৰ ছাউনীত কটাওক নতুবা অন্ধকাৰ গলিয়ে গলিয়ে তাই টহল দিয়ক সেই কথা সি মানিব নোখোজে৷ আৰু তাই মানিব নিবিচাৰে তাৰ অনুশাসন৷
-----------------------------------------------------------
“সমস্যাটো ক’ত তহঁতৰ? “, মধ্যস্থতাকাৰীৰ ভূমিকা লৈছিল স্বপ্নীলে৷

ইটোৱে সিটোক বুজাব নোৱাৰা এক গভীৰ অৱসাদেৰে সম্পৰ্কটোৱে মেলানি মাগিছিল৷
’তুমি ইমানকণো মানি ল’ব নোৱাৰিলানে নীলিময়? মোৰ অস্তিত্বৰ কিমান দাম আছিল তোমাৰ ওচৰত নীলিময়? “
’তুমি মোৰ বাবে ইমানকণ ত্যাগ কৰিব নোৱাৰিলানে সন্ধ্যাশ্ৰী? মোৰ মৰমৰ কিমান দাম আছিল তোমাৰ ওচৰত? “
অব্যক্ত অভিমান৷ অলিখিত ইতিহাসৰ সমাপ্তি৷
----------------------------------------------------------------
তাৰ পাছৰ কথাবোৰ আধৰুৱা৷
“তোমাৰ ঘৰৰ গলিৰে মই যাব নোৱাৰো সন্ধ্যা৷ কৃষ্ণচূড়াজোপাই মোক সিঁয়াৰে৷ “
“তুমি হেনো আহিছিলা ঘৰলৈ৷ মই তোমাক এবাৰ চাবলৈকো যাব নোৱাৰো সন্ধ্যা৷ তোমাৰ সন্তানে মোক মামা বুলি ক’ব, মই কিদৰে সহিম কোৱা৷ “
“সন্ধ্যা৷ সন্ধ্যা৷ তুমি বৰ সুখেৰে আছা৷ তোমাৰ সুখৰ সংসাৰ৷ তোমাৰ সুদৰ্শন স্বামী৷ তোমাৰ চকুত লগা চচিয়েল ষ্টেটাচ৷ “
“এই পাগলী৷ তুমি হেনো শকত হ’লা৷ মোৰ বৰ মন যায় অ’৷ তোমাক এবাৰ চাবলৈ বৰ মন যায় মোৰ৷ বেছিদিন জীয়াই নাথাকিম৷ আহিবানে এবাৰ মোক দেখা দিবলৈ? “
ৰঙীন পানীয়ৰ গিলাচ লৈ নীলিময়ে সন্ধ্যাশ্ৰীৰ পৰ্ট্ৰেইটৰ সন্মুখত অনৰ্গল কথা পাতি থাকে ৷ তাৰ পাছত চিঞৰি চিঞৰি গাবলৈ ধৰে,
“মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম৷
আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম৷ “
-------------------------------------------------------------------
বলীয়া হ’ল সি৷ স্বপ্নীলে আনিছিল খবৰটো ৷
“বাৰৰ পৰা ওলাই ওৰেটো ৰাতি সি গাড়ীতে শুই থাকে৷ গাড়ী চলাবলৈকো শক্তি নাথাকে তাৰ৷ “
কিয়? কিয়? কিয়? “, এগাল প্ৰশ্নই জুমুৰি ধৰে তাইক৷
----------------------------------------------
“কিডনী ফেইলাৰ হ’ল তাৰ৷ সি বেছিদিন নাথাকে৷ “ কোনে ক’লে? কোনে ক’লে? কাৰ ইমান সাহ সেই কথা ক’বলৈ? বতাহীয়ে ক’লে? ’এই বতাহী তোৰ ইমান সাহ! মোৰ আগত মিছা মাতিবলৈ আহ৷ ’
-----------------------------------------------
“মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম

কোনে গালে এই গান? কোনে গালে? বতাহে গালে? ইমান সাহ বতাহৰ? “মোক আঁভুৱা ভৰিবলৈ আহে ৷ “
------------------------------------------------
খিৰিকীমুখৰ ছবিখন ধূসৰ হৈ আহে৷ কথাবোৰ অস্পষ্ট৷ ভুল কাৰ আচলতে তাই নুবুজে৷ ভাল হওক, অশান্তি নহওক বুলি লোৱা সিদ্ধান্তটোৱে এটা জীৱন ধ্বংস কৰি দিলে৷
“এই ছোৱালী৷ ’আই লভ ইউ’ বুলি ক’লেহে তই গম পালিহেঁতেননেকি তোক মই কিমান ভালপাওঁ৷ ভালেৰে থাকচোন পাগলী৷ মোৰ কথা ইমানকৈ চিন্তা নকৰ৷ “
সপোনটোৱে খেদি ফুৰে৷ তাৰ মাতটো বতাহত ভাঁহি আহে৷ ফাগুণৰ ৰংখিনিয়ে খিকখিকাই হাঁহে৷ “নীলিময় ক্ষমা নকৰিবানে মোক? এবাৰলৈ৷ মাথোঁঁ এবাৰলৈ৷ “
বন্ধ কোঠা৷ ৰুদ্ধ বতাহ৷ স্বামীৰ বাহুবন্ধনৰ পৰা ওলাই শ্বলখন মেৰিয়াই লৈ সন্ধ্যাশ্ৰী চাঁদৰ ওপৰ পায়গৈ৷ পাহাৰৰ সিপাৰে সেয়া চেনাইৰ ঘৰ৷ চেনাই ? ক’ৰবাত কলিজাৰ এটুকুৰা চেনাইৰ নামত বন্ধকী হৈ গৈছিল নেকি অ’? হৈছিল চাগৈ৷ নহ’লে তাইৰ দৰে বাস্তৱবাদী ছোৱালী এজনীৰ ইমান কষ্ট কিয়?
--------------------------------------------------------
“তুমি আহিলা সন্ধ্যা? তুমি আহিলা৷ মই জানো তুমি আহিবা৷ “ কাগজৰ টুকুৰাটো পঢ়িলে তাই৷
চকুলো নুটোকে৷ নহয়৷ চকুলো নোলায় আচলতে৷ বৰফ বৰফ অনুভূতি ৷ হিম হিম কলিজাৰ ৰসটুপি৷ চিতাৰ কাষত তাইৰ সঁহাৰি৷ ক’ৰবাত ঘৰমুখী পখীৰ কলকলনি, “ভালে নাথাকিল অ’ আইজনী৷ ভালে নাথাকিল সি৷ “

Comments
Post a Comment