গল্প: নীলা গানৰ সুৰ
ঘৰ নহয় যেন ৰজাৰ হাউলিহে। বিশাল চৌহদ, ওখ কংক্ৰীটৰ দেৱাল, দেৱালৰ ওপৰত কাঁচৰ টুকুৰা, চৌহদৰ কাষে কাষে পাইন কেইজোপাৰ সূৰুয-বিমুখী পাতবোৰ আৰু ভিতৰত ৰাজকীয় গাম্ভীৰ্যৰে বিশাল বিশাল আচবাব। আচবাববোৰ পৰিচালনা কৰিবলৈ এগৰাকী সুগৃহিনী। গৃহিনী নহয় যেন ৰাজৰাণী।
ৰাজৰাণীৰ আকৌ চাৰিটা সুন্দৰ পুত্ৰ। দীপলিপ ছোৱালী এজনীৰ আশাতে হেনো চাৰিটাকৈ লৰা সন্তানৰ জন্ম। অৱশেষত সৰুটিকে বহুতদিনলৈ ফ্ৰক পিন্ধাই ছোৱালীৰ দৰে ৰাখিছিল ৰাণীয়ে। কাজেই সৰুটি আৰু ডাঙৰটিৰ মাজত বয়সৰ বৃহৎ তফাৎ।
ডাঙৰটি যোগ্য হৈ উঠাৰ লগে লগেই পুত্ৰবধুৰ সন্ধান চলিল। ৰাজপৰিয়ালত আকৌ বোৱাৰী হোৱাৰ বাবে সৌভাগ্যও লাগিব। পুত্ৰবধু ধুনীয়া হ’ব লাগিব। পুত্ৰবধু কামত পাৰ্গত হ’ব লাগিব। পুত্ৰবধুৰ বয়স কুমলীয়া হ’ব লাগিব। চাৰিওফালে পুত্ৰবধুৰ সন্ধানত সেনানী মেলি দিয়া হ’ল। সৰুটিয়ে মাকৰ আঁচলত ধৰি পিনপিনাই ফুৰোতেই মাত এষাৰ মাতিছিল,
“আম্মা, দাদাৰ লগত যে পঢ়ে ধৃষ্ণিৰাণী, তাইকে দেখোন দাদাই বিয়া পাতিব পাৰে।“
মাকে সৰু পুতেকৰ মুখত সোপা লগালে, “কি কৱ তই? মুছলীমৰ ঘৰলৈ হিন্দু বোৱাৰী?”
বেচেৰাই তেতিয়ালৈ জনা নাছিল যে মুছলীমৰ ঘৰলৈ মুছলীম ছোৱালীহে আনিব পাৰে। সি নিজৰ ক্লাছৰ ভাল লগা তৰংগিনীলৈ মনত পেলাই হুমুনিয়াহ কাঢ়িলে।
“তেন্তে মা, দাদাৰ লগৰ যে শিলচৰৰ ছোৱালীজনী, চাহানা আফ্ৰিন?”
“না বাবা না, ইঞ্জিনিয়াৰিং পঢ়া ছোৱালী বোৱাৰী কৰি আনিব নোৱাৰি।”
“কিয় নোৱাৰি আম্মা?”
“কাৰণ আমাৰ পৰিয়ালৰ দস্তুৰমতে, বোৱাৰীয়ে কাম কৰিবলৈ বাহিৰলৈ ওলাই যাব নোৱাৰিব।“
“কিয় নোৱাৰিব আম্মা?”
“নোৱাৰিব বেটা। বোৱাৰীয়ে পৰ্দাত থাকিব লাগিব। মোক দেখা নাই, পৰ্দা নোহোৱাকৈ মই ক’লৈকো নাযাওঁ।“
সৰুপুত্ৰৰ অসংখ্য ‘কিয়’ বোৰৰ উত্তৰ নাথাকে ৰাজৰাণীৰ ওচৰত । সৰু পুতেক তেওঁৰ আলাসৰ লাড়ু। গালিও পাৰিব নোৱাৰে। মৰম কৰি বুজাই বঢ়াই আঁতৰি আহে ।
নোৱাৰে, তেওঁলোকৰ পৰিয়ালৰ কোনো বোৱাৰীয়ে চৌহদৰ বাহিৰত অকলে খোজ থ’ব নোৱাৰে। অৱশেষত তেনে ছোৱালীৰ পৰিচয় পোৱা গ’ল । দীপলিপ চেহেৰাৰ, তেজে ফুটো ফুটো গাল দুখনিৰে, নিয়মীয়া উচ্চতাৰ ছোৱালীজনীক দেখাৰ লগে লগেই ৰাজৰাণী জপিয়াই উঠিল, এইয়ে হ’ব তেওঁৰ ঘৰৰ লখিমী। তাৰ পাছৰ কথাখিনি চমু। ছোৱালীজনী বোৱাৰী হ’ল। কলেজীয়া শিক্ষাতে যিখিনি কিতাপ পঢ়িছিল তাৰ পাছত তেওঁ আৰু কিতাপ চুবলৈ প্ৰয়োজন নহ’ল । বিয়াৰ কিছুদিনলৈ হাতে কাণে এখিনি ওলোমাই আলহী অতিথিক নিজহাতে আপ্যায়ন কৰিব লগাত পৰিল। চাকৰ নাকৰ থাকিলেও পাকঘৰটো বোৱাৰীৰ নামৰ। গতিকে বোৱাৰীয়ে স্বামীক দিনৰ ভাগত ভালকৈ লগেই পোৱা নহ’ল। ৰাতি যিকণ সময় লগ পায়, স্বামীৰ নাকৰ শব্দৰ বাদে একো শুনা নাপায়।
সৌভাগ্যৱতী তাই। ইমান ডাঙৰ ঘৰৰ বোৱাৰী। চহৰৰ মানুহখিনিয়ে ৰাজহাউলি পাৰ হৈ যাওতে কথাষাৰ উলিয়াবলৈ নাপাহৰে। দিন যোৱাৰ লগে লগে তাইৰ শৰীৰৰ পৰা গধুৰ অলংকাৰবোৰত ওপৰত লাহেকৈ ক’লা ৰঙৰ বোৰ্খাই ঠাই পায়। কি কাৰণত কেতিয়াৰ পৰা এই নিয়ম হ’ল জনা নাযায়, ডাঙৰ গাড়ীৰ ক’লা গ্লাছৰ মাজেৰে ক’লা বোৰ্খা পৰিহিতাই চহৰৰ ৰংবোৰ দেখি আচৰিত হয়। আচৰিত হয় দেখি তাইৰ দৰে ছোৱালীবোৰ আঁঠুলৈকে ওলমা পেন্ট পিন্ধি চিটিবাছত জপিয়াই উঠা দৃশ্য দেখিলে। আচৰিত হয় একে ঠাইৰ ভিন মানুহৰ ভিন ধৰণৰ জীৱনশৈলী দেখি।
ৰাজকীয় আদবকায়দাবোৰত আমনি লাগিবলৈ কুমলীয়া বোৱাৰীজনীৰ বেছি পৰ নালাগিল। গায়ে-গাৰিয়ে বৃহৎ মানুহজনৰ মনৰ ওচৰ চাপিবলৈকো যেন তেওঁৰ শতযোজন বাট। জৈৱিক প্ৰয়োজন তথা পাকঘৰটোৰ বাদে কোমলীয়া বোৱাৰীজনীয়ে নিজৰ অস্তিত্ব বিচাৰি নাপাই পিঞ্জৰাবদ্ধ পখীজনীৰ দৰে ছটফটাবলৈ ধৰে। সেই ছটফটনিবোৰ বেৰ পাৰ হৈ নাযায়, কিন্তু বেৰৰ মাজেৰে সৰকি তাইৰ কাণৰ পৰ্দাত আঘাত কৰে বিৰহিনী চৰায়ে গোৱা গীতবোৰে। পূৰ্ণিমা ৰাতিৰ দিনা পাইন পাতৰ জালিকটা ছাঁত লুকাই লুকাই তাই নৈ আৰু জোনাকৰ ৰাসলীলা চায়। নিষিদ্ধ আখ্যানৰ দৰেই যেন এই ৰাসলীলাৰ সপোনবোৰ। হুমুনিয়াহ এটাই বান্ধি থয় তাইক। সন্তান লাগে ৰাজপৰিয়ালত। পিছৰটো বছৰলৈ দ্বিতীয় পুত্ৰৰ বিয়া। গতিকে এই বছৰতে ডাঙৰ পুত্ৰৰ ফালৰ পৰা নাতিৰ মুখ দেখিব লাগে। ৰাজৰাণীৰ অঘোষিত সিদ্ধান্তটো বৰপুত্ৰৰ কাণতো পৰিলহি। বৰপুত্ৰৰ নিজা বুলি কোনো সিদ্ধান্তই নাই। তাইৰ সিদ্ধান্তৰ বিবেচনাতো বহু দূৰৰ কথা।
স্বামীক পাৰ্যমানে আলপৈচান ধৰে তাই। ইঞ্জিনিয়াৰ স্বামীক পছন্দৰ খানা খুৱাই বোৱাই অফিচলৈ উলিয়াই পঠিয়াই, শাহু শহুৰৰ যতন লৈ, আলহী-অতিথি শুশ্ৰষা কৰি জিৰণি লবলৈ বহে মাত্ৰ, সৰু দেৱৰজন ওচৰ পায়হি। সৰু দেৱৰৰ কথাবোৰত মমতা আছে। ঘৰৰ কঠোৰ নীতিবোৰৰ বিপৰীতে সি মনে মনে বৌৱেকক আনি তাৰ লগৰবোৰৰ মাজত বহুৱাই লয়, আড্ডা দিয়ে, বোৰ্খা বৰ্জন কৰি তাঁৱো সিহঁতৰ সমানে সমানে বহি লয়। পৰিয়ালৰ আন সদস্যৰ বাবে একপ্ৰকাৰ অজ্ঞাত সেই আড্ডা।
তেনেকুৱা এটি আড্ডাতে লাগি গ’ল অথন্তৰটো। পিন্ধি থকা শাৰীখনৰ তলেৰে কেতেকীপহীয়া ভৰিখন জিলিকি উঠিল মাত্ৰ, চকুত পৰিল সৰু দেৱৰৰ লগৰ শিল্পীবন্ধু ঐনিতম কোঁৱৰৰ চকুত। “একমিনিট বৌ, লৰচৰ নকৰিবা” বুলি ঐনিতমে ক্লিক ক্লিক কৈ কেইখনমান ফটো উঠালে । তাই তত ধৰিব পৰাৰ আগতেই ঐনিতমে আহি তাইৰ ভৰিখন নিজৰ হাতত তুলি ধৰিলে, “আসঃ বৌ! ইমান সুন্দৰ তোমাৰ ভৰিখন” ।
কি কৰিলে বাৰু সি? এনে অথন্তৰ কেনেকৈ সম্ভৱ হ’ব পালে? পাপ কৰিলি মাচুমা? দুৰ্ঘোৰ পাপ কৰিলি মাচুমা বেগম। মুহূৰ্তৰ বাবে স্থবিৰ হৈ পৰিল তাইৰ আত্মা। সম্বিত ঘূৰাই তাই দৌৰ দিলে মূলঘৰলৈ। ৰূমত সোমাই খিৰিকী দুৱাৰ বন্ধ কৰি সোমাই থাকিল বহুপৰ।
সন্ধ্যা ভাগোতেহে তাই গ’ম পালে যে মগ্ৰীৱৰ নামাজৰ সময় হ’ল । সৰু দেৱৰৰ ৰূমৰ চাহ-নাস্তাৰ প্লেটবোৰ সামৰাই নহ’ল । তাই সেইফালে খোজ থ’ব নোৱাৰিলে। খীণমিন ল’ৰাটোৱে তাইৰ অতদিনৰ গধুৰ খোজত কম্পন আনিলে। দেওৰৰ বন্ধু হয় সি। বয়সৰ ফালৰ পৰা নাজানে, সম্বন্ধৰ ফালৰ পৰা তাইতকৈ সৰু, বহুত সৰু। তাৰ বিষয়ে ভবাটোও পাপ মাচুমা। তাই শ্বৰিয়ত পাঠ কৰে, শ্বৰিয়ত পুথিৰ পাতে পাতে লিখা আছে, স্বামীৰ পৰিতৃপ্তিয়ে নাৰীৰ একমাত্ৰ ভূষণ, একমাত্ৰ স্বামীৰ বাবেই সংৰক্ষিত নাৰীৰ যৌৱন। সেই কথা শিকাৰ লগে লগে তাই দেহাৰ পৰা সোলোকাই পেলালে গধুৰ গধুৰ অলংকাৰবোৰ। সোলকাব নোৱাৰিলে ভৰিৰ পায়েলযোৰ। এই পায়েলবোৰে তাইৰ দিগন্তৰ বাহিৰলৈ উৰিবলৈ খোজা মনটো মাটিত বান্ধি থয়।
কি নাই তাইৰ? ধন-সোণ-সৌন্দৰ্য-গুৰুত্ব সকলো আছে। নাই যদি নিজৰ পছন্দত কিছু কাম কৰাৰ অধিকাৰ নাই। তাতেনো কি ডাঙৰ কথাটো হ’ল? তেনেকৈয়ে তাইৰ নানীজানৰ জীৱন পাৰ হৈছে, তেনেকৈয়ে তাইৰ আম্মাজানৰ জীৱনো পাৰ হৈছে, সৰুৰে পৰাই মৌলৱীৰ তত্বাৱধানত তাইক সেই শিক্ষা দিয়া হৈছে। আনুষ্ঠানিক শিক্ষাতকৈ ওপৰত সিহঁতৰ দ্বিনী তালিমৰ শিক্ষাসমূহ। ঠিকেইতো আছিল। সকলো ঠিকে চলি আছিল। আজিনো তাইৰ ভৰিযোৰ কিয় পাতল হৈ পৰিছে? যেন ভাৰসাম্যহীন হৈ পৰিছে সমগ্ৰ সত্তা, আৰু তাই ক্ৰমশ ওপঙিবলৈ ধৰিছে বায়ুশূন্যতাত।
ঘামি যোৱা দেহাটো শ্বাৱাৰত এৰি দিয়ে। কি হৈছে, কাৰ কি হৈছে, অসময়ত শ্বাৱাৰৰ শব্দ শুনি ৰাজৰাণী সোমাই আহে। দেখে পুতেক বিচনাত, বোৱাৰী হয়তো বাথৰূমত, বাথৰূমৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ। চিন্তাত পৰে তেওঁ। ৰাতি এপৰত গা তিওৱা বোৱাৰীজনীলৈ চিন্তা হয় তেওঁৰ ।
মাজে মাজে চঞ্চল হৈ পৰা, মাজে মাজে জোপোকা লগা ছোৱালীজনী ক্ৰমাৎ খাব নোৱৰা হৈ আহে। খাবলৈ লৈ বেচিনলৈ দৌৰ মাৰে। ডাক্তৰে ভাল খবৰ আনে। তাইৰ শৰীৰত নতুন আত্মাই স্থিতি লোৱাৰ খবৰ আনে।
বন্ধুগণ, নাটকখন ইয়াতে সমাপ্ত কৰাৰ কথাই আছিল। কিন্তু সেই যে কেঁকুৰিটো আৰম্ভ হ’ল নতুনকৈ, যাত্ৰাটো ক্ৰমাৎ জটিল হৈ পৰিল। নতুন অতিথিৰ আগমনৰ খবৰে মনটোক থিত লগাইছিল মাত্ৰ, সৰু দেওৰে এদিন কাগজেৰে বন্ধা উপহাৰ এটি আনি তাইৰ হাতত দিয়ে, “ভাবীজান, এয়া ঐনিতমে দিছে তোমালৈ”।
ঐনিতম নামটো শুনিয়েই বুকু কঁপিল, ওঁঠ কঁপিল, মনটো উৰি কোনোবা দূৰ দিগন্ত পালেগৈ। স্থান কাল পাত্ৰ পাহৰি তাই গভীৰ বিষাদত নিমজ্জিত হ’ল। তাৰ মাজতেই কোনোবাই তাইক মনত পেলাই দিলে, “এয়া পাপ। গৰ্ভত স্বামীৰ সন্তান লৈ পৰপুৰুষৰ নাম মনলৈ অনা মহাপাপ”।
হয় হয়। এয়া মহাপাপ। তাই পেকেটটো লৈ নিজৰ ৰূমৰ ফালে আগবাঢ়িল। সৰু দেওৰো তাইৰ পিছে পিছে দৌৰি আহিল, “খোলানা ভাবীজান, কি আছে পেকেটত চাওঁ?” অগত্যা তাই কাগজৰ পেকিং খুলিলে।
এখন কাঁচৰ ফ্ৰেম । ভিতৰত এখন ফটো। ফটোখনত এজন পুৰুষৰ হাত। হাতখনত আলফুলকৈ তুলি লোৱা এখন ভৰি। ভৰিত এযোৰ পায়েল। পায়েলযোৰ চিনাকী। বৰ মৰম জাগিল এই ছবিখনৰ প্ৰতি। তাতোকৈ বেছি মৰম জাগিল সেই হাতখনৰ প্ৰতি, যি এই ছবিখন ফ্ৰেমত বন্ধাইছে। তাতোকৈ বেছি মৰমৰ হৈ পৰিল সেই মানুহজন, যি অত্যন্ত আকুলতাৰে তাইৰ ভৰিখন হাতত তুলি লৈছিল। চকুলো এধাৰি বৈ আহিল তাইৰ।
ফটোখনত আলফুলকৈ চুমা এটি যাঁচিলে। তাৰ পাছত ফটোখন বুকুত সাৱটি চিন্তা কৰি ৰ’ল, ক’ত সংগোপনে ৰখা যায় এই অমূল্য সম্পদক। তাইৰ বেডৰূমত যেন এখন নিষিদ্ধ ফটো। মূৰটো ঘূৰাই গ’ল তাইৰ। দেওৰেকে তাইৰ মুখৰ ভাবান্তৰ লক্ষ্য কৰিলে,
“কি হৈছে ভাবীজান?”
“মূৰটো বেয়া লাগিছে ভাইজান। পানী এগিলাচ দিয়া” বুলি কৈ তাই বিচনাখনত বাগৰ দিয়ে।
কিংকৰ্তব্যবিমূঢ় হৈ পৰা দেওৰেকে তাইৰ মুখখন দাঙি পানী এঢোক খুৱাই মানে, তাইৰ পতিদেৱ আহি দুয়োকে সেই অৱস্থাত দেখা পায়। লগে লগে কথাবোৰৰ সোঁত যেন সলনি হৈ যায়। বাধ্য পত্নীৰ এই ৰূপ দেখি তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলায়। ভায়েকক ডিঙিত ধৰি বাহিৰলৈ গতিয়াই ৰূমৰ হুক বন্ধ কৰি কঁকালৰ বেল্টডাল খুলি লয়।
আসঃ!
তলপেটত হেঁচা দি মজিয়াত বাগৰি পৰে তাই। তাইৰ চেপামৰা আৰ্তনাদ ৰূমৰ ভিতৰতে কুণ্ডলী পকাই পকাই ঘূৰি ফুৰে। ধনী ঘৰৰ বোৱাৰীৰ চকুপানী নোলায়। বেৰৰ বাহিৰলৈ নাযায় কথাবোৰ। ইমানৰ মাজতো তাই ভাবি থাকে, কাঁচৰ ফ্ৰেমটো ঠিকে আছেনে?
ৰাজহাউলিৰ অসুখ। ৰাজৰাণীয়ে ভাবি থাকে ভুলটো ক’ত। বোৱাৰীৰ আচৰণবোৰ দিনে দিনে দুৰ্বোধ্য হৈ ধৰা দিয়ে। কোনোবাদিনা চঞ্চল হোৱা কোনোবাদিনা জোপোকা লগা বোৱাৰীজনীৰ শৰীৰত সৰিয়হ ফুটায়। মৌলৱী আনি ঘৰৰ চাৰিওকাণত তাবিজ বান্ধে। বেয়া বতাহ! বেয়া বতাহ আহিছে পশ্চিমদিশৰ পৰা। পশ্চিমদিশেই আছে পুত্ৰ-বধুৰ কোঠা। পুত্ৰ-বধুৰ কোঠা সলনি হয়। সৰু দেৱৰক দূৰলৈ পঢ়িবলৈ পঠিয়াই দিয়া হয়। বৌৱেকৰ ওপৰত চকু দিয়া লৰাটো ভাল হওক, দৰগাহে দৰগাহে চিৰণী বিলোৱা হৈ যায়।
পেটৰ সন্তানটো মৃত হৈ জন্ম লয়। বেল্টেৰে মৰা পিঠিৰ ঘাঁবোৰ শুকায়। মনৰ ঘাঁবোৰ সোঁচৰা পাপৰ দৰে বহলি যায়। ঐনিতমে দিয়া ফটোখন আলফুলে সযতন হৈ ৰয়। কেৱল আলমাৰীৰ এচুকতে নহয়, বুকুৰ মাজতো।
আলমাৰীৰ পৰা উলিয়াই অনাৰ ধৃষ্টতাকণ কিয় কৰিলে জানো, সিদিনাই পেটত আৰু এটা গোৰ পৰিল। কেৱল গোৰেই নে, সমূহীয়াকৈ বিচাৰো বহিল। মূৰৰ শিতানত সেইখন কাৰ ছবি, কোন পুৰুষ ইমান ৰসাতলে যাব পাৰে যে, নাৰীৰ ভৰি হাতত তুলি ফ্ৰেমত সংৰক্ষণ কৰে? কোন দুৰ্ভগীয়া পুৰুষ! সিহঁতৰ পৰিয়ালত এনে দুৰ্ভগীয়া পুৰুষ নাই। এয়া বাহিৰৰ পুৰুষৰ কাম ।
“তৌবা তৌবা। এই পাপৰ পৰা উদ্ধাৰ কৰা আল্লা। তাই কি কৰি আছে নিজেই নাজানে।“, বিচাৰত তাইৰ হৈ মাকে চকুলো টোকে।
কিছুমান সমাজত হোৱা হ’লে এনে নাৰীক সমূহীয়াকৈ শিলাঘাত কৰি হত্যা কৰিলে হয়। এইখন সমাজত মুকলিকৈ তেনে নহয়। কিন্তু কথাবোৰ শিলাঘাততকৈও কষ্টকৰ। বোৱাৰীৰ কোঠালি আছুটিয়া হয়। পুত্ৰলৈ নতুন পত্নী অনাৰ যোজা কৰা হয়। বংশ ৰক্ষা কৰিব লাগে। বোৱাৰীৰ কামেই বংশ ৰক্ষা কৰা।
সৰু দেওৰৰ চকুৰ আগতে হৈ আছিল কথাবোৰ। সহিব পৰা নাছিল সি। সকলোৰে অজানিতে সি আকৌ বৌৱেকৰ ৰূমত ভৰি দিছিল। আকৌ হুলস্থূল লাগিছিল বৰঘৰত। বোৱাৰীৰ ৰূমত তলা লাগিছিল। সি এইবাৰ চিত্ৰকৰ বন্ধু ঐনিতমৰ ওচৰ পালেগৈ। দেখিলে বন্ধুৱে কেনভাচত প্ৰকৃতি আৰু নাৰীৰ মাজত যোগবিন্দু স্থাপন কৰাত ব্যস্ত। সি চাই ৰ’ল একেথৰে,
“এয়া কোন নাৰী ঐনিতম?”
“এয়া মহুৱা, তই চাগৈ লগ পোৱা নাই মহুৱাক।”
“এনে নগ্ন চিত্ৰ প্ৰকাশ হ’লে তাইৰ একো দিগদাৰ নহ’ব?”
“নহ’ব চাগৈ। কাৰণ তাই নিজেই মোক অনুমতি দিছে।“
এইবাৰ সি ঐনিতমৰ বুকুত খামুচি ধৰিলে, “অনুমতি দিয়া নাৰীৰ যদি অভাৱ নাছিলেই, মোৰ বৌক কিয় পালিগৈ তই?”
“কি ক’ব খুজিছ, বুজাই ক”, তাৰ চকুলৈ চাই সি চক খাই যায়। ক’ৰবাত অথন্তৰ হৈছে। অথন্তৰ হৈছে।
দেওৰেকে কৈ যায় কাহিনীবোৰ। এখন ছবিৰ বাবেই বন্ধ ৰূমত বন্দী হৈ থকা নাৰীগৰাকীৰ কথা কৈ যায় সি।
ঐনিতমে চকু মুদি শুনি ৰয়। চকুযুৰি সেমেকি উঠে তাৰো। সেই ভৰিযোৰ যে তাৰো খুব মৰমৰ। এক পলকৰ কাৰণে দেখা সেই ভৰিযোৰৰ কাৰণেই সি কোনো নাৰীৰ কাষলৈ যাব পৰা নাই। সেই ভৰিযোৰ তাৰ বহু উজাগৰী নিশাৰ কাৰণ। সেই কথা তাৰ বাদে কোনেও নাজানে। জনাব নোৱাৰি কাকো, কাৰণ, কিছুমান সত্য বৰ নিৰ্মম। নিয়মৰ বিপৰীতে কথা ক’বলৈ এতিয়াও বহুত মানুহ সাহসী হোৱা নাই। আজিৰ যুগতো প্ৰেম মানেই অনীতি, প্ৰেম মানেই অনিয়ম, প্ৰেম মানেই যেন সোঁতৰ বিপৰীত স্থিতি। আজি কিন্তু সি নিজকে বাধা দিব পৰা নাই, যেন কৈ দিব চিঞৰি চিঞৰি, “হাতত নহয়, মোৰ বুকুত খোদিত আছে সেই ভৰিযোৰ। কাৰ ইমান সাহ যে সেই ভৰিযোৰত শিকলি বান্ধে।“
নিছিগা ধাৰেৰে কথাবোৰ মনৰ মাজেৰে নিগৰি আহে। চেলুলয়দৰ পৰ্দাৰ দৰে দৃশ্যবোৰ চকুৰ আগেৰে পাৰ হৈ গৈছে। ৰক্ষনশীল ঘৰৰ এগৰাকী বোৱাৰী। ক’লা বোৰ্খাৰ তলৰ বাধ্য এগৰাকী নাৰী। সুযোগ পালেই উৰিব খোজা মনটো বাৰু তাৰ হাততহে পৰিব লাগেনে ? সি থপিয়াই আনি বুকুত ভৰালে। তাৰ পাছৰে পৰা শান্তি নাইকীয়া হ’ল কাৰো। এতিয়া তাৰ প্ৰেমৰ পৰীক্ষাৰ সময়। মনৰ জন্নত কঁপি উঠিছে তাৰ। জন্নত কঁপাই দৈৱবাণী শুনিছে সি, “ওচৰলৈ যা তাইৰ। থিয় হব পৰাকৈ সেই ভৰিযোৰৰ শক্তি হেৰাইছে, ভেজা দেগৈ যা”।
সি দৌৰিছে। খুব বেগাই দৌৰিছে।
নাটকৰ শেষ দৃশ্য:
সেই ৰাতিয়েই বেগমে এটা সপোন দেখিলে। এটা বিপৰীতমুখী যাত্ৰা। সমান্তৰাল। ৰেলৰ চিৰিৰে গৈ গৈ হঠাতে ওভটি চোৱা যাত্ৰা। এই যাত্ৰাৰ আদি নাই। আৰু অন্ত?
সুধি পেলায় তাই, “অন্ত ক’ত অ’ কোঁৱৰ?”
ভৰিখনৰ শিকলি খুলিবলৈ গৈ বিষাদেৰে ভৰি পৰে তাৰ মন, “অন্ত মোৰ চিতাত। এদিন মোৰ চিতা জ্বলিব। ছাই হ’ব দেহ। শেষ হ’ব বিষ, শেষ হ’ব হেঁপাহ, শেষ হ’ব হাবিয়াহ।“
আঁঠুত মূৰ গুজি বহি পৰে তাই, “মোৰ যে চিতা নজ্বলে। কবৰত ৰৈ যাব দেহ। ৰৈ যাব বিষ।ৰৈ যাব হেঁপাহ, ৰৈ যাব হাবিয়াহ।
প্ৰেমৰ মদিৰা ছটিয়াই মহুৱা সোমাই পৰে দুয়োৰে মাজত,
“নহয় কোৱঁৰ, নহয় বেগম, চিতা আৰু কবৰ হৈছে আত্মাৰ মিলনৰ বিন্দু। জানাইতো, আত্মাৰ বৰণ নাই, আত্মাৰ ধৰম নাই। আত্মাৰ মৰণ নাই।“
অকস্মাৎ শিকলি খোল যায় তাইৰ। ভৰিৰো, মনৰো। ভৰিযোৰে কষ্ট পাইছিল। বৰকৈ কষ্ট পাইছিল। কলাফুলত ৰাতিৰ চয়তানে আঁচোৰাৰ দাগ। অথচ, মনটো যেন হাজাৰ আঁচোৰে দাগ লগাব নোৱৰাকৈ সজীৱ। সি আলফুলে ভৰিখন হাতত তুলি লৈ চুমা এটা আঁকি দিলে। তাই বাধা দিছিল, “কোঁৱৰ, এয়া পাপ।”
সি নামানে সেই বাধা, কৈ উঠিল, “পাপ নহয় বেগম, এয়াতো প্ৰেম।”
মঞ্চৰ আঁৰকাপোৰ পৰে। নেপথ্যত তেতিয়া নীলা গানৰ সুৰ।
(সমাপ্ত)

Comments
Post a Comment