গল্প: পালিত সময়:পৰী পাৰবীন

শেষৰগৰাকীৰ ৰোগীৰ নাম মাতি ভিতৰলৈ যাবলৈ ইংগিত দিছিল ফাৰ্মেচীখনৰ কৰ্মচাৰীজনে। হাতত তিনিবছৰীয়া শিশু এটি লৈ তাইৰ চেম্বাৰ ওলাইছিলহি প্ৰিয়া নামৰ ছোৱালীজনী। ৰুক্ষ চুলি, প্ৰসাধনবিহীন চেহেৰা আৰু এশ এবুৰি সমস্যাৰে মলিন মুখখন লৈ শিশুৰোগ বিশেষজ্ঞ ডাঃ অন্তৰাৰ চেম্বাৰত ভৰি দিছিল তাই।
লগত লৈ অহা শিশুটোৰ বুকু, পেট, জিভা, চকু পৰীক্ষা কৰি ডাক্তৰী নিদানপত্ৰত বেমাৰৰ লক্ষণসমূহ সহিতে ঔষধৰ নাম লিখি ডাঃ অন্তৰাই তাইক বিদায় দিলে। গুচি যোৱাৰ পাছত চকীখনত আঁউজি বহি ৰ’ল বহুতদেৰি। মানুহগৰাকীৰ মুখখনে মিহিকৈ আমনি কৰিবলৈ ধৰিছে তাইক। কিবা যেন চিনাকী চেহেৰা, ক’ৰবাত যেন তাইৰ স’তে সংযোগ থকা। ইফালে নীলিময়ে ফোন কৰি আছে, নীলিময়ৰ স’তে চিনেমা প্লেন তাইৰ। ষ্টেথোস্কোপডাল খুলি তাই বাহিৰলৈ ওলাই আহি মানুহগৰাকী কোনফালে গ’ল চালে। নেদেখিলে। হয়তো অটো লৈ গুচি গ’ল। এটা অচিন অনুভৱ তাইৰ বুকুত সানি শিশুটি গুচি গ’ল তাইৰ পৰা। শিশুটোৰ মুখখন ভালকৈ চোৱা নহ’ল তাইৰ। কেনেবাকৈ প্ৰদুম্নৰ নিচিনা নাছিলতো! নে নীলিময়ৰ দৰে?
খেলিমেলি। খেলিমেলি।
এনেকৈয়ে সন্ধ্যা আঠবজাৰ তাইৰ পৃথিৱীখনত হঠাতে খেলিমেলি লাগি গ’ল। গাড়ী চলাই গৈ থাকোতেও তাই অন্যমনস্ক হৈ থাকিল। জানোচা দেখা পায় সেই ছোৱালীজনীক। লগতে শিশুটোক। অস্থিৰ হৈ পৰিল তাই। প্ৰতিখন গাড়ী ৰখাই যেন চেক কৰিব, অকণমানিটো লৈ লুটিয়াই বগৰাই চাব, আছেনে তাৰ শৰীৰত প্ৰদুম্নৰ শৰীৰৰ দৰে কোনো ভাঁজ বা তিল? বেক-মিৰৰত তাই বাৰে বাৰে ল’ৰাটো বিচাৰি থাকিল। নিজৰ ওপৰতে খং উঠিল। ইমান ধুনীয়া সুযোগ পাইও কথাবোৰ তাইৰ মনলৈ নাহিল। তাইতো তাক বিচনাখনত পেলাই পৰীক্ষা কৰিব পাৰিলেহেঁতেন। চাব পাৰিলেহেঁতেন প্ৰদুম্নৰ পিঠিৰ মাহটোৰ দৰে কোনো চিন তাৰ দেহাত আছেনে নাই। ছেঃ কিযোৰ যে ভাবিছে! থাকিলেওনো কি? প্ৰদুম্নতো এতিয়া অতীত। ডিভৰ্চ পেপাৰত চহী হৈ বেলেগে বেলেগে থকাও বছৰদিয়েক পাৰ হ’ল। ভাগ-বতৰা হৈ গৈছে পাৰ্থিব-অপাৰ্থিৱ সকলো সম্পত্তি। সন্তান পৰ্যন্ত হেৰুৱাই দিছে দুয়োটাই। ডেৰাডুনৰ কোনো এক হোষ্টেলত ৰাখি পঢ়িবলৈ দিয়া সন্তানদ্বয়ৰ চকুত চকু ৰাখি তাই কথা কোৱাৰ সাহস হেৰুৱাই পেলাইছে, জানোচা সন্তানদ্বয়ে সত্যবোৰ নজনাকৈ ওলোটাকৈ প্ৰশ্ন কৰি পেলায় কোনোবাদিনা, “আমাক দেউতাৰ মৰমৰ পৰা কিয় বঞ্চিত কৰিলা মা”?
ডিঙিটো পিৰপিৰাই উঠোতেহে গম পায় তাই যে, চকুপানীটোপাল বাগৰি আহি ডিঙিত পৰিছেহি। হাতৰ তলুৱাৰে গালখন মোহাৰি লয়। নীলিময়ক এই চকুপানী দেখুৱাব নোৱাৰি। দূৰলৈ চাই চকুলৈ শুকান ভাব এটা আহিবলৈ দিয়ে। এনেতে ফোনটো কৰ্কশ ধ্বনি কৰি বাজি উঠে,
“অন্তৰা, যথেষ্ট দেৰি হৈছে, চিনেমাৰ সময় হৈ গৈছে”
“আস: নীলিময়, গৈ আছোঁ, জাষ্ট ৱেইট ফৰ ফিউ মিনিটচ।”
গৈ পাই গাড়ী পাৰ্ক কৰে মানে তাইক হাতত ধৰি এক্সেলেটৰত উঠে নীলিময়।
“চিনেমা আৰম্ভ হ’বই এতিয়া।ইমান দেৰি কৰি দিছা তুমি।“
“বহুত পেচেন্ট আছিল।“
“ৰাইট আঠবজাত ওলাই আহিবা তুমি। কি দৰকাৰ ইমান কষ্ট কৰিবলৈ? দেহাটো প্ৰথমে, তাৰ পাছতহে বাকীবোৰ।“
“বুজি পাওঁ।“
“পোৱা, মাত্ৰ নুশুনা মোৰ কথা। কিয়নো শুনিবা, মইনো তোমাৰ হয় কোন?”
মাত নামাতে তাই। এগৰাকী ডিভৰ্চী মহিলাৰ মনত কি ঘূৰি ফুৰে, সেয়া বাহিৰৰ মানুহে কিদৰে অনুধাৱন কৰিব? আজিও নাজানে তাই, কি সিদ্ধান্ত লৈছিল তাই? শুদ্ধ নে ভুল? শুদ্ধই আছিল হয়তো, কিয় থাকিব তাৰ লগত, যিস্থলত এখন গাঁৱৰ ৰাইজে এগৰাকী পৰনাৰীৰ লগত তাইৰ স্বামীক হাতে-লোটে ধৰা পেলাইছিল। তাৰোতো বহু আগতেই তাই গম পাইছিল, সুধিছিল তাই বহুবাৰ, প্ৰতিবাৰেই প্ৰদুম্নই এৰাই চলিছিল কথাষাৰ। এদিন তাই সেই ছোৱালীজনীৰ বিষয়ে সবিশেষ জানি গৈছিল আৰু সিদিনাই ৰাতি নিজৰ চেম্বাৰৰ পৰা মনে মনে ফোন লগাইছিল তাইলৈ, সুধিছিল,
“তোমাৰ কি সম্পৰ্ক মোৰ স্বামীৰ স’তে?”
“বাইদেউ, কি কৈছে আপুনি? আপুনি নিজৰ স্বামীক সন্দেহ কৰিছে, ইয়াতকৈ দুখজনক কথা তেওঁৰ বাবে কি হ’ব পাৰে? মোৰ সঁচাই দুখ লাগিছে তেখেতলৈ।“
সিপক্ষৰ নিঁখুত অভিনয়ত মনটো বৰকৈ থকাসৰকা হ’ল তাইৰ। সঁচাই কি যে হৈ গৈছে, বৰ ঠেক মনৰ হৈছে নেকি তাই? দুটাকৈ সন্তান থকাৰ পাছত প্ৰদুম্নক বিশ্বাসত ল’ব পৰা নাই। ছিঃ ধিক্কাৰ ওপজিল নিজলৈ। ৰাতিলৈ তাই প্ৰদুম্নৰ বুকু সাৱটি ক্ষমা খুজিলে,
“বৰ বেয়া কাম এটা কৰিলো মই প্ৰদুম্ন।“
“কি কৰিলা?”
“প্ৰিয়াক ফোন কৰিছিলো মই।”
বিচনাখনতে জাপ মাৰি বহি দিলে প্ৰদুম্ন, “কি ক’লা তাইক তুমি?”
“কৈছিলো কিবাকিবি। এতিয়া মোৰ খুব দুখ লাগিছে। তুমি মোক ক্ষমা কৰিবলৈ কৈ দিবা তাইক।”
“কি যে কাম কৰা নহয়!”
“কেতিয়াবা মোৰ মগজুৱে কাম নকৰা হৈ যায় প্ৰদুম্ন।”
“হ’ব বাৰু, বাদ দিয়া। এতিয়া আহা, ওচৰলৈ আহা।“
আৰু এটা নিখুঁত অভিনয়।
ওলট পালট সময়খিনিৰ বাবেই চাগৈ শিয়ালেও হোৱা দিবলৈ পাহৰিলে, পাহৰিলে পুৱাৰ কাউৰীজনীয়ে বিপদ-সংকেত বজাই তাইক সাৱধান কৰিবলৈ। এদিন হঠাতে টিভিৰ নিউজত বাজি থকা বাতৰি এটাই তাইৰ ভৰিৰ তলৰ মাটিকণ খহাই নিছিল, বাজি উঠা ফোনটো দাঙি কাতৰ স্বৰেৰে চিঞৰি উঠিছিল তাই,
“কি হৈছে, প্ৰদুম্নৰ কি হৈছে?”
“ছাৰৰ এক্সিডেন্ট হৈছে বাইদেউ। হস্পিতেলত এডমিট কৰা হৈছে।“
“কেনেকৈ এক্সিডেন্ট! ক’ত হ’ল এক্সিডেন্ট?”
“ধৈৰ্য ধৰক বাইদেউ, সৱ ঠিকে আছে। বেছি দুখ পোৱা নাই ছাৰে।“
বায়েক-ভিনিয়েক আহি ওলাইছিলহি তাইৰ ঘৰ। তাই বাউলীজনী হৈ বায়েকক সাৱটি ধৰিছিল, “বাইদেউ, মোক লৈ ব’ল প্ৰদুম্নৰ ওচৰলৈ।”
“ৰহ, ভিনিয়েৰ গৈ লৈ আনিব প্ৰদুম্নক।“
প্ৰদুম্নৰ চিন্তাত তাইৰ সিদিনা কান্দি থাকোতেই গ’ল। ওচৰলৈ যোৱা নহ’ল। তাইৰ পৰা চাৰিশ কিলোমিটাৰ দূৰৈৰ জিলাখনত কৰ্মৰত প্ৰদুম্নৰ দুৰ্ঘটনাৰ খবৰ পাইও তাইৰ যোৱা নহ’ল। বায়েকে তাইক দিনভৰ পহৰা দিছিল, আৰু ভিনিয়েকে পহৰা দিছিলগৈ প্ৰদুম্নক। পিছদিনা বাতৰি কাকতৰ তিনি নম্বৰ পৃষ্ঠাত প্ৰদুম্ন খবৰ হৈ ওলাইছিল, চাৰিশ কিলোমিটাৰ দূৰৈৰ জিলাখনৰ ভিতৰুৱা গ্ৰামাঞ্চলৰ হস্পিতেলখনৰ মেডিকেল অফিচাৰ প্ৰদুম্নক নাৰ্ছ এগৰাকীৰ লগত অসংযত অৱস্থাত পোৱা গৈছিল বুলি ৰাইজে লপাথপা দিছিল। প্ৰায় মুমূৰ্ষ অৱস্থাত চহৰৰ ভাল নাৰ্ছিংহোমখনলৈ লৈ আনিছিল তাৰে দুজনমান সহৃদয়বান লোকে। কেমেৰা আৰু সংবাদ মাধ্যমৰ মানুহে এনে মছলাদাৰ খবৰক পিছ নোলোৱাকৈ থাকে। কাজেই দূৰৈৰ বাসভৱনত অকলে থকা অন্তৰাৰ অৱস্থা নোহোৱা হৈছিল। মানৱীয়তাৰ খাতিৰতে হয়তো প্ৰদুম্ন হস্পিতেলত থকালৈকে কোৰ্ট-কাচাৰীৰ কথা ওলোৱা নাছিল। ওলোৱা নাছিল বিবাহ-বিচ্ছেদৰ কথা। কিন্তু প্ৰদুম্ন সুস্থ হৈ অহাৰ পাছত এই কথাবোৰে ভিৰ লগালে। সন্তান দুটাক দূৰৈৰ স্কুললৈ আঁতৰাই পঠোৱা হ’ল। এই প্ৰদূষিত পৰিবেশত সিহঁত বিনষ্ট হৈ পৰিব। বায়েক-ভিনিয়েকে বুজাবুজিলৈ আহিবলৈ নিদিলে তাইক,
“কি নাই তোৰ অন্তৰা? কি কাৰণে সেই লম্পটটোৰ স’তে কম্প্ৰমাইজ কৰিবি। সিও বুজক, সন্তান হেৰুওৱাৰ, পত্নী হেৰুওৱাৰ কষ্ট সি পাওক।“
একপ্ৰকাৰ শাস্তি দিয়া হৈছিল প্ৰদুম্নক। আনক নেদেখুৱালেও শাস্তি পাইছিল তাইও। হঠাতে খালী হৈ পৰা বুকুখন, খালী হৈ পৰা ঘৰৰ কোঠালীকেইটা, খালী হৈ পৰা বিচনাখনৰ ফালটো, আৰু বহুত কিবাকিবি খালী হৈ পৰি ৰৈছিল। সেয়া আছিল নিতান্তই জটিল সিদ্ধান্ত, যিটো লওঁতে তাই নিজৰ মগজুটো বন্ধকত থৈ দিছিল। তাইৰ বাদে সেই কথা কোনেও নাজানিলে।
তেনেতে এদিন হঠাতে নাৰ্ছগৰাকীৰ স্বামী আহি ওলাইছিল তাইৰ চেম্বাৰলৈ,
“চাবলৈ আহিলো আপুনি কেনেদৰে আছে।”
“মই সুখেৰেই আছোঁ, এতিয়া কাৰো প্ৰতি মোৰ কোনো আক্ষেপ নাই, এক্সপেক্টেচন নাই, একাউন্টেবিলিটি নাই। গতিকে মই ‘মই হৈ চলিব পাৰিছোঁ।“
“মই পৰা নাই বাইদেউ, চৌপাশৰ পৃথিৱীখনে যেন মোক ঠাট্টা-মস্কৰা কৰি আছে, তেনে ভাব হয় মোৰ।“
“ইমানকৈ হতাশ হ’বলৈ একোৱে নাই মিঃ নীলিময়। জীৱন চুক্তি নহয়, জীৱন এটা সুযোগ, যিকোনো সুৰুঙাৰে মৃত্যুৰ আগলৈকে ই জী থাকে।”
“আপোনাৰ মনোবল দেখি মই আচৰিত হৈছোঁ। বাই দ্য ৱে, আপোনাক এটা কথা ক’বলৈ আছিল।“
“কি?”
“তাই প্ৰেগনেন্ট।“
অভিনন্দন”, বুলি ক’বলৈ গৈ তাই জিভা কামুৰিছিল। আচলতে অভিনন্দন কাক দিয়া যায়? সন্তানটো কাৰ?
“আপোনাৰ সন্দেহ আছে যদি ডি এন এ টেষ্ট কৰাই চাব পাৰে।”
“চাওক বাইদেউ, তাইৰ স’তে মোৰ আইনী প্ৰক্ৰিয়ামতে এৰা-এৰি হৈ গৈছে, এতিয়া তাইৰ সন্তানৰ ওপৰত অধিকাৰ দেখুৱাবলৈ নাযাওঁ মই”।
“যদি সন্তানটো আপোনাৰ হয়?”
মূৰৰ চুলিখিনি খামুচি ধৰিছিল সি, তাৰ পিছত সুধিছিল, “আপোনাৰ সন্তান দুটা পিতৃৰ কাষত আছেনে? আইনে মোক যিদৰে ক’ব, মই সেইদৰেই মানি ল’ম। কিন্তু নিজৰ ফালৰ পৰা একো নকৰিম। নো, নেভাৰ।“
প্ৰদুম্ন ক’ত থাকে আজিকালি? নাজানে তাই, খবৰ ৰখা নাই। সেই নাৰ্ছগৰাকীৰ কি খবৰ? তাই খবৰ ৰখা নাছিল। সিদিনা মাত্ৰ শুনিলে যে তাই গৰ্ভৱতী। গৰ্ভৰ সন্তানটো কাৰ নাজানে তাই। জানিব খুজিও ৰৈ যায় তাই, যদি প্ৰদুম্নৰ হয়!
প্ৰদুম্নৰ হ’লেইবা কি, নহলেইবা কি? সিহঁতৰ মাজত এটা অবৈধ সম্পৰ্ক আছিল, সেইটো প্ৰমাণিত কথা। সন্তানটো প্ৰদুম্নৰ নহলেও সেই সম্পৰ্কটো নোহোৱা হৈ নাযায়। হুমুনিয়াহ এটা ওলাই আহে।
ঠিক সেই সময়তে চিনেমাৰ কাহিনীৰ মুনু বোলা সৰু ছোৱালীজনীয়ে সাঁতুৰিবলৈ নৈখনত জাপ দিছে। মাকে তাইক সবলীকৰণৰ পাঠ পঢ়াইছে। নীলিময়ে কফিৰ অৰ্ডাৰ দিছে, লগতে আন কিবা খোৱা বস্তু, আৰু তাইলৈ চাইছে মাজে মাজে। তাইৰ অন্যমনস্কতা তাৰ চকুত ধৰা পৰি গৈছে। চিনেমা চাই ওলাই আহোতে সেয়ে সি অন্তৰাৰ চকুলৈ চাই প্ৰশ্ন সুধিছে,
“কিহৰ কাৰণে এই ডিছটাৰ্বেন্স অন্তৰা?”
বাইদেউৰ পৰা কেতিয়াকৈ নীলিময়ে অন্তৰা মাতিব পৰা হ’ল, সেয়াও এক দীঘলীয়া ইতিহাস। হতাশাত ছটফটাই থকা ল’ৰাটোক মহানগৰলৈ মাতি পঠাইছিল তাই। “এই মহানগৰে তোমাৰ ব্যক্তিগত জীৱন পাহৰাই দিব। তুমি যদি নিজক লৈ কষ্ট পাইছা, ইয়ালৈ আহি ৰঙৰ সাগৰত বুৰ খাই যোৱা। সময়ে সকলো পাহৰাব”।
নিজৰ পত্নীৰ স্ফীত উদৰৰ ৰহস্য ভেদত সি পলাইছিল, সি চোং সলাইছিল। চোং সলালেও অন্তৰাৰ লগত তাৰ সম্বন্ধ এটা গঢ়ি উঠিছিল। একাকীত্বৰ সময়বোৰত প্ৰায়ে সি অন্তৰাৰ কাষত বহেহি। সি আহিলেই বিশেষ দৃষ্টিৰে চেম্বাৰৰ কৰ্মচাৰী দুজনে যেন চকু দিয়ে। সিহঁতৰ মুক্ত চালচলনৰ বাবেই বহুত প্ৰশ্ন বহুতৰে মনত ঠেকা খাই ওলটি আহিছিল। ভিনিয়েকে বায়েকৰ হতুৱাই গম লৈছিল।
“কি সম্পৰ্ক তাৰ স’তে তোৰ?”
“মানৱীয় সম্পৰ্ক।”
“সেইবোৰ নুবুজো মই, ভাল ল’ৰা হ’লে বিয়া পাতি একেলগে থাক।“
“বিয়াৰ কথা অহা নাই কেতিয়াও, নাহেও, যিদৰে এলপি স্কুলত আঙুলিত আঙুলি ধৰি খোজ কঢ়া বন্ধু- বান্ধৱীজনীৰ লগত বিয়াৰ কথা নাহে, তেনে নিষ্পাপ সম্বন্ধ আমাৰ মাজত।“
“সমাজে এনে সম্পৰ্ক মানি নলয়।“
“আমাৰ সমাজে বহুত কথাই মানি নলয় মুনবা। ডি এন এ টেষ্ট কৰি পিতৃত্ব প্ৰমাণিত হোৱাৰ পাছতো সেই সন্তান নিজৰ নহয় বুলি দম্ভ দেখুৱাব পৰা আমাৰ সমাজ। আমাৰ সমাজত বন্ধ ৰূমৰ কথাবোৰ মুকলিকৈ স্বীকাৰ কৰাৰ সাহস নাই। অথচ সেইখন সমাজে মুকলিকৈ ঘূৰি ফুৰা মানুহৰ বন্ধ ৰূমৰ বিষয়ে নানান মনে সজা কাহিনী ৰচিবলৈ সাজু হৈ থাকে। মই কাকো হানি নকৰাকৈ আছোঁ মুনবা, মোক এনেকৈয়ে থাকিবলৈ দে।“
নীলিময়ে কি ধৰণেৰে ভাবে সেয়া তাই নাজানে, কিন্তু তাই নিজৰ স্থিতিত অটল আছিল। প্ৰেমিকৰূপত ভাবিবলৈ এটা নামেই মনলৈ আহে, সেয়া হ’ল প্ৰদুম্ন। মেডিকেল কলেজত পঢ়ি থকা দিনবোৰলৈ মনত পৰি যায়। নৰকাচল পাহাৰৰ সেউজীয়া লতাখিনিৰ ওপৰেৰে সপোনবোৰ উজাই আহি যে দুয়োৰে বুকুত ঘৰ বান্ধিছিল।
“তুমি চাকৰি কৰিব নালাগে অন্তৰা, তুমি ঘৰতে থাকিবা, চেম্বাৰ এটা খুলি দিম, ৰাতিপুৱা-গধূলি চেম্বাৰত বহিবা, বাকীখিনি সময় মোৰ ল’ৰা-ছোৱালীকেইটাৰ লগত কটাবা। সময় দিব লাগিব নহয় সিহঁতক? টকাৰ পিছত নদৌৰো আমি। সৰুকৈ ঘৰখন সাজিম, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে আমাৰ মইনাই ওমলি………”
“অই চুপ চুপ! বিহুনাম এৰা এতিয়া। সন্ধ্যা লাগিল। যাওঁগৈ ব’লা। নহ’লে মোৰ ৰূমমেটে খাব। এফালে চেমিষ্টাৰলৈ বেছি দিন নাই। এছাইনমেন্ট চাবমিট কৰিবলৈ আছেই।”
“মোৰ ৰাতি ডিঊটি আছে, গেটলৈ আহিবাচোন, মুখখন লৈ যাম ৱাৰ্ডলৈ।“
সুধিবৰ মন যায় তাইৰ, কি আছে মোৰ মুখখনত, ওহো নোসোধে, কিছুমান কথাৰ উত্তৰ পালে কথাটোৰ মাদকতা হেৰাই যায় বুলি তাই বিশ্বাস কৰে।
দুয়ো দুয়োৰে বাবেই যেন জী আছিল, গালে মুখে মেৰিয়াই লৈছিল বাগানভেলিয়া ফুলৰ দৰে ভিন্নৰঙী সপোনবোৰ। আৰু সি পঢ়ি উঠিয়েই চাকৰি লৈছিল ৰাজ্য চৰকাৰৰ অধীনত আৰু তাই পিজিত নাম লগাইছিল। সপোন আৰু জীৱন সমান্তৰালভাৱে চলি গৈছিল। ডাক্তৰী জীৱনত সপোনবোৰ বাস্তৱায়িত কৰিবলৈ বহুতদিন লাগে। বহুত দীঘলীয়া এই পাঠ্যক্ৰম। কিন্তু সিহঁতৰ তেনে হোৱা নাছিল। খুব সোনকালেই ঘৰ, বিয়া, সন্তান ইত্যাদি। মাথোঁ এটাই দুখ আছিল, প্ৰদুম্নৰ সঘনাই বদলি হৈ থকা চাকৰিটোৰ বাবে প্ৰায়ে সিহঁত দুয়ো একেলগে থাকিব পৰা নাছিল। তাই নিগাজীকৈ থাকি গ’ল মহানগৰীত সন্তানদ্বয়ৰ স’তে। আৰু সি কৰ্মৰ শেষত ঘৰমুখী পখীৰ দৰে আশ্ৰয় লয়হি সেই শান্তিৰ কুটীৰত। সকলোতো ঠিকেই চলি আছিল।
সময়ৰ কুটিল দৃষ্টিয়ে থানবান লগাইছিল সেই শান্তিৰ কুটীৰ। মাত্ৰ এক লহমা, এক লহমাত সকলো শেষ হৈ গৈছিল। শান্তিৰ কুটীৰত প্ৰতিশোধৰ ঘাঁহ-বনবোৰ গজি উঠিছিল। মনৰ মাজত দুলি আছিল প্ৰদুম্নৰ ওপৰত প্ৰতিশোধ লোৱাৰ আকাংখা। কেৱল প্ৰদুম্নৰ ওপৰতে নে, সেই নাৰ্ছগৰাকীৰ ওপৰতো নিশ্চয়্। বিদ্ৰোহী হৈ উঠা মনটোক তাই বেচিজিল সময়ৰ হাতত এৰি বিবেকৰ ৰাস্তাবোৰ বন্ধ কৰি দিছিল। মাজে মাজে অন্তৰ্দ্বন্দত ভোগে, নিজক সিঁয়াৰে, “নোৱাৰিলি অন্তৰা, জীৱন নাটৰ তই নায়িকা হ’ব নোৱাৰিলি”।
আকৌ নিজৰ পক্ষত নিজেই থিয় দিয়ে, “নায়িকা খলনায়িকা বাদ, মই নাৰীৰ সহজাত ঈৰ্ষা প্ৰবৃত্তিক প্ৰতিনিধিত্ব কৰিছো।“
আৰু নীলিময়ৰ লগত সৱেই দেখাকৈ মিলা-মিছা কৰিবলৈ আৰম্ভ কৰিছিল। নিজৰ প্ৰাণতকৈও তাইক বেছিকৈ ভালপোৱা বায়েকজনী ধৰফৰাই মৰে,
“সন্তান দুটিৰ ওচৰত উত্তৰ দিব পৰাকৈ নিজকে বচাই চলিবি অন্তৰা। কোনো কাৰণতে সিহঁতে যাতে তোক ভুল নুবুজে।“
“নুবুজে মুনবা। সিহঁতৰ গাত মোৰ তেজ আছে।“
মানসিকভাৱে ক্ৰমাৎ ওচৰ চাপি অহা নীলিময়ে কৈছিল, “তোমাৰ মিষ্টাৰলৈ মোৰ পুতৌ ওপজে। কি হেৰুৱাইছে তেওঁ হয়তো নিজেও নাজানে।”
“জানে তেওঁ। তেওঁ মোক হেৰুৱাই যে সুখেৰে থকা নাই, সেয়া ময়ো জানো।“
“তুমিও সুখেৰে থকা নাই।”
“য়েচ, অলপ শাস্তি ময়ো পাইছো। কিন্তু তেওঁ পোৱা শাস্তিকণে মোক বেছি সুখ দিয়ে। বাৰু, মোৰ কথা বাদ দিয়া। তোমাৰ কথা কোৱা। তাইক হেৰুৱাই তুমি সুখেৰে আছা জানো?”
“তাইৰ নাম শুনিলে মোৰ ঘিণ লাগে অন্তৰা। বিশ্বাস কৰিবানে যদি কথা এষাৰ কওঁ?”
“কোৱা”।
“মই ভগৱানক ধন্যবাদ জনাওঁ আজিকালি। আৰু মাজে মাজে তাইকো।“
“কিয়?”
“কাৰণ সেইবোৰ নোহোৱা হ’লে মই তোমাৰ সান্নিধ্য নাপালোহেঁতেন। তুমি মোৰ বাবে পূজ্য দেৱী।“
“অহংকাৰী হৈ পৰিম নীলিময়। এনে কথা নক’বা।“
“আই লভ ইউ অন্তৰা।“
“দুৱাৰ বন্ধ কৰিলো নীলিময়। আজিৰ পৰা মোৰ ওচৰলৈ তুমি নাহিবা।“
“বহুত পালো অন্তৰা। এতিয়া আৰু একোৰে প্ৰয়োজন নাই মোক। মাথোঁ নিজে কুশলে থাকিবা।”
মনটোত জোৱাৰ ভাটা আহিছিল। কিবা এটাৰ অপেক্ষাত আছে তাই। নাজানে কি অপেক্ষা সেয়া। ঠিক মনত পৰিল, সেই শিশুটিৰ বাবে অপেক্ষা। সেই শিশুটিৰ শৰীৰত চলি থকা তেজখিনিৰ উৎস জনাৰ অপেক্ষা। চকু দুটা মুদি দিলে। ইমান দূৰৈৰ পৰা ইয়ালৈ বেমাৰ দেখুৱাবলৈ তাই ইয়ালৈ কিয় আহিল, সেই প্ৰশ্নই জোকাৰি গ’ল তাইক। নিশ্চয় কোনো কাৰণ আছে। তড়িৎ গতিৰে বিজুলী এছাটি মগজুৰে পাৰ হৈ গ’ল। নীলিময়ক কোৱা নহ’ল তাইৰ কথা। কিয় আহিছিল তাই, ইমান দূৰৈৰ পৰা কিয় আহিছিল তাই?
নীলিময়লৈ ফোন লগালে, “নীলিময়, তাইক তুমি ক্ষমা কৰি দিয়া নীলিময়।“
“কি কৈ আছা তুমি অন্তৰা?”, অলপ আগতে কৈ অহা কথাখিনিৰ লগত তালমিল লগাব নোৱাৰে সি ।
“হয় নীলিময়। তাই আহিছিল মোৰ চেম্বাৰলৈ। এনে কোনো বিশেষ বেমাৰ নাছিল যে, তাই চাৰিশ কিলোমিটাৰ দূৰলৈ আহিব বেমাৰ দেখুৱাবলৈ। কেৱল মোক চাবলৈকে আহিছিল তাই। লগত আছিল এটা শিশু। হয়তো তোমাৰ সন্তান।”
“মোৰ সন্তান নহয় সি। মই টেষ্ট কৰাইছিলো সি গৰ্ভত থাকোতেই।”
“হোৱাট! তেতিয়াহ’লে সি প্ৰদুম্নৰ সন্তান। প্ৰদুম্নৰ মানেই মোৰ সন্তান। মই লগ পাব লাগে তাইক। নীলিময় মোক সহায় কৰা প্লিজ।”
“আচৰিত হৈছো মই অন্তৰা। পুৰুষে যি স্বীকাৰ কৰিব নোৱাৰে, নাৰীয়ে ইমান সহজে মানি লয় সেয়া”।
“মই সেইবোৰ নাজানো, মোক লগ কৰাই দিয়া সোনকালে।“, একপ্ৰকাৰ আৰ্তনাদ কৰি উঠিছিল অন্তৰাই।
*****
“বাইদেউ, ইয়াকেই চাগৈ ওলট-পালট সময় বুলি কয়। যি চুৰ কৰিছিলো আপোনাৰ পৰা, সময়ে তাতোকৈ বহু বেছি মোৰ হাতৰ পৰা কাঢ়ি লৈ গ’ল।”, মলিন মুখৰ গৰাকিনীয়ে কৈ যায় তলমূৰকৈ।
ৰণ জিকাৰ অহংকাৰত অন্তৰাৰ বুকুখন ফুলি উঠিছিল মাথোঁ, নিজকে বাধা দিছিল পুনৰ, তাইৰ বাবে এয়া ওলট পালট সময় নহয়। এয়াতো পালিত সময়, তাইৰ স্বাভিমানক লালন পালন কৰি ৰণ সামৰাৰ সময়। ৰণ সামৰিবলৈ বাধ্য তাই, কাৰণ মাতৃয়ে যে প্ৰতিশোধ ল’ব নাজানে।
(সমাপ্ত)

Comments

Popular posts from this blog