অক্টোবৰ, ২০১৮ৰ ডায়েৰী:
৬অক্টোবৰ:
হৰ মুলাকাত কা অঞ্জাম জুদাই কিউ হে (উমৰাও জান, তালাত আজিজ)
৭ অক্টোবৰ:
৭ অক্টোবৰ:
ৰাতিপুৱা ছটাত ল'ৰাক সাজু কৰাওঁ স্কুললৈ বুলি, নবজাত অফিচ। গধুলি ছয়বজাৰ পৰা আঠবজালৈ দুঘণ্টাৰ অফিচিয়েল ব্ৰেক লৈ ঘৰত সন্তানৰ তদাৰকি। আকৌ ৰাতি নবজাত অফিচ, প্ৰায় দুই তিনি বজালৈ …
এইকেইদিনৰ এই ব্যস্ততা দেখি তেওঁ আমনি পাই গৈছে, কৈছে,
"চাকৰিটো এৰি দিয়া। আই হেট ইয়ৰ জব।"
৮ অক্টোবৰ:
"হুঁ লোৱা, এই জুচৰ বটলটো লৈ যোৱা, এই পানীৰ বটলটোও যাতে খালী হৈ আহে আৰু টিফিনটো যাতে একেভাগে ঘূৰি নাহে । এইখিনি খাওঁতে যদি তোমাৰ গুণোৎসৱ ধ্বংস হয়, হৈ যাওক।"
খঙাল মানুহজনৰ মৰমৰ গালিবোৰত অহংকাৰী নহৈনো পাৰিনে ? আকৌ বুৰি গ'লো মই অহংকাৰৰ সাগৰত।
(কাণে কাণে কথা এষাৰ কওঁ, তেওঁক কৈ নিদিবগৈ আকৌ দেই, জুচৰ বটলটো খালী কৰিলো, কিন্তু পানী আৰু টিফিন একেভাগেই যে ঘূৰি যাব সেয়া খাটাং)
৯ অক্টোবৰ:
ঘৰৰ কামলৈ মোৰ বিৰাট হেলা । নে সময় নাপাওঁ নাজানো। সহায়কাৰীগৰাকী গুচি যোৱাৰ পাছত ভীষণ অসুবিধা । মুঠৰ ওপৰত কিটচেনটো চাফা কৰা নহয়গৈ মোৰ । কেতিয়াবা ননদজনী আহি চাফা কৰি দিয়ে । বাইদেউ আহিলেও কিটচেন চিকচিকীয়া হৈ পৰে । কিন্তু বহুতদিনৰ পৰা না বাইদেউ, না নন্দা …গতিকে কিটচেনৰ দুৰৱস্থা ।
গুণোৎসৱে উদ্ধাৰ কৰিলে মোক । পোন্ধৰ ঘটা অফিচত কটোৱাৰ পাছত ঘৰ গৈ কিটচেন সোমাই দেখো, কিটচেন চিকচিকীয়া । কেনেকৈ কেনেকৈ?
হাঃহাঃহাঃ!
১০ অক্টোবৰ:
বিদেশত থকা বান্ধৱীজনীয়ে সুধিলে মোক, "তই যে তোৰ হাছবেণ্ডৰ কথা ইমানকৈ লিখি থাক', ফেচবুকত ফটো নিদিয় কিয়?"
মই বোলো, "মই মোৰ মা-দেউতা, দাদা বৌ, বাইদেউ ভিনদেউৰো ফটো নিদিওঁ ফেচবুকত । আন নালাগে, ল'ৰা দুটাৰো, ভাগিন-ভতিজাৰো ……"
তাই আচৰিত হৈ ওলোটাই সোধে, "কিয় কিয়?"
মই: "কাৰণ মই তেওঁলোকক হীৰাৰ দৰে মূল্যৱান সম্পদ বুলি ভাবো । সেয়ে সযতনে ৰাখো । হীৰা এটুকুৰা মুকলিকৈ ৰখা নাযায়।"
(আচল কথাটো কিন্তু অলপ বেলেগ। মোৰ হিটলাৰ দাদাৰ ভয়তহে কিছুমান কাম মই নকৰো । এই ক'ৰবালৈ গ'লো, ফেচবুকত আপদেট দি দিলো, লগে লগে দাদাৰ ফোন, তই ক'ত আছ, ল'ৰাহঁত ক'ত আছে, পৃথিৱীখনক জনোৱাৰ কি খবৰ যে তই অমুকত আছ। বদমাচ মানুহবোৰে চান্স ল'ব, আজিকালি কি কি ঘটনা হৈ থাকে দেখা নাই, ব্লা……ব্লা……ব্লা।
উদাহৰণ পাইছিলো দুদিনমানৰ পিছতে । এওঁ ঘৰৰ পৰা বাহিৰলৈ গৈছিল দুদিনৰ বাবে । ৰাতি ফেচবুকত আপদেট দিলে, লোকেচন সহিতে । অলপ পাছতে এওঁৰ ঘনিষ্ঠ বন্ধুৰ ফোন মোলৈ,
"অকলে আছা?")
২০ অক্টোবৰ:
নষ্ট ছোৱালীজনীৰ দৰেই কোনোবাদিনা নৈৰ গৰাত থিয় দিওঁ, পিছলিও পৰোঁ আৰু কলংকিনীও হওঁ। জোপোহাৰ আঁৰত চোপ লৈ থকা শিয়ালজাকে হোৱা দিলেহে তত আহে মোৰ। তত আহে তেতিয়াহে, যেতিয়া মূৰৰ ওপৰত শ শ কাউৰীয়ে বিপদ-সংকেত দি ৰমলিয়াই কয়, এয়া ভংগুৰ সময়, এয়া প্ৰলয়ৰ সময়। তথাপি আত্মাই সংগ দিয়ে মোক, আৰু জপমালাত বিৰবিৰাই উঠো প্ৰকৃতিৰ নিয়ম……
বৈ যা সময়
বৈ যা সময়,
নৈখনৰ দৰেই বৈ যা তই।
(আৰু এনেকৈয়ে এৰাসুঁতিত বন্দী হয় বিধ্বস্ত সময়
২১ অক্টোবৰ:
গুণোৎসৱৰ কেইদিন সিহঁত দুটাৰ চেহেৰা দেখা নাপালো । পৰীক্ষা কেতিয়া আৰম্ভ হৈ কেতিয়া শেষ হ'ল সেয়াও গম নাপালো । দুখনমান উত্তৰবহী আনি চহী কৰিবলৈ দিয়াতহে গম পালো যে মই নোহোৱাকৈও সিহঁতে পৰীক্ষা দিব পৰা হৈছে । পূজাৰ বন্ধৰ কেইদিনো সিহঁত দুটাক লগ নাপালো, গোটেইকেইদিন সিহঁত বাহিৰত, মই ভিতৰত।
শেষৰদিনা সি গোটেই দিনটো নিজৰ ৰূমত সোমাই থাকিল । মাজে মাজে অৱশ্যে দেউতাকক ফৰমাইচ দি থাকিল, ইটো লাগে, সিটো লাগে বুলি।
গধূলিলৈ হাতত তুলি দিছেহি, মা, লোৱা, এয়া ৱৰ্ল্ড কাপ ।
বাবাটো মোৰ, সঁচাই ডাঙৰ হ'ল।
২৩ অক্টোবৰ:
কৰ্তব্যৰ খাতিৰত ঘৰৰ বাহিৰত থকা বন্ধুজনে খবৰ ল'লে, "ভাত কিহেৰে আজি?"
মই বোলো, " কেৰাহীত তেল গৰম কৰি পিয়াজ, দালচেনি আৰু তেজপাতেৰে ফোৰণ মাৰি তাতে আদা নহৰুৰ পেষ্টখিনি ভালকৈ ভাজি তিল আৰু জালুকৰ বটা মিহলাই জোখমতে নিমখ দি সামান্য গৰম পানী ঢালি ভজা শলমাছৰ টুকুৰা আৰু বইল আলুৰে কম জুইত তেল বিৰিঙালৈকে ৰাখি ……"
সি: হ'ব হ'ব । মনে মনে থাক । ঘৰলৈ যোৱালৈকে আলু পিতিকাৰে কাম চলাব লগা হৈছে কোনোমতে।
আত্মালাপ:
প্ৰতিবাৰেই সিহঁতে তাইক কটু কথাৰে ঘঁহে । পিছে প্ৰতিটো ঘঁহনিত তাইৰ আত্মা শুদ্ধহে হয় । আৰু কৈ উঠে সেয়ে,
-"তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। তেওঁলোকে মোৰ মনৰ মলি আঁতৰাই ভাল হোৱাৰ পথ দেখুৱাইছে।"
৩১ অক্টোবৰ:
"ইমান কাঁইট! আগবাঢ়ো কেনেকৈ?"
"কাঁইটৰ ওপৰেৰে খোজ কাঢ়িবলৈ শিকা।"
শিকিছিল তাই। কাঁইটৰ খোঁচত দুভৰি ৰক্তাক্ত হৈছিল ঠিকেই। কষ্টও পাইছিল, কিন্তু থমকি যোৱাকৈ নহয় সেই কষ্ট ।
৬অক্টোবৰ:
হৰ মুলাকাত কা অঞ্জাম জুদাই কিউ হে (উমৰাও জান, তালাত আজিজ)
৭ অক্টোবৰ:
আজি মই অহংকাৰত মৰিম…
(ইয়াতকৈ বেছিকৈ লিখিবলৈ সময়ৰ অভাৱ)
(ইয়াতকৈ বেছিকৈ লিখিবলৈ সময়ৰ অভাৱ)
৭ অক্টোবৰ:
ৰাতিপুৱা ছটাত ল'ৰাক সাজু কৰাওঁ স্কুললৈ বুলি, নবজাত অফিচ। গধুলি ছয়বজাৰ পৰা আঠবজালৈ দুঘণ্টাৰ অফিচিয়েল ব্ৰেক লৈ ঘৰত সন্তানৰ তদাৰকি। আকৌ ৰাতি নবজাত অফিচ, প্ৰায় দুই তিনি বজালৈ …
এইকেইদিনৰ এই ব্যস্ততা দেখি তেওঁ আমনি পাই গৈছে, কৈছে,
"চাকৰিটো এৰি দিয়া। আই হেট ইয়ৰ জব।"
মই কওঁ, "বাট আই লভ মাই জৱ, এই ব্যস্ততাই ঋণাত্মক কথাবোৰ মোৰ মনলৈ আনিবলৈ সুৰুঙা নিদিয়ে।"
৮ অক্টোবৰ:
"হুঁ লোৱা, এই জুচৰ বটলটো লৈ যোৱা, এই পানীৰ বটলটোও যাতে খালী হৈ আহে আৰু টিফিনটো যাতে একেভাগে ঘূৰি নাহে । এইখিনি খাওঁতে যদি তোমাৰ গুণোৎসৱ ধ্বংস হয়, হৈ যাওক।"
খঙাল মানুহজনৰ মৰমৰ গালিবোৰত অহংকাৰী নহৈনো পাৰিনে ? আকৌ বুৰি গ'লো মই অহংকাৰৰ সাগৰত।
(কাণে কাণে কথা এষাৰ কওঁ, তেওঁক কৈ নিদিবগৈ আকৌ দেই, জুচৰ বটলটো খালী কৰিলো, কিন্তু পানী আৰু টিফিন একেভাগেই যে ঘূৰি যাব সেয়া খাটাং)
৯ অক্টোবৰ:
ঘৰৰ কামলৈ মোৰ বিৰাট হেলা । নে সময় নাপাওঁ নাজানো। সহায়কাৰীগৰাকী গুচি যোৱাৰ পাছত ভীষণ অসুবিধা । মুঠৰ ওপৰত কিটচেনটো চাফা কৰা নহয়গৈ মোৰ । কেতিয়াবা ননদজনী আহি চাফা কৰি দিয়ে । বাইদেউ আহিলেও কিটচেন চিকচিকীয়া হৈ পৰে । কিন্তু বহুতদিনৰ পৰা না বাইদেউ, না নন্দা …গতিকে কিটচেনৰ দুৰৱস্থা ।
গুণোৎসৱে উদ্ধাৰ কৰিলে মোক । পোন্ধৰ ঘটা অফিচত কটোৱাৰ পাছত ঘৰ গৈ কিটচেন সোমাই দেখো, কিটচেন চিকচিকীয়া । কেনেকৈ কেনেকৈ?
হাঃহাঃহাঃ!
নুবুজাওঁ দেই। নিজেই বুজি ল'ব । কিটচেন চিকচিকীয়া দেখি অফিচত ময়ো চিকচিকীয়া ।
১০ অক্টোবৰ:
বিদেশত থকা বান্ধৱীজনীয়ে সুধিলে মোক, "তই যে তোৰ হাছবেণ্ডৰ কথা ইমানকৈ লিখি থাক', ফেচবুকত ফটো নিদিয় কিয়?"
মই বোলো, "মই মোৰ মা-দেউতা, দাদা বৌ, বাইদেউ ভিনদেউৰো ফটো নিদিওঁ ফেচবুকত । আন নালাগে, ল'ৰা দুটাৰো, ভাগিন-ভতিজাৰো ……"
তাই আচৰিত হৈ ওলোটাই সোধে, "কিয় কিয়?"
মই: "কাৰণ মই তেওঁলোকক হীৰাৰ দৰে মূল্যৱান সম্পদ বুলি ভাবো । সেয়ে সযতনে ৰাখো । হীৰা এটুকুৰা মুকলিকৈ ৰখা নাযায়।"
(আচল কথাটো কিন্তু অলপ বেলেগ। মোৰ হিটলাৰ দাদাৰ ভয়তহে কিছুমান কাম মই নকৰো । এই ক'ৰবালৈ গ'লো, ফেচবুকত আপদেট দি দিলো, লগে লগে দাদাৰ ফোন, তই ক'ত আছ, ল'ৰাহঁত ক'ত আছে, পৃথিৱীখনক জনোৱাৰ কি খবৰ যে তই অমুকত আছ। বদমাচ মানুহবোৰে চান্স ল'ব, আজিকালি কি কি ঘটনা হৈ থাকে দেখা নাই, ব্লা……ব্লা……ব্লা।
উদাহৰণ পাইছিলো দুদিনমানৰ পিছতে । এওঁ ঘৰৰ পৰা বাহিৰলৈ গৈছিল দুদিনৰ বাবে । ৰাতি ফেচবুকত আপদেট দিলে, লোকেচন সহিতে । অলপ পাছতে এওঁৰ ঘনিষ্ঠ বন্ধুৰ ফোন মোলৈ,
"অকলে আছা?")
২০ অক্টোবৰ:
নষ্ট ছোৱালীজনীৰ দৰেই কোনোবাদিনা নৈৰ গৰাত থিয় দিওঁ, পিছলিও পৰোঁ আৰু কলংকিনীও হওঁ। জোপোহাৰ আঁৰত চোপ লৈ থকা শিয়ালজাকে হোৱা দিলেহে তত আহে মোৰ। তত আহে তেতিয়াহে, যেতিয়া মূৰৰ ওপৰত শ শ কাউৰীয়ে বিপদ-সংকেত দি ৰমলিয়াই কয়, এয়া ভংগুৰ সময়, এয়া প্ৰলয়ৰ সময়। তথাপি আত্মাই সংগ দিয়ে মোক, আৰু জপমালাত বিৰবিৰাই উঠো প্ৰকৃতিৰ নিয়ম……
বৈ যা সময়
বৈ যা সময়,
নৈখনৰ দৰেই বৈ যা তই।
(আৰু এনেকৈয়ে এৰাসুঁতিত বন্দী হয় বিধ্বস্ত সময়
২১ অক্টোবৰ:
গুণোৎসৱৰ কেইদিন সিহঁত দুটাৰ চেহেৰা দেখা নাপালো । পৰীক্ষা কেতিয়া আৰম্ভ হৈ কেতিয়া শেষ হ'ল সেয়াও গম নাপালো । দুখনমান উত্তৰবহী আনি চহী কৰিবলৈ দিয়াতহে গম পালো যে মই নোহোৱাকৈও সিহঁতে পৰীক্ষা দিব পৰা হৈছে । পূজাৰ বন্ধৰ কেইদিনো সিহঁত দুটাক লগ নাপালো, গোটেইকেইদিন সিহঁত বাহিৰত, মই ভিতৰত।
শেষৰদিনা সি গোটেই দিনটো নিজৰ ৰূমত সোমাই থাকিল । মাজে মাজে অৱশ্যে দেউতাকক ফৰমাইচ দি থাকিল, ইটো লাগে, সিটো লাগে বুলি।
গধূলিলৈ হাতত তুলি দিছেহি, মা, লোৱা, এয়া ৱৰ্ল্ড কাপ ।
বাবাটো মোৰ, সঁচাই ডাঙৰ হ'ল।
২৩ অক্টোবৰ:
কৰ্তব্যৰ খাতিৰত ঘৰৰ বাহিৰত থকা বন্ধুজনে খবৰ ল'লে, "ভাত কিহেৰে আজি?"
মই বোলো, " কেৰাহীত তেল গৰম কৰি পিয়াজ, দালচেনি আৰু তেজপাতেৰে ফোৰণ মাৰি তাতে আদা নহৰুৰ পেষ্টখিনি ভালকৈ ভাজি তিল আৰু জালুকৰ বটা মিহলাই জোখমতে নিমখ দি সামান্য গৰম পানী ঢালি ভজা শলমাছৰ টুকুৰা আৰু বইল আলুৰে কম জুইত তেল বিৰিঙালৈকে ৰাখি ……"
সি: হ'ব হ'ব । মনে মনে থাক । ঘৰলৈ যোৱালৈকে আলু পিতিকাৰে কাম চলাব লগা হৈছে কোনোমতে।
(হা হা হা। কেতিয়াবা দুষ্টামিও কৰো মই)
২৭ অক্টোবৰ:আত্মালাপ:
প্ৰতিবাৰেই সিহঁতে তাইক কটু কথাৰে ঘঁহে । পিছে প্ৰতিটো ঘঁহনিত তাইৰ আত্মা শুদ্ধহে হয় । আৰু কৈ উঠে সেয়ে,
-"তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। তেওঁলোকে মোৰ মনৰ মলি আঁতৰাই ভাল হোৱাৰ পথ দেখুৱাইছে।"
-"তেতিয়াহ'লে তেওঁলোকৰ বাবে দুৱাৰ কিয় বন্ধ কৰিলা?"
-"কাৰণ বেছিকৈ ঘঁহিলে ক্ষয় যাম মই।"
-"কাৰণ বেছিকৈ ঘঁহিলে ক্ষয় যাম মই।"
২৮ অক্টোবৰ:
মিথ্যাবাদ:
সদ্যবিধৱা বোৱাৰীজনীয়ে পুনৰ্বিবাহ সমাপন হৈ যোৱাৰ পিছত নতুন স্বামীৰ প্ৰকৃত কথাবোৰ জানি ওভতি ধৰিলে,
"তোমাৰ প্ৰথমা পত্নীৰ মৃত্যু হৈছে বুলি তুমি মোক মিছাকৈ কৈছিলা। তুমি অবিবাহিত আছিলা।"
জীৱনটোত শত্ৰুৰ বাবে দেৱাল গাথোঁতে যিমান সময় লাগিল, সিমানখিনি সময় যদি প্ৰেমৰ ঘৰ সাজিলোহেঁতেন…
ঘৰ নহৈ তাজমহল হ'লহেঁতেন কিজানি ।
(এই যে 'হেঁতেন'বোৰ)
মিথ্যাবাদ:
সদ্যবিধৱা বোৱাৰীজনীয়ে পুনৰ্বিবাহ সমাপন হৈ যোৱাৰ পিছত নতুন স্বামীৰ প্ৰকৃত কথাবোৰ জানি ওভতি ধৰিলে,
"তোমাৰ প্ৰথমা পত্নীৰ মৃত্যু হৈছে বুলি তুমি মোক মিছাকৈ কৈছিলা। তুমি অবিবাহিত আছিলা।"
সি ক'লে, "এই মিথ্যাবাদে মোক তোমাৰ যোগ্য কৰি তুলিলে।
২৯ অক্টোবৰ:জীৱনটোত শত্ৰুৰ বাবে দেৱাল গাথোঁতে যিমান সময় লাগিল, সিমানখিনি সময় যদি প্ৰেমৰ ঘৰ সাজিলোহেঁতেন…
ঘৰ নহৈ তাজমহল হ'লহেঁতেন কিজানি ।
(এই যে 'হেঁতেন'বোৰ)
২৯ অক্টোবৰ:
দুসঃসময়বোৰৰ বিপৰীতে উজাই যোৱাৰ এই যে জেদী মনটো……এই মনটোৱেই প্ৰত্যাহবানৰ ৰণাংগনত জিকি সপোনবোৰ আঁজুৰি আনে।
নকৈ জয় কৰি অনা তিনিটা সপোনে এতিয়াৰে পৰা মোক শুবলৈ নিদিব। তাৰে এটা সপোন বিশ বছৰৰ পাছৰ……
মৌচুমীবায়ে
ঘৰৰ পৰা হোষ্টেললৈ গৈ আমাক দেখুৱাই আছিল বিহুত কোনে কোনে কি কি দিলে।
দেউতাই জিনচ এটা দিলে বুলি কওঁতেই মই জিনচটো উঠাই আনিলো, "এইটো প্ৰথমতে
মইহে পিন্ধিম দেই।"
তাকেই পিন্ধি পিকনিক খাই আহিলোগৈ । কাৰ্বি পাহাৰৰ শিল এছটাত পৰি আঁঠুৰ ছাল চিগাৰ লগতে জিনচটোৰো সামান্য হানি কৰি মৌবাক ওভোতাই দিলোহি । মৌবায়ে তেতিয়াও খং নকৰি হাঁহিয়ে থাকিল ।
আজি ফটোখন পাই মৌচুমীবাক হোৱাটচআপত দিলো, বোলো, তোমাৰ জিনচৰ ফটো মই কিমান সযতনে থৈছো দেখিছা? তাই বোলে, "হয়নেকি? মই পাহৰিলোৱেই দেখোন!"
৩০ অক্টোবৰ:তাকেই পিন্ধি পিকনিক খাই আহিলোগৈ । কাৰ্বি পাহাৰৰ শিল এছটাত পৰি আঁঠুৰ ছাল চিগাৰ লগতে জিনচটোৰো সামান্য হানি কৰি মৌবাক ওভোতাই দিলোহি । মৌবায়ে তেতিয়াও খং নকৰি হাঁহিয়ে থাকিল ।
আজি ফটোখন পাই মৌচুমীবাক হোৱাটচআপত দিলো, বোলো, তোমাৰ জিনচৰ ফটো মই কিমান সযতনে থৈছো দেখিছা? তাই বোলে, "হয়নেকি? মই পাহৰিলোৱেই দেখোন!"
দুসঃসময়বোৰৰ বিপৰীতে উজাই যোৱাৰ এই যে জেদী মনটো……এই মনটোৱেই প্ৰত্যাহবানৰ ৰণাংগনত জিকি সপোনবোৰ আঁজুৰি আনে।
নকৈ জয় কৰি অনা তিনিটা সপোনে এতিয়াৰে পৰা মোক শুবলৈ নিদিব। তাৰে এটা সপোন বিশ বছৰৰ পাছৰ……
৩১ অক্টোবৰ:
"ইমান কাঁইট! আগবাঢ়ো কেনেকৈ?"
"কাঁইটৰ ওপৰেৰে খোজ কাঢ়িবলৈ শিকা।"
শিকিছিল তাই। কাঁইটৰ খোঁচত দুভৰি ৰক্তাক্ত হৈছিল ঠিকেই। কষ্টও পাইছিল, কিন্তু থমকি যোৱাকৈ নহয় সেই কষ্ট ।
এই কথাবোৰ উপন্যাসখনত থাকিব । তাত থাকিব দুদল নিকৃষ্ট মানসিকতাৰ মানুহ,
মধ্যযুগীয় ধ্যান ধাৰণাৰে পুষ্ট এজনী খলনায়িকা, আৰু থাকিব তাই, পদে পদে
লাঞ্চিত হৈও বিজয়ধ্বজাৰ সপোন দেখা তাইজনী।
আৰু থাকিব, প্ৰতিমুহূৰ্ততে তাইক তুলি ধৰা হাত দুখনি ।
সেয়ে অলপ আঁতৰিব লাগিব । বহুত দিনলৈ নিশ্চয় নহয় । অলপদিনলৈ………
যোৱাৰ সময়ত কৈ যাওঁ, ভালপোৱা মানুহবোৰ মোৰ আত্মাত থাকিব ।

Comments
Post a Comment