গল্প: এই
যে ৰাস্তাটো দেখিছা...
স্নেপশ্বট ১:
“তই বাৰু কেনেবাকৈ খেদা খোৱা বাংলাদেশী নেকি ?”
“কি ক’লি ?”
“ওম সুধিছো আক’ ।মুছলিম ছোৱালী হ’লি বাৰু ঠিক আছে । কিন্তু খেদা খাই আহিলে যে তোক মই নিনিও দেই।“
“নিনি্ৱ মোক তই ? নিনিৱ ? ঠিক আছে দে । নিব নালাগে । কাকাহতে চাই দিয়া বুঢ়াটোৰ লগতে নিকাহত বহিমগৈ মই । বৰ এক্কেবাৰে । সুধিছে চা, বাংলাদেশী নেকি বুলি । হুহ” , বুলি মুখখন এপাচি কৰি তাই যায়গৈ ।
প্ৰতিদিনে দুয়োটাই আহি নৈখনৰ পাৰত বহে । সিহঁত মানে আফছানা চুলতানা আৰু সুদীপ্ত বৰদলৈ ।তাইৰ দুই ককায়েক মগ্ৰীৱৰ নামাজৰ বাবে মছজিদলৈ যায়গৈ । তাই মনে মনে আহি তাৰ লগ লাগেহি । কহুৱা বনৰ গাত গা লগাই দুয়োটাই চুপতি মাৰে । কথা পাতে । কথাৰ তালে তালে তাইৰ চূৰ্ণী খহে । কহুৱাবোৰে মিচিককৈ হাঁহে । লটিঘটিটো হয় তেতিয়া, যেতিয়া সি তাইৰ খং উঠাবলৈ সোধে, “তই বাৰু কেনেবাকৈ খেদা খোৱা বাংলাদেশী নেকি ?”
সিদিনাও তেনে এক ঘটনাই । অলপ ব্যতিক্ৰম মাথো । কাৰণ সিদিনা সি একেবাৰে সেই ঠাই এৰি নিজৰ ঘৰলৈ যোৱাৰ কথা আছিল । ডিগ্ৰী ফাইনেল পৰীক্ষা শেষ হ’ল । ৰিজাল্ট নোলোৱালৈকে সি ইয়াত থাকিব নোৱাৰে । দেউতাকে খবৰৰ পিছত খবৰ পঠিয়াই আছে । সোনকালেই ঘৰলৈ যাব লাগে । দেউতাকৰ চাহৰ বাগানখনৰ কামবোৰ শিকি লব লাগে । কিন্তু তাৰ চিন্তা এই আঁকৰীজনীক লৈহে । এৰি থৈ গ’লে তাই বৰ অকলশৰীয়াজনী হৈ পৰিব । ককায়েক দুজনো বৰ খঙাল । বৰ শাসন চলায় তাইৰ ওপৰত ।
“বৰ ভয় লাগে মোৰ সুদীপ্ত । কাকাহঁতে গম পালে মোক মাৰি পেলাব” ।
“ঈস তোৰ কাকাহঁতক মাৰিবলৈ দি মই চাই থাকিমনেকি ? চিন্তা নকৰচোন ইমানকৈ । কিবা এটা হ’ব । মই মাক বুজাই লওঁ । পিছৰ কথা পিছত চিন্তা কৰিম ।”
চকুহাল সজল হৈ উঠিছিল তাইৰ । অনিশ্চয়তাত জীৱন । অনিশ্চিত ভৱিষ্যত । তাইৰ সজল চকুহালে তাকো আবেগিক কৰি তোলে । কি কৰিব ? যি পথত ভৰি দিলে, সেই পথৰ পৰা ঘূৰিব নোৱাৰে । যিমানেই কঠিন হৈ পৰিছে ওভটনি ৰাস্তা সিমানেই যে বাঢ়িছে ভালপোৱাৰ গাঢ়তা ।
গধূৰ চিন্তাটো কান্ধৰ পৰা নমাবলৈকে খং উঠাও বুলি সি আৰম্ভ কৰিলে, “তই বাৰু কেনেবাকৈ খেদা খোৱা বাংলাদেশী নেকি ?”
টিঙিচকৈ খঙটো উঠি আহিল আফছানাৰ । তাই সাউতকৈ বহাৰ পৰা উঠিল । চূৰ্ণীখন ঠিক কৰি নৈখনৰ পাৰৰ মথাউৰিৰে গৈ থাকিল ।
“এই ৰচোন ৰ, কি কৰ' অই মোৰ ফুলমতী, অই জানেমন ।ৰৈ যা । ৰৈ যা ।“
নাই । তাই ৰৈ নাযায় । হাতেৰে কহুৱাৰ বন এডাল ছিঙি ছিঙি তাই খোজৰ বেগ বঢ়ায় ।
“কি যে আকৰী অ’ মোৰ লাহৰিজনী । চাওঁ এইফালে চাচোন তোলৈ মই কি আনিছো ।
ওহো তাই নৰয় । কথানেকি ? সদায় তাইক বাংলাদেশী বুলি কয় ।“হেৰৌ, বুৰঞ্জী পঢ়িবি বুজিছ” । তাইৰ ককাকে স্বাধীনতা আন্দোলনত কমখন খাটিলেনে? এতিয়া তাইকহে বাংলাদেশী কবলৈ আহে । নহ’ব । ওহো । নহ’ব । একেবাৰেই নহ’ব । তাইৰ ফুলা গাল দুখনি বেছিকৈ ফুলে । চকু ৰঙা পৰে । খোজৰ গতি খৰ হয় ।
এইফালে সি । কিয় যে এনেকুৱা কৰি পেলায় সি ? তাইক দিবলৈ অনা খাৰুপাত আজি নিদিলে বহুতদিনলৈ তাইক দেখোন লগেই নাপাব । কথা বিষম দেখি সি তাইৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰে । তাইও দৌৰে । পিছে পিছে সি । দৌৰি দৌৰি সি তাইক থাপ মাৰি ধৰে । তাৰ পাছত দুয়োটাই মথাউৰিৰ পৰা বাগৰি জাৰণিত পৰেগৈ । তাইক এহাতেৰে ধৰি লৈ চকু মেলি চায় । কিন্তু ই কি ? স্নিগ্ধ জোনাকত তাৰ জোনজনীচোন লেতুসেতু হৈ তাৰ বুকুৰ তলত । ঘন চুটি উশাহ । নিচাসনা গোলাপী চকু । তুলবুলীয়া ওঁঠ । বুকুখন ?
চাব নোৱাৰে সি । চূৰ্ণীবিহীন ।
স্নেপশ্বট ২:
সুদীপ্ত বৰদলৈ । দুখনকৈ চাহ বাগানৰ মালিক সুদীপ্ত বৰদলৈ এতিয়া শয্যাগত । কিছুদিনৰ আগতে পত্নীৰ বিয়োগ ঘটিছে । একমাত্ৰ জীয়ৰী অন্তৰীপা বৰদলৈ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা মাচ কমিউনিকেচন বিষয়ত মাষ্টাৰ ডিগ্ৰী লৈ ঘৰত আছেহি । দেউতাকৰ অগাধ সম্পত্তিৰ উত্তৰাধিকাৰী অন্তৰীপা বৰদলৈ । কিন্তু তাইৰ যেন সেইফালে মন কাণেই নাই । জীৱনটো হাতৰ মুঠিত পাইছে । বাগানৰ মাজে মাজে ফটো উঠে । মিনিহঁতৰ লগত এটি কলি দুটি পাতৰ লগত খেলে । ক্ৰেছত গৈ কণ কণ কেঁচুৱাবোৰ চায় ।পেট ডাঙৰ কেঁচুৱাবোৰক টিপি টিপি পেলুৰ ঔষধ আছেনে নাই বুলি বাগানখনৰ হস্পিতেলত ভূমুকি মাৰে । তাতেই লগ পাই যায় ডক্টৰ আবিৰক ।
ডক্টৰ আবিৰ । এক অনন্য ব্যক্তিত্বৰ অধিকাৰী । কথা কম । দিনে ৰাতিয়ে কাম । হয় হস্পিতেলৰ ৱাৰ্ডত নহয় লেপটপত ইন্টাৰনেটৰ জগতত বিচৰণ কৰি বিচাৰি ফুৰে ন ন তথ্য । ভিতৰুৱা ঠাইত, বানাক্ৰান্ত অঞ্চলত নতুবা সংঘৰ্ষজৰ্জৰিত এলেকাত তেওঁ নিজাববীয়াকৈ উদ্যোগ হাতত লৈ ঔষধৰ উপৰিও পথ্যৰ যোগান ধৰে । ডক্টৰ আবিৰৰে চিকিৎসাত আছিল সুদীপ্ত বৰদলৈ । নিয়মিত দুবাৰকৈ আহি তেওঁ নিজে ৰোগৰ সবিশেষ লৈ যায় । অন্তৰীপাৰ সৈতে তেতিয়ালৈকে বিশেষ ঘনিষ্ঠতা নাছিল ডক্টৰৰ আবিৰৰ ।
বৰদলৈ-পত্নীৰ মৃত্যুৰ পাছত মিষ্টাৰ বৰদলৈ বৰ অকলশৰীয়া হৈ পৰিছিল , ভিতৰি ভিতৰি কিবা এক অব্যক্ততাই তেওঁক খুলি খুলি খাইছিল । বিশাল চৌহদত কথাবোৰ শুনিবলৈকো কোনো নাছিল । তেনেকৈয়ে একাকীত্বত ভূগি তেওঁ এদিন বিছনাত পৰিছিল ।
বৰদলৈৰ শাৰিৰীক অৱস্থা ভাললৈ যোৱা নাই । টোপনি কম । ডক্টৰ আবিৰে একান্তমনে তেওঁৰ চিকিৎসা কৰি যায় । টোপনি আনিবলৈ শ্লিপিং টেবলেটৰ পৰিমাণ বঢ়ায় । অন্তৰীপাই বিমুগ্ধ নয়নেৰে ডক্টৰ আবিৰলৈ চাই ৰয় । আকৰ্ষণীয় ব্যক্তিত্ব । সুঠাম চেহেৰা । দাঢ়ি ভৰ্তি মুখ । ডক্টৰতকৈ দাৰ্শনিক যেনহে লাগে । হয়তো তেওঁৰ জীৱন দৰ্শনৰ বাবেই তেনে যেন লাগে ।
প্ৰত্যেক পুৱা-গধূলি ডক্টৰ আহে । আহিয়েই ৰোগীৰ প্ৰেছাৰ চেকআপ কৰে । চকু , হাতৰ তলুৱা, ভৰিৰ পতাৰ তাপ আদি পৰীক্ষা কৰি ৰিপৰ্টবোৰ চাই বৰদলৈক কিবা কিবি সুধি থাকে । মানিপ্লেন্টৰ লতাবোৰ আহি খিৰিকীৰে অহা পোহৰকণ জলমলাই তোলে । তাই আঁতৰাব খুজিও ৰৈ যায়, দেউতাকৰ প্ৰিয় যে মানিপ্লেন্ট । আয়া এগৰাকীয়ে চাহ দুকাপ দি থৈ যায় । আবিৰৰ গহীন মুখখনলৈ চাই চাই তাইৰ কথা পতাৰ প্ৰৱণতা জাগে । বৰ প্ৰগলভা তাই। সোধো বুলি ভবা কথা থাউকতে সুধি পেলায় ।
তেনকৈয়ে এদিন চিৰিঞ্জটোত ঔষধ অকণ সোমোৱাই নিদ্ৰাৰত অৱস্থাত থকা বৰদলৈক বেজীটো দি স্পিৰিটযুক্ত কপাহেৰে মচি থাকোতে তাই সুধিলে, “হোৱেৰ আৰ ইউ ফ্ৰম ?”
সি উচপ খালে, তাইলৈ চালে, ক’লে, “আই এম ফ্ৰম দিচ প্লেচ অনলি ।“
কি উত্তৰ হ’ল এইটো ? তাই মুখখন তিনিভাজ কৰি চিন্তা কৰি থাকিল ।
পিছদিনা আকৌ সুধিলে, “আপুনি ক’ৰ হয়?”
ডক্টৰৰ আবিৰৰ নিৰুদ্বেগ উত্তৰ, “মই এই মাটিৰে মানুহ ।”
“আবে ইনটাৰেষ্টিং মানুহ ৰে ।“
পিছৰদিনা আকৌ ।
“মই তিনিদিনৰ পৰা আপোনাৰ ঘৰৰ বিষয়ে সুধি আছো, আপুনি অকোৱা পকোৱা উত্তৰবোৰ দি আছে । আপোনাৰ ঘৰ ক’ত এই কথা মোক ক’লেনো কি অসুবিধা হয় ?
ডক্টৰ আবিৰে তাইলৈ চালে । তেনেই সৰু এজনী ছোৱালীৰ দৰে লাগিছিল তাইক । দেউতাকৰ বেমাৰতকৈ যেন তাৰ ঘৰৰ চিন্তাতহে মগ্ন ।
“ঘৰৰ কথানো কেলেই লাগে আইজনী ?এই পৃথিৱী মোৰ ঘৰ, এই মাটি মোৰ শেতেলী, তোমালোক আটায়ে মোৰ আপোন ।“
এইবাৰ তাইৰ মূৰৰ তাৰ ছিগিল । তীব্ৰ ভৎসৰ্নাৰে চিঞৰি উঠিল,
“কহী আপ বাংলাদেশী তো নহী হে ?”
জীয়েকৰ চিঞৰত সুদীপ্ত বৰদলৈৰ চকু মেল খালে, আকৌ জাপ খালে ।
“কহী আপ বাংলাদেশী তো নহী হে ?”, জীয়েকে চিঞৰিছিল ডক্টৰ আবিৰক ।
“কেনেবাকৈ তই খেদা খোৱা বাংলাদেশীতো নহয়।“, তেওঁ কৈছিল এদিন আফছানাক ।
সেয়া আগে আগে আফছানা । পিছে পিছে পঁচিশ বছৰীয়া সুদীপ্ত । ৰাতিলৈ সি ঘৰমুখী যাত্ৰা আৰম্ভ কৰিছিল । তাৰ প্ৰেয়সী আফছানাক এৰি আহিছিল এশ এটা প্ৰশ্নৰ মাজত । গোটেই ৰাতিটোৱেই সি বাছত পংকজ উদাচৰ গজল শুনি আহিছিল । বাৰে বাৰে চক খাই উঠিছিল । চকু মুদি দিছিল মাজে মাজে । টোপনিবিহীন নৈশ যাত্ৰা ।
অভি ঘৰ না যানা, অভি ঘৰ না যানা
য়ে বিখৰী চে জুলফে, য়ে ফেলা সা কাজল
য়ে ফিকা চা গজৰা, য়ে চিমতা সা আচল
তেৰে হাল চে লোগ পেহচান লেগে ।
সন্ধ্যা ভগাৰ কাহিনী । সি পেট পেলাই জাৰণিৰ মাজত । কাষত আফছানা । দু্ৰ্বল তাই । কথা ক’ব পৰা অৱস্থাত নাই ।
“আফছানা ।
“ওমম”
“মোক ভুল নুবুজিবি । নাজানো কি হৈ গ’ল । ”
“ঘৰলৈ যাওঁ । বহুত দেৰি হ’ল”
“মই আজি যামগৈ । তোক কেনেকৈ এৰি যাওঁ মই? ব’ল মোৰ লগতে । পিছত যি হয় দেখা যাব” ।
তাই তাৰ ওঁঠত আঙুলি দি বাধা দিলে,
“মই ঠিকে থাকিম সুদীপ্ত । তই মাক বুজাবি । মই ৰ’ম । পৃথিৱীৰ কোনো শক্তিয়ে মোক তোৰ পৰা আঁতৰাব নোৱাৰে ।”
খোদা না কৰে তেৰে বিন অৱ জিও মে
য়ে দুনীয়া তো কিয়া হে জন্নত না লো মে
তেৰে ইস্ক মে অপনী আখোঁ মে ভৰ লো
যো মৌত আয়ে তেৰে বদলে মৰো মে ।
চকুৰ কোণত বিৰিঙি উঠা চকুহাল মচি বাৰে বাৰে একেটা গানেই শুনি থাকিল সি । বাছত । ওৰেটো ৰাতি ।
স্নেপশ্বট ৩:
চাহবাগানৰ সেউজীয়াবোৰত তাৰ জীৱন মৰহিছিল । তাৰ আফছানাৰ খবৰবোৰ ক’ৰবাত ঠেকা খাই ৰৈ গৈছিল । এখনৰ পাছত এখনকৈ চিঠি লিখিছিল । মোটোকা মাৰি দলিয়াই পেলাইছিল । আকৌ লিখিছিল । মাকক কওঁ বুলিও ক'ব নোৱাৰিছিল সি এৰি অহা সেই সুঘ্ৰাণী সন্ধ্যাটোৰ কথা । তাইৰ বাৰু গাত সেই সন্ধ্যাটো লাগি আছেনে এতিয়াও ?
ৰিজাল্ট আনিবৰ দিনাও সি কলেজত তাইক দেখা নাছিল । লগৰ এজনীক সুধিছিল । কোনেও ক’ব পৰা নাছিল তাইৰ খবৰ । সেই নৈখনৰ ওচৰতে ৰৈছিলগৈ সি । নৈখনৰ বতাহে তাইৰ খবৰ অনা নাছিল । সেই জাৰণিখন যিখন সাক্ষী হৈ ৰৈছিল সিহঁতৰ মিলনৰ ক্ষণৰ , সেই জাৰণিখনো মূক হৈ ৰৈছিল । মগ্ৰীৱৰ আজানত ভাঁহি আহিছিল সেই খবৰ, তাই নাই তাই নাই । ককায়েকৰ কঠোৰ মুখবোৰ সহিব পৰাকৈ সি সাহসী হৈ তাইৰ ঘৰ ওলালেগৈ ।
“তাই মৰিল । কোন হয় তুমি ? ক’ৰ পৰা আহিলা ?” বুলি কৈ আদহীয়া মানুহ এগৰাকীয়ে তাক পানী এগিলাচ আগবঢ়াই দিছিল । পানীগিলাচ তাৰ হাতৰপৰা মজিয়াত পৰি গৈছিল ।কাঁচৰ টুকুৰাবোৰৰ লগতে ভিতৰৰপৰা কাৰোবাৰ হিয়াভগা উচুপনিৰ শব্দ ভাঁহি আহিছিল ।
তাৰ পাছৰ কথাবোৰ চিগাৰেটৰ ধোঁৱা, বাগানৰ সেউজীয়া, দেৱদাসৰূপী চেহেৰা আৰু বন্ধ ৰূমৰ বৃত্তৰ মাজত আবদ্ধ হৈ পৰিল । বৃত্তটোৰ পৰা ওলাল তেতিয়া, যেতিয়া আফছানাক ওচৰত পাইও তেওঁ মাতিব নোৱাৰিলে । বাছষ্টপেজত সিদিনা আফছানাৰ লগত আছিল এটি পাঁচ ছয়বছৰীয়া শিশু ।
সেয়া কি আছিল ? কেনেকৈ বাৰু অনাস্থাত ভূগে প্ৰতিশ্ৰুতিবোৰ ?
জীৱন এখন বোঁৱতী নৈ । ৰৈ নাযায় । বৈ যায় নিৰবধি । বৈ গ’ল সুদীপ্ত বৰদলৈৰ জীৱন । বুকুত একুৰা জুই লৈ তেওঁৰ হোমৰ জুইৰ কাষত সাত জনমৰ বাবে শপত খালে । পৰিণতিত পুতলা হেন অন্তৰীপাৰ জন্ম ।
স্নেপশ্বট ৪:
সুদীপ্ত বৰদলৈৰ শৰীৰ সুস্থিৰতালৈ আহিছে । সমান্তৰালভাৱে আবিৰৰ প্ৰতি অন্তৰীপাৰ দূৰ্বলতা বাঢ়িছে । আবিৰক বৰদলৈৱেও বহুত দিন পাইছে । কোনো জঞ্জাল নৰখা ডক্টৰ আবিৰ মানুহটো অলপ খেয়ালী মনৰ । অন্তৰীপাৰ পছন্দ বেলেগ ধৰণৰ । তেওঁ অন্তৰীপাক দুখ দিব নোখোজে । সিঁহতৰ প্ৰেম সফল হওক ।
“আবিৰ”, কোনোবা অলস দুপৰত আবিৰৰ কান্ধত মূৰ পেলাই অন্তৰীপাই প্ৰশ্ন কৰিলে ।
“ও”, আবিৰে লেপটপ স্ক্ৰীণৰ পৰা মূৰ নোতোলাকৈয়ে সঁহাৰি জনালে ।
“এই আলমাৰীটোত কি আছে ?”
“অ’ এইটো মাৰ আলমাৰী । মই চোৱা নাই কি আছে”, আবিৰে ক’লে ।
“মই চাওঁনে ?”
“অ’ চোৱা । চাবিপাত বিচাৰো ৰ’বা ।“
বিয়াৰ আগতে অন্তৰীপা সদায় আহে তাৰ বাংলোলৈ । পঢ়া টেবুলৰ পৰা গাৰুৰ গিলিপলৈকে খবৰ ৰাখে । তাইৰ দেউতাক মুক্ত মনৰ । বেলেগ একো কথা নাই । বিয়ালৈনো কিমানদিন বাকী ?
সেইদিনা তেনেকৈয়ে আলমাৰীটো খুলি তাই এখন বেলেগ জগতত সোমাই পৰিল । ইমান সম্ভাৰ এই জগতখনৰ! তাই ভাবিছিল কাপোৰ অলংকাৰেৰে ভৰি থাকিব সেই জগত । ওহো । একেবাৰেই বিপৰীত ধাৰণা । বৰঞ্চ ভৰি আছিল বহুত কাগজ-কিতাপেৰে । কেবাখনো পাণ্ডুলিপিৰে । তাই উলিয়াই চালে । পঢ়িব লাগিব । লাগিলে প্ৰকাশ কৰিব লাগিব ।
সোপাকে পাণ্ডুলিপিৰ টোপোলাটো লৈ তাই ঘৰ পালেহি । লগত আনিলে আবিৰৰ মাকৰ কলেজীয়া দিনৰ এখন এলবাম আৰু দুখনমান ডায়েৰী । বহুত কাম তাইৰ । ফটোবোৰ ফ্ৰেমত বন্ধাব । পাণ্ডুলিপিবোৰ কিতাপ আকাৰে উলিয়াব । তাইৰ বিয়াৰদিনাই চাৰপ্ৰাইজ দিব আবিৰক ।
স্নেপশ্বট ৫:
পাপ পাপ পাপ !!!!
দূৰ্ঘোৰ পাপ !
বিশ্বব্ৰক্ষাণ্ড ভেদি আহিছিল সেই ব্ৰজকন্ঠ । নীৰৱ অৰণ্যৰোদনত গছৰ পাত সৰা নাছিল । জীৱন খহিছিল । বুকুৰ মাজুলী খহিছিল । মুহূৰ্ততে সুলকি পৰা সপোনৰ চকুযুৰি পিন্ধিব পৰাকৈ সপোনবোৰ অক্ষত অৱস্থাত নাছিল ।
“নিজকে কিদৰে সম্বৰণ কৰো মই আবিৰ ? তোমাৰেইবা দোষ ক’ত ? মোৰেইবা ভুল কি ? ভুল যে সমাজৰ । ভুল এই ব্যৱস্থাৰ । দেউতাৰ ভুল নাছিল আবিৰ । তোমাৰ মাৰো ভুল নাছিল ।
এই যে ৰাস্তাটো দেখিছা, এইটোৱেই মোৰ ওভটনি ৰাস্তা । বহুদূৰ বাটকুৰি বাই যাব লাগিব আবিৰ । ওভটনি পথলৈ এতিয়া বহু যোজন বাট । ঊফ মোৰে কিয় এনে হ'ল ! ”
ভাগি নপৰো বুলি ভাবিলেও তাই ভিতৰি ভিতৰি ভাগি পৰিল । ওচৰ চপা বিয়াখনৰ বাবে অতৰ্কিতে প্ৰস্তুতি হেৰাই পেলাইছিল । নহ’বলগীয়া বিয়াখনৰ চিন্তাত তাইৰ টোপনি হৰিছিল । “দূৰ্ঘোৰ পাপ অন্তৰীপা, তই এই বেহুৰ পৰা আঁতৰি যা”, ভিতৰত বাঢ়ৈটোকাজনীয়ে খুঁটি খুটি তাইৰ বুকুখন তেনেই নাইকীয়া কৰিলে । কাকোৱে ক’ব পৰা অৱস্থাত নাছিল তাই । অসুস্থ পিতৃ নতুবা নতুনকৈ জীৱন চুবলৈ শিকা আবিৰ কাকোৱেই কব নোৱাৰিলে তাই সেই কথা ।
বৰঞ্চ তাই বিছনাত পৰিল । আহত চকুৰে খিৰিকীৰে খহি মৃত্য ঘটা তৰাবোৰলৈ চাই ৰ’ল । জোনাকবোৰো নাছিল । ঘোৰ আন্ধাৰ ৰাতি । নিমাওমাও পৰিবেশ । আবিৰে অসুস্থ অন্তৰীপাৰ পালছ পৰীক্ষা কৰে ।
“কি হৈছে তোমাৰ, মোকো নোকোৱা অন্তৰীপা ?”,
“মোৰ পঢ়িবলৈ মন গৈছে । কৰবালৈ যাওঁগৈ । কেৰিয়াৰটো অলপ গত লগাওঁ ।“
“অ’ সেইটো দেখোন সাধাৰণ কথা । তুমি যেতিয়াই মন যায় যাব পাৰা ।“
বিয়াখন ৰৈ গ’ল । আচলতে তাই পলাব বিচাৰিলে । এই সেউজীয়াৰ মাজত উমলিবলৈ আৰু কোনোদিনেই নাহে তাই । কোনোদিনেই নাহে মগ্ৰীৱৰ আজানৰ সময়ত সৃষ্টি হোৱা সেই ভ্ৰুণৰ সংগীনি হ’বলৈ, যাৰ তেজেৰে তাইও সৃষ্ট ।
“দাদা বুলি কেনেকৈ ভাবো আবিৰ তোমাক ? নাভাবিলেও যে এয়ে সত্য” । আবিৰক ক’ব নোৱাৰি বেৰত আঁউজি হুকহুকাই কান্দি দিলে অন্তৰীপাই । ফ্লেছবেকৰ নিচিনাকৈ আবিৰৰ সংস্পৰ্শবোৰ চকুৰ আগলৈ আহিল । তাৰ কাষে কাষে প্ৰিয় নাৰী হৈ খোজ দিয়া সময়বোৰ কেনেকৈ অতীত হ’ল বুলি সি যদি তাইক দোষ দিয়ে দিয়ক, কিন্তু তাই যে সেই অমোঘ সত্যৰ পৰা আঁতৰিব নোৱাৰে, যি সত্য অতদিনে আলমাৰীৰ ডায়েৰীৰ পৃষ্ঠা নতুবা এলবাম কতোৱেই লুকাই নাথাকিল ।
স্নেপশ্বট ৬:
“কি হৈছে কোৱাচোন । ঘপকৈ যাবলৈ ওলালা । বিয়ালৈনো কেইদিন বাকী ?”, দেউতাকৰ প্ৰশ্নৰ উত্তৰ তাই দিব নোৱাৰিলে ।
“অলপ দিন ৰৈ দিয়া দেউতা । নহলে আবিৰৰ কাৰণে বেলেগ ছোৱালী চাই দিবা । মই পি এইচ ডি শেষ নকৰালৈকে বিয়াৰ কথা নাপাতো ”, কোনোমতে সেপ ঢুকি কথাকেইটা দেউতাকক ক’লে তাই ।
“আবিৰ, দেউতাক তোমাৰ হাতত গতালো ।“
দিল্লীমুখী বিমানত বহি ছিটবেল্টটো লগাই ল’লে অন্তৰীপাই, তাৰ পাছত নিজকে নিচুকালে,
“এই যে ৰাস্তাটো দেখিছা, এই ৰাস্তাৰেই মোৰ পৰা মোলৈ যাত্ৰা । এই যাত্ৰা মোৰ অনন্ত যাত্ৰা । মোৰ আত্ম-অন্বেষণৰ যাত্ৰা । বিদায় আবিৰ । বিদায় দেউতা । তোমাক তোমাৰ পুত্ৰৰ হাতত এৰি থৈ আহিছো দেউতা । মোৰ বাবে চিন্তা নকৰিবা ।”

(সমাপ্ত)
পৰী
পাৰবীন
ডিব্ৰুগড়
Comments
Post a Comment