আজি তেওঁলৈ মনত পৰিছিলহে মাত্ৰ,
শব্দৰ ৰেণু মুঠি মুঠিকৈ গালে মুখে লাগিল,
তেওঁ খোজত খোজ আঁকি মোক লৈ গ'ল,
চাৰিমহলাৰ বেলকনিৰ ওপৰৰ মায়াবিনী জোনাকখিনি থপিয়াই আনি,
তৰা খচা ৰাতিত মোৰ কোলাত মূৰ থৈ টিলাটোৰ সতে কথা পাতিলে।
মই ডুবি মৰিলো তেওঁৰ বুকুৰ গভীৰতাত,
অস্ফূট উন্মাদনাত শব্দবোৰ মৌন হ'ল,
আৰু বাঁহীসুৰীয়া ৰাতিটো নিলাজ হৈ লুকাই থাকিল জাৰণিৰ আঁৰত ।
আমি গুচি গ'লো কোনো অভয়াৰণ্যলৈ,
বিলাসী গাড়ীত বহি পৰিলো দুয়ো।
গিয়েৰত তেওঁৰ হাত।
মোৰো…
প্ৰেমে হেনো স্পৰ্শ বিচাৰে(তেওঁৰ দাবী)।
এক লহমাৰ পৰশ মাথোঁ…
শব্দবোৰে গুণগুণাইছিলহে,
শিহৰণৰ উন্মাদনাত শব্দবোৰ মৌন হ'ল,
আৰু দুপৰৰ সূৰুযটো নিলাজ হৈ লুকাই থাকিল জাৰণিৰ আঁৰত ।
নাৰিকল গছৰ জালিকটা ছাঁ,
দূৰৈৰ ওখ ইউকেলিপ্টাচজোপাত ওলমি থকা প্ৰেমাস্পদৰ বলিয়া বা'
নতুবা
দেও লগা মন্দিৰটোৰ সিপাৰৰ এদলিচা সেউজীয়া,
কোনো পুৰাতন কাহিনীৰ জয়াল ঘাটত,
মৎসকন্যাই কেলি কৰাৰ পৰত,
উন্মাদনাই গতি লয়,
শব্দবোৰ মৌন হয়।
আৰু চহৰৰ সভ্য লাজবোৰ লুকাই ৰয়,
দেওশিলৰ দেওলগা পানীত ।
পানীত জঁক উঠে,
শিলে নাচে,
শব্দৰ ৰেণু মৎসকন্যাৰ গালে মুখে মুঠি মুঠিকৈ লাগে ।
ভৰিৰ শিঞ্জ সুলকে, কাণৰ কুন্তলযোৰো,
তেওঁৰ দুচকুত মোৰ দুচকু,
দুচকুত মায়া,
আচলতে বহুতদিনেই হ'ল তেওঁ লগ নিদিয়া ………

Comments

Popular posts from this blog