Posts

Showing posts with the label কথাকবিতা
দাপোনৰ সন্মুখত (১) _________________ যেতিয়া এখন কিতাপে বা এটা গানে, এটা কবিতাই বা এটা সুৰে মোক নিচুকাবলৈ অসমৰ্থ হৈ পৰে, তেতিয়াই নিসংগতাৰ মদিৰাত বাকি লওঁ নীলা বিষাদ । নীলা মমৰ পোহৰত নিজে জ্বলিও চৌদিশ উজ্বলাওঁ আৰু গলাই পেলাওঁ উষ্ণ হেঁপাহ । অহাৰ বাটেৰেই তুমি উভটিবলৈ ওলালা । এয়াই হোৱাৰ কথা আছিল । ইতিহাস জানো সলনি হয় এটা কবিতাৰ শব্দত ? মইতো প্ৰস্তুত কোন কাহানিবাই । সন্মুখত সৰ্পিল ৰাস্তা । ভয় নাই একেবাৰে । ইমানখিনিলৈকে তুমিয়ে হাতত ধৰি আগবঢ়াই দিলা । আচলতে কি জানা ? আমিবোৰ বৰ লেহুকা । লতা হৈ বগাবলৈ  পালে নিজৰ অস্তিত্বকো পাহৰি যাওঁ । গানে নিচুকাব নোৱাৰা ৰাতিবোৰত নিজৰ স'তে কথা পাতো অনৰ্গল । নোপোৱাৰ বেদনাই মুকুতা হৈ চকুৰ পতাত জিলিকে । সাঁচি ৰাখো, সাঁচি ৰাখো । নিজক বুজোৱাৰ পৰিণতিৰ মূল্যবান মুকুতা সেয়া । দুটোপালেই যথেষ্ট । এই যে তুমি কৈছিলা, তুমি মোক নিজতকৈও ভাল পোৱা বুলি । ভুল সেইখিনিতেই । আমি আচলতে নিজক বুজি নাপাওঁৱেই । নিজতকৈ কোনেও আনক ভাল পাব নোৱাৰে । আমি অতিপাত ভাল পোৱা নিজৰ সত্বাটোক সিজনে কেনেকৈ অৱমাননা কৰিব পাৰে সেই কথাইহে আমাক বিচলিত কৰে । বিৰহৰ জন্ম সেইখিনিতেই । বৰ...