Posts

Showing posts with the label ডায়েৰী
আগষ্ট, ২০১৮ ৰ ডায়েৰী ২ আগষ্ট: আৰু এটা যাত্ৰাৰ আৰম্ভণি.......... ৩ আগষ্ট: কিতাপখন মূৰ শিতানতে থাকে । মন গলেই পঢ়ো । নায়িকাৰ সতে একাত্ম হৈ পৰো, মাজে মাজে লিখকক কৈ দিবলৈ মন যায়, এই যে বেবী পাউডাৰ সনা ছোৱালীজনীৰ চৰিত্ৰটো, এইজনী মোকেই লৈ লিখিলে ন? (ধেততেৰী! গালত বেবী পাউডাৰ সনা ছোৱালী অকল ময়ে আছো নে কিবা) ৫ আগষ্ট: প্ৰত্যেক কথাৰে এটা বিন্দু থাকে। কোনে জানো কৈছিল? তাৰ পাছত সি আহিছিল এক নিৰ্ভেজাল সম্পৰ্কৰে।কিছু অসংলগ্ন কথাৰে আৰম্ভ হৈছিল এটা বেচিজিল সম্বন্ধ। সিহঁতৰ ভাষাত চেৰাবলীয়া সম্পৰ্ক। আৰম্ভণিও আছিল কিছু নাটকীয়। সি: অই শুন, মুঝচে দোস্তী কৰোগী? তাই: আও বাবা! হম দুচমন কব থা? সি: নহয় মানে, মোৰ কোনো ছোৱালীৰ লগত বন্ধুত্ব নাইতো, সেয়ে সুধিলো। তাই: মোৰো নাই কোনো ছোৱালীৰ লগত বন্ধুত্ব। নকৈ মাত ফুটা শিশুটিৰ দৰে কলকলাই থাকে তাই। দিনবোৰ পাৰ হৈ যায়, সিহঁতৰ কথা শেষ নহয়। তাই: অই শুন। কালি কি হ’ল জান? সি: কৈ যা (একাউন্টচ মিলাব পৰা নাই সি, এইফালে আকৌ তাইৰ কাহিনী)। তাই: কালি যে মই টোপনিতে “মই তোক ভাল পাওঁ, মই তোক ভাল পাওঁ” বুলি বিৰবিৰাই আছিলো। এওঁ ৰাতিপুৱা সুধিছে, ৰাতি কাৰ সপোন দেখ...
চেপ্তেম্বৰ, ২০১৮ৰ ডায়েৰী: ২ চেপ্তেম্বৰ: সৰু কচুৱে দেউতাকৰ লগত লাগি আছিল, "এইবাৰ মোৰ বাৰ্থডে ডাঙৰকৈ পাতিব লাগিব।" ওচৰতে থকা খুৰাকে বোলে, "বাৰ্থডে কিয়, বিয়া পাতিম বুলি ক'না, বিয়াখনো পাতি দিম।" মুখখন ফুলাই সি মাকৰ ওচৰ পালেহি। মাকে নিচুকাব ধৰিলে, "তোমাক এইবাৰ ধুনীয়া বাৰ্থডে গিফ্ট দিম দেই বাবা।" মুখখন উজলি উঠিল তাৰ, "কি দিবা মা?" "ধুনীয়া এখন পঢ়াটেবুল।" এতিয়া শোওঁতে, বহোঁতে সেয়ে চিন্তা তাৰ- পঢ়াটেবুলখনত ড্ৰয়াৰ থাকিবনে, ড্ৰয়াৰত লকাৰ থাকিবনে, ইত্যাদি ইত্যাদি । মাকে বোলে, "ৰাতিলৈ তোমাক পঢ়াটেবুলৰ সাধু এটা ক'ম দেই বাবা।" ৰাতি বিচনাত পৰি কুতুৰি থাকিল মাকক, "মা সাধুটো কোৱানা।" আৰু মাকে তাক সাধুটো ক'বলৈ আৰম্ভ কৰিলে, -"এখন ঘৰত এজনী অক্কণমানি ছোৱালী আছিল । তাইৰ দেউতাকে তাইক বৰ মৰম কৰিছিল । সেইবছৰ তাইক এখন পঢ়াটেবুল কিনি দিয়াৰ কথা আছিল।" -"তাৰ পিছত কি হ'ল, নিদিলে নেকি দেউতাটোৱে টেবুলখন?" -"দেউতাজনে দিম বুলি ভাবি থাকোতেই ডাঙৰ বেমাৰত পৰি গ'ল । সেইবছৰ আকৌ তাইৰ এলপি বৃত্তিৰ ৰ...
অক্টোবৰ, ২০১৮ৰ ডায়েৰী: ৬অক্টোবৰ: হৰ মুলাকাত কা অঞ্জাম জুদাই কিউ হে (উমৰাও জান, তালাত আজিজ) ৭ অক্টোবৰ: আজি মই অহংকাৰত মৰিম… (ইয়াতকৈ বেছিকৈ লিখিবলৈ সময়ৰ অভাৱ) ৭ অক্টোবৰ: ৰাতিপুৱা ছটাত ল'ৰাক সাজু কৰাওঁ স্কুললৈ বুলি, নবজাত অফিচ। গধুলি ছয়বজাৰ পৰা আঠবজালৈ দুঘণ্টাৰ অফিচিয়েল ব্ৰেক লৈ ঘৰত সন্তানৰ তদাৰকি। আকৌ ৰাতি নবজাত অফিচ, প্ৰায় দুই তিনি বজালৈ … এইকেইদিনৰ এই ব্যস্ততা দেখি তেওঁ আমনি পাই গৈছে, কৈছে, "চাকৰিটো এৰি দিয়া। আই হেট ইয়ৰ জব।" মই কওঁ, "বাট আই লভ মাই জৱ, এই ব্যস্ততাই ঋণাত্মক কথাবোৰ মোৰ মনলৈ আনিবলৈ সুৰুঙা নিদিয়ে।" ৮ অক্টোবৰ: "হুঁ লোৱা, এই জুচৰ বটলটো লৈ যোৱা, এই পানীৰ বটলটোও যাতে খালী হৈ আহে আৰু টিফিনটো যাতে একেভাগে ঘূৰি নাহে । এইখিনি খাওঁতে যদি তোমাৰ গুণোৎসৱ ধ্বংস হয়, হৈ যাওক।" খঙাল মানুহজনৰ মৰমৰ গালিবোৰত অহংকাৰী নহৈনো পাৰিনে ? আকৌ বুৰি গ'লো মই অহংকাৰৰ সাগৰত। (কাণে কাণে কথা এষাৰ কওঁ, তেওঁক কৈ নিদিবগৈ আকৌ দেই, জুচৰ বটলটো খালী কৰিলো, কিন্তু পানী আৰু টিফিন একেভাগেই যে ঘূৰি যাব সেয়া খাটাং) ৯ অক্টোবৰ: ঘৰৰ কামলৈ মোৰ বিৰাট হে...
নৱেম্বৰ, ২০১৮ৰ ডায়েৰী: ৪ নৱেম্বৰ: দুঃসময়ৰ অন্ত পৰা নাই। আইনৰ ওচৰলৈ যাওঁ নে জ্যোতিষৰ ওচৰলৈ? শেষত সিদ্ধান্ত ল'লো, সময়ৰ কলমেৰে টুকি যাওঁ কথাবোৰ। সময়ে এদিন বিচাৰ দিব…সময়ে এদিন বিধান দিব। ৫ নৱেম্বৰ: মুক্তকেশী যাজ্ঞসেনীৰ দৰে প্ৰতিজ্ঞাত আবদ্ধ যি… ৬ নৱেম্বৰ: এটা সময়ত যেতিয়া অমৃতাক ওপৰৰ কোঠাত বন্ধ কৰি থৈছে, মিৰ্চাক দেউতাকে খেদি দিছে, বিদায়ৰ সেই দৃশ্য দেখি তাই বাৰে বাৰে মূৰ্ছা গৈছে, চৰবতৰ বাদে আন একো খাব পৰা নাই, গাখীৰৰ গিলাচটো আঁতৰাই পঠিয়াইছে, চুলিত জঁট বান্ধিছে, ঠিক সেই সময়তে খোকা সোমাই আহি স্বভাৱসিদ্ধ বহুৱালিৰে দেৱযানী-কচৰ বচন আওৰাইছে, "এঁঃ বাগৰি বাগৰি ক্ৰন্দন, ধিক ধিক……" আৰু অমৃতাই জাপ মাৰি উঠি চিঠি লিখিছে, "I shall never forget you, never forget you......I shall wait for you, wait for you....." দীঘল চুলিটাৰি ওলোমাই দি বাহুৰে চকু ঢাকি সৈ কাঢ়ে তাই, "নাপাহৰো, নাপাহৰো, নাপাহৰো…" ৮ নৱেম্বৰ: একোচা চুলিৰ কাহিনী আছিল সেয়া, ৰাজৰাণীৰ দাসী সৈৰিন্ধীয়ে যিকোচাত তগৰ-মালতীয়ে কবৰী বান্ধি সুশোভিত কৰি ৰাখিছিল, ৰাজসূয় যজ্ঞত যিকোচা চুলি মন্ত্ৰপুত...
ডিচেম্বৰ, ২০১৮ৰ ডায়েৰী: ২ ডিচেম্বৰ,২০১৮ ২.০ চালো । পক্ষীৰাজনৰ পক্ষীৰ সাম্ৰাজ্যখন দেখি তোমালৈকে মনত পৰি থাকিল কুসুমাঞ্জলি বা। আৰু এটা বাৰবছৰীয়া ল'ৰালৈ মনত পৰি থাকিল। প্ৰকৃতিপ্ৰেমী ল'ৰাজনে দেৱালীত ফটকা নুফুটায়, মাকক চীনা লাইট জ্বলাবলৈ নিদিয়ে । আৰু পটঞ্জলি কাৰখানাৰ কাৰণে খান্দি থোৱা গাঁতত পৰি হাতীপোৱালি এটাৰ মৃত্যু হোৱা কাণ্ডত ইমানেই দুখ পাইছিল যে, তাৰ কাৰণেই সেই ঘৰখনত পটঞ্জলিৰ সামগ্ৰী বৰ্জন কৰিব লগীয়া হৈছিল । যিসময়ত আমেৰিকাৰ মুৰব্বীজনে গোলকীয় উষ্ণতাৰ লগত তুষাৰপাতৰ সম্পৰ্ক বুজি নাপায়, সেই সময়তে সৰু লৰাজনৰ প্ৰকৃতিপ্ৰ েমে কথাবোৰ বেলেগকৈ ভবাই তোলে। আহক, সেই ল'ৰাজনৰ সুৰতে এই শ্লগানেৰে দিনটো আৰম্ভ কৰোঁ… "Save birds, save nature" ৫ ডিচেম্বৰ,২০১৮   বলে নোৱাৰা লক্ষ্য মোৰ কেতিয়াও নাছিল, এটা লক্ষ্য অৱশ্যেই আছিল, এখন ডাঙৰ টেবুল, দুইফালে মোৰ সন্তানসকল আৰু এইফালে মই আৰু বায়ু ভৰি নিৰবিছিন্ন জ্ঞানৰ সাধনা … সুখী মই, জীৱনৰ বাটত সেই লক্ষ্য পূৰণ নোহোৱাকৈ থকা নাই।  ১০ ডিচেম্বৰ, ২০১৮ "ওখকৈ খোপা বান্ধিম/ ৰঙা চোলা পিন্ধিম/ ভমকাফুলীয়া মেখেলাৰ ওপৰত ৰিহা...