ডিচেম্বৰ, ২০১৮ৰ ডায়েৰী:
২ ডিচেম্বৰ,২০১৮২.০ চালো । পক্ষীৰাজনৰ পক্ষীৰ সাম্ৰাজ্যখন দেখি তোমালৈকে মনত পৰি থাকিল কুসুমাঞ্জলি বা।
আৰু এটা বাৰবছৰীয়া ল'ৰালৈ মনত পৰি থাকিল। প্ৰকৃতিপ্ৰেমী ল'ৰাজনে দেৱালীত ফটকা নুফুটায়, মাকক চীনা লাইট জ্বলাবলৈ নিদিয়ে । আৰু পটঞ্জলি কাৰখানাৰ কাৰণে খান্দি থোৱা গাঁতত পৰি হাতীপোৱালি এটাৰ মৃত্যু হোৱা কাণ্ডত ইমানেই দুখ পাইছিল যে, তাৰ কাৰণেই সেই ঘৰখনত পটঞ্জলিৰ সামগ্ৰী বৰ্জন কৰিব লগীয়া হৈছিল ।
যিসময়ত আমেৰিকাৰ মুৰব্বীজনে গোলকীয় উষ্ণতাৰ লগত তুষাৰপাতৰ সম্পৰ্ক বুজি নাপায়, সেই সময়তে সৰু লৰাজনৰ প্ৰকৃতিপ্ৰেমে কথাবোৰ বেলেগকৈ ভবাই তোলে। আহক, সেই ল'ৰাজনৰ সুৰতে এই শ্লগানেৰে দিনটো আৰম্ভ কৰোঁ…
"Save birds, save nature"
৫ ডিচেম্বৰ,২০১৮
বলে নোৱাৰা লক্ষ্য মোৰ কেতিয়াও নাছিল, এটা লক্ষ্য অৱশ্যেই আছিল, এখন
ডাঙৰ টেবুল, দুইফালে মোৰ সন্তানসকল আৰু এইফালে মই আৰু বায়ু ভৰি নিৰবিছিন্ন
জ্ঞানৰ সাধনা …৫ ডিচেম্বৰ,২০১৮
সুখী মই, জীৱনৰ বাটত সেই লক্ষ্য পূৰণ নোহোৱাকৈ থকা নাই।
১০ ডিচেম্বৰ, ২০১৮
"ওখকৈ খোপা বান্ধিম/ ৰঙা চোলা পিন্ধিম/ ভমকাফুলীয়া মেখেলাৰ ওপৰত ৰিহা মেৰিয়াই জপং জপংকৈ খোজ কাঢ়িম".....বিধিয়ে বোলে মই মাজবাটত ৰৈ থাকিম।
ৰাতিৰ ৰাতিটো আঙুলিৰ মূৰত গণনা চলিল..যাম/নাযাম/যাম/নাযাম/যাম/নাযাম/যাম/নাযাম/যাম/নাযাম......
আৰু শুকান বালিচৰত চকুলোবোৰ কুঁৱলী হৈ উৰি ফুৰিল।
Comments
Post a Comment