দাপোনৰ সন্মুখত (১)
_________________

যেতিয়া এখন কিতাপে বা এটা গানে, এটা কবিতাই বা এটা সুৰে মোক নিচুকাবলৈ অসমৰ্থ হৈ পৰে, তেতিয়াই নিসংগতাৰ মদিৰাত বাকি লওঁ নীলা বিষাদ । নীলা মমৰ পোহৰত নিজে জ্বলিও চৌদিশ উজ্বলাওঁ আৰু গলাই পেলাওঁ উষ্ণ হেঁপাহ ।

অহাৰ বাটেৰেই তুমি উভটিবলৈ ওলালা । এয়াই হোৱাৰ কথা আছিল । ইতিহাস জানো সলনি হয় এটা কবিতাৰ শব্দত ? মইতো প্ৰস্তুত কোন কাহানিবাই ।

সন্মুখত সৰ্পিল ৰাস্তা । ভয় নাই একেবাৰে । ইমানখিনিলৈকে তুমিয়ে হাতত ধৰি আগবঢ়াই দিলা । আচলতে কি জানা ? আমিবোৰ বৰ লেহুকা । লতা হৈ বগাবলৈ  পালে নিজৰ অস্তিত্বকো পাহৰি যাওঁ ।

গানে নিচুকাব নোৱাৰা ৰাতিবোৰত নিজৰ স'তে কথা পাতো অনৰ্গল । নোপোৱাৰ বেদনাই মুকুতা হৈ চকুৰ পতাত জিলিকে । সাঁচি ৰাখো, সাঁচি ৰাখো । নিজক বুজোৱাৰ পৰিণতিৰ মূল্যবান মুকুতা সেয়া । দুটোপালেই যথেষ্ট ।

এই যে তুমি কৈছিলা, তুমি মোক নিজতকৈও ভাল পোৱা বুলি । ভুল সেইখিনিতেই । আমি আচলতে নিজক বুজি নাপাওঁৱেই । নিজতকৈ কোনেও আনক ভাল পাব নোৱাৰে । আমি অতিপাত ভাল পোৱা নিজৰ সত্বাটোক সিজনে কেনেকৈ অৱমাননা কৰিব পাৰে সেই কথাইহে আমাক বিচলিত কৰে । বিৰহৰ জন্ম সেইখিনিতেই । বৰ জটিল এই অনুভূতি ।

চুটি ৰাস্তাটো ক্ৰমাৎ দীঘল হৈ পৰিছে । সিপাৰ মনিব নোৱাৰাকৈ দীঘল । তোমাৰ হাতত ধৰি যে চাইছিলো জোনাক ! কৰবাত এই জোনাকে তোমাকো চুব, হয়তো চুইছেই ।মোৰ চকুৰ পতাত ওলমি ৰোৱা মুকুতা দুটিয়ে তাৰ প্ৰমাণ ।

বিষাদৰ নীলা পোহৰবোৰ হঠাতে নোহোৱা হৈ গ'ল । শৰতৰ বতৰা কঢ়িয়াই অনা শীতল বতাহ এছাটিয়ে দেহা মন শাঁত পেলাই গ'ল । পোহৰৰ ৰেঙনি চৌদিশে । ৰাতিপুৱাল । ৰাস্তাটো দীঘল , কিন্তু সিপাৰ মনিব পাৰিছো এতিয়া  । চকুৰ পতাত তোমাৰ ৰূপছাঁয়া । প্ৰাপ্তিতে যে কেৱল সুখ নাথাকে , কেতিয়াবা অপেক্ষাতো যে কত সুখ!

দাপোণৰ সন্মুখত (২)…
--------------------------------

দাপোণৰ সন্মুখত নীলা মমৰ এমুঠি নীলা পোহৰ । মম জ্বলিছে , মই জ্বলিছো । মমৰ পোহৰত চাইছো তোমাক , জুখিছো নিজক । বুকুৰ গভীৰতাৰ জোখ লৈছো পুনৰবাৰ, যলৈকে তুমি শিপাইছিলা … শিপাইছিলা সমগ্ৰ সত্বা আৱৰি … মই মানে তুমি… তুমি মানে মই হোৱালৈকে যি শিপাৰ গভীৰতা, সেই গভীৰতাৰ জোখ লৈছো পুনৰবাৰ ।

স্মৃতিয়ে এইবাৰ ঢাপলি মেলিছে টেকেলী ভগা খেলটোলৈ । এই যে তুমি মোৰ চকু বান্ধিলা , হাতত লাঠি এডাল তুলি দিলা , সাতোপাক ঘূৰাই দিলা । মই আগবাঢ়িছো টেকেলীটোলৈ , ইয়াতেই নেকি টেকেলীটো বুলি সাৰোপকৈ কোব এটা দিছো । বৃথা চেষ্টা । তোমাৰ উল্লাসিত হাঁহি । আকৌ আগবাঢ়িছো । চকু বন্ধ । অনুমানিক উমান । অব্যৰ্থ চেষ্টা । টেকেলী ভগাৰ শব্দটো ৰজনজনাই গ'ল । চকুৰ পৰা কাপোৰ মোকোলাই হাঁহি  হাঁহি চালো তোমালৈ । চালো চৌদিশে । তুমি নাছিলা যে কতোৱেই …

কিশোৰী মনৰ সলাজতা । অৰ্ধপ্ৰস্ফুটিত ফুলকলিটোৰ আহে পাহে যেন লুকাই আছিল সদ্যস্নাতা নাৰীৰ সুগন্ধি । স্মৃতিৰ পথাৰত এইবাৰ নৃত্যৰতা মই, নৃত্যৰ মঞ্চত মোৰ কথক নৃত্য । ধিততিকি ধিততিকি থেই………… পতাক হস্ত মুদ্ৰাৰে মই …… অদূৰত অনুভৱৰ কোলাত তুমি……… ধিততিকি ধিততিকি থেই…………পুস্পবৃষ্টিৰ ভংগীমাৰে মই ………অবুজ ভাৱনাত তুমি । নৃত্যৰতা মই …বিমুগ্ধ নয়নেৰে তুমি । মোৰ শৰীৰত সেউজীয়া সাজ …তোমাৰ চকুত সেউজী বিশ্বাস । মোৰ আঙুলিত আলতাৰ ৰং… তোমাৰ চকুত প্ৰেমৰ বৰণ । মোৰ ভৰিত জুনুকাই নাচে ……তোমাৰ হৃদয়ত নূপুৰ বাজে । ধিততিকি ধিততিকি থেই । কাজলৰ ৰং এবাৰ তোমালৈ , এবাৰ মঞ্চলৈ , এবাৰ তোমালৈ , এবাৰ দৰ্শকলৈ । দুগাল ৰাঙলী । ধিততিকি ধিততিকি থেই । কপালৰ টিকলীয়ে হালে ।ধিততিকি ধিততিকি থেই । হাতৰ কংকণ নাচে । তিগধা দিগ দিগ থেই …পাক মাৰি মাৰি ঘূৰিছিলো…… তিগধা দিগ দিগ থেই …… ঘূৰিছিলো ………তিগধা দিগ দিগ থেই …………ঘূৰিছিলো মাথো…… নাচোনৰ তালে তালে ঘূৰি ঘূৰি … ঘূৰি ঘূৰি …ঘূৰি ঘূৰি … মজিয়াত দুহাতেৰে ভেজা দি মঞ্চত বহি পৰিছিলো …অলপ পৰ নীৰৱতা … নিস্বৰ সময় …… হাত চাপৰিৰ জোৱাৰ ……… চাই পঠিয়ালো দৰ্শকলৈ ……… এইবাৰ মূৰ তুলি তোমালৈ …… নাছিলা যে তুমি কতোৱেই ……

জীৱনৰ কঠোৰ সংগ্ৰাম সিদিনা । ঔপলা সময় । উন্নাভি জখলা হৈ কান্ধ পাতি ললা তুমি  । আকাশ চুবলৈ দিয়াৰ সপোনটো বগুৱা বাই বৈ যাবলৈ দিলা তুমি  । সপোনৰ ডৌকাত তুলিকাৰে ৰং আঁকিলা তুমি । সপোন । জখলা। পাখি । ৰং । আকাশ । উৰিবলৈ শিকিলো মই…  ওপৰলৈ… মাথো ওপৰলৈ । আত্মবিভোৰ হৈ  চকু মুদি উৰিয়ে আছিলো নশিকাৰুৰ উন্মাদনা গাত সানি  । উন্মাদনাৰ সাজ সোলোকাই যেতিয়া চকু মেলি চাইছিলো , দেখিলো , লক্ষযোজন উচ্চতাৰ বিশাল  শূণ্যতাত মাথো মই অকলে …… তুমি যে নাছিলা কতোৱে …

নাথাকিলা সিদিনাও…………
নাথাকিলা আজিও…………
বিশাল জনঅৰণ্যত মই অকলে………
বিশাল শূণ্যতাতো মই অকলে ………

নিঃসংগতাৰ সতে কটোৱাৰ আখৰা আচলতে সিদিনাই আৰম্ভ হৈছিল । নিঃসংগতাই আলাপ কৰিছিল প্ৰতি খোজতে … টেকেলী ভগাৰ শব্দৰেই হওক বা কথকী নৃত্যৰ বোলতে হওক, মেঘৰ গৰ্জনতে হওক বা সাগৰৰ তৰ্জনতে হওক … নিঃসংগতাই মোৰ সংগী … নাথাকিলা যে কতোৱেই তুমি ।

(বি.দ্ৰ: জীৱনৰ বাটত আঙুলিত ধৰি আগবঢ়াই দি যিসকলে আঁতৰি গ'ল তেওঁলোকৰ হাতত……)

দাপোণৰ সন্মুখত(৩)…
-------------------------------

যাত্ৰাবোৰ বৰ মধুৰ । আচলতে গোটেই জীৱনটোৱেই মধুৰ। তাৰ মাজতো যি এটা দুটা যাত্ৰাই মন গধুৰ কৰি তুলে, সেয়া হ'ল বিশেষ কেইটামান ষ্টেচনৰ শেষ বিদায় । লক্ষীমপুৰৰ এ.এছ.টি.চি. বাছষ্টেণ্ডৰ শেষ বাছখন, যিখনে বিদায় দিছিল মোক চকুলো টুকি টুকি  আৰু লগতে গুৱাহাটী পল্টনবজাৰ ৰেলৱে ষ্টেচনৰ সেই ট্ৰেইনখন, যিখনত বহি বহি এটা শুদ্ধ অংক ভুল হৈছিল আৰু এটা ভুল অংক মই আধৰুৱা কৰি এৰি দিছিলো শূণ্য উত্তৰ এটাৰ আশংকাত , দুয়োটা যাত্ৰাই মোৰ বাবে গধুৰতম গধুৰ ।

যাত্ৰাবোৰ উপভোগ্য কৰিব বিচাৰিলেও কেতিয়াবা কঠিন সময়ে নষ্ট কৰি তুলে ইয়াৰ মধুৰতা । ভীৰৰ মাজত সিদিনা অকলশৰীয়া হৈ পৰো । ঠিক আজিৰ দৰেই । সেই যে তুমি মোক সন্দেহৰ চাবুকেৰে কোবালা । শাসনৰ শিকলিৰে বান্ধিব বিচাৰিলা মোক । তুমিতো জানাই দেখোন মই যে উৰণীয়া মৌ !

জীৱনে সদায় সোণালী গোলাপৰ দলিচাত খোজ নিদিয়ে, কেতিয়াবা ই  কাছৰ চলংখনৰ দৰেই খহটা হৈ পৰে । সেই তেতিয়াই বুকুৰ মাজৰ শিপাডাল মই  খেপিয়াই চাওঁ… শিপাডাল এই যেন খোপনি পুতি ৰয় , এই যেন খোপনি এৰে । যন্ত্ৰণাত কোঙা হৈও মই নিজৰ বাটৰ লন্ঠন নিজে জ্বলাব লগীয়া হয় । এই জগতত কোন কাৰ নিজৰ ? মোৰ সমস্যাসমূহ কেৱল মোৰেই । সুখ ভগাব পৰা যায়, দুখ কেৱল সাঁচি থোৱা যায় । সুখ কমি কমি শূণ্যাৱস্থান পায়, দুখ অসীমলৈ গতি কৰে । অসীমত জীৱনৰ লক্ষ্য হেৰায় ।  সীমাহীন যাতনাত ছটফটাইও মই অনুভৱ কৰো, লক্ষ্যহীনতাও যে জীৱনৰ আন এক লক্ষ্য ।

দাপোণৰ সন্মুখত(৪):
-----------------------------

জোনজনী আজি সম্পূৰ্ণা ,আভৰণা , গুণাৰ চানেকিৰ কিংখাপৰ কাপোৰযোৰ মেৰিয়াই লোৱা ন-কইনাৰ দৰেই উজ্জ্বল । কলংকবোৰ ঢাকিব পৰাকৈ উজ্জ্বল তাই আজি ।

দিনৰ চিপচিপ বৰষুণৰ টোপালেৰে পৰশিত চহৰখনো জীপাল । ৰূপে ৰসে পৰিপূৰ্ণ এটি নিশা । চকুৱে মুখে বিষন্নতা এমুঠি গুজি দিয়া নিশাটোত আজি মই মোৰ স'তে অকলে। শিতানৰ গাৰুত মুখ গুজিৱে কটাওঁ নে টেবুলত কলমেৰেই কথা পাতো সেয়া সময়ে কব ।

বিষাদসুৰীয়া গজল এটা বুকুত সাৱটি ৰাতি কটোৱাটো বাৰু কোন প্ৰেয়সে সহিব ? তুমি যে উদাৰ তথাপি । অভিমান কৰিও সেয়ে কাষত ৰৈ দিয়া সদায় । তোমাৰ অভিমানবোৰ কণমাণি শিশু এটিৰ দৰেই চঞ্চল । ক্ষন্তেকীয়া বুলি জানিও সেই কণমানি অভিমানে মোৰ বুকু খান্দে । বুকুত সাঁচি থোৱা চকুলোটোপালক টুকুৰিয়াই মাতে । তুমি যে কৈছিলা চকুপানীবোৰ সাঁচি থবলৈ । সমাধিতলীত বনৰীয়া ফুল ফুলাবলৈ চকুপানীবোৰ সাঁচি থবলৈ কোৱাৰ দিনাৰ পৰাই যে চকুপানীৰ স্থান মোৰ চকুৰ পৰিধিৰ বাহিৰত ।

শৰতৰ বতৰ । কঁহুৱাৰ গোন্ধত আমোলমোল মোৰ মনৰ দুপৰ । নদীৰ পাৰ অথবা ঝাঁও বনৰ উপত্যকা , শেৱালি তল অথবা নিসংগ পদূলি, কতোৱেই নাইনে মোৰ অনুভৱৰ সুগন্ধি ? নৰাণিৰ মাজে মাজে দৌৰি ফুৰা চেমনীয়া মনটো এদিন পূৰঠ হয় , গজলৰ মেহফিলত মদিৰাৰ গিলাচ হাতত তুলি লয় আৰু চুফী গানৰ তালত কাৱালী নৃত্য কৰে , জপিয়াই জপিয়াই বুকুৰ দুৱাৰ পায়গৈ । মনৰ দিগন্তত হেৰায় মোৰ যাযাবৰী প্ৰেমিক । কেনেকৈ খুলো মোৰ বুকুৰ অৰ্গল ? নিৰুদিষ্ট প্ৰেমিক মনে এৰাবাটৰ সুৰ বিচাৰি হাবাথুৰি খায় , ইফালে সিফালে ।

দাপোণৰ সন্মুখত(৫)
----------------------------

সোণ হ'বলৈকে ইমানদিন তপত জুইৰ মাজত নিজকে এৰি দিলো…………এতিয়াহে দেখিলো এমুঠি ছাইৰ বাদে একোৱেই ৰৈ যোৱা নাই …………জীৱনৰ কঠোৰতম সময় ………… বিশ্বাসৰ দোলনাত দুলি আছে ভালপোৱা আৰু আস্থাহীনতা ………

কাইঁটৰ খোচ চাৰিওফালে । নিজৰ বুলি একোৱেই নৰ'ল । ধৈৰ্যপৰীক্ষা  ???? সেইবুলি সান্ত্বনা লোৱাৰ বাদে কিয়েইবা কৰিব পাৰো ? যিফালে চকু যায় সেইফালেই তৰোৱালহেন দৃষ্টি ।

ভুল মোৰেই । ভুল মোৰেই । কবিতাৰ শব্দত ৰাতি নুপুৱায়, এই কথাটোকে বুজি নাপালো আজিলৈকে । এছটা শিল হবও নোৱাৰিলো যে আঘাতবোৰত স্থিতপ্ৰজ্ঞ হৈ ৰোৱাৰ শক্তি পাম । শামুকৰ খোলা হৈ আৱৰিম নিজকে , কথা দিলো ।

দাপোণৰ সন্মুখত (৬)
-----------------------------

ভাঁজ লগা চুলিখিনিৰে দাপোণৰ সন্মুখত ঠিয় হৈ কথা পাতো নিবিড়ভাৱে । চুলিখিনি অটাই থাকোতে ভাব হয় , জলকুঁৱৰীৰ চুলিখিনি যদি পালোহেঁতেন মই । গালখন পিহি পিহি ভাব হৈছিল , গৌৰীৰ ছালখনৰ বৰণ পালোহেঁতেন যদি । নিজৰ চেহেৰাটো লৈ অসন্তোষীয়া মুখখনেৰে দাপোণখনেৰে কথা পাতি থাকোতে মনৰ ৰাজকুমাৰজন পাছফালৰ পৰা আহি কান্ধত আলফুলকৈ মুখ গুজি কৈ উঠে, " পাগলী ! ৰূপে কি কৰে , গুণেহে সংসাৰ তৰে ।"

কমোৱা তুলাৰ দৰে উৰি ফুৰা মনজনী বতাহত ওপঙি ওপঙি কোনোবাখিনি পায়গৈ । ডাৱৰৰ আঁৰত লুকা ভাকু খেলে । কঁহুৱাৰ মাজত শুই পৰে । জলকুঁৱৰীয়ে হাঁহে । পানী অনা ঘাটলৈ  অহা কনেংহতঁৰ জাকৰুৱা হাঁহিত কহুৱা কোমল মনজনীয়ে ধহমহকৈ উঠি বহে । ৰাজকুমাৰৰ অভিমান, " পাখি থাকে মানেহে উৰিবা"  । লাহে লাহে আন্ধাৰ নামে ।  দিগন্তৰ সিপাৰৰ পৰা বিষাদৰ বৰষুণ এজাক আহি মনৰ চোতাল বুৰাই পেলায় । কমোৱা তুলাৰ দৰে উৰি ফুৰা মনজনী শিলত পৰি থেকেচা খায় । ভালপোৱাৰ বহুত দাম । ভালপোৱাৰ অজস্ৰ দাবী । ভালপোৱাৰ দাবী আৰু দামৰ সূত্ৰটো অৰ্থনীতিৰ সূত্ৰটোৰ দৰে সৰল নহয় । কোনোটোতেই সুস্থ হৈ নুঠে থেকেচনিত আঘাত পোৱা মনজনী ।  অনুভৱৰ সুগন্ধি শেষ হৈ অহা মন মোৰ । দামী পাৰফিউম , দামী কাপোৰ, দামী অলংকাৰৰ মাজত কিমানদিনলৈ লুকাই থাকিব কীট এটাই খুলি খুলি খোৱা মনজনী ? দাপোণৰ ওচৰত থিয় হ'লো পুনৰবাৰ, প্ৰতিশ্ৰুতিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'লো, শিল-বায়ু-জুই-পানীৰ শপত খালো, " নালাগে মোক  গৌৰীৰ বৰণ । নালাগে মোক জলকুঁৱৰীৰ চুলি । মাথো মোক মোৰ ওচৰত সামৰিবলৈ শিকাই যোৱা "  ।

ৰাজকুমাৰৰ চকুত চকু থৈ শ্লেষ টানিলো, " বজাৰত  বহিলেও হয়তো দাম পালোহেঁতেন । তোমাৰ ওচৰত মোৰ ভালপোৱাৰ মূল্য শূণ্য ।"

ৰাজকুমাৰৰ  বুকু আজুৰি প্ৰশ্ন তুলিলো, "উশাহৰ ভৰ পোৱা নাছিলা সিদিনা ? সময়বোৰ কিদৰে গধুৰ হৈ পৰে তোমাৰ অবিহনে, গম নাপালা তুমি?"

ৰাজকুমাৰক বিদায় দিলো, " তোমাৰ ওচৰত ডায়েৰীৰ এখিলা পাত মেলিবলৈ গৈ যে নিষিদ্ধ হ'ল মোৰ অতখিলা ডায়েৰীৰ পৃষ্ঠা ! বিদীৰ্ণ সময়ৰ বিৱৰ্ণ পৃষ্ঠাৰ মাজত সোমাই থকা ৰঙা কলিজাৰ কেচেমা কেচেম গোন্ধত মোৰ অনুভূতি দুৰ্গন্ধময় । সুখী নহ'বা মোৰ স'তে । যোৱাগৈ যোৱা।"

সেইদিনাই , ঠিক সেইদিনাই কাকতত সেই বিজ্ঞাপনটো ওলাইছিল , যাৰ শিৰোনামা আছিল,

          ::::::::::::" হৃদয়ৰ বজাৰত নিলাম । ":::::::::::::

সাতোৰঙী সাজযোৰ শৰীৰত মেৰিয়াই ময়ো সেই ঠিকনাত ভৰি দিলোগৈ । প্ৰতিশ্ৰুতিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ মই । যিমান দাম দি হলেও ওভটাই আনিম নিলামত বিক্ৰী যোৱা মোৰ হৃদয়খন ।
দাপোণৰ সন্মুখত( ৮)
-----------------------------

হৰলাং এবাতিত আকন্ঠ ডুবি থকা গধূলিটোৱে দুখৰ বেহেলাটো সংগত কৰি সন্ধ্যাৰাগ এটাৰে উচুপি উঠিল । উচুপনিটো ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিল । ঘূৰি ঘূৰি মোৰ বুকুৰ দুৱাৰডলিত নিগাজীকৈ বহি ললে ।

বুকুৰ বৰঘৰটো বৰ আতোলতোলকৈ সাজিছিলো । খুঁটাবোৰো শিলৰ ৰচীৰে গাঁথিলো ।  গোটেইকেইখন দুৱাৰেই নিকপকপীয়াকৈ বন্ধ কৰি থলো । তাৰ মাজতো তোমাৰ জোখাৰে বাট এটি মোকোলাই থলো । অকণমানি বাট এটা ।  চাপৰ মুধচ । তুমি কোনোমতে হাউলি ভিতৰলৈ সোমাব পৰা এখন দুৱাৰ আনে নেদেখাকৈ মেল খাই থাকিল । মোৰ বুকুলৈ তোমাৰ বুকুৰ সুৰংগ ।

"ভালপোৱাৰ কিমান দাম অ? কিমান দাম? কোৱা মোক । দিম মই সেই দাম । " , বুকুৰ বৰঘৰত সেইদিনা হৃদয়ৰ অৰিয়া অৰি চলিছিল ।

" বহুত দুৰ আহিলো তোমাৰ হাতত ধৰি । এতিয়া হাত এৰি বাট সলাওঁ কিদৰে ? ",, শান্ত হৈ নিচুকনিয়ে উচুপিছিল  শেষৰাতিলৈ।

এজাক বৰষুণতে বৰঘৰৰ মুধচ ভাঙিছিল । তুমি ওলাই আহিলা । বিষাদৰ বৰষুণজাকে চোতাল বুৰালে । সাগৰ হেন পানী । হৰলাংৰ লোভত জোনটি আহি সেই পানীতে উবুৰি খাই পৰিছে । চাই ৰলো তাইলৈ । তোমাৰ জোখাৰে কটা বাটটিৰে জোনজনী সোমাই আহি পোহৰ এছাটি ছটিয়াই থৈ গল । জোনজনীয়ে নিজেই ধাৰত লোৱা পোহৰ । মোৰ আক' ধাৰ জোনৰ পৰা । ধাৰৰ ওপৰত ধাৰ । ভালপোৱাৰ কিমান দাম অ' বুলি ডাংকোপ মৰা ছোৱালীজনী এধানিমান পোহৰৰ ধাৰত চেপা খাই উধাব নোৱাৰা হ'ল  । ভালপোৱাৰ দাম দিব নোৱাৰাকৈ তাই কোঙা হৈ পৰিল । চকবজাৰৰ হাজাৰ হাজাৰ মানুহৰ ওচৰত জুইৰ ওপৰেৰে খোজকাঢ়িও, কাঁচৰ ভগা টুকুৰাৰ ওপৰেৰে নাচিও তাই সংগ্ৰহ কৰিব নোৱাৰিলে ভালপোৱাৰ দাম ।

হৰলাংৰ নিচাত সন্ধ্যাৰাগৰ তালত দুৱাৰখন এবাৰ মেল খালে, এবাৰ জাপ খালে , এবাৰ মেল খালে , এবাৰ……………

দাপোণৰ সন্মুখত (৯):
------------------------

সৰাপাতৰ খৰমৰনি এটাক সুৰৰ ৰূপ দিবলৈকে কলমেৰে খান্দিছিলো বুকু । তাৰ মাজতে ৰঙোৎসৱ পাৰ হ’ল মোৰ উকা সাজত । উদযাপন নহ’ল বসন্তোৎসৱ । বুকুত বাজিল চেনাইৰ ঢোলৰ চাপৰ । আশ্ৰয় ললো নিৰ্জন মৰুভূমিত, য’ত নাছিল সৰাপাতৰ খৰমৰনি কিম্বা বিহুৱতীৰ উচপিচনি । সেয়াও শতযুগৰ আগৰ কথা ।

মৰুভূমিৰ পৰা প্ৰত্যাৱৰ্তনৰ পাছতে ভৰ বাৰিষাৰ ভৰা লুইতৰ কাষত তোমাক পালো । “বৰ্ষা ঋতু ভাল পাওঁ মই, প্ৰতিশ্ৰুতি আছে তাত”, মোৰ প্ৰিয় গায়কে গাইছিল । বিশ্বাস নকৰাৰ প্ৰশ্নই নাহে । নতুন প্ৰতিশ্ৰুতিৰে নিজক বান্ধি ৰখাৰ প্ৰতিশ্ৰুতিবোৰ ধূসৰ কৰিলো । তুমি যে উলিয়াই আনিলা মোক মোৰেই পৰা !

এটা গান শুনি আছো জানানে কেইদিনমানৰ পৰা ? এটা গানেই……….ঠিকেই ধৰিছা…...এটা গানেই । ৰাতি এপৰলৈকে শুনিলো, “ জব জব চাহা তুনে ৰজ কে ৰুলায়া, জব জব চাহা তুনে খোল কে হসায়া" ।

গোটেই ৰাতিটো মূষলধাৰে বৰষুণ দিছিল । ঘৰৰ ছালত ফেঁচা এটাই নিউ নিউকৈ মাতিছিল । মোৰ মৃত্যুৰ খবৰে আকাশখনক বাউলা কৰিছিল । মোৰ সতে আকাশৰ বিলাপৰ ৰাগ আৰম্ভ হৈছিল শেতেলী পৰত তেতিয়াই ।

শিতানৰ গাৰুটোৱে চকুহাল মচি দিলে । তোমাৰ হাতখনিলৈ মনত পৰিল । কিমান দিনৰনো যাত্ৰা আছিল আমাৰ  ? অনন্তকালৰ সপোন দেখিছিলো মই…….পাগলী যে !

ৰাতি পুৱাইছিল । আকাশখনে বিনাইয়েই আছিল । ওচৰৰে মন্দিৰৰ পৰা ভাহি আহিছিল, “ৰূপম দেহি…… জয়ম দেহি……..যশো দেহি” । মহালয়াৰ খবৰ পালো বিছনাতে ।  দুৰ্গা দেৱী নামি আহিছে নিজৰ ঘৰলৈ…… মইও নামি গৈছো নিজৰ ঘৰলৈ…… তোমাৰ বুকুৰ পৰা নিজৰ বুকুলৈ ……সাতদিনৰ পাছত পূজাৰ আয়োজন হ’ব…… ৰামে সীতা-উদ্ধাৰৰ বাৰে লংকাযাত্ৰা আয়োজন কৰিব …… মোৰো প্ৰস্তুতি নিজক উদ্ধাৰ কৰাৰ ।

আৰু কেইদিনমানলৈ তোমাৰ বুকু খান্দিম……যিমানখিনিলৈ শিপাইছিলা মোৰ বীজ, সিমানখিনিলৈকে খান্দিম মই ……গংগাত পিণ্ডদান কৰিম সমূহ স্মৃতি …… আৰু অলপ দিনলৈ তোমাৰ বুকু খান্দিম মই ।

দাপোণৰ সন্মুখত (১০)
------------------------------

সফলতাৰ প্ৰশান্তি মনৰ মাজত । যদিওবা মনৰ অনন্ত উদ্যমৰ লগত শৰীৰৰ অসহযোগিতা ।

"তুমি ইমান দুখৰ কবিতা কিয় লিখা ? তোমাৰ কিহৰ ইমান দুখ ?" - যলৈকে যাওঁ এনেকুৱা প্ৰশ্নৰ সন্মুখীন হোৱাটো মোৰ বাবে স্বাভাৱিক কথা । সেয়া যে মই নিজক লৈ লিখা নাই,, আন কাৰোবাকহে প্ৰতিনিধিত্ব কৰো- এনেধৰণৰ অসংখ্য উত্তৰেও সকাহ দিব নোৱাৰাসকলক শেষত কওঁ, মোৰ ছবিবোৰ চাবা, দেখিবা মোৰ চকুৱে হাঁহে , মোৰ হাঁহিয়ে হাঁহে । মোৰ আত্মাৰ পূৰ্ণতা মোৰ প্ৰতিখন ছবিতে সোমাই আছে ।

কাম কৰি কৰি ভাগৰি নপৰা ছোৱালীজনীক মাথো এটা গানৰ দৰকাৰ, জীৱনৰ সকলো সুধা তাই সেই গানতে বিচাৰি পায় । কলমটোও যে কি অভং ! সুখৰ মূহুৰ্তবোৰত শুই পৰে , দুখৰ সময়তহে ধাৰাসাৰ বয় ।

তোমাক লগ পালো হঠাতে । এয়া মোৰ পৰম প্ৰাপ্তি । শূণ্যতাৰে ভৰি থকা বুকুখনলৈ ভীৰৰ মাজৰ পৰাই মোৰ চকুলৈ নামি অহা তোমাৰ দৃষ্টিটোৱে ৰজনীগন্ধাৰ দৰেই সুবাস কঢ়িয়াই আনিলে । মূহুৰ্তৰ ভিতৰতে জহি গ'ল অভিমান , গলিল শিলাময় বুকু । তোমাৰ বুকুৰ পৰা মোৰ বুকুৰ সুৰংগ আলোকিত হৈ পৰিল । শিপাডালৰ খোপনি আগতকৈও গজগজীয়া হৈ পৰিল । সকলো ক্লান্তি যেন  নিমিষতে নাইকীয়া হৈ গ'ল । ন উদ্যমেৰে সকলো দায়িত্ববোধ শিৰ পাতি ললো । যতেই নাথাকো কিয়, মোৰ নামৰ আগত বিয়োগ চিন বহিবলৈ নিদিওঁ …কথা দিলো তোমাক । কথা দিলো তোমাৰ অফুৰন্ত উচ্ছাসক । ……পিছে তোমাৰ অঁকৰা খঙটোলৈ মনত পৰি মৰমহে লাগিছে দেখোন তোমালে ।

উৰণীয়া মৌজনীৰ এটা বদঅভ্যাস আছে, " ক্ষণে তুষ্ট ক্ষণে ৰুষ্ট" । অতি সংবেদনশীল মনটো অলপ ৰুষ্ট হলেই এসাগৰ দুখত ককবকাবলৈ ধৰে । জীৱনবোধৰ গানেৰে বলীয়ান হৈ উঠো তেতিয়া ।
                             
                                উৰন্ত মনে মোৰ নামানে হেঙাৰ
                                হেঙাৰেই কৰে মোক মিঠা উপকাৰ
                                সুন্দৰ সূৰ্য্য ধিয়াই
                                নাচে মন নাচে প্ৰাণ
                                আশংকাবিহীন………

                                ( ভূপেনদাৰ …সময়ৰ অগ্ৰগতি )

দাপোণৰ সন্মুখত (১১)
-------------------------------

দুদিন পাৰ নৌহওঁতেই দুখৰ পিয়লাটো আকৌ পূৰ্ণ হৈ  পৰিল । মানুহৰ বুকুত যে কিমান জীয়া কবৰ লুকাই থাকে , যিবিলাক কেতিয়াও খন্দা নাযায় ! আনকি অতি প্ৰিয়জনৰ ওচৰতো ।

প্ৰিয় চহৰৰ অতি প্ৰিয় মানুহগৰাকীয়ে পৃথিৱীৰ পৰা মেলানি মাগিলে । নিষিদ্ধ গলিৰ দৰে মোৰ তাত প্ৰৱেশ নিষেধ । জীৱনৰ সূত্ৰত সেইবোৰ নিমিলা অংক । লুকাই চুৰকৈ চকুলো এটোপাল নিগৰাৰ বাহিৰে কি কৰিব পাৰো মই ? প্ৰিয় চহৰৰ দাঁতিয়েদি বৈ যোৱা প্ৰিয় নদীয়ে হাত বাউলি মাতিলেও নিৰুপায় মই । নিজৰ পৰা নিজলৈ যাত্ৰা কৰাৰ দিনাই এৰি আহিছিলো ইউকেলিপ্তাছজোপাৰ উচুপনি । সিদিনা মোৰ চহৰখনে ৰেলৰ গতিত গতি মিলাব নোৱাৰি পিছ পৰি আহিছিল ক্ৰমান্বয়ে । মোৰ ভিতৰখন টুকুৰা টুকুৰ হৈ চকুযোৰক হায়ৰান কৰাৰ পৰত সেই চহৰেই নিচুকাইছিল পুনৰ মোক, "ৰিং এটাৰহে বাট " বুলি ।

তুমি ভালে নাথাকিলা । মইও নাথাকিলো । দাপোণখনে বাৰে বাৰে সেই কথাকে কৈ আছে । ঘূৰি ঘূৰি এৰাবাটৰ সুৰটিকে গুণগুণাই থাকো । ভালপোৱাৰ শিপাডাল উভালিব পৰাকৈ এতিয়াও আধুনিকা হৈ নুঠিলো । হাঁহিছা নহয় ? জ্যামিতিকেল আকৃতিৰ মাজত আকৌ হৃদয়ৰ কি কাম বুলি  উপহাস কৰিছা ?

শেঁতা শেতেলীখনে এঙামুৰি দি বহিল । জালি কটা খিৰিকীৰে জোনাক এচেৰেঙা সোমাই আহিছিলহে মাথো । সময়ৰ আঙুলিত ধৰি পখিলা খেদি দৌৰি ফুৰা উতনুৱা শিশুৰ চঞ্চলতাৰে হাতৰ পৰা সেইখিনিও পিছল খাই পৰিল । ৰ'দকাঁচলিত বহি কলিজাটো শুকুৱাই থকাৰ পৰতো গঙাচিলনী এজনীয়ে তেজৰ গোন্ধ পাই কেঁচা কলিজাটো থপিয়াবলৈ একেবাৰে কাষলৈকে আহিলে । মৃত্যুভয় এটাই জোকাৰি গ'ল সেই সময়তে । আৰু কিমান দিনলৈ ? কিমানদিনলৈ হৃদয়ৰ এই টনাটনি ? অস্থিৰ বুকুখনে বাগৰ সলালে । সেন্দুৰখিনি বিয়পি পৰাৰ সময়তো ইউকেলিপ্তাছজোপাৰ গোন্ধটোৱে ৰূমটো আমোলমোলাই থাকিল । কান্দোনটো বুকুলৈকে উজাই আহিল । মাতৃসম সেই নাৰীৰ ওচৰত  কিদৰে ক্ষমা বিচাৰো মই ? নিষিদ্ধ জগতৰ বন্দিনী নাৰী এতিয়া মই । উৰণীয়া মৌজনীয়ে দুহাতেৰে মুখ ঢাকি উচুপিলে । ইউকেলিপ্তাছে নিচুকালে । 'মোক ক্ষমা কৰি দিবা আই ', বুলি চিতাৰ জুইকুৰা তাই বুকুত থাপি ল'লে ।

তুমি নুবুজিলা । কলমৰ খোঁচত সৰি পৰিল দুখৰ আঁচল । তথাপি তুমি নুবুজিলা । তোমাৰ ওচৰত মোৰ কোনো প্ৰশ্ন নাই । মোৰ ওচৰতো তোমাৰ কোনো উত্তৰ নাই । দুয়ো যেন নিজ নিজ কক্ষপথত আৱৰ্তিত দুটি বহেমীয়ান জ্যোতিষ্কহে । দুখৰ আঁচলত ধৰি তথাপিতো তোমাৰ জপনামুখলৈকে ঘূৰি আহো মই সদায় । কি নাম দিবা মোক ? পাগলী নে নিলাজী ?

দাপোণৰ সন্মুখত (১১)
-------------------------------

দুদিন পাৰ নৌহওঁতেই দুখৰ পিয়লাটো আকৌ পূৰ্ণ হৈ  পৰিল । মানুহৰ বুকুত যে কিমান জীয়া কবৰ লুকাই থাকে , যিবিলাক কেতিয়াও খন্দা নাযায় ! আনকি অতি প্ৰিয়জনৰ ওচৰতো ।

প্ৰিয় চহৰৰ অতি প্ৰিয় মানুহগৰাকীয়ে পৃথিৱীৰ পৰা মেলানি মাগিলে । নিষিদ্ধ গলিৰ দৰে মোৰ তাত প্ৰৱেশ নিষেধ । জীৱনৰ সূত্ৰত সেইবোৰ নিমিলা অংক । লুকাই চুৰকৈ চকুলো এটোপাল নিগৰাৰ বাহিৰে কি কৰিব পাৰো মই ? প্ৰিয় চহৰৰ দাঁতিয়েদি বৈ যোৱা প্ৰিয় নদীয়ে হাত বাউলি মাতিলেও নিৰুপায় মই । নিজৰ পৰা নিজলৈ যাত্ৰা কৰাৰ দিনাই এৰি আহিছিলো ইউকেলিপ্তাছজোপাৰ উচুপনি । সিদিনা মোৰ চহৰখনে ৰেলৰ গতিত গতি মিলাব নোৱাৰি পিছ পৰি আহিছিল ক্ৰমান্বয়ে । মোৰ ভিতৰখন টুকুৰা টুকুৰ হৈ চকুযোৰক হায়ৰান কৰাৰ পৰত সেই চহৰেই নিচুকাইছিল পুনৰ মোক, "ৰিং এটাৰহে বাট " বুলি ।

তুমি ভালে নাথাকিলা । মইও নাথাকিলো । দাপোণখনে বাৰে বাৰে সেই কথাকে কৈ আছে । ঘূৰি ঘূৰি এৰাবাটৰ সুৰটিকে গুণগুণাই থাকো । ভালপোৱাৰ শিপাডাল উভালিব পৰাকৈ এতিয়াও আধুনিকা হৈ নুঠিলো । হাঁহিছা নহয় ? জ্যামিতিকেল আকৃতিৰ মাজত আকৌ হৃদয়ৰ কি কাম বুলি  উপহাস কৰিছা ?

শেঁতা শেতেলীখনে এঙামুৰি দি বহিল । জালি কটা খিৰিকীৰে জোনাক এচেৰেঙা সোমাই আহিছিলহে মাথো । সময়ৰ আঙুলিত ধৰি পখিলা খেদি দৌৰি ফুৰা উতনুৱা শিশুৰ চঞ্চলতাৰে হাতৰ পৰা সেইখিনিও পিছল খাই পৰিল । ৰ'দকাঁচলিত বহি কলিজাটো শুকুৱাই থকাৰ পৰতো গঙাচিলনী এজনীয়ে তেজৰ গোন্ধ পাই কেঁচা কলিজাটো থপিয়াবলৈ একেবাৰে কাষলৈকে আহিলে । মৃত্যুভয় এটাই জোকাৰি গ'ল সেই সময়তে । আৰু কিমান দিনলৈ ? কিমানদিনলৈ হৃদয়ৰ এই টনাটনি ? অস্থিৰ বুকুখনে বাগৰ সলালে । সেন্দুৰখিনি বিয়পি পৰাৰ সময়তো ইউকেলিপ্তাছজোপাৰ গোন্ধটোৱে ৰূমটো আমোলমোলাই থাকিল । কান্দোনটো বুকুলৈকে উজাই আহিল । মাতৃসম সেই নাৰীৰ ওচৰত  কিদৰে ক্ষমা বিচাৰো মই ? নিষিদ্ধ জগতৰ বন্দিনী নাৰী এতিয়া মই । উৰণীয়া মৌজনীয়ে দুহাতেৰে মুখ ঢাকি উচুপিলে । ইউকেলিপ্তাছে নিচুকালে । 'মোক ক্ষমা কৰি দিবা আই ', বুলি চিতাৰ জুইকুৰা তাই বুকুত থাপি ল'লে ।

তুমি নুবুজিলা । কলমৰ খোঁচত সৰি পৰিল দুখৰ আঁচল । তথাপি তুমি নুবুজিলা । তোমাৰ ওচৰত মোৰ কোনো প্ৰশ্ন নাই । মোৰ ওচৰতো তোমাৰ কোনো উত্তৰ নাই । দুয়ো যেন নিজ নিজ কক্ষপথত আৱৰ্তিত দুটি বহেমীয়ান জ্যোতিষ্কহে । দুখৰ আঁচলত ধৰি তথাপিতো তোমাৰ জপনামুখলৈকে ঘূৰি আহো মই সদায় । কি নাম দিবা মোক ? পাগলী নে নিলাজী ?

দাপোণৰ সন্মুখত (১৩)
------------------------------

'আমালৈ মনত নপৰে তোৰ ? ' ,, ফোনৰ সিপাৰে সেয়া বৰ্ণালী ।

বিশ বছৰৰ মূৰত হেৰুৱা সম্পৰ্কৰ আঁত এটা বিচাৰি পাইছিলো । খবৰ লৈছিলো মোৰ প্ৰিয় চহৰৰ । ইমানদিনলৈ  অহা নাই বুলি সকলোৰে অভিমান । মই মোৰ ভৰিৰ শিকলিডাল কেনেকৈ খুলিব পাৰি বিচাৰি ফুৰিছিলো মাথোঁ । তেনে এটা দিনতে ব্যংগাত্মক শ্লেষ টানিছিল  আপোনজনে, "ইমানেই যদি প্ৰিয় সেই চহৰ, সেই চহৰে তোমাক চিৰদিনৰ বাবে আপোন কৰি নাৰাখিলে কিয় ?"

"আপোন কৰি নাৰাখিলে কিয় অ' বৰ্ণালী ?", দুনাই সুধিছিলো তাইক,
"তই যে তাতে বিয়া বাৰু হৈ দিন কটাইছ , মোকনো কিয় দূৰলৈ পঠিয়াই দিলি অ' বৰ্ণালী?" , তাৰ পাছত হাঁহি উঠিলো দুয়োজনীয়ে ।

মোৰ চকু কৰুণ ,  কোনো অজান কাৰণত ।  মোৰ মাত গধুৰ, কোনো অচিন ক্লান্তিত ।

ফোনটো থৈ চাঁদৰ ওপৰলৈ উঠি গ'লো । খোজকাঢ়িলো ৰেলিংৰ পাৰে পাৰে । টাবৰ ফুলখিনি আৰু মোৰ চূৰ্ণীখনৰ ৰংটো মিলি গ'ল । এৰিকাপামৰ পাতখিনিৰ মাজেৰে ৰাস্তাটোলৈ চাই পঠিয়ালো । বগা গাড়ীখনত ভেঁজা দি নাওমান দূৰত্বত তুমি । শীতৰ পুৱাৰ কোমল ৰ'দৰ আমেজ লৈ মই । কাণত ফোন । তোমাৰো । মোৰো । দেখি  থকা দূৰত্বতো ফোনত কথা পতাৰ মজাই সুকীয়া । কথা মাথোঁ কথা … জীৱন জীবলৈ শিকিলো মই । ঘৰত সিদিনা কোনোৱেই নাছিল , অথচ ভৰি আছিল মন । অকলশৰীয়া মুহূৰ্তবিলাকতো হাতত হাত ধৰি কাষে কাষে গৈ আছিলা তুমি ।

হঠাতে এৰিকাপামজোপাৰ মাজেৰে ধূসৰ হৈ গ'ল তোমাৰ অৱয়ব । বগা গাড়ীখন আহিনৰ কুৱঁলীয়ে ঢাকি পেলালে । চাঁদৰ পৰা নামি দৌৰি দৌৰি সেই ঠাইখিনি পালোগৈ , যত তোমাৰ  সুবাসেৰে সুবাসিত হৈ ৰৈছিল চৌদিশৰ বতাহ । কুঁৱলীৰ জাল ফালি তোমাক বিচাৰিলো । নাছিলা তুমি , কুঁৱলীৰ সিপাৰে অনন্ত শূণ্যতা । বতাহীয়ে উকিয়ালে , বতাহীয়ে সঁকিয়ালে, বতাহীয়ে নিচুকালে । ফাগুণৰ পছোৱাৰ দৰে উৰি ফুৰা মনটো সেইজাক বতাহতে থেকেচা খালে । উচুপি উঠিলো নীৰৱে । থেকেচনিত অসুস্থ হৈ পৰা হৃদয়খনৰ চিকিৎসা ক'ত ? ক'ত? প্ৰশ্নটো এৰি দিলো বতাহীলৈ ।

' জঝবা' চিনেমাখনৰ 'বন্দেয়া তু মুহ ম'ৰ কে নাযা' গানটোত ডুবি থাকিলো বহুতদিন । গান নহয় যেন তোমাৰ ওচৰত মোৰ আকুল প্ৰাৰ্থনাহে । আকাশে বতাহে বিয়পাই দিলো সেই খবৰ । তোমাৰ নিৰুদ্দেশৰ খবৰ । ঘৰ ভৰি পৰিল সিদিনা । ভিৰৰ মাজত অকলশৰীয়া হৈ উচুপিলো পুনৰবাৰ  ।

' পোৱা-নোপোৱাৰ হিচাপেৰে জীৱন নচলে । তোমাতকৈও নোপোৱা মানুহৰ সংখ্যা বহুত আছে ' , অনেকজন শুভাকাঙ্খীয়ে বুজালে । বুজিলো , সুখৰ আপেক্ষিকতাবাদত বিশ্বাসী তেওঁলোক । সুখৰ পাছত দৌৰা নাই মই কোনোদিন ।  সুখ মানেই মৰীচিকা । সুখ মানেই ক্ষন্তেকীয়া । দুখবোৰ চিৰস্থায়ী । নিসংগতাৰ পৰা আঁতৰিবলৈ কোনোবা নৈৰ জনশূণ্য পাৰত অকলে বহি ৰওঁ, তাতো দুখবোৰে ভৰাই ৰাখে বুকু । তুমি দি থৈ যোৱা নিসংগতাখিনিকে বুকুত সাৱটি পাৰ কৰি দিওঁ উজাগৰী ৰাতি । তোমাক হেৰুৱাই পেলোৱাৰ অভিমানত নিজে হেৰাই যাওঁ । তেতিয়াও দুখবোৰে বুটলি আনে মোক নিসংগতাৰ পাটিৰ পৰা ।

দুখবোৰে ভৰাই ৰাখে মোক । দুখবোৰে ভৰাই তোলে উশাহ । সেয়ে গধুৰ মোৰ উশাহ । গধুৰ  মোৰ চৌদিশ । তোমাক হেৰুওৱাৰ কষ্ট মোৰ আৰু নাই । নিজকে বিচাৰি পালো সিদিনা । তোমাৰ মৃত্যুৰ দিনাই জী উঠিলো মই ।


দাপোণৰ সন্মুখত (১৪) :
--------------------------------

ডাৱৰ আৰু নাই । মেঘাছন্ন আকাশত লমালমে লাগি থকা কজলাবৰণীয়া মেঘবোৰ সৰি পৰিল । সুৰুযৰ কিৰণে দিনবোৰ উদ্ভাসিত কৰি তুলিলে । ৰাতিবোৰো যেন স্ফটিকৰ টুকুৰাহে ।

সিদিনা ক্ষোভ অভিমানত তোমালৈ কটু বাক্য এৰিলো । আহত কন্ঠেৰে তুমি মাথোঁ সুধিলা, "তোমাৰ মুখখনৰ লগত শব্দকেইটা মিলিছে জানো ?"

দাপোণৰ সন্মুখত থিয় হ'লো পুনৰবাৰ । মোৰ মুখখনৰ লগত কটু শব্দ নিমিলে?? আচৰিত ! এই কথাটোকে মোক আজিলৈকে কোনেও নক'লে । জীৱনৰ কিমান সম্পৰ্ক অৱনমিত হ'ল মাথোঁ কেইটামান শব্দৰ কাৰণে !………………তোমাৰ সতে সম্পৰ্কটোৱে গোজেই গজালি মেলিলে । খোপনিটো দৃঢ় হৈ পৰিল । কুঁহিপাতবোৰ পৈণত হৈ ডাল পাতেৰে মোক মেৰিয়াই ধৰিলে । সেউজীয়া বৰণ , সেউজীয়া  সুবাস । উমলিছো , জামলিছো । মূৰৰ ওপৰত তোমাৰ হাতৰ ছাঁ …

দূৰৈত থকা প্ৰিয়ভাজন দাদাই লিখিলে, "তোমাৰ অনুষ্ঠান বুলিলে গুৱাহাটীলৈ কিয়, তাতোকৈ দূৰলৈ যাবলৈ সাজু আছো, যদিহে অফিচৰ পৰা ছুটী দিয়ে।" ……………হৃদয়তা কি মাধ্যমেৰে বয় ? কি মাধ্যমেৰে ? কলমেৰে ? অনুভৱেৰে ? নহয় । আত্মাৰে । কোনোদিন নেদেখাকৈয়ে তেওঁ মোৰ আত্মাৰ বাণী শুনিলে । ময়ো ………। আমি যে একে পথৰে পথিক ।

অফিচিয়েল কোনো সমস্যাত ডুবি থাকোতে বন্ধুবৰে পৰামৰ্শ দিলে, " কামত অলপ স্ট্ৰিক্ট হ'বি। নহলে অসুবিধা পাবি ।" ……………মই ক'লো , " বৃটিছ মানসিকতাৰে শাসন মাথোঁ দুশবছৰৰহে । ভাৰতীয় উদাৰ মানসিকতাৰে কিন্তু হাজাৰ বছৰ।আজিৰ মেনেজমেন্টে শাস্তিমূলক বিধান নিদিয়ে,  উদ্গনিমূলক বিধানৰহে পক্ষপাতী ।"

হতাশ বান্ধৱীয়ে জীৱনৰ মোহ হেৰুৱালে । ক'লে মোক, "জীৱনত একোকে নাপালো । জীয়াই থাকিবলৈ মন নাই আৰু ।" মই শ্লেষ টানিলো তাইক,  " ইয়াত নোপোৱাবোৰ মৰাৰ পাছত পাম বুলি গেৰান্টি পালি নেকি অ?" ……………হতাশ বান্ধৱীৰ হতাশা আঁতৰিল । হাঁহি এটিৰে ডায়েৰীত লিপিবদ্ধ কৰিলে হেনো পুনৰ্জন্মৰ চন-তাৰিখ-বাণী । ঠিক মোৰ দৰেই । যিদৰে মোৰ হতাশাৰ সময়বোৰত তোমাৰ ধনাত্মক আধানবোৰে মোক জীৱনবোধৰ শিক্ষা দিলে ।

…………ডাৱৰ আৰু নাই । ভালে আছো মই । ভালে থাকক পৃথিৱী ।…………

দাপোণৰ সন্মুখত (১৫)
…………………………………

আজি ৰাতিটোৰ বাবে চুক্তি হ'ল চকুযুৰিৰ স'তে । গোটেই ৰাতি হেনো কঢ়িয়াব পানী, তিয়াব দুগাল । মন আৰু মগজুৰ কাজিয়া দুৰ্বাদল । মইজনী নিৰ্বাসিত হ'লো নিৰ্জন দ্বীপত । আকাশত পপীয়া তৰাৰ আস্ফালন । ভয়াৰ্ত জোনজনীক নিচুকাব পৰা নাই সাগৰখনেও । আগ্নেয়গিৰিৰ তপত লাভাই দুভৰি চুমিছে । ক্ষত - বিক্ষত ভৰিত গঙাচিলনীৰ চকু । সিফালে মোৰ হাতত তুমি পৰাজিত সৈনিক । অথচ উল্লসিত হ'ব পৰা নাই মই আদিম মানৱৰ বন্যতাৰে । শিৰত কঢ়িয়াই ফুৰো তোমাৰ মৰমৰ ৰং … বুকুত বিষাদৰ চিম্ফনী … চৌৰাচিয়াৰ বাঁহীৰ সুৰৰ গুঞ্জন ।

আজি ৰাতিটোৰ বাবে চুক্তি হ'ল চকুযুৰিৰ স'তে । সমভাগী হ'ব হেনো বুকুখনিৰ স'তে ।

দাপোণৰ সন্মুখত(১৭):
---------------

বিপদৰ সতে খেলি ভাল পোৱা ছোৱালীজনীয়ে হৈছে তাই । সাপৰ স’তে খেলাৰ দৰে নিচা সেই খেলৰ । “জিন্দেগী এক জুৱা” আদৰ্শত বিশ্বাসী ছোৱালীজনী এযোৰ মাথোঁ চকুৰ দিশেৰে খোজ লৈছিল ।আনে যোৱা বাটেৰে নাযায় তাই । কিয় গৰকিব সেই পদূলি, যি পদূলিত মৰহে খৰিকাজাঁইৰ সুগন্ধি ।

নিচা ফাটি জোনজনী দুফাল হৈ কৰ্ফাল খাই পৰিছিল বাঁহীসুৰীয়া নৈখনত । বুকুত ডায়েৰী এখন উদ্ধাৰ কৰিছিল তাই । লিপিবদ্ধ কৰিছিল দুখবোৰ, সুখবোৰ, অস্থিৰতাবোৰ । পোহৰৰ বাটত অগণন হাত । আন্ধাৰ বাটত ডায়েৰীখনেই সাক্ষী । ডায়েৰীখনে তাইৰ স্বীকাৰোক্তিবোৰ শুনে, হয়তো মুখ টিপি হাঁহে, কোনোবাদিনা ককৰ্থনা কৰে ।

গাৰ্লচ হোষ্টেলৰ প্ৰথম মহলাৰ চুকৰ ৰূম এটাত তাই অকলে ৰামি খেলিছিল । দেৱদাৰুজোপাৰ পৰা নীৰৱে নিগৰা সুষীমাইও শাঁত কৰিব পৰা নাছিল অন্তৰৰ দহন । জীৱনৰ ঠিকনাবোৰ বে-ঠিকনা হৈ পৰাৰ সময় আছিল সেয়া । ডাষ্টবিনৰ এচুকত সপোনবোৰে উচুপিছিল । হয় । চাৰ্টিফিকেটবোৰ নিজ হাতে ফালি ছিৰি ডাষ্টবিনলৈ দলিয়াই দিছিল তাই ।

জীৱনৰ স’তে চুক্তি হৈছিল হঠাতে । তাচপাতৰ হৰতনৰ পাতখিলা নেমেলাকৈয়ে জুৱা খেলিবলৈ উদ্যত হোৱা জীৱনটো ৰো-ৰোৱাই সৰি পৰিছিল প্ৰতিশ্ৰুতিৰ বন্যাত । প্ৰতিশ্ৰুতিবোৰে তুলি ধৰিছিল হাতখন, জীপাল কৰি তুলিছিল মৰহিবলৈ ধৰা খৰিকাজাই ।

সিদিনা আকাশত মেঘে গাজিছিল । তাইৰ বুকুত মাদল বাজিছিল । হাড়িয়াৰ ৰাগীৰে উত্তাল মনটোৰ ঝুমুৰৰ তালে তালে অবাধ নৃত্য । দলদোপ হেন্দোলদোপ বুকুৰ বাটচৰা ।



দাপোণৰ সন্মুখত (১৮):

ক'ৰবাৰ এৰাসুঁতি এটাত মই নিজকে হেৰুৱাই পেলালো । এধানিমান আশাৰ ৰং সানি ছবি আকিঁছিলো । ৰামধেনুৰ ৰূপ লৈছিল সেইখনেই । সুখৰ দিনত টোঁৱাই থকা হাজাৰযোৰ চকুৱে দুখৰ দিনত দেখুৱাই দিলে সেইখন মাথোঁ এখন জলছবিহে আছিল, জীৱনৰ এছাটি বতাহে মনিব নোৱাৰা কৰা সেই ছৱি । বিছিন্ন হৈ পৰা জাহাজখনৰ দৰে বিছিন্ন হৈ পৰিছে সম্পৰ্কবোৰ । নিৰ্জন দ্বীপ কিম্বা মৰিশালীৰ নিস্তব্ধতা , নহয় নহয় , এটা এৰাসুঁতিহে মাথো…………

জীৱনবলীয়াজনীৰ প্ৰলাপত "তোমাৰ মূৰটো" বুলি গালি দিবলৈও তুমি আজি মোৰ গল্পৰ এটা নিৰ্বাসিত স্তৱক ।

শীতকাল ভাল লাগে কোনোবাই ক'লেও কাণ বন্ধ কৰি থওঁ …সেই যে তোমাৰ ৰঙা চুৱেটাৰটো । ৰঙা ভাল পাওঁ বুলিয়েই বজাৰৰ পৰা খেদি খেদি ৰঙাবোৰ থপিয়াই আনি মোৰ দুমোনা ভৰাবলৈ কিহে পাইছিল তোমাক ?

দাপোণৰ সন্মুখত (১৯):

অলপ আগলৈকে তালফাল লগাই থকা লৰাটো এষাৰ মাততে শান্ত হৈ তাইৰ ভৰিখনলৈ চাই থাকিল। তাৰ দৃষ্টি অনুসৰণ কৰি তাই কৈ পেলালে,
"তুমি বেঙুনীয়া নেইলপলিচ বেয়া পাইছিলা।"
সি শান্তভাৱে ক'লে, "তুমি ল'লে সৱ ভাল হৈ যায়।"
তাই তাৰ চকুলৈ চালে, "মই লৈ ল'লো তোমাক, তুমিও ভাল হৈ যোৱা।"
সি নিমাতে ৰ'ল, বুকুত যেন এজাক টুনী চৰাইৰ কলৰৱ ।
আৰু তাইৰ চকুৰ পতাত শাওনে ভৰুণ কৰা সোণোৱালী শইচৰ সপোন ।

দাপোণৰ সন্মুখত (২০):

"সেউজীয়া কৰি ৰাখিম তোমাক", কোনোবা এপৰত সেই কথা দিয়া হৈ গ'ল ।
কথা দিয়া লোৱাৰ কি চৰ্ত! সেয়ে সোধে,
"মেটেকাৰ দৰে নে, পুনিৰ দৰে নে ?"
"নাঃ নীৰৱ নদীৰ গভীৰ বুকুৰ শেলুৱৈৰ দৰে।"

শিপা ছিগিল । দেখিলো, নীৰৱ নদীৰ শেলুৱৈত পাক খাই ৰৈছে ছিন্ন শিপা।
ইফালে মেঘৰ মাদলত থিয়সাঁতোৰ দি বুৰি মৰে জলকন্যা ।
অহোৰাত্ৰ জপ কৰে তেওঁ, "প্ৰেম হৈ গৈছে মোৰ, প্ৰেম হৈ গৈছে…………"
তেওঁৰ ফালে চাব নোৱাৰি । চকু ভৰে, চকুত জলছবি নামে, ধূসৰ হৈ পৰে গুলঞ্চ ফুলৰ বুৰঞ্জী, ঠিক যেন বিভ্ৰমৰ দৰে…

দাপোণৰ সন্মুখত (২১):

এই সৰো এই সৰোকৈ থকা দুটোপাল অশ্ৰু, পানীপতাত ক্ৰন্দনৰত আকাশৰ টোপ টোপ ধ্বনি, বন্ধ কোঠৰীত মেহদী হাছান আৰু মই……
গম-এ-দুনিয়া ভী
গম-এ-য়াৰ মে চামিল কৰ লো………
অথবা,
ঠণ্ডী চৰ্দ হাৱা কে ঝোকে আগ লগাকৰ চোড় গয়ী………
আসঃ কান্দো নে বন্ধ কৰো গান? শুই থাকোনে ভাৱলেশহীন হৈ, পক্ষাঘাতত আক্ৰান্ত কলিজাখন লুকুৱাই থৈ………
কিম্বা,
নিৰ্বিকাৰ, নিৰুদ্বেগচিত্তে, বৃদ্ধ পাহাৰ এখনত পোত যোৱা এটা শিল হৈ…

দাপোণৰ সন্মুখত(২২):

এয়াতো যুদ্ধ নাছিল যে যুদ্ধজয়ৰ লালসা কিম্বা পৰাজয়ৰ বেদনাত অনন্তসময় নিচাত বুৰ গৈ থাকিম ।
এয়া প্ৰেম আছিল, জোৰ কৰি নিজৰ কৰিব নোৱৰা, জোৰ কৰি পাহৰিব নোৱৰা ।
অৱশেষত সঁজাৰ চৰাইজনী মেলি দিলো । ঘূৰি আহিবনে ? আহিবনে?
আসঃ! নাহিবই বা কিয় ? মোৰ প্ৰেমৰ সিমানখিনি শক্তি আছে । আছেনে ?
নীড়মুখী পখীয়ে ভালপোৱাৰ গান গালে । এৰা গালে ।
সেয়া যুদ্ধ নাছিল । তাত এবুকু প্ৰেম আছিল 

দাপোণৰ সন্মুখত(২৩):

এই ধৰক গল্পটো এনেকৈ আৰম্ভ হ'ল,
এখন চহৰত এহাল নায়ক নায়িকাৰ সপোনে ঘৰ বান্ধিছিল । বৰষুণ আৰু গানৰ সমাহাৰেৰে দুয়ো দুটি সপোন সাজিছিল ।
এই ধৰক, আশাৰ গছজোপা লহপহকৈ বাঢ়ি আহিছিল । এই ধৰক, বেংক বেলেন্স, মিউচুৱেল ফাণ্ডৰ উপৰিও মুকলি আকাশ চাব পৰাকৈ পাহাৰৰ দাঁতিত এটা ঘৰ …………আৰু ঢেৰ কিবাকিবি ………
এই ধৰক, সপোনবোৰক বেৰা দিবলৈ দুটি মিঠা সুৰে পৰ দি থাকিল ওৰে ৰাতি । আৰু ক্ৰমাৎ নিগাজী হৈ পৰিল আশাৰ পামঘৰ ।
আৰু শেষত খলনায়কে হানি খুচি বৰষুণৰ চহৰত এৰি গ'ল সপোনৰ নায়িকাৰ তেজাল স্মৃতি …
আৰু ধৰক ………
(নাঃ এই শব্দ বিলাসিতাত ডুবিব পৰা নাই মই । কলম উফৰিছে, শব্দই উচুপিছে, টঙীঘৰত হিয়ালি জিয়ালিকৈ সুৰ দুটাই বিনাইছে ।
এৰা !নায়িকাৰ অন্ত মানেইতো গল্প সমাপ্ত)

Comments

Popular posts from this blog