গল্প: জুই ফুলা ৰাতিৰ আখ্যান
------------------------------
“তহঁতে কি কি কাকত পঢ়, কৈ যা চোন এফালৰ পৰা”, ইংৰাজীৰ ক্লাছত শৰ্মা ছাৰে সমূহ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কৈ উঠে।
“দৈনিক জনমভূমি ছাৰ”, আনে মাত মতাৰ আগতে উৰ্বশীয়ে চিঞৰি উত্তৰ দিয়ে।
ছাৰে তাইলৈ চাই সন্তোষৰ হাঁহি এটা মাৰে।
“গুড গাৰ্ল। এতিয়া কচোন কোনটো শিতান ভাল লাগে দৈনিক জনমভূমিৰ?”
“নাৰী দৰ্পণ”, ওঁঠযোৰ বেঁকাকৈ উত্তৰ দিয়ে তাই।
ঢেকঢেকাই হাঁহি দিয়ে গোটেই ক্লাছটোৱে। বৈদিকে বহীত লিখি থকাৰ পৰা চকু তুলি নাৰীবাদী সত্তাটোলৈ চাই পঠিয়ায়। চাব নোৱাৰে, সেই নাৰীৰ চকুত বিজুলী।
উৰ্বশীয়ে জ্বলাই দিয়া জুইকুৰা ক্লাছ শেষ হোৱাৰ পিছতো জ্বলি থাকে। সুযোগ পালেই ল’ৰা আৰু ছোৱালীখিনিৰ মাজত নিজৰ অস্তিত্বক লৈ সৰু সুৰা যুদ্ধ এখন লাগে। যুদ্ধখনৰ মহাযোদ্ধা উৰ্বশীয়ে শেষত নিজকে বিজয়ী বুলি ঘোষণা কৰে,
“পুৰুষে নাৰীৰ মানসিক স্তৰ কেতিয়াও অতিক্ৰম কৰিবই নোৱাৰে। এজন পুৰুষে সেই স্তৰ পালে আৰু বুদ্ধ নাম পাই ভগৱান হৈ গ’ল। অথচ হাজাৰ হাজাৰ নাৰীৰ মাজত সেই বুদ্ধত্ব বিৰাজমান।“
বৈদিক, সীমান্তহঁতৰ মূৰৰ ওপৰেৰে যোৱা কথাষাৰে শৰ্মা ছাৰৰ চকু মেল খোৱাই দিয়ে। ইমান সৰু ছোৱালী এজনী নাৰীত্ব সম্পৰ্কে ইমান সচেতন। আচৰিত! আচৰিত!
স্কুটিখনৰ চেল্ফত আঙুলিৰে হেঁচা দি ব্যস্ত চহৰৰ মাজেৰে ভো ভোকৈ পাৰ হৈ যায় তাই। মাজে মাজে উতনুৱা ল’ৰাৰ জাকে তাইক উদ্দেশ্যি ইয়াৰ্কি মাৰে যদিও সেইবোৰ লৈ তাইৰ ভ্ৰূক্ষেপ নাই। সময়ৰ দৌৰত সিহঁত কলেজ পায়গৈ। বৈদিক-সীমান্তহঁতৰ লগটো এৰি তাই ছোৱালীজাকৰ লগত কেন্টিন পায়হি। গজা, চিংৰাৰ গোন্ধই পেটৰ ভোকটো বঢ়াই দিয়ে সিহঁতৰ।
“ঐ লেটেষ্ট খবৰটো জাননে নাই, বৈদিক আৰু সীমান্ত দুয়োটাই যে একেজনীকে লাইন দি আছে।“
“হয় নেকি? কাক অ’? দুয়োটাৰ মাজত দেখোন বিৰাট বন্ধুত্ব।“
“সেইকাৰণেইতো চইচো একেগৰাকীয়ে।”
“কচোন ক’। কাৰ কথা কৈছ?”
“আমাৰ মাজতে আছে।”
কোনোবা এজনীয়ে তাইলৈ চাই চকু টিপিয়ায়। তাই চকীখনৰ পৰা উঠি খেদি যায় লগৰজনীক। হাঁহিৰ জোৱাৰ উঠে সিহঁতৰ মাজত। হাঁহিবোৰ বতাহত উৰে। বতাহৰ পৰা আনি চৌদিশ বিয়পাই দিয়ে। তাৰ পিছত সোণাৰুৰ দেশত সিহঁতে ভৰি থয়।
“ইহঁতৰ গ্ৰুপটো নাভাঙিবই নেকি অ’? চাৰিশ কিলোমিটাৰ দূৰৈৰ বিশ্ববিদ্যালয়খনলৈ পঢ়িবলৈ যাওঁতে বাছত উঠাবলৈ আহি বৈদিক, সীমান্ত আৰু উৰ্বশীৰ দেউতাকে কথা পাতে। বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ অহাৰ পিছতহে কথাবোৰৰ সংগতি হেৰায়। প্ৰেম, যৌনতাৰ স’তে নতুন ৰূপত ধৰা দিলেহি কথাবোৰ। কাৰোবাৰ বাবে নাৰী হৈ পৰিল প্ৰেম আৰু কাৰোবাৰ বাবে এটা শৰীৰ মানেই এৰাতিৰ প্ৰেম।
শিমলু ফুলা এনে কপাহ কোমল দিনবোৰত বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ল। বৈদিক সাধাৰণ সম্পাদক পদৰ বাবে অধিস্থিত হৈছে। তাৰ হেনো নেতৃত্বসুলভ গুণ আছে, প্ৰতিপক্ষক নিজৰ বশলৈ অনাৰ ক্ষমতা আছে, লগতে আছে এটা পেশীবহুল চেহেৰা আৰু গলগলীয়া কণ্ঠ।
বৈদিকৰ বাবে বিশ্ববিদ্যালয়ৰ ছোৱালীবোৰ বলীয়া। কাজেই বিশাল ভোটত জয়ী হয় বৈদিক। বৈদিক জয়ী হোৱাৰ আঁৰত উৰ্বশীৰো কম হাত নাছিল। দিন ৰাতি একাকাৰ কৰি কেম্পেইন কৰিছিল তাই। তাকে দেখি স্কুলীয়া বন্ধু সীমান্তই বাধা দিছিল তাইক,
“উৰ্বশী, তই দিনে ৰাতিয়ে বৈদিকৰ নামত কেম্পেইন কৰি আছ’। কিমান যে পঢ়া-শুনা খতি হৈছে জাননে?”
“আস সীমান্ত, দুদিনহে। পঢ়াবোৰ মেকআপ কৰি ল’ম নহয়।”
“খোৱাবোৱাও সময়মতে কৰা নাই। স্বাস্থ্য বেয়া হৈছে তোৰ।“
“কি যে কৱ সীমান্ত! বৈদিকৈ আকৌ মোক ডায়েটিং কৰিবলৈহে কৈছে।“
“ক’বই সি। স্বাস্থ্যত গুৰুত্ব দিলেহে। তাৰ কাষে কাষে ঘূৰিবলৈ ধুনীয়া ফিগাৰৰ এছিছটেন্ট এজনী লাগে আক।“
“ইমান বেয়াকৈ ক’ব পাৰ তই সীমান্ত।”
“সঁচা কথাবোৰ তিতা লাগে উৰ্বশী।“
“হ’ব যা, তই বেছি বিকৃত কৰিছ কথাবোৰ”।
“নহয় তই বুজা নাই। এদিন প্ৰমাণ পাবি।
তিনিওৰে মাজত ভুল বুজাবুজি, মনোমালিন্যই গা কৰি উঠিছিল। দুই বন্ধুৰ ভিতৰত উৰ্বশীয়ে কিন্তু সীমান্তকহে বিশেষ দৃষ্টিৰে চায়। বুৰ্বকটোৱে বুজি নাপাই কাজিয়া কৰি মৰে। ইফালে ছাত্ৰ একতা সভাত জিকাৰ পিছতে বৈদিকৰ চাল চলনবোৰ সলনি হ’ল। ৰাতি এপৰলৈকে ৰাজনৈতিক নেতাৰ লগত ঘূৰি ফুৰি সি মাজৰাতি হোষ্টেল সোমায়হি। অদূৰ ভৱিষ্যতে হেনো সি ৰাজনীতিত নামিব। তাৰ পিছতেই সি ইলেকচন খেলিব। সেয়া তাৰ লক্ষ্য। আৰু তাৰ কাষত থাকিব লাগিব উৰ্বশীৰ দৰে সুন্দৰী নাৰী। সেয়াও তাৰ লক্ষ্য। সেই লক্ষ্যৰ কথা এদিন সুযোগ বুজি সি উৰ্বশীক কৈ পেলায়,
“তই ঘপকৈ কাৰোবাৰ প্ৰস্তাৱত হা কৈ নিদিবি দেই, মইহে বিয়া পাতিম তোক।”
এনেকুৱা একপক্ষীয় প্ৰস্তাৱত তাই আচৰিত হয়। সীমান্তক ভাল পায় তাই। নৈতিকতাৰ দিশৰ পৰা সীমান্ত বহুত ওপৰত বুলি ভাবে তাই। আৰু বৈদিকক বেটচমেট বুলি সহায় কৰে, সেইটো বেলেগ কথা। কিন্তু কথাবোৰ ইমানলৈ পাবগৈ বুলি ভবা নাছিল তাই।
‘হা’ কোৱা নহ’ল কাকোৱেই তাইৰ। বিশ্ববিদ্যালয়ৰ দেওনা পাৰ হৈ জীৱন সংগ্ৰামত নামি পৰিল গোটেইকেইটাই। বৈদিক নিজা কক্ষপথত ঘূৰি থাকিল। সীমান্ত আৰু উৰ্বশীয়ে ভেন্সাৰ হাইস্কুল এখনত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছতহে সিহঁত দুটাই গম পালে জীৱন কিমান কঠোৰ। চাকৰি নিয়মীয়াকৰণৰ নামত এই দিছপুৰ, এই লাষ্টগেট, এই ধৰ্ণা, এই স্মাৰকপত্ৰ আদি বিভিন্ন কাৰ্যসূচীৰ মাজত দিনবোৰ পাৰ হৈ গ’ল। এনেকৈ এদিন স্মাৰকপত্ৰ প্ৰদান কৰোঁতে বৈদিকৰ চকুত পৰিল একালৰ প্ৰেয়সী উৰ্বশী দেৱী।
ইলেকচন নেখেলিলেও ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত বেছ ক্ষমতা থকা চাকৰি এটা যোগাৰ কৰিছিল বৈদিকে। চাকৰিত জইন কৰিয়েই কোৰোণাৰে চপোৱাদি ধন চপালে বৈদিকে। কামৰ নিবিদা, চাকৰিৰ সাক্ষাৎকাৰ পৰ্ব-এই সকলোবোৰ ফাইল সেই টেবুলেৰে পাৰ হৈ যোৱাৰ কাৰণে বৈদিকৰ গাখীৰতে ম’হৰ খুঁটি হেন অনুভৱ হ’ল। নৈশ পাৰ্টিবোৰত এই সুখবোৰ বেছ ৰঙীন হৈ উঠে। অতদিনে অভাৱ আছিল মাত্ৰ কাষত এজনী সুন্দৰী নাৰীৰ।
বৈদিকৰ বাবে যে ছোৱালীৰ অভাৱ হ’ব এনে কথা নহয়। স্বয়ম্বৰ পাতিব পৰাকৈ সামৰ্থৱান হৈ উঠিছে সি। এফালে টকা পইচা, আনফালে প্ৰভাৱশালী মন্ত্ৰীৰ লগত ঘনিষ্ঠতা, মহানগৰৰ দুই তিনি ঠাইত বিশাল সম্পত্তি, এইবোৰ যিকোনো সুন্দৰীৰ বাবেই আকৰ্ষণৰ কাৰণ। প্ৰায় প্ৰতিদিনে ন ন ছোৱালীৰ খবৰেৰে তাৰ কাণ ভৰে। তেনে সময়তে দেখি যায় উৰ্বশীক। উৰ্বশীৰ তুলনাত বাকী সকলোবোৰ খবৰ নিস্প্ৰভ হৈ যায়। উৰ্বশী এতিয়াও জুই একুৰাতকৈ কম নহয়। সেই জুইকুৰাই দহে তাক। ভালপোৱাৰ বেলেগ সংজ্ঞা নাজানে সি । তাৰ দেহৰ উত্তাপ প্ৰশমন কৰিবলৈ একুৰা জুইয়ে আছে, সেইকুৰা হৈছে উৰ্বশী।
প্ৰস্তাৱটো উৰ্বশীৰ কাণত পৰেগৈ। উৰ্বশীৰ বুকু দখল বহি আছে তেতিয়া সীমান্তই। চাকৰি এটা হ’লেই বিয়াৰ কথা উলিয়াব তাই। চৰকাৰী চাকৰিৰ বাবে চেষ্টা নকৰা নহয় সীমান্তই। কিন্তু এখন দীঘল হাতৰ অভাৱ, লগতে অসুখীয়া দেউতাকৰ হাতত চাকৰি কিনাৰ জোখাৰে ধনৰ অভাৱ-ইত্যাদি বিভিন্ন কাৰণত তাৰ চাকৰি এটা হৈ নুঠে। শিক্ষক সংস্থাই চাকৰি নিয়মীয়াকৰণৰ বাবে লাগি আছে। সেইটোকে হৈ যোৱা হ’লে সি অলপ সকাহ পায়। ষষ্ঠ দৰমহা আয়োগত এজন হাইস্কুল শিক্ষকৰ দৰমহাৰে ধুনীয়াকৈ ঘৰ চলে। সিহঁত দুয়োটাৰ টকাৰে ঘৰ নচলিবনে? অংকবোৰ মিলি যায় তাইৰ। মাত্ৰ চাকৰিটো নিয়মীয়া হ’ব লাগে, যিকোনো উপায়েৰে চাকৰিটো নিয়মীয়া হ’ব লাগে। তেনে সময়তে আকৌ এইফালে বৈদিকৰ প্ৰস্তাৱ। অথচ যাৰ আদৰ্শৰ স’তে এতিয়া আকাশ পাতাল পাৰ্থক্য, সেই বৈদিকে বিয়াৰ প্ৰস্তাৱ দিছে উৰ্বশীক।
“অভিনন্দন উৰ্বশী। অভিনন্দন । তহঁতৰ যোৰাটো বৰ মিলে। সেই ইউনিভাৰছিটিত পঢ়ি থাকোতেই মন কৰিছিলো। সুখী হ’।“, উৰ্বশীৰ মুখত বৈদিকৰ প্ৰস্তাৱ শুনি সীমান্তই অভিনন্দন জনায়।
“সঁচাকৈ কৈছনে সীমান্ত। বৈদিকৰ লগত বিয়া হৈ গ’লে তই সঁচাকৈ সুখী হবিনে?”
“কিয় নহ’মনো কচোন? ইমান কম দিনতে সি ইমান উন্নতি কৰিলে, তোৰ বাবে একদম উপযুক্ত সি। একো কথাই নাভাবিবি। বিয়াত মত দে উৰ্বশী”।
চিন্তাৰ উঘাটোত পাক লাগি সূতা চিগে। মনৰ দীঘে-বাণিয়ে সীমান্তক ৰাখি বৈদিকৰ পাণিপ্ৰাৰ্থী হবগৈ, এয়া কি ধৰণৰ যুক্তি। বুকু ভেদি হুমুনিয়াহ ওলাই আহে তাইৰ। ধুমুহা এজাকৰ সতে পদূলিৰ চকীখনত বহি ৰয় তাই। চকু মুদিলেই দেখে, আহিবলগীয়া কোনো এটা দিনৰ মন-মগজুৰ যুদ্ধ, নিবিড় মুহূৰ্ত আৰু সমৰ্পিত হৈও সমৰ্পিত নোহোৱা কথাবোৰ, আহত হৰিণাৰ দৰে ছটফটাই থকা ভৰি দুখনৰ স্বাধীনতাবোৰ। ক্ৰমাৎ জটিল হৈ পৰা কথাবোৰৰ চক্ৰবেহুত সোমাই বৈদিকৰ এটাৰ পিছত এটাকৈ চিগাৰেটৰ টান আৰু মদৰ গিলাচত ওফৰি অহা বৰফৰ শব্দ আৰু কিছুমান মৃত ৰাতি।
আস! আৰ্তনাদ কৰি উঠে, নালাগে নালাগে তাইক অট্টালিকাৰ সুখ। তাই ‘না’ কৈ দিব বৈদিকক।
বৈদিকৰ পিছে ‘না’ শুনাৰ অভ্যাস নাছিল। উৰ্বশীৰ মুখত ‘না’ শব্দটো শুনাৰ পিছতে সি উন্মাদৰ দৰে হৈ পৰিল। চকু দুটাই জ্বলন্ত স্ফূলিংগৰ ৰূপ ল’লে। কাৰ ইমান সাহ যে, তাৰ প্ৰস্তাৱক নাকচ কৰে? সেই উৰ্বশী? দুদিনৰ পিছত বয়সে গৰকিব ধৰা উৰ্বশীয়ে।
“মাই ফুট! এনেকুৱা হাজাৰ উৰ্বশী তাৰ ভৰিত পৰিবহি। হাজাৰ উৰ্বশী!”, দোৰোল খোৱা জিভাৰে সি আস্ফালন কৰে। ক্ষমতা আৰু টকাৰ ৰাগীয়ে মূৰত ধৰে তাৰ। সি উৰ্বশীক চোঁচৰাই আনি বিছনাৰ এৰাতিৰ সংগী কৰিবনে উৰ্বশীতকৈ হাজাৰগুণে ধুনীয়া কোনো কোমলাংগীৰ সতে বিবাহপাশত আবদ্ধ হ’ব, সেই অংকত ন্যস্ত হয়। বিয়া নহলেও উৰ্বশীৰ সতে ৰাত্ৰিযাপনৰ বাসনাটো সি মনৰ পৰা উলিয়াই পঠিয়াব নোৱাৰে। ৰাতি ৰঙীন গিলাচত চুমুক দিয়াৰ লগে লগেই উৰ্বশীৰ লয়লাস ভংগীমাবোৰে, উদ্ধত যৌৱনৰ ভাঁজবোৰে চকুৰ আগত অগাদেৱাকৈ নাচে। এই যেন টেকেলা পঠিয়াই এতিয়াই ধৰি আনিব তাইক। পত্নী নহলেও উপপত্নী কৰি ৰাখিব তাইক। মন গলেই সোণহেন শৰীৰত সুৰা ঢালি সেই সুৰা পান কৰিব।
ভবামতে কথাবোৰ নহয়গৈ তাৰ। নহয় কাৰণেই বুকুৰ জুইকুৰা ভমভমাই জ্বলি উঠে। এজনী ভেন্সাৰ স্কুলৰ শিক্ষয়িত্ৰীৰ ইমান স্পৰ্ধা! মুখৰ তিতা সুৰাকণ ঘোটঘোটকৈ গিলি ঢলং পলংকৈ গাড়ীত উঠে, গাড়ীৰ পৰা নামে, চকীদাৰে খুলি দিয়া দুৱাৰখন ঠেলি চোফাত বাগৰি পৰে।
এনে নিত্য নৈমিত্তিক সময়বোৰ চলি থাকোতেই সি পোহৰৰ ৰেঙনি দেখা পালে। উৰ্বশীহঁতৰ চাকৰি নিয়মীয়াকৰণৰ ফাইলটো লৈ মন্ত্ৰীয়ে তাক মাতি পঠিয়ায়। সেই আলোচনামৰ্মেই মন্ত্ৰীৰ স’তে এক বৈঠকত মিলিত হয় শিক্ষক সংস্থাৰ প্ৰতিনিধি সীমান্ত আৰু মন্ত্ৰীৰ ব্যক্তিগত সচিব বৈদিক মহন্ত। বৈদিকেও সীমান্তক দেখি মুখ তপালি উঠে। সীমান্তক ব্যৱহাৰ কৰিব পৰা যায়। একদম সঠিক সময়ত আহিছে সীমান্ত। বৈঠকৰ পিছত দুই বন্ধুৱে গধূলি লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লয়।
আৰ্থিকভাৱে সীমান্তৰ সঁচাকৈয়ে সমস্যা হৈছে। সীমান্তৰ লগত কথা পাতি তাৰ মুখখনলৈ চাই তাই সিমানখিনি বুজি উঠি ভাবে, কেনেবাকৈ সহায় কৰিব পৰা হ’লে! কেনেবাকৈ সীমান্তৰ দুখ পাতলাব পৰা হ’লে!
পাৰে তাই। তাৰ দুখ পাতলোৱাৰ উপায় তাইৰ ওচৰত আছে। মাথোঁ এবাৰ লগ কৰিব লাগে বৈদিকক। কিয় লগ কৰিব লাগে সেই কথা তাই নাজানে। এজন বন্ধুৱে এগৰাকী বান্ধৱীক নৈশ আহাৰৰ বাবে নিমন্ত্ৰণ দিছে, ইয়াত প্ৰশ্ন কিহৰ?
সিদিনা ৰাতিয়েই, সিদিনা ৰাতিয়েই বৈদিকে গাড়ী পঠিয়াই দিলে উৰ্বশীৰ ঘৰলৈ। সীমান্তই উৰ্বশীক ফোন কৰি সেই কথা জনাই দিলে। আৰু মন্ত্ৰমুগ্ধৰ দৰে উৰ্বশীয়ে সেই জালত ভৰি দিলে। কি আছিল তাইৰ স্বাৰ্থ? স্বাৰ্থ আছিল সীমান্তৰ প্ৰতি নিস্বাৰ্থ ভালপোৱাৰ। ভালপোৱাত হেনো ত্যাগ থাকে। তাই সেই ভালপোৱাৰ দোহাই দি তাই সীমান্তহঁতৰ লগতে ৰাজ্যৰ শতাধিক শিক্ষকৰ চাকৰিৰ নিয়মীয়াকৰণৰ ফাইল লৈ বৈদিকৰ বাংলো পালেহি।
চহৰৰ ৰাতিবোৰ নিৰ্লজ। চহৰৰ ৰাতিবোৰ নিমজ নহয়। সিদিনা ৰাতি হেটুলুকাই চিঞৰিছিল, সংগমৰত মেকুৰীয়ে বিলাপ কৰিছিল, পদপথত ভোকাতুৰ কুকুৰে ৰাউচি জুৰিছিল আৰু এইফালে উৰ্বশীৰ শৰীৰেৰে বগুৱা বাই আহিছিল বীজলুৱা পদাৰ্থৰে গঢ়া বিশাল অংক।
“মাত্ৰ এটা চহী কৰি দিলেই হ’ব বৈদিকে। তই অৰ্ডাৰ কপিটো হাততে লৈ আনিব পাৰিবি উৰ্বশী।”
“তই নাযাৱ?”
“মই নাযাওঁ। দেউতাৰ গাটো খুব বেয়া। এৰিব নোৱাৰি ৰাতিখন।“
“মোক পাৰি এৰিবলৈ?”,সোধা নহ’ল তাইৰ। মনৰ কথা মনতে ৰ’ল। তাইৰ একপক্ষীয় ভালপোৱাৰ কি’হৰ আকৌ প্ৰশ্ন? সীমান্তই ক’বও যে পাৰিলে্! শাৰীখনৰ কোঁচকেইটাৰ ভাঁজে ভাঁজে তাইৰ ক্ষোভবোৰ সোমাই থাকিল। সেই ক্ষোভবোৰকে বৈদিকৰ শোৱনিকোঠাত শাৰীখন খুলি থাকোতে এৰ খাই গৈ থাকিল।
এটা শৰীৰেইতো! সেই শৰীৰটোকে অতদিন জাপি কুচি সঞ্চিত কৰি ৰাখিছিল তাই। কাৰ বাবে? সীমান্তৰ বাবে নে? নাই। নহয়। সীমান্তৰ লগত তাইৰ কোনোদিনেই প্ৰেমৰ সম্পৰ্ক নাছিল। নাছিল বৈদিকৰ লগতো। কিন্তু সীমান্তক তাই ভাল পাইছিল। সীমান্তৰ আহত মুখে তাইক কষ্ট দিছিল। বিপৰীতে বৈদিকৰ উচ্ছল জীৱন প্ৰণালীয়ে তাইক অলপো আনন্দ দিয়া নাছিল। আনন্দ দিয়া নাছিল বাবেই তাই বৈদিকৰ অৰ্ধাংগিনী হোৱাৰ প্ৰস্তাৱ নাকচ কৰিছিল। সুখী আছিল তাই। হাইস্কুল এখনৰ বিজ্ঞান শিক্ষয়িত্ৰী হিচাপে নিয়োজিত তাইৰ বাবে সুখৰ ধাৰণাটো প্ৰতিষ্ঠিত হ’ল বেলেগকৈ। শিক্ষকতাৰ আদৰ্শবোধ আৰু নীতিগত শৈলীয়ে বৈদিকৰ দৰে নীতিহীন মানুহক তুচ্ছ জ্ঞান কৰিবলৈ আৰম্ভ কৰিছিল। এই প্ৰথম তাই আদৰ্শৰ সতে আপোচ কৰিলে। তাকো তাইৰ মনৰ মানুহজনৰ বাবে।
“যাবিনে তই?”
“হা?”
“তই বৈদিকৰ ওচৰলৈ যাবিনে?”
তাই সুধিব নোৱাৰিলে, পিছদিনা গ’লে নহ’বনে? ডিঙিটো সোপা মাৰি ধৰিলে, সীমান্তই প্ৰথমবাৰৰ বাবে কিবা এটা বিচাৰিছে। চিফনৰ ৰঙা শাৰীখন বেচ পাতলেই আছিল। আঁচলটো বতাহত বৰকৈ উৰিছিল। ডিনাৰৰ পিছত বেলকনিত ৰৈ আছিল তাই। ড্ৰাইভাৰজনে ভাত খাবলৈ ঘৰলৈ গৈছে। ভাত খাই আহিলেই তাইক লৈ যাবহি, সেয়া বৈদিকৰ উত্তৰ।
“ফাইলটো?”
“গাড়ীত আছে। ড্ৰাইভাৰজনে ৰাখিছে ভালকৈ।”
“অৰ্ডাৰ কপিটো?”
“লৈ ল’বি ফাইলৰ পৰা। তহঁতৰ আজি কিমান সুখৰ খবৰ নহয়নে?
“হা! হুমম।“
“সীমান্তহঁতে নিউজত বাইট দি আছে। এয়া এক ডাঙৰ সফলতা।”
“ফাইলত চহী হৈ গ’ল। অৰ্ডাৰ কপি ওলাই সীমান্তৰ হাত পালেগৈ। মই কিয় আহিলো বৈদিক?”
“আসঃ কি যে প্ৰশ্নবোৰ সুধি থাক। কিমানদিনৰ মূৰত আমি তিনিওটাই লগ হোৱাৰ কথা আছিল।"
“তিনিওটা ক’ত? সীমান্ত নাই ইয়াত।”
“সীমান্তৰ দেউতাকৰ অসুখ বেছি হৈ গ’ল। আহিব নোৱাৰিলে।"
“মোক পঠোওৱাৰ ব্যৱস্থা কৰ বৈদিক।”
“হা হা হা!”
চক খাই উঠে তাই। বৈদিকে গিলাচত পেগ ঢালিছে। লগত এটা জ্বলন্ত চিগাৰেট। ৰূমটো চিগাৰেট আৰু মদৰ গোন্ধই ভৰি পৰিছে। তাই বাহিৰলৈ ওলাই আহে। বাহিৰত আন্ধাৰ। অমাৱস্যাৰ ৰাতি। ভিতৰত জুই। তাইৰ মনত জুই। তাইৰ শৰীৰত জুই। বৈদিকৰ চকুত জুই।
“হেভ এ ড্ৰিংক প্লিজ!”
“ন’ থেংকচ বৈদিক!”
অস্বস্তি লাগিছে তাইৰ। ইমানদিনৰ চিনাকী বৈদিকক বহুত অচিনাকী পুৰুষ যেন লাগিছে। তাতোকৈ অচিনাকী যেন লাগিছে তাৰ চকুৰ লেলিহান চাৱনি। বিপৰীতে সীমান্তৰ আহত চাৱনি। নৈতিকতা জলাঞ্জলি দিয়া এজন দুৰ্বল প্ৰজা, আনজন ক্ষমতাৰ ৰাগিত লুতুৰি পুতুৰি ৰজা। আৰু তাই হ’ল বলিৰ পঠা।
“বহুতদিনৰ হেঁপাহ পূৰ হ’ল উৰ্বশী। তোক পোৱাৰ হেঁপাহটো মোৰ আজিৰ নহয়।“
পিছফালৰ ব্লাউজৰ হুকটো বিচাৰি নাপায় তাই। খপজপ লাগে। আইনাখন চায়। চকুৰ কোণেৰে কাজল অকণ বৈ আহিছে। কান্দিছিল নেকি? হয়তো কান্দিছিল। জীৱনৰ প্ৰথম মিলনটো যে তাইৰ ইচ্ছা অনুপাতে নহ’ল।
“এহ কিনো হ’ল? কত ছোৱালীয়ে চাকৰিৰ নামত বুঢ়া মন্ত্ৰীৰ বিছনাত পৰি দিছেগৈ। প্ৰেমৰ নামত এইকণ ত্যাগ কৰিলিয়েই যেনিবা”, মনটোৱে বুজাইছিল তাইক।
ফাইলৰ চহীটোৰ দৰেই শাৰীখনে পাক লগাইছিল। শৰীৰৰ ক্ষত ঢকাৰ কিবা বৃথা প্ৰচেষ্টা যেন। গেটৰ বাহিৰত ড্ৰাইভাৰ ৰৈ আছিল। তাইক দেখি গাড়ীৰ পিছপিনৰ দুৱাৰখন খুলি দিছিল। পিছলৈ নোচোৱাকৈ তাই আহি গাড়ীত বহিছিল। আগচিটত পৰি আছিল ফাইলটো।
উপসংহাৰ:
পিছদিনা দৈনিক জনমভূমিৰ প্ৰথম পৃষ্ঠা্ত বৰ বৰ হৰফেৰে সিহঁতৰ চাকৰি নিয়মীয়া হোৱাৰ বাতৰি ওলাইছিল। শিক্ষক সংস্থাৰ সভাপতি সীমান্ত দুৱৰাক ফুলাম গামোচাৰে আদৰিছিল ৰাজ্যৰ এশ আঠজন শিক্ষকৰ দলটোৱে। এই আনন্দৰ অংশ হিচাপে তাইলৈকো মেচেজৰ ওপৰি মেচেজ, ফোনৰ ওপৰি ফোন আহিছিল। অভিনন্দন আৰু ধন্যবাদেৰে ফোনৰ মেমৰী ভৰ্তি হৈছিল তাইৰ। তাই লাহেকৈ ফোনটো অফ কৰি কাকতখনৰ ‘নাৰী দৰ্পণ’ শিতানটো মেলি ল’লে। কিবা ভাবি চকুহাল মুদি দিলে। সেয়া যেন চকলেট পাৰিৰ চাদৰ, খমখমীয়া মুগা মেখেলা চম্ভালিব নোৱৰা এজনী কিশোৰীয়ে শৰ্মা ছাৰৰ ক্লাছত উদাত্ত কণ্ঠেৰে কৈ আছে,

তাইৰ কথা শুনি বুদ্ধই মিচিকিয়াই হাঁহে। বুদ্ধৰ হাঁহিত তেতিয়া জুই ফুলা ৰাতিৰ আখ্যান।
(সমাপ্ত)

Comments
Post a Comment