গল্প: যুদ্ধৰ শেষত – পৰী পাৰবীন

স্নেপশ্বট ১:

ক’লা-বগা ৰঙৰ নোমাল জেকেটটো উলিয়াই আকৌ সুমুৱাই থ’লে তাই। এই জেকেটটো পিন্ধিলে আজিকালি বিছাই ডকাদি ডাকে তাইক। কিন্তু জেকেটটো ধুনীয়া বাবেই আলমাৰীটো খুলিলেই জেকেটটো চকুত পৰে, অজানিতে হাতলৈ উঠি আহে আৰু গাত ওলোমাই তাই ফেৰফেৰীয়া বতাহজাকৰ সতে যুদ্ধত নামে। সেইখন যুদ্ধত তাই ঠিকেই জিকে। তুষাৰ আৰু বতাহজাকৰ অত্যাচাৰতো তাই বুকু ফিন্দাই বৰফৰ ৰাস্তাত খোজ থ’ব পাৰে। কিন্তু একে সময়তে আন এখন যুদ্ধইহে তাইৰ হৃদয় তোলপাৰ লগায়। প্ৰথম অৱস্থাত সেই যুদ্ধখনে ইমান বীভৎস ৰূপ ধাৰণ কৰা নাছিল। পিছলৈ যুদ্ধখনে জীৱন মৃত্যুৰ হিচাপবোৰো বেহিচাপী কৰি তুলিলে।
প্ৰথমবাৰ জেকেটটো পিন্ধাৰ দিনা তাই পখিলাৰ দৰে উৰি আছিল। জন্মদিনৰ উপহাৰ আছিল সেইটো। প্ৰিয়জনে দিয়া মৰমৰ উপহাৰ। ৱাৰ্ডড্ৰৱত সাঁচি থ’ব নে গাত সুমুৱাই ভালপোৱাবোৰ উমাল কৰি ৰাখিব, সেই সিদ্ধান্ত লওঁতেই এবছৰ লাগিছিল। পিছৰটো জন্মদিনত পিন্ধিছিল তাই, খুব আলফুলকৈ পিন্ধিছিল, আৰু সিদিনাই সি তাইক আৰু কিছুমান আলফুলীয়া অনুভৱ উপহাৰ দিছিল।
সেই আলফুলীয়া অনুভৱখিনিও বুকুৰ বৰঘৰত সযতনে ৰাখিবলৈ জাপি কুচি লৈছিলহে, তেনে সময়তে ৰণডংকা বাজি উঠিছিল। সন্তৰ্পণে, অতি গোপনে আহি যুদ্ধৰ বাতৰি তাইৰ মনৰ বাকৰি পাইছিলহি। ৰাতিপুৱা চকু মেলিয়েই দেখিছিল বৌদ্ধ ভিক্ষুৰ দৰে এক নাৰীমূৰ্তি, দুৱাৰ খুলি কিঞ্চিত আচৰিত হৈছিল তাই, কি লাগে, এই ৰাতিপুৱাই কি লাগে তাইক?
“মোৰ স্বামী।“, ভিক্ষুনীয়ে আঁচল মেলি ভিক্ষা খুজিছিল।
“আপোনাৰ স্বামী?”, তাই হতবাক হৈছিল। মনতে ভাবিলে, হয়তো মানুহগৰাকী বেলেগ ক’ৰবালৈ যাব লগা আছিল।
“মোৰ স্বামীক আপুনি মনৰ মাজত বন্দী কৰি থৈছে”, ভিক্ষুণীৰ আড়ষ্টতাবিহীন কণ্ঠ।
“হেই! কি অপবাদ দিছে আপুনি?”, ধৈৰ্যৰ বান্ধ খুলিছিল তাই।
“নিলয় চৌধুৰীৰ পত্নী হয় মই”, সমান উষ্মাৰে চিঞৰিছিল আগন্তুকাই।
চোফাখনত বহি পৰিছিল তাই, চক্ৰাকাৰে ঘূৰিছিল সমগ্ৰ পৃথ্বী। এই যেন চিঞৰি চিঞৰি নিলয়ক মাতিব, ক’ব,
“নিলয়, তুমি কোৱা মোক, এই মানুহগৰাকীৰ প্ৰতিটো কথা মিছা বুলি কৈ দিয়া মোক।“
ভিক্ষুনী নাৰী গুচি গৈছিল। তাইৰ বুকুত তেতিয়া দুই অক্ষৌহিণী বাহিনীয়ে যুদ্ধৰ আখৰা আৰম্ভ কৰিছিল। এই যুদ্ধৰ দলদোপ-হেন্দোলদোপত ভাৰসাম্য ৰাখিব নোৱাৰি তাই সিদিনা বহিৰ্জগতৰ লগত সম্পৰ্ক ছেদ কৰি বন্ধ কোঠালিত পায়চাৰি কৰি ফুৰিলে। নিলয়ৰ ফোন আহিছিল কেবাবাৰো। তাই ফোনটো কাটি দিছিল। তেতিয়ালৈকে তাই নাজানে কথাটোৰ সত্যতা। ইমানদিন যি প্ৰেমৰ নাদত অৱগাহন কৰা গ’ল, সেই নাদ কি তাইৰ কোনোদিনেই নাছিল? সেই নাদৰ একছত্ৰী সম্ৰাট আছিল সেই ভিক্ষুনী যেন লগা নাৰীগৰাকীহে। হয়, সেয়ে সত্য। তাইৰ অন্তৰাত্মাইও সেই সত্যতাৰ প্ৰমাণ দিয়াত বিষাক্ত হুমুনিয়াহেৰে ভৰি পৰিছিল বন্ধ ৰূমৰ প্ৰতিটো ছিদ্ৰ।
স্নেপশ্বট ২:
প্ৰতাৰণা। এই সম্পৰ্কৰ এতিয়া এটাই নাম, সেয়া হৈছে প্ৰতাৰণা, বাৰে বাৰে সেই সত্যতাৰ মূলভাৱ ব্যাখ্যা কৰিছিল তাই।
“ঠগিলে সি মোক, সি ঠগিলে মোক”, ভালপোৱাৰ চোক কমাবলৈ অহৰহ এই বাক্যশাৰী আবৃত্তি কৰিছিল। বাৰে বাৰে নিলয়ৰ ফোন কাটিছিল, এসময়ত ফোনটো অফ কৰি থৈছিল। ফোন নাপাই সি তাইৰ ৰূম পাইছিলহি। তাই পলৰীয়া সৈনিকৰ ভেশ লৈছিল। মূল দুৱাৰত তলা ওলোমাই পিছ দুৱাৰেৰে ওলোৱা সোমোৱা কৰিছিল। এক অৰ্থত, তাই নিজৰ ছাঁটোও দেখুওৱাৰ পক্ষপাতী নাছিল তাক।
ৱাৰ্ডড্ৰবত সোমাই আছিল জেকেটটো। ৱাৰ্ডড্ৰৱ খুলিলেই ক’লা-বগা পোহৰ এছাটিয়ে চকু চাঁট মাৰি ধৰে তাইৰ। নিলয়ৰ লগত সংযোগ বিছিন্ন কৰিলেও নোমাল উমাল জেকেটটোৱে নেৰে তাইক। জেকেটটোৰ মোহ এৰিব নোৱাৰি তাই এদিন সুমুৱাই ল’লে গাত। জেকেটটো দেখিলেই পিন্ধিবলৈ মন যায়, আৰু পিন্ধিলেই তাক ক’ৰবাত দেখা পাই যায় তাই। হয়তোবা সপোনত দেখে, নহয়তো চলন্ত গাড়ীৰ খিৰিকীৰে দেখি যায় তাৰ উদাস, শীৰ্ণ মুখ, কাতৰ চেহেৰা। অস্বস্তি লাগে তাইৰ। তাৰ প্ৰতি ঘৃণাভাৱ বাহাল ৰাখিবলৈ তাৰ উদাস চকুহাল নেদেখাটো একান্তই প্ৰয়োজন।
এনে অস্থিৰতাৰ মাজত এদিন বুঢ়া লুইতৰ পাৰত বহি জেকেটটো বিসৰ্জন দিলে। এই ক’লা-বগা জেকেটটোৱে তাইৰ দিনবোৰ ধূসৰ কৰি তুলিছে। মুক্তি লাগে এই বৰণহীনতাৰ পৰা। তাই জেকেটটো এৰি থৈ আহি ৰূম পায়হি।
সিদিনাই তাই খবৰ পালে, তাৰ এক্সিডেন্ট হৈছে, হয়তো অন্যমনস্কতা বা আন কোনো কাৰণত সি গছ এজোপাত খুন্দা মাৰিছিল। তাক ভৰ্তি কৰা নাৰ্ছিংহোমৰ বিভাগীয় ডাক্তৰ, তাইৰ সৰুকালৰ বান্ধৱী কাননজিতাই ফোন কৰিছিল তাইলৈ, নিলয় চৌধুৰীৰ এক্সিডেন্ট, অজ্ঞান অৱস্থাত বাৰে বাৰে নাম লৈ আছে তাইৰ। পুনৰ এটা দোদুল্যমান অৱস্থাত পৰি গ’ল তাই। নাৰ্ছিংহোমলৈ যোৱা উচিত নে অনুচিত? কি কৰে তাই? মানৱীয়তাৰ খাতিৰত হলেও! নাই নাই, কোনোপধ্যেই নোৱাৰে যাবলৈ, বহুত জটিল হৈ পৰিছে কথাবোৰ। তাৰ পত্নীৰ ওচৰত পুনৰ প্ৰশ্ন হৈ থিয় দিব নোৱাৰে তাই।
উত্তৰ বিচাৰি তাই ৰেলিঙত ভেজা দি উত্তৰ আকাশৰ স্থিৰ নক্ষত্ৰটোলৈ চাই ৰ’ল। তাইকো এই স্থিৰতাৰ দৰকাৰ। বাৰে বাৰে স্থিৰতাৰ সূত্ৰ বিচাৰি জীৱন-জগত চলাথ কৰিছে। উত্তৰহীনতাই উত্তৰ হৈছে তাইৰ প্ৰতিটো প্ৰশ্নৰ। সেই নতুনকৈ ঘিণ কৰিবলৈ শিকা, তাইৰ ভাষাত প্ৰতাৰণা কৰা মানুহজনে হস্পিতেলত অজ্ঞান অৱস্থাতো তাইৰেই কথা বিৰবিৰাই আছে, তথাপি তাই তাত গৈ খোজ থ’ব নোৱাৰে। অদ্ভূত এক শিকলিয়ে বান্ধি থৈছে তাইক।
পশ্চিমৰ পৰা অহা ফেৰফেৰীয়া জলবতাহখিনিয়ে সিদিনা তাইৰ মনৰ জুই ঠাণ্ডা নকৰিলে। ঠাণ্ডা কৰিবলগীয়া হ’ল গিলাচত বাকি লোৱা পেগটোৰেহে। তাৰপিছতে তাই টোপনিত ঢলি পৰিল।
“পাঞ্চালী। পাঞ্চালী। মোক ক্ষমা কৰা। যি কৰিছিলো, তোমাৰ প্ৰেমত অন্ধ হৈয়ে কৰিছিলো, আজি তুমি যি প্ৰেমক প্ৰতাৰণা নাম দিলা, সেই প্ৰেমক এতিয়াও পূজা কৰোঁ। মই যদি ভুল কৰিছো মোৰ পত্নীৰ ওচৰতহে কৰিছোঁ, তোমাৰ ওচৰত মই নিষ্পাপ। চকু মেলি চোৱা পাঞ্চালী। চকু মেলি চোৱা। মোৰ প্ৰেমৰ নৈবেদ্য গ্ৰহণ কৰা।“
চাতকৈ চকু মেলি চাই পঠিয়াইছিল তাই। দুভাগ ৰাতিৰ সময় আছিল তেতিয়া। বাহিৰৰ নিমাওমাও পৰিবেশ ভেদি দুটামান নিশাচৰ প্ৰাণীৰ আৰাও। বেৰৰ ঘড়ীটোৰ ছেকেণ্ডৰ কাঁটাত অবিৰাম গতিশীলতাৰ ধ্বনি। নাতিদূৰত নাৰ্ছিংহোমখন। তাতে পৰি আছে নিলয় চৌধুৰী। পানী এঢোক খাই তাই বিছনাত বাগৰিলে । “তাৰ বাৰু জ্ঞান ঘূৰি আহিছেনে?”, লগে লগেই মনৰ ঘোঁৰাটোৰ লেকাম টানিলে।
আকৌ টোপনিত ঢলি পৰিল তাই। আগনিশা লোৱা ড্ৰিংকচটোৰ বাবেই যুদ্ধখনে তাইক নিৰলে এৰি থৈ গৈছে, আৰু সেই সময়খিনিতে তাই টোপনিত ঢলি পৰিছে।
“মোক ক্ষমা কৰা নাই নহয় পাঞ্চালী? মোৰ ভুল কি কোৱা। তোমাক মিছা কৈছিলো, সেই ভুলৰ শাস্তি দিছা তুমি। শুনা পাঞ্চালী, মহাৰথী কৰ্ণইও মিছা মাতিছিল, মিছা মাতিছিল কেৱল পৰশুৰামৰ অনুগ্ৰহ পাবলৈকে। মিছা মাতিছিল পৰশুৰামৰ পৰা অস্ত্ৰবিদ্যা শিকিবলৈকে। মইও মিছা মাতিছিলো, তোমাৰ প্ৰেম পাবলৈকে। পূজিছিলো তোমাক, যি শাস্তি দিয়া মোৰ প্ৰাপ্য। ঘিণ কৰা, শাওপাত দিয়া, মৃত্যুকামনা কৰা। কিবাতো কৰা, এনেকৈ মৌন হৈ নাথাকিবা প্লিজ পাঞ্চালী। পাঞ্চালী প্লিজ।“
দূৰৈৰ পৰা চেপা মাতষাৰ আহি বাৰে বাৰে তাইৰ কৰ্ণকূহৰত আমনি কৰে। সেয়া চিনাকী মাত, সেয়া নিলয়ৰ মাত। তাই বেলকনিলৈ ওলাই আহে। নিচা ফাটিল তাইৰ । এতিয়া আকৌ যুদ্ধ আৰম্ভ। যুদ্ধ আৰম্ভ মানেইতো উজাগৰী নিশাৰ সতে সংগম আৰম্ভ । এই প্ৰতাৰণাৰ আন এক কাৰণোতো ভালপোৱাই হয়। সেই কথা কেনেকৈ অস্বীকাৰ কৰে তাই? অতীতমুখী নহয় তাই। যি হৈ গ’ল হৈ গ’ল। সেয়া তাইৰ অজানিতে হ’ল। কোনোখিনিতেই তাইৰ ভুল নাছিল। সেই আত্মসন্তুষ্টিত ডুবি দিনবোৰ গণে। তাক এৰি অহা এমাহ হ’ল। এমাহতে তাৰ গাড়ী এক্সিডেন্টৰ খবৰ শুনিলে। জীৱনটো পৰি আছে। কি হ’বগৈ তাই নাজানে। হয়তো সময়ে বিৰহৰ দুখ পাতলাব। তেতিয়ালৈ সি ঠিক হ’ব। আৰু তাই?
তাই যুদ্ধখন চলাই নিব। প্ৰতিনিশা তাক ঘৃণাৰ শেল টানি থকা-সৰকা কৰিব। কোনোবাদিনা ভাগৰি পৰিব। কোনোবাদিনা জিকিব। ক’লা-বগা জেকেটটো দলিয়াই থৈ অহাৰ দৰেই জীৱনে এইখিনি সময়ো এদিন দলিয়াই দিব।
স্নেপশ্বট ৩:
বান্ধৱী কাননজিতা আহিছিল তাইৰ ওচৰলৈ, তাইৰ কৃশ চেহেৰা দেখি ধমক লগাইছিল। নিলয়ৰ বাতৰি দিছিল, অসংখ্য শাৰিৰীক জটিল অৱস্থাৰেই সি নাৰ্ছিংহোমৰ বিচনাত জীৱন-মৃত্যুৰ স’তে যুঁজি থকাৰ কথা কৈছিল। তাইৰ মনৰ বুজ ল’বলৈকে হয়তো কাননজিতাই উচ্চাৰণ কৰিছিল, সি এতিয়াও সংকটমুক্ত নহয়।
কথাবোৰ উপেক্ষা কৰিছিল তাই। ঠিক উপেক্ষা কৰিছিল নে উপেক্ষা কৰাৰ ভাও ধৰিছিল সেয়া তাইৰ জ্ঞাত নহয়। যিদৰে জ্ঞাত নহয়, তাক ঘিণ কৰিছিল নে ঘিণ কৰাৰ ভাও ধৰিছিল। জেকেটটোৰ পিছত এইবাৰ তাইক আমনি কৰিলে সোণৰ লকেটটোৱে। অতদিন বাকচৰ ভিতৰত সোমাই থকা লকেটটোৱে আজিহে মোক পিন্ধ, মোক পিন্ধকৈ তাইৰ ফালে চকু টিপিয়াই জোকাই আছে। অদ্ভুত এক সন্মোহন শক্তি সি দিয়া উপহাৰবোৰৰ। তাই চেইনডালত লকেটটো নলগাই নোৱাৰিলে। লকেটটোত জিলিকি উঠিল তাৰ আহত চকুহাল। এইহালে তাইক দুৰ্বল কৰি পেলায়। এইহাললৈ তাই চাব নোখোজে। দাপোণৰ পৰা মুখ ঘুৰাই নিজকে পাৰে মানে গালি পাৰে, “কি যে বিড়ম্বনা! এয়া কাকতলীয় ঘটনাহে, কোনোপধ্যেই যুক্তিকৰ কথা নহয়।”
দুৱাৰত তলা লগাই বাহিৰলৈ যাওঁ বুলি জোতাযোৰত ফিটা লগাইছিল মাথোঁ, আকৌ গেটত হাত দিছিল সেই ভিক্ষুণী নাৰীয়ে, এইবাৰ সেই নাৰীৰ চকুত ক্ৰোধ, হিংসা, কণ্ঠও অনিমজ, ৰুক্ষ সুৰ।
“তোৰ কবলৰ পৰা মোৰ মানুহজনক মুক্ত কৰি দিবিনে?”
“মোৰ কবলৰ পৰা?”, সুধিম বুলিও সোধা নহ’ল তাইৰ। তাইৰ কৰণীয় কি এতিয়া? কোনে ক’ব তাইৰ কৰণীয় কি? আকাশে-বতাহে নোকোৱা কথাবোৰ প্ৰতিধ্বনিত হ’ল। সেই নাৰীক কথা দিয়া হৈ গ’ল। আজিৰ পৰা নিলয় চৌধুৰী তাইৰ জীৱনত নিষিদ্ধ নাম। একদম নিষিদ্ধ। হ’বনে এতিয়া? বুঢ়া লুইতৰ পাৰত বহি এইবাৰ ডিঙিৰ লকেটটো বিসৰ্জন দিলে।
লকেটটো দলিয়াই থৈ অহাৰে পৰা বুকুখনত ৰিঙা ৰিঙা অনুভৱ এটা হ’ল। আগতে গধূলি সময়খিনি তাৰ লগত কটোৱাটো অৱধাৰিত নিয়ম আছিল। দিনটোৰ সঞ্চিত কথাখিনি ক’বলৈ আজিও কেতিয়াবা ফোনটো উঠাই লয়, তাৰ পিছতহে বুজি উঠে, মন গ’লেই তালৈ ফোনটো দাঙি ল’বলৈ বাৰণ কৰি থোৱা আছে নিজক। এতিয়া এই সৰু সৰু কথাবোৰ নিজৰ মাজত জীণ নিয়াৰ বাদে আন উপায় নাই। সি নাই। তাৰ অনুভৱ নাই। সৱৰে নিষিদ্ধকৰণ হৈ গৈছে। ঘিণ কৰে তাই তাক। সি ঘৃণাৰ যোগ্য। অথচ, অথচ এনে হোৱাৰতো কথা নাছিল। সমাজ, সম্পৰ্ক, বৈধতা, ত্যাগ-এই শব্দবোৰ ৰণুৱা ঘোঁৰা হৈ যুদ্ধক্ষেত্ৰ তল ওপৰ লগায়। সিদিনাও ড্ৰিংকচ ল’বলৈ বাধ্য হ'ল তাই। সুৰাৰ নিচাত তাই টোপনিত ঢলি পৰে আৰু সপোনত সি আহি তাইক কাকূতি কৰে, “মোক ক্ষমা কৰি দিয়া পাঞ্চালী। দ্ৰৌপদী থকাৰ পিছতো স্বয়ং অৰ্জুনেই সুভদ্ৰাৰ প্ৰেমত পৰি বিবাহপাশত আবদ্ধ হৈছিল। মইতো নিমিত্ত মানৱ।”
আঁতৰি যোৱা, আঁতৰি যোৱা বুলি তাই তালফাল লগায়। থুৱাই দিয়ে তাই তাৰ নামত। তাইৰ তেজমিহলি থুৰে ৰক্তাক্ত হৈ পৰে ৰণভূমি। তেনেতে এদিন দ্ৰয়াৰ খুলি দেখিছিল সেই ছবিখন। ছবিখনৰ কথা তাইৰ তিলমানো মনত নাছিল। ছবিখন হাতত লৈ তাই উদভ্ৰান্ত হৈ অতীতৰ কোঠালিটোত বিচৰণ কৰিলে পুনৰ।
স্নেপশ্বট ৪:
“পাঞ্চালী, একদম লৰচৰ নকৰিবা। এতিয়াই হৈ যাব তোমাৰ ছবি। এয়া চোৱাচোন হৈছেনে নাই।“, মধুৰ দিনবোৰৰ কোনো এক লহমাৰ দৃশ্যাংশ আছিল সেয়া। তাইক চকীখনত বহিবলৈ দি সি পেঞ্চিল-তুলিকাৰে কেনভাচ বুলাইছিল।
কেনভাচখন হাতত লৈ তাই আনন্দত চিঞৰি উঠিছিল, “বাঃ ইমান সুন্দৰকৈ আঁকিলা মোক। মই যে এইখন বন্ধাই থ’ম।“
“ৰ’বা, চহীটো কৰি দিওঁ আক।“, তাইৰ পোৰ্ট্ৰেইটখনৰ তলত তাৰ চহীটো মাৰি গালত মৃদু টোকৰ লগাইছিল।
চহীটো একেই আছে, নিলয় চৌধুৰীৰ চহী । ছবিখনহে বন্ধোৱা নহ’ল। সেই ছবিখনৰ কি কৰা যায়? ভ্ৰুকুতি কৰি কৈ পেলায় নিজে নিজক, “কি কৰা যায় আৰু, চিম্পল কথা, জ্বলাই পেলোৱা যায়”। লাইটাৰটো জ্বলাই ছবিখন পুৰিবলৈ ওচৰলৈ নিয়ে, তেনেতেই পিছফালৰ দুৱাৰেৰে সোমাই অহা কাননজিতাই চিঞৰি উঠে,
“নাই পাঞ্চালী, তই এনে কাম নকৰিবি। কাৰোবাৰ সৃষ্টিক পুৰিবলৈ কি অধিকাৰ আছে তোৰ?”
দুহাতেৰে চুলিখিনি খামুচি ধৰে তাই,
“কিয় এনে হয় কাননজিতা? যিদিনাই মই এক মিনিটৰ বাবেও তাৰ কথা মনত পেলাওঁ, সিদিনাই তাৰ খবৰ পাওঁ। এই কথাবোৰ জানো বিজ্ঞানসন্মত?”
“মনোবিজ্ঞানসন্মত।”, কাননজিতাই তাইৰ মুখৰ কথা কাঢ়ি উত্তৰ দিয়ে।
“তাৰ নামটোৱে মোক শান্তিৰে থাকিবলৈ নিদিয়ে কানন।"
"মনলৈ নানিবি তাৰ কথা", কাননজিতাৰ মন তেতিয়া অন্য চিন্তাত আবদ্ধ ।
"কেনেকৈ মনলৈ নানিম কানন? টেবুলত বহিলে, আলমাৰী খুলিলে, ড্ৰয়াৰ মেলিলে তাৰেই বস্তু গোটেইবোৰ । সি দিয়া উপহাৰেৰে মোৰ ঘৰ ভৰি আছে। এই উপহাৰবোৰে মোক তাৰ কথা পাহৰিবলৈ নিদিয়ে কানন।"
"জুইত পুৰি পেলা, নৈত উটুৱাই দে, কিবা কৰি আঁতৰি আহ তই, নহ'লে তই জীয়াই থাকিব নোৱাৰিবি পাঞ্চালী।"
কাননজিতাক সাৱটি ল’লে তাই, সুধিব খুজিলে, সি ঠিকে আছেনে? নুসুধিলে। এই নামটো তাইৰ জীৱনত নিষিদ্ধ। নিষিদ্ধকৰণ হৈ গৈছে তাৰ সৈতে জড়িত প্ৰতিটো কথা। নিলয় নামটো তাই শুনিব নিবিচাৰে, নিলয়ে দিয়া বস্তু পিন্ধিব নিবিচাৰে, নিলয়ে অঁকা ছবিখন লগত ৰাখিব নিবিচাৰে।
“কানন কানন, প্লিজ মোৰ ওচৰৰ পৰা তাক আঁতৰাই লৈ যা। প্ৰতিটো উশাহত তাৰ নামটো মোৰ ভিতৰলৈ সোমাই যায়, বুকু ভেদি সি ৰৈ গৈছে ক’ৰবাত। উলিয়াই লৈ যাচোন কাননজিতা।”
তাইৰ বলিয়ামি দেখি ডাক্তৰ কাননজিতাৰো চকু চলচলীয়া হয়। তাইৰ চকুৰ আগতে মানসিক ৰোগৰ চিকাৰ হ’বলৈ গৈ আছে তাইৰ প্ৰিয় বান্ধৱী। গিলাচত পেগৰ ওপৰি পেগ ঢালিছে হতাশগ্ৰস্ত বান্ধৱীয়ে, মুখ বিকটাই গলাধঃকৰণ কৰিছে আৰু এসময়ত ঢলং পলংকৈ গৈ বিছনাত বাগৰি পৰিছে। বিছনাত বাগৰাৰ লগে লগে তাই নাক বজাই টোপনি গৈছে। লগে লগে সপোন দেখিছে ছবিখনৰ। দেখিছে, ছবিখনৰ চহীটোৰ পৰা উঠি আহিছে নিলয় চৌধুৰী, আহি তাইৰ পেটটোত মুখ গুজিছে আৰু সোমাই গৈছে অটল গহ্বৰলৈ, গৈ আছে, গৈ আছে, গৈ গৈ ক্ৰমাৎ নেদেখা হৈ পৰিছে। সপোনৰ পৰা সাৰ পাই তাই জাপ মাৰি উঠিছে, ইফালে সিফালে চাইছে, একো বুজিব পৰা নাই ক’ত আছে, কাননজিতাক দেখিছে, কাষতে ষ্টেথোস্কোপ লৈ আন এজন ডাক্তৰে তাইৰ পালচ পৰীক্ষা কৰিছে, ভৎসৰ্না কৰিছে তাইক,
“আপুনি জানেনে যে আপুনি প্ৰেগনেন্ট। এই সময়ত ইমান ড্ৰিংকচ কৰাটো বেবীৰ কাৰণে অত্যন্ত ক্ষতিকাৰক। এতিয়াৰে পৰা হাৰ্ড ড্ৰিংকচ একদম নচলিব।“
টুলটুলীয়া চকুহালেৰে কিছুপৰ ডাক্তৰলৈ চাই ৰয় তাই। কপাল কোঁচাই চিন্তা কৰে, কি কৈ আছে এই ডাক্তৰে। তেওঁ ইয়ালৈ আহিলেইবা কিয়? কোনে মাতিলে তেওঁক? প্ৰেগনেন্ট, বেবী, হাৰ্ড-ড্ৰিংকচ এই শব্দবোৰ মূৰত নোসোমায়। কথাবোৰ কাণত সোমায়, যেতিয়া কাননজিতা আহি স্ত্ৰীৰোগ বিশেষজ্ঞজনৰ সতে চিনাকী কৰি তাইৰ মূৰত হাত বুলাই বুজাই দিয়ে। ডাক্তৰৰ ঘোষণা শুনি হাঁহিবলৈ মন গ’ল তাইৰ। হাঁহিবলৈ মন গ’ল যুদ্ধজয়ৰ আনন্দত। নিষিদ্ধকৰণৰ পাছতো নিলাজ কোষটোৱে তাইৰ গৰ্ভ বেদখল কৰাৰ খবৰ পাই বৰকৈ হাঁহি উঠিল তাইৰ। খঙো উঠিল কিছু পৰিমাণে। সপোনটোৰ হেং-অভাৰত আক্ৰান্ত মূৰ। বিষত চিঞৰি উঠে,
“বচ। খেলা খতম। নৈত উটুৱাই দে কানন। কৈছিলি নহয় তই, তাৰ সকলো উপহাৰ নৈত উটুৱাই দিবলৈ”।
“আৰু সন্তানটো?”, বিস্মিত হৈ মানসিক ৰোগীৰ আচৰণ কৰা ছোৱালীজনীলৈ চাই থাকে কাননজিতাই। তাৰ পিছত তীক্ষ্ণ স্বৰেৰে সুধিলে,
“সঁচাকৈ ক, কি কৰিম বুলি ভাবিছ তই?”
“এবৰচন।”, তিলমাত্ৰও ওঁঠখন নকঁপোৱাকৈ উত্তৰ দিলে তাই।
স্নেপশ্বট ৫:
কাননজিতা আৰু পাঞ্চালীৰ মাজত তীব্ৰ বাক বিতণ্ডা। পাঞ্চালী নিজৰ সিদ্ধান্তত অটল । এই সন্তানৰ জন্ম নহয়। এই সন্তান তাইৰ কাম্য নহয়। কাম্য নোহোৱাৰ কাৰণ এই সমাজ নতুবা বদনাম নহয়, বৰঞ্চ নিলয় চৌধুৰীৰ প্ৰতি ঘৃণা জাগ্ৰত কৰি ৰাখিবলৈহে এই সন্তান জন্ম নিদিয়ে তাই। তাইৰ যুক্তি শুনি কাননজিতাৰ মুখৰ মাত হৰে ।
ঠিকেইতো, যুদ্ধত সদায় পদাতিক সৈন্যই মৃত্যুমুখত পৰে। মৃত্যুমুখত পৰে নিৰীহ নৰ-নাৰী। তেনেস্থলত শত্ৰুৰ সন্তানক কি যুক্তিত জীয়াই ৰাখিব তাই? পাঞ্চালীয়ে হাৰিব নিবিচাৰে, হৰাৰ অভ্যাস নাই তাইৰ। তাই সৌ পুৰণি যুগৰ নাৰী নহয় যে, পুৰুষৰ ভুলৰ শাস্তি অকলে বহন কৰিব। একেলেথাৰিয়ে সিমানখিনি কৈ পাঞ্চালীৰ দুৰ্বল শৰীৰ ভাগৰি পৰে, তাই মনে মনে ৰয়। এইবাৰ কাননজিতাই মুখ খোলে,
"ঠিকেই কৈছ পাঞ্চালী, তইতো আধুনিক নাৰী । মহাভাৰতৰ যুগৰ কুন্তীয়ে সন্তান জন্ম হোৱাৰ পাছতহে যমুনা নৈত উটুৱাইছিল। তই আধুনিক নাৰী বাবেই নিজ মগজুৰে সন্তানৰ মৃত্যুৰ সিদ্ধান্ত ল'ব পৰা হ’লি। আৰু সাহসৰ কথাতো নকওঁৱেই বাৰু।“
কাননজিতাৰ শ্লেষমিহলি কথা শেষ নহলেই, পাঞ্চালীয়ে তাইৰ দুবাহু খামুচি ধৰিলে, “কানন, যিসময়ত সি দিয়া লকেটটো পৰ্যন্ত পিন্ধিবলৈ প্ৰস্তুত নহওঁ, সেইটো সময়ত মই কেনেকৈ তাৰ সন্তান বহন কৰিম ক? মই সমাজলৈ ভয় কৰা নাই, মই বদনামলৈ ভয় কৰা নাই, মই ভয় কৰিছো নিজলৈ। মোৰ মাজত অহৰহ এখন যুদ্ধ চলি থাকে। এই যুদ্ধখনে মোক শান্তিৰে না শুবলৈ দিয়ে, না জীবলৈ দিয়ে।“
“তই কিদৰে ভাবিলি যে, এই সন্তানটোক হত্যা কৰি দিলেই তোৰ যুদ্ধখন শাম কাটিব।”
মুখ ঢাকি বহি পৰিল তাই, আহত কণ্ঠেৰে কৈ উঠিল, “কি কৰোঁ কানন, মোৰ মগজে কাম কৰা নাই, যিমানেই তাৰ ওচৰৰ পৰা আঁতৰিব বিচাৰিছোঁ, সিমানেই সূতা এডালত যেন বান্ধ খাই গৈছোঁ। ছিগিম বুলি কথা দিও ছিগিব পৰা নাই সূতাডাল। হতাশ হৈ পৰিছো কানন। মোৰ সমস্যা আহিব লগা সন্তানটোক লৈ নহয়, মোৰ সমস্যা তাক লৈ, তাৰ পৰা মই আঁতৰিব খুজিছোঁ, আৰু সেইবাবে প্ৰতিনিশাই যুদ্ধৰ শেষত ঘৃণাৰ আখৰা কৰোঁ তাৰ নামত।“
“কিহৰ কাৰণে ইমান ঘৃণাৰ আখৰা তোৰ পাঞ্চালী?”, কাননজিতাই শৈশৱৰ বান্ধৱীজনীলৈ কৰুণ দৃষ্টিৰে চাই ৰ’ল।
“কাৰণ তাক আঁতৰাই পঠোৱাৰ একমাত্ৰ উপায় সেইটোৱেই, তাৰ পত্নীৰ অধিকাৰৰ স্বাৰ্থত মই তাক মোৰ ওচৰৰ পৰা আঁতৰাই পঠোৱাটো নিতান্তই প্ৰয়োজন । “
আসঃ কি কঠিন সত্য! যি সত্য এই মুহূৰ্তলৈকে কেৱল কাননজিতাই জানিছে, যি সত্যই এক মুহূৰ্ততে পাঞ্চালীত ঘৃণাৰ দূৰ্গ খহাই পেলাব বুলি তাই নিশ্চিত, সেই সত্য মুকলি কৰে লাহে লাহে,
“আৰু ঘিণ কৰাৰ প্ৰয়োজন নাই পাঞ্চালী। তেওঁ গুচি গৈছে।“
“গুচি গৈছে? ক’লৈ গুচি গৈছে?”, চক খাই উঠে পাঞ্চালী।
“এয়া চা।”
নিলয় চৌধুৰীৰ মৃত্যুৰ প্ৰমাণপত্ৰখনলৈ চাই পাঞ্চালীয়ে তভক মাৰে কিছুপৰলৈ। আকাশ-বতাহ ৰুদ্ধ হোৱা খবৰটো পাইও তাই কান্দিবলৈ পাহৰি গ’ল। এক লহমাত যেন যুদ্ধ শেষ হৈ গ’ল। দুয়ো পক্ষ সেনাবাহিনীয়ে অস্ত্ৰ সামৰি পৰস্পৰৰ ওচৰত যেন আত্মসমৰ্পণৰ ভংগীমাত থিয় হৈ থাকিল।
চৌপাশে চকু ফুৰাই কান্দোনত ভাগি পৰে তাই। এই মৃত্যুৰ প্ৰমাণপত্ৰ বিচৰা নাছিল তাই, তেওঁৰতো মৃত্যু হোৱা নাই, তেওঁতো তাইৰ মাজতেই বিদ্যমান। তলপেটটো খামুচি নিলয়ৰ স্থিতি নিশ্চিত কৰে যেন তাই।
যুদ্ধৰ শেষত, কাননজিতাই তাইক অকলে এৰি নিজৰ ৰাস্তা লয় । যুদ্ধৰ সামৰণি ঘোষণা কৰা হয়। অৱশ্যেই কোন হাৰিল কোন জিকিল জনা নগ'ল । এটি শিশুৱে কলকলাই থকাহে দেখা পোৱা গ'ল তাত।
(সমাপ্ত)

Comments

  1. তোমাৰ নামত শব্দ নৈশব্দ বুলি এটা ব্লগ আছিল। এইটো নতুন নেকি?

    ReplyDelete
  2. পঢ়িম পঢ়িম বুলি আজিহে ব্লগষ্পটটো visit কৰিলোঁ😍

    ReplyDelete

Post a Comment

Popular posts from this blog