মৰহা ফুলৰ সুবাস: পৰী পাৰবীন
(১)
" মোৰ বুকুত দেখোন হেজাৰ ফুলৰ সুবাস । মোক আকৌ ফুল কেলেই ?”
“ বুকু ?”, দুষ্ট হাঁহি এটাৰে সি তাইক জোকাইছিল ।
“ বুকু মানে মোৰ বাবে পুৰুষৰ বিশালতা আৰু নাৰীৰ উদাৰতা, কেতিয়াবা শূন্যতা” , তাই কৈছিল ।
“ তোমাৰ বুকু শূন্য হ’বলৈ নিদিবা” ।
“ মোৰ বুকু শূন্যই । মাথোঁ কাৰোবাৰ পৰা দহ এটা ধাৰ কৰি আনি ভৰাই ৰাখিছো ।
“ কোন সেই ভাগ্যৱান ?”
কোন তেওঁ, কোন তেওঁ?....................অভিমানত পিঞ্জৰা ভাগি ওলাই যোৱা এটি মুক্ত বিহংগ এতিয়া তেওঁ ।
“ ৰৈ আছা তুমি ?”, সি সুধিলে পুনৰ ।
“ ৰৈ থাকিম চিৰদিন”, তাইৰ ক’লে ।
“ দুৱাৰ খোলা ৰাখিবা ?”, তাৰ প্ৰশ্ন ।
“ কেৱল তেওঁৰ বাবে ।“
কাব্যিকতা শেষ হোৱা নাছিল সিহঁতৰ । তাই হাঁহি হাঁহি নিজৰ দুখবোৰ কবিতাৰে সজাইছিল । লগতে ৰাজনীশে দিয়া ৰঙা গোলাপৰ থোপাটোও মধুৰ প্ৰত্যাখান কৰিছিল তাই । তাই জানে এনে প্ৰত্যাখানত ৰাজনীশ কেতিয়াও আহত নহয় । প্ৰত্যাখানতো এক কলা থাকে, মাকে কৈছিল সৰুতে ।
(২)
এন.জি.অ. এটাৰ আঞ্চলিক শাখাত দায়িত্ব্ লোৱাৰ পাচতে তাইৰ ব্যস্ততা বাঢ়িছিল । দিন নাই, ৰাতি নাই, ফোনৰ ওপৰত ফোন, টুৰৰ ওপৰত টুৰ । স্বপ্নীলৰ অভিমান এটাৰ জন্ম হৈছিল ।বিয়ালৈকে বুলি আঙুঠিটোৰ জোখ দিবলৈকে সময় দিব নোৱাৰাকৈ তাই ব্যস্ত হৈ পৰিছিল । তাৰ মাজতো স্বপ্নীলৰ কতৃত্বমূলক আবদাৰ, অধিকাৰবোধ এইবিলাকৰ মাজতে তাইৰ মনৰ ৰাজকুমাৰৰ সকলো গুণ সোমাই আছিল । ব্যস্ততাৰ মাজতো ডাঁৰৰ বাতৰি ডাঁৰে দি থকাৰ দৰে তাইৰ প্ৰতি মূহুৰ্তৰ হিচাপ তাৰ নখদৰ্পণত আছিল । বিউটি পাৰ্লাৰত ফেচিয়েল কৰি থকাৰ পৰা বাথৰূমত গান বজাই গা ধুই থকালৈকে । তাইৰ সত্বাটো যে স্বপ্নীলৰ সত্বাৰ মাজতে সোমাই আছিল ।
জখলাডাল আনি দিছিল সি । “বগাই যোৱা । ভয় নাখাবা । তোমাৰ প্ৰতিটো খোজৰ পাছফালেই মই আছো । তুমি মাথো আগুৱাই যোৱা”, তাই মিলাব নোৱাৰা অংক কিছুমানত সি অভয়বাণী দিছিল ।
অথচ দুয়োজনে দুয়োজনক লগ নোপোৱা কিমানদিন যে হ’ল ? ওচৰে ওচৰে থাকিও যে স্বপ্নীলক লগ নোপোৱা বহুদিনেই হ’ল ।ইমান ওচৰত হৈয়ো ইমান দূৰত !
তাতেই হয়তো তাৰ অলপ অভিমান ।
(৩)
“ইয়াত আকৌ মৰভূমিখন ক’ৰ পৰা আহিল ?”, তাইৰ অইল পেইন্টিংখনলৈ চকু দি ৰাজনীশে কৈ উঠিল ।
তাই মৃদু হাঁহিলে, তাৰ পাচত ক’লে, “ মই কওঁ শুনা ।ইয়াত এখন নৈ আছিল । ভদীয়া বানে সুঁতি সলাইছিল । নৈখনৰ বুকু শুকাই মৰুভূমি হৈছিল । বুকুৰ গোলাপজোপা কেকটাছ হৈছিল আৰু সেই কেকটাছৰ মাজত সাঁচি গৈছিল এটোপ এটোপ সুধা” ।
“ এই ৰাস্তাটো ইয়াতে আকৌ কিয় দিলা ?”, ৰাজনীশে উৱাদিহ নাপালে মৰুভুমিৰ মাজৰ ৰাস্তাটোৰ উঁহ ।
“ মৰুভূমিৰ মাজত উটৰ পিঠিত উঠি এই বাটেদিয়েই আহিব তাইৰ মনৰ ৰাজকুমাৰ ।হয়তো লৈ আহিব এবুকু তৃষ্ণা । সেই তৃষ্ণাৰ পাত্ৰত একাজলি চকুলো ভৰাই পি খাব তাই । অলপ সাঁচিব উটৰ কুঁজত ।
“ৱাও । ফেন্টাষ্টিক ! তাৰ পাছত ?”, সি আগ্ৰহী হৈ উঠিল ।
তাৰ পাছত ? তাৰ পাছত সেই কেকটাছৰ সঞ্চিত সুধা আৰু উটৰ কুঁজৰ সঞ্চিত চকুলো ফালি এখন নদী ৱোৱাই দিয়াৰ ইচ্ছা তাইৰ ।
“কেকটাচৰ ধাৰাল খোঁচত যদি ক্ষত বিক্ষত হয় তাইৰ সুকোমল হিয়া”, তাৰ প্ৰশ্নবোধক চাৱনি ।
“হওঁক ”, বুলি তাইৰ অভিমানী চকুপানী এটোপাল পেইন্টিংখনৰ মৰুভূমিখনত পৰিছিল ।
“কোন তেওঁ” , সুধিছিল ৰাজনীশে ।
তাই মৌন হৈ ৰ’ল ।
কোন তেওঁ, কোন তেওঁ? ....................অভিমানত পিঞ্জৰা ভাগি ওলাই যোৱা এটি মুক্ত বিহংগ এতিয়া তেওঁ ।
(৪)
ঘৰৰ পৰা আঁতৰি থকা তাই আৰু স্বপ্নীল দুয়োটাই বেলেগে বেলেগ ভাৰাঘৰত থাকিব লগাত পৰিছিল । সেইদিনা তাইক চাবলৈ স্বপ্নীলৰ মাক দেউতাক অহাৰ কথা । কোনোমতে দেওবাৰটো উলিয়াইছিল তাই নিজৰ বাবে । চহৰৰে ৰেষ্টুৰেন্ট এখনলৈ গৈছিল স্বপ্নীল সহিতে স্বপ্নীলৰ মাক দেউতাক । লাজ লাজ ভাৱ এটাৰে তাইক সিদিনা সত্তৰৰ দশকৰ ভৰিৰ নখেৰে মাটিত আঁচ টানি তলমূৰকৈ ৰৈ থকা ছোৱালীজনীৰ দৰেই লাগিছিল । হঠাতে তাইৰ ফোনটো বাজি উঠিছিল । তাইৰ তলৰ শাখা অফিচৰ ইন চাৰ্জ অলকেশৰ ফোন । ফোনত কথা পাতিয়েই তাই উত্তেজিত হৈ পৰিল । উত্তেজনাত তাই স্থান-কাল-পাত্ৰ পাহৰি পাৰ্ছটো দাঙি ললে, স্বপ্নীলক একো কবলৈ বা বুজিবলৈ সুযোগ নিদি তাই একপ্ৰকাৰ জপিয়াই আহি অলকেশৰ গাড়ীত উঠি তাৰ পৰা ৰাওনা হ’ল ।
(৫)
আজিও ভাব হয় তাইৰ, কিমান যে অপৈণত আছিল তাই ! সৰু ছোৱালীৰ দৰেই কাম বুলিলেই কাম, খং বুলিলেই উত্তেজনা । পৰিস্থিতি চম্ভালিব পৰাকৈ শক্তিশালী তাই তেতিয়াও হৈ উঠা নাছিল । তাই যদি সিদিনা পৰিস্থিতিৰ ক্ষিপ্ৰতা তাক বুজাই আহিব পাৰিলেহেঁতেন, তেতিয়া জানো স্বপ্নীলে নুবুজিলেহেঁতেন । স্বপ্নীলক বাৰু সিদিনা তাৰ মাক-দেউতাকৰ সন্মুখত অপমান কৰা হ’ল নেকি ?
নাৰী সংগঠন, পুলিচ থানা আদিৰ যাৱতীয় কামবোৰ শেষ কৰি চোৰাংচিকাৰীৰ কবলৰ পৰা যেতিয়া ১৪ বছৰীয়া ৰাণী নামৰ বোবা ছোৱালীজনীক অভিভাৱকৰ হাতত গতাই থৈ আহিছিল, তেতিয়া সন্ধ্যা ৮ বাজি পাৰ হৈ গৈছিল । ভোকত পেটটো কলমলাওতেহে তাইৰ মনত পৰিছিল ৰেষ্টুৰেন্টত এৰি থৈ অহা খোৱাবস্তু ভৰ্তি প্লেটখনৰ কথা । স্বপ্নীললৈ ফোন লগালে তাই । ফোনটো বাজি বাজি অফ হৈ গল, আকৌ লগালে, আকৌ অফ হৈ গ’ল, আকৌ লগালে, হয়তো দহবাৰ, পোন্ধৰবাৰ । ধৈৰ্য কম তাইৰ । দায়বদ্ধতা যিমানেই, খংটোও সিমানেই । খংটো যিমানেই, মৰম আকলুৱাও সিমানেই । স্বপ্নীলে নুবুজাকৈ আছেনে বাৰু তাইক ? জখলাত বগাবলৈ দি পাছফালে ৰৈ থকা মানুহ সি ।
কৃত্ৰিম খং এটা উজাই আহিল তাইৰ । মেছেজ বক্সটো খুলি ললে । হৃদয় যেতিয়া অভিমানেৰে ভৰি পৰে, মগজুত যেতিয়া ধৈৰ্য নাথাকে, লগতে পেটতো যেতিয়া ভোকে কলমলাই থাকে, যেতিয়া প্ৰিয়জনৰ ওপৰত গভীৰ আস্থা থাকে, তেনেবোৰ মূহুৰ্তত কীপেডত যিকেইটা শব্দৰ সংমিশ্ৰণ ঘটিব পাৰে, তেনে এক গাঢ় মিশ্ৰণেই দলিয়াই দিলে তাই স্বপ্নীললৈ । হয়, অতি কটু কথাৰে থকা সৰকা কৰিছিল তাক । তাইৰ গাৰ অংগ এটুকুৰা সি । যিমান আঘাত কৰিলেও সি যে তাইৰেই হৈ থাকিব । তাই জানে খং মিহলি মেছেজটো পোৱাৰ পাচতে স্বপ্নীল তাইৰ ওচৰলৈ দৌৰি আহিব । আহিবই সি । নিজে কটু কথা শুনাৰ দুখত নহয়, বৰঞ্চ তাইৰ খং দমাবলৈকে সি ৰাতি বাৰবজাত হলেও দৌৰি আহিব ।
মেছেজটো পঠিয়াই লৰামতীয়া স্বভাৱেৰে তাই অলপ সুখী হ’ল। তাইৰ অৱস্থাটো সি নুবুজিব কিয় ? সি জানে অসংখ্য বঞ্চিত শিশুৰ মুখত তৰা জিলিকোৱাৰ প্ৰতিশ্ৰুতি তাইৰ । ৰাণী নামৰ বঞ্চিত ছোৱালীজনীৰ শৰীৰৰ ভূগোলো চোৰাংচিকাৰীৰ চকুৰ পৰা হাৰি যোৱা নাছিল । সন্দেহবশত এজন সচেতন নাগৰিকে সিহঁতৰ এন জি অৰ হেল্পলাইন নাম্বাৰলৈ ফোন কৰিলে বুলিহে ৰক্ষা , নহলে হয়তো ৰাণী এতিয়ালৈ অসমৰ সীমা পাৰ হৈ গলহেঁতেন’। চকুৰ আগলৈ ৰাণীৰ চেহেৰাটো ভাঁহি আহিল । কাইলৈকে তাইৰ ওচৰলৈ যাব লাগিব । উপযুক্ত শিক্ষাৰে শিক্ষিত কৰাই উপযুক্ত সংস্থাপনলৈকে দায়িত্ব তাইৰ এন জি অ ৰ । আৰু ইফালে স্বপ্নীল ? মুখ ফুলাই বহি আছে । অঁকৰাটো কৰবাৰ ।
গান এটা গুণগুণাই তাই বাথৰূমত সোমাল । আজি তাইৰ এটা সফল দিন । দিনটোৰ দুশ্চিন্তাখিনি শ্বাৱাৰৰ পানীৰে বোৱাই দিলে । কিবা এটা খাবলৈ বুলি নিজে ৰান্ধিবলৈকো মন নোযোৱা হ’ল তাইৰ ।স্বপ্নীল অহা হ’লে তাৰ লগতে তাই ওলাই গ’লহেঁতেন, নতুবা তাকেই কলেহেঁতেন, “কিবা এটা ৰান্ধি দিয়ানা প্লিজ” বুলি । তাইৰ মৰমৰ আবদাৰত সি কৃত্ৰিম খং দেখুৱালেও সকলোখিনিয়ে কৰি দিলেহেঁতেন ।তাইৰ কিচেনত সোমাই সি তাইৰ পছন্দৰ খোৱাবস্তু কেইপদ ৰান্ধি তাইক খুৱাই, নিজেও খাই চুমা এটাৰে বিদায় ললেহেঁতেন । সেই স্বপ্নীলেই তাইৰ বিয়াৰ কথা উলিয়াইছিল, “এনেকৈ সদায় সদায় আহি ৰাতি এপৰলৈকে তোমাৰ ৰূমত সোমাই থকা কথাটো অইনে সহজভাৱে নলব । বিয়াখনলৈ আগবাঢ়ো আহা ।”
ঘৰৰ একমাত্ৰ লৰা সি । তাইৰ আকাশ চুৱাৰ হেঁপাহ, নিঃকিন মানুহৰ মাজত তৰা খঁচাৰ প্ৰতিশ্ৰুতি, জীয়াই থকাৰ দুৰ্নিবাৰ নিচা, মৰম আকলুৱা মনটোৰ উষ্ণতা- এই সকলোবোৰতে সি গলি গলি নিঃশেষ হৈছিল ।
ৰাতি বাৰ বজালৈকে মেছেজৰ উত্তৰ নাপাই তাই অলপ আচৰিত হ’ল । ফোন লগালে পুনৰবাৰ ।ফোনটো বাজি বাজি বন্ধ হৈ গ’ল ।
এটা বজাতো……..
দুটা বজাতো……..
তিনি বজাতো..……
ফোন আৰু মেছেজৰ লগতে তাইৰ ৰাতিটো পাৰ হ’ল । কোনো সঁহাৰি নাপালে স্বপ্নীলৰ । পুৱা কাউৰীয়ে কা কৰোতেই যেন তাই স্বপ্নীলৰ ওচৰ পাবগৈ । কিন্তু নিজকে সম্বৰণ কৰিলে তাই, যিহেতু স্বপ্নীলৰ মাক দেউতাকো এতিয়া তাৰ ৰূমতে আছেহি । কিহৰনো ইমান অভিমান অ লৰাটোৰ ?
ন বজাতে তাই স্বপ্নীলৰ ৰূম পালেগৈ । কিন্তু এয়া কি ? গেটত মস্ত এটা তলা । হতাশ মনে উভতিল তাই । ৰাণীৰ ওচৰলৈ যাওঁ বুলি লওতেই গাঁৱৰ পৰা নিজৰ মাকৰ ফোন আহিল । মাকৰ উচ্ছসিত কন্ঠ, তাইৰ বিয়াৰ বাবে কোনোবা হেনো আলহী আহিছে চহৰৰ পৰা । খুৰাকৰ চিনাকী । খুৰাকটো যে আৰু ! তাই যিমান প্ৰত্যাখান কৰিলেও প্ৰত্যেকবাৰেই এজন এজন লৰাৰ সন্ধানত থাকে । এইবাৰো চাগে কোনোবা এজনক মাতি আনি মাকৰ মূৰটো খাইছে ।তামোলৰ সেলেঙী বোৱাই বোৱাই খুৰাকে ভতিজাকৰ গুণ বখানি উৰকে নাপাব । সকলোৰে মৰম পাই পাই তাই যে গুৰু গোঁসাই নমনাজনী হৈ পৰিল, সেই কথাটো নকলেহে পাৰিছে খুৰাকে । ওঁঠেৰে এটা হাঁহি বিৰিঙিল তাইৰ । এইবাৰ তাই নিজে ঘৰত স্বপ্নীলৰ কথা কব । তাই জানে স্বপ্নীলক লৈ কাৰোৰে একো আপত্তি নাথাকিব । স্বপ্নীলৰ লগত কালিৰে পৰা যোগাযোগ কৰিব পৰা নাই । তাই বৰ কষ্ট অনুভৱ কৰিলে ।
“ৰবাচোন মানু, লৰাজনে তোমাৰ লগত কথা পাতিবলৈ বিচাৰিছে । ফোনটো ধৰাচোন”, মাকে হয়তো সিমানপৰে লৰাৰ হাতত মবাইল তুলি দিলেই ।
“নাই মা, এতিয়া মই বেলেগ কাম এটাত ব্যস্ত আছো । পাছত কথা পাতিম । আৰু এটা কথা মা, মই এতিয়া কেৰিয়াৰৰ শীৰ্ষত আছো, এতিয়া বিয়া পাতি অনৰ্থক বৰবাদ নহওঁ ”, স্বপ্নীলৰ চকুহাল নিজলৈ চকুলৈ টানি আনি তাই মাকক আঁভুৱা ভৰিছিল ।
স্বপ্নীলৰ বাদে বেলেগ কাৰোবাৰ কথা ভাবিব পাৰে নে তাই ? নাই । মাকক কব, খুৰাকক কব তাই, “শেষ কৰা স্বয়ম্বৰৰ এই মেলা । মই মোৰ মনৰ ৰাজকুমাৰ ঠিক কৰি থোৱা আছে, তেওঁৰ লগতেই বিয়া হ’ম মই।”
(৬)
তাৰ পাছত তাই সেই খোলা গেটখন বহুতদিনলৈকে দেখা নাপালে, যেতিয়া দেখা পালে, তাত স্বপ্নীল নাছিল । বহুত সোধা মেলা কৰিও তাই একোকে শুংসূত্ৰ উলিয়াব নোৱাৰিলে । লগ পাই লওঁ তাক ,তাৰ চুলিত আঙুলি বুলাই বুলাই তাৰ অঁকৰামিৰ বুজ লম । চকুৰ পতাত হাত ফুৰাই তাৰ চকুৰ সিক্ততাৰ উমান লম । তাৰ বুকুত কাণ পাতি শুনিম তাৰ অভিমানৰ বতৰা । ওঁঠত ……..নাঃ থাকক…..লাজ এটাই কথাবোৰ ইমানতে সামৰি থলে ।
(৭)
নদীখন দেখিলেই জাপ মাৰি দিবলৈ মন যোৱা দিনবোৰত, ফেনাইল দেখিলেই ঘোট ঘোটকৈ পি খাবলৈ বিচৰা দিনবোৰত তাই নিজকে কেনেদৰে চম্ভালিছিল তাই নিজেও নাজানে । চকুপানীৰে বাট কাটিও স্বপ্নীলৰ খবৰ নাপালে তাই । ৰাতি দুপৰলৈকে জীৱন নামৰ মদিৰাৰ পিয়লাটিত উবুৰি খাই থাকি পুৱতি নিশাৰ দুঃস্বপ্ন এটাত ধহমহকৈ উঠি বহে তাই । নিঃসংগ সময়বোৰত উচুপনিৰে আলাপতো শেষ নহয় তাইৰ অজস্ৰ প্ৰশ্নবোধক চিন । “কিয় এনেকৈ আঁতৰি গ’লা, মোৰ চকুলৈ চাই এবাৰ কব লাগিব তুমি স্বপ্নীল, নহলে মই এই বিন্দুটোতে ৰৈ দিম চিৰদিনৰ বাবে”, তাইৰ শেষ সিদ্ধান্ত আছিল সেয়া ।
(৮)
চাকৰি সলাইছিল, ঠিকনা সলাইছিল, জীৱনৰ পৰা আঁতৰত অৱস্থান কৰিছিল তাই । নতুন ঠাইত ৰাজনীশক লগ পাইছিল । সময়ৰ সোঁতত তাই নাৱখনি জীৱন নামৰ ঘাটটিতেই বান্ধিছিলহি পুনৰ । ফুল-তৰা-গানেৰে জীৱনৰ ভুল অংকবোৰ শুদ্ধ কৰি থাকোতেই প্ৰেম প্ৰত্যাখিত ৰাজনীশ তাইৰ বন্ধু হৈ পৰিছিল । ৰাজনীশে বহুবাৰ সুধিছিল তাইক, কোন তেওঁ বুলি ।
কোন তেওঁ ? তাই মাথো কৈছিল,
....................অভিমানত পিঞ্জৰা ভাগি ওলাই যোৱা এটি মুক্ত বিহংগ এতিয়া তেওঁ ।
(৯)
বঞ্চিত শিশুৰ মাজত তৰা খচাৰ সপোনটো দমি থাকিল । অনামিকা আঙুলিৰ আঙুঠিৰ জোখটোও কিবা সপোন হৈয়ে ৰ’ল । অতি নিঃসংগ সময়বোৰত মাথো কলম আৰু তুলিকাডালক সংগত কৰিছিল ।
তেনেকুৱা স্মৃতি-কেঁচা আবেলি এটাত তাই ডায়েৰীখনত টুকি আছিল হৃদয়ৰ বাৰ্তালাপ । কলিংবেলৰ শব্দ শুনি ডায়েৰীখন জপাই তাই নিঃশব্দে দুৱাৰখন খুলি দিয়াৰ লগে লগে ৰাজনীশ সোমাই আহিল । ফেনৰ তলত থকা চকীখনত ধামকৈ বহি তাইক পানী এগিলাচ খুজিলে । তাৰ পাচত সি চকু দুটা মুদি দিলে ।
তাই ভিতৰলৈ সোমাই গ’ল । নেমু চৰবত দুগিলাচ কৰো বুলি নেমু এটা উলিয়াই ললে । ৰাজনীশৰ চকু মেলিয়েই ডায়েৰীত চকু পৰিল । দুষ্ট ভাব এটাই ক্ৰিয়া কৰিলে মনত । ‘একান্তই ব্যক্তিগত’ বুলি লিখা ডায়েৰীখনৰ প্ৰথমটো পৃষ্ঠা মেলি ললে ।
“এই স্বপ্নীল, বহুত হ’ল, অভিমান এৰা । বহুত দূৰ বাট আহিলো তোমাৰ হাতত ধৰি । হাত এৰি বাট সলালা যে তুমি ! মোৰ বাটত তোমাৰ বাহিৰে কোনোৱেই নাই অ ? ………. নাকান্দো চোৱা । মই যে তোমাক নিজৰ গাৰ অংশ বুলিয়ে ভাবিছিলো ………. যিমান আঘাত কৰিলেও নিজৰে হৈ থাকিবা বুলি ভাবিছিলো ।”
কথাখিনি যেন সি কৰবাত পঢ়িছিল । অতি চিনাকী শব্দকেইটা কত পাইছিল সি ? ডায়েৰীখন জপাই থলে । ৰাগিনী সোমাই আহি চৰবত এগিলাচ দিলে । চৰবত গিলাচ খাইও সি বহুতদেৰী চকু মুদি ৰ’ল । কত পাইছিল সি এই বাক্যকেইটা ? তাৰ বুকু চুই যোৱা বাক্যকেইটা সি কিতাপত পাইছিল নেকি ? তাইকোতো সুধিব নোৱাৰি । একান্তই ব্যক্তিগত বুলি লিখা ডায়েৰীখন সি মনে মনে পঢ়া বুলি গম পালে ৰাগিনীয়ে তাকো বিশ্বাসত নলয় ।
হঠাতে তাৰ গাটো জোকাৰ খাই উঠিল । স্বপ্নীল বুলি লিখিছিল যে তাই ! স্বপ্নীল-ৰাগিনী-ৰাগিনী-স্বপ্নীলৰ সমগ্ৰ কথাখিনি চেলুলয়ডৰ পৰ্দাৰ দৰে তাৰ মগজুলৈ আহি গ’ল ।
“ৰাগিনী, তুমি ৰেডি হোৱাচোন । এঠাইলৈ যাওঁ ।”
তাৰ মুখৰ অস্থিৰতা, গাম্ভীৰ্যতা দেখি ৰাগিনীয়ে আৰু একো নকৈ সামান্য সাজসজ্জা কৰি তাৰ গাড়ীত বহি ললে ।
অলপ দূৰ যোৱাৰ পাচতে গাড়ীখনে পিচ দিয়া ৰাষ্ট্ৰীয় পথটো এৰি এটা উপবাট ললে ………… ঠিক যিদৰে তাইৰ জীৱনটোৱে মূলবাট এৰি উপবাট লৈছিল । গাড়ীখন আহি এটা আছাম টাইপৰ ঘৰৰ সন্মুখত ৰৈছিল । ৰাজনীশে তাইক হাতত ধৰি টানি লৈ গৈছিল । শাৰীখন তাইৰ জোটপোট লাগিছিল । কোনোমতে নিজকে চম্ভালি তাই ৰাজনীশক অনুসৰণ কৰিছিল ।
(১০)
“অঁকৰাটো কৰবাৰ” বুলি লাহেকৈ তাই নিজৰ চকুপানীখিনি মচি লৈছিল । লেকেচিয়াই লেকেচিয়াই সি আলমাৰীটো খুলি তাইলৈ বুলি কিনা জোৰোণৰ কাপোৰ আৰু আঙুঠিটো দেখুৱাইছিল ।কথা কব নোৱাৰিছিল সি । তাইৰ ঘৰত তাইক নোকোৱাকৈ চাৰপ্ৰাইজ দিও বুলি বিয়াৰ প্ৰস্তাব লৈ যোৱাৰ পৰা উভতি আহোতে দ খাৱৈত পৰি স্বপ্নীলে মগজুৰ একাংশ এৰি থৈ আহিছিল । তাই দিয়া অসংখ্য মেচেজ, ফোনকলৰ সাক্ষী আছিল তাৰ মাহীয়েকৰ পুতেক ৰাজনীশ । তিনিমাহৰ ক’মা অৱস্থাৰ পাছত সি পৃথিৱীলৈ ঘূৰি আহিছিল যদিও মাতটো চিৰদিনৰ বাবে নাইকীয়া হৈ গৈছিল ।
(১১)
খিৰিকীৰে ৰান্ধনি বেলিৰ হেঙুলীয়া আভাকণ সোমাই তাইৰ গাল দুখন ৰঙচুৱা হৈ পৰিছিল ।সি তাইলৈ বিমোহিত নয়নেৰে চাই ৰ’ল । তাই সেন্দুৰৰ টেমাটো তাক উলিয়াই দিলে । জোৰোণৰ অলংকাৰখিনি উলিয়াই অনামিকা আঙুলিটো আগবঢ়াই দিলে । তাৰ পাচতো সি ভেবা লাগি চাই থকাত তাৰ গালত হাত ফুৰাই লাহেকৈ চিকুটি ক'লে, “অকঁৰাটো কৰবাৰ ।”
(সমাপ্ত)
Comments
Post a Comment