আগষ্ট, ২০১৮ ৰ ডায়েৰী

২ আগষ্ট:

আৰু এটা যাত্ৰাৰ আৰম্ভণি..........

৩ আগষ্ট:

কিতাপখন মূৰ শিতানতে থাকে । মন গলেই পঢ়ো । নায়িকাৰ সতে একাত্ম হৈ পৰো, মাজে মাজে লিখকক কৈ দিবলৈ মন যায়, এই যে বেবী পাউডাৰ সনা ছোৱালীজনীৰ চৰিত্ৰটো, এইজনী মোকেই লৈ লিখিলে ন?
(ধেততেৰী! গালত বেবী পাউডাৰ সনা ছোৱালী অকল ময়ে আছো নে কিবা)

৫ আগষ্ট:

প্ৰত্যেক কথাৰে এটা বিন্দু থাকে। কোনে জানো কৈছিল? তাৰ পাছত সি আহিছিল এক
নিৰ্ভেজাল সম্পৰ্কৰে।কিছু অসংলগ্ন কথাৰে আৰম্ভ হৈছিল এটা বেচিজিল সম্বন্ধ। সিহঁতৰ ভাষাত চেৰাবলীয়া সম্পৰ্ক। আৰম্ভণিও আছিল কিছু নাটকীয়।
সি: অই শুন, মুঝচে দোস্তী কৰোগী?
তাই: আও বাবা! হম দুচমন কব থা?
সি: নহয় মানে, মোৰ কোনো ছোৱালীৰ লগত বন্ধুত্ব নাইতো, সেয়ে সুধিলো।
তাই: মোৰো নাই কোনো ছোৱালীৰ লগত বন্ধুত্ব।
নকৈ মাত ফুটা শিশুটিৰ দৰে কলকলাই থাকে তাই। দিনবোৰ পাৰ হৈ যায়, সিহঁতৰ কথা শেষ নহয়।
তাই: অই শুন। কালি কি হ’ল জান?
সি: কৈ যা (একাউন্টচ মিলাব পৰা নাই সি, এইফালে আকৌ তাইৰ কাহিনী)।
তাই: কালি যে মই টোপনিতে “মই তোক ভাল পাওঁ, মই তোক ভাল পাওঁ” বুলি বিৰবিৰাই আছিলো। এওঁ ৰাতিপুৱা সুধিছে, ৰাতি কাৰ সপোন দেখিলা।
সি: মাৰিলি মোক। বিয়াৰ দুমাহ হৈছেহে তহঁতৰ, তইনো মোৰ সপোন দেখিব লাগেনে?
তোৰ চিক্স পেক পতিয়ে মোক চেপেটা কৰিব।
তাই: হেই! তোৰ সপোন কোনে দেখিব? এইটো সিয়ে হ’ব, সেই যে এলপি স্কুলৰ পৰা মেট্ৰিকলৈকে একেলগে পঢ়িছিলো।
সি: আৎসা! তোৰ প্ৰথম প্ৰেম!
তাই: প্ৰেম নহয়হে। বন্ধুত্ব। একদম ভাল বন্ধুত্ব। কাৰণ সি থাকোতেও ক্লাছ এইটত মোৰ বেলেগ এটাৰ লগত চকু দিয়া নিয়া হৈছিল।
কিছু আবেগেৰ আকৌ তাই:ক’ত যে হেৰাই গ’ল সি? বৰ মিছ কৰিছো অ?
তাইৰ আবেগখিনি সি বুজি উঠে। বুজিলেই বুদ্ধি ওলায়,
সি: এটা কাম নকৰ কিয়? অৰ্কূটত বিচাৰি চাব পাৰ। নামটো কি আছিল? মই বিচাৰি দিম ৰহ।
অৱশেষত বিচাৰি পাইছিল সি। তাৰ পিছত আৰু এজন বন্ধু বাঢ়িছিল। সি, তাই আৰু শৈশৱৰ সেই দন্দুৰা ল’ৰাটো।
তেনেকৈয়ে এটা ত্ৰিভুজৰ জন্ম । তাৰ পিছত এদিন,
সি: অই শুন। তোৰ কিতাপখন যে মোৰ মূৰ শিতানতে আছে জাননে? তই দেখোন অসমীয়াত
এক্সপাৰ্ট হৈ গ’লি। এই শব্দবোৰ আমাৰ দিনত নাছিল চাগৈ ন?
তাই( কৃত্ৰিম খঙেৰে): হয়। আমি জন্ম দিছো নতুন অভিধানৰ।পিছে মোৰ কিতাপখনত কি ইন্টাৰেষ্ট পাইছনো তই?
সি: মই নহয় অ’। মিচেচে পঢ়ি বৰ ভাল পাইছে। এতিয়া কিতাপখন তাইৰ লগতে থাকে।
তাই: তোৰ মিচেচ! বিয়া কেতিয়া পাতিলি?
সি(খিকখিককৈ হাঁহি): সেইটোৱেইতো চাৰপ্ৰাইজ। হু ল, তাই কথা পাতে হেনো তোৰ লগত।
তাৰ পাছত এটা চতু্ৰ্ভুজৰ জন্ম।
অনৰ্গল কথা দুয়োজনীৰ, সি এনেকুৱা কৰিছিল, সি এনেকুৱা কৰে, সি এইটো ৰং ভাল পায়। আৰু সি গল্প এটা লিখিছে, আপুনিও আছে তাত, তাত আপোনাৰ নামটো কি বুলি দিছে জানে?
:কি বুলি?
:নীল বুলি। আগতে আপুনি হেনো বজাৰলৈ গ’লে গোটেই নীলাসোপা ডাঙি আনিছিল।
(পাগলটো ক’ৰবাৰ। ফোন নম্বৰ সলাই বহি আছে সি। বৰ মিছ কৰিছে অ’ তাই। ঠিক জানে, অলপ পাছতে সি ফোন কৰি ক’ব, “সময়েই নোপোৱা হৈছো বুইছ। এই অকণমানিটোৰ লগত লাগি থাকোতেই যায়”।
আৰু তাই চকুৰ মণি গোল গোল কৰি সুধিব আচৰিত হৈ, " অকণমানি? কেতিয়া অ? কেইমাহ
হ’ল অকণমানিটোৰ? মোক কোৱা নাই তই।"
চেৰাবলীয়াটোৱে হাঁহিব ঢেকঢেককৈ: চাৰপ্ৰাইজ! চাৰপ্ৰাইজ!)
আৰু তাই স্বগতোক্তি কৰিব, কোনো অভিমান নাই, নিয়ম নাই, স্বাৰ্থ নাই, দাবী নাই, সেই সম্পৰ্কৰ নামেই যে বন্ধুত্ব ।
*******


১৩ আগষ্ট:

হোৱাটচআপ আনইনষ্টল কৰিম ।
মেচেঞ্জাৰো আনইনষ্টল কৰিম।
ফোন নম্বৰ সলনি কৰিম ।
যোগাযোগ বিছিন্ন হৈ পৰিম ক্ৰমাৎ । ভালপোৱা মানুহবোৰ আত্মাত থাকিব । মই আত্মাত বিশ্বাসী ।
ফেচবুক একাউন্ট ডি-এক্টিভেট কৰিম নে নকৰিম সেই বিষয়টো এতিয়াও বিবেচনাধীন ।


১৯ আগষ্ট:

হঠাতে মনত পৰিল, আজি ১৯ আগষ্টত ডিব্ৰুগড়লৈ অহা ১৫ বছৰ হ'ল মোৰ । এওঁ সুধিলে, কি পালা ডিব্ৰুগড়লৈ আহি ।
মই ক'লো, "এখন সেউজীয়া পৃথিৱী।"

২৩ আগষ্ট:

আইতাকে আপত্তি দৰ্শালে, "ইহঁতক নিয়মবোৰ শিকাবৰ হ'ল"।
মই ক'লো, "শিকিব মা। জীৱনে শিকাব" ।
মনতে ভাবিলো, "নিয়মতকৈ জীৱন সংকটত।"

কোনোবাই আপত্তি কৰিলে, মই ক্ৰমশঃ দূৰলৈ গুচি গৈছো।
সেয়া অভিমান । মাথোঁ অভিমানবোৰ সামৰিব নোৱৰাকৈ জীৱন সংকটত, সেই কথা কাকোৱেই বুজাব পৰা নাই।
ক'ৰবাত অধিকাৰৰ প্ৰশ্ন আহে, কেতিয়াবা প্ৰাপ্যৰ দাবী উঠে । সকলো দাবী পূৰাব নোৱৰাকৈ সংকটত মই।
শিল্পী বন্ধু এজনে অনুমতি বিচাৰিলে, তোৰ ছবি এখন স্কেটচ কৰোঁ। কৰোঁনে ?
উজলি উঠা মুখখন মুহূৰ্ততে ছায়াময় হৈ পৰিল, ক'লো তাক, "সোনকালেই দে, নহ'লে ছৱিৰ লগত মালাও গুঠিব লাগিব।"
সিয়ো যে নাজানে এই সংকটৰ কথা । তথাপি………


২৬ আগষ্ট:

ৰাতি এঘাৰ বজাত শুবলৈ যাবলৈ লৈছো, এনেতে কচু দুটাৰ চিঞৰ বাখৰ শুনিলো,
ডাঙৰ কচু: "তই মোক ১৮০ টকা দি দিবি বুইছ । মই একো নাজানো । দিবই লাগিব বুলিছো।"
সৰু কচু নিমাত। চকু চলচলীয়া। মই একমিনিট তভক মাৰিলো । কিনো হৈছে বুজিবলৈ চেষ্টা কৰি আছো । আকৌ ডাঙৰ কচু,
"মুঠতে তই মোক অহা দহদিনৰ ভিতৰতে স্কেল এডাল কিনি দিবই লাগিব । স্কেল নালাগে, পইচা দিলেই হ'ব । মই কিনি ল'ম।"
এইবাৰ চকু গ'ল ভঙা স্কেলপাতলৈ । মানে সৰুৱে ককায়েকৰ স্কেলপাত ভাঙি জগৰ লগালে । সেইবুলি ১৮০ টকা! অলপ অন্যায়জনক হোৱা নাইনে কথাটো?
সৰুলৈ আকৌ মোৰ বৰ মৰম । দুদিনমানৰ তাক বেহেৰবাৰী আউটপষ্টৰ মোহন হেনেই দেখা হৈছো। অলপ নোদোকাটো হৈ পৰিছে মৰমৰ কোবত । গতিকে তাক কিবা প্ৰকাৰে বচাব লাগে । মাত দিলো,
-"হ'ব দিয়া, স্কেল এপাত মই কিনি দিম দিয়া।"
ডাঙৰটোৰ ৰুদ্ৰমূৰ্তি,
-"নহয় মা, মোক স্কেল নহয়, ১৮০ টকা লাগিব । আৰু তুমি দিলে নহ'ব । সিয়ে দিব লাগিব। "
-"স্কেল এপাতত ১৮০ টকাটো অলপ বেছি হোৱা নাইনে ?
-"অকল স্কেল নহয় মা, সিদিনা মোৰ অমুকটো ভাঙিলে, তাত সত্তৰটকা, এইটো ফালিলে তাত ইমান টকা, এইটো বেয়া কৰিলে , তাত ইমান টকা, আজিৰ স্কেলপাত ভাঙিলে, মুঠতে ১৮০ টকা।"
সৰু কচু ওৰফে মোহন নিমাত আজি । মুখখন ফুলি ফুলি গৈ আছে। কি কৰে এতিয়া? ক'ৰ পৰা যোগাৰ কৰে ১৮০ টকা? মই এটা বুদ্ধি দিলো, মোৰ ঘৰতে কাম কৰিবলৈ ল'ৰা এটা লাগিছিল। মোহনে সেইটোকে কৰিব পাৰা ।
সৰু কচুৱে বোলে, ঘৰত কাম কৰিলে মোৰ স্কুল কি হ'ব মা?
মই-নহয়, স্কুল যোৱাৰ আগতে কৰিব পাৰিবা ।
সৰু কচু- কি কি কাম মা?
মই- এই ধৰা বিছনাখন ঠিক কৰা, মোৰ পঢ়াটেবুলখন চিজিল কৰা ।
সৰু কচুৰ মুখখন উজলি উঠিল, "হ'ব মা । হ'ব ।"
চুক্তি হৈ গ'ল । দিনে ২০ টকাকৈ সি ৯ দিন কাম কৰি ১৮০ টকা গোটাই ককায়েকৰ ভঙা বস্তুবোৰৰ ধাৰ মাৰিব। নহ'লে যে তাৰ মৰমৰ খেলনাটো সংকটত পৰিব ।
(আজি কাম আৰম্ভ। ৰাতিপুৱা টুলখন লৈ আঠুৱা খোলোতে মই বোলো, "বেটা তই ভৰি ভাঙি তই বিশ টকাৰ ঠাইত হাজাৰ টকা ভৰাব নালাগে।" বাকী বেডকভাৰ পৰা, কিতাপ চিজিল লগোৱা কামবোৰ ঠিকেই কৰিছে।

৩১ আগষ্ট:

ইলেক্ট্ৰনবোৰ:

(দফন কৰ দো হামে কে শ্বাছ মিলে,
নব্জ কুছ দেৰ চে থমী চী হে……)
ট্ৰেফিক চিগনেল ভুল কৰি তাই গাড়ীখন জামৰ মাজত ভৰাই দিলে। ট্ৰেফিক পুলিচজন দৌৰি আহিল, জৰিমনা, জৰিমনা……
ধৰা নপৰো বুলিও ধৰা পৰি যায় তাই। মুহূৰ্ততে মুখৰ ৰং সলনি হৈ যায়, কলিজা ধৰফৰ কৰে আৰু ইলেক্ট্ৰনবোৰ অস্থিৰ হৈ পৰে ।
-আপোনাৰ শৈশৱ ?
-মোৰ শৈশৱ হিংসাতীতভাৱে সুন্দৰ ।
-কৈশোৰ ?
-সেয়াতো আৰু সুন্দৰ ।
-যৌৱন ?
-হাহাহা । সেইটোহে অশান্ত ইলেক্ট্ৰন ।
(চাম চে আঁখ মে নমী চী হে……)
সৰি পৰিব খোজা টোপালটো থাপ মাৰি পকেটত ভৰাই তাই চুপাৰমাৰ্কেটৰ ভীৰৰ মাজত হেৰাই যায় । জ্বলন্ত চিগাৰেট এটাৰ বৰ প্ৰয়োজন তাইক এতিয়া। বুকুৰ ভিতৰত এলান্ধুৱে ঘৰ সাজিছে । এলান্ধুবোৰ জ্বলাই পেলোৱা দৰকাৰ । ৰান্ধনি বেলিৰ ফটন কণাবোৰে ইলেক্ট্ৰনবোৰক ঠিত লগাব পৰা নাই। ইলেক্ট্ৰনবোৰক সামৰি সুতৰি তাই ঘৰমুৱা হয় ।
সময়বোৰ ভাল। জীৱনটোও ভাল। সি বেয়া । সিহে বেয়া। টোপনিত ইলেক্ট্ৰনবোৰ আকৌ অশান্ত হৈ পৰে।
-তুমি প্ৰেমত পৰিছা ।
-প্ৰেম নে মনোৰোগ নাজানো মই।
-প্ৰেমেই হয় ।
-বহেমিয়ান জীৱ মই। নিজকে চম্ভালিব নোৱাৰোঁ, সম্পৰ্ক চম্ভালিম কেনেকৈ?
নোৱাৰে । বহেমিয়ান জীৱই সম্পৰ্ক চম্ভালিব নোৱাৰে । জীৱনটো বৰ ভাল । সম্পৰ্কবোৰো ভাল । মাথোঁ সি বেয়া । বৰ বেয়া। ইলেক্ট্ৰনবোৰে ঠিকনা বিচাৰি বুকুৰ গভীৰত প্ৰৱেশ কৰে ।
(কই ৰিস্তা নহী ৰহা ফীৰ ভী
এক তছবীৰ লাজমী চী হে)
-তাক লৈ এটা কাহিনী লিখ।
-নোৱাৰো লিখিব ।
-তামাম চলিব ।
-চলিবতো । জীয়া মাংসৰ দাম বেছি যে।
-জীৱনটোৰো দাম বেছি ……
-সম্পৰ্কৰো …
-সান্নিধ্যৰো…
-মৰমৰো…
-ইলেক্ট্ৰনৰো…
-হাঃহাঃহাঃ … জিকি যায় ইলেক্ট্ৰনবোৰ সদায় ।

Comments

Popular posts from this blog