গল্প: আই কুইট
“প্লিজ বশিষ্ঠ, মোক এই অৱস্থাত এৰি নাযাবা । মই অকলে কি কৰিম বশিষ্ঠ ? কেনেকৈ জীয়াই থাকিম বশিষ্ঠ ? প্লিজ তুমি মোক এৰি নাযাবা ।“
বশিষ্ঠৰ ভৰি দুখনত খামুচি ধৰি বিশ্ৰুতিয়ে উচুপি উঠিল ।
বশিষ্ঠ গলগৈ ।
সি হতাশ আছিল । এফালে তাৰ ঘৰৰ দেধাৰ সমস্যা, আনফালে আকোঁৰগোজ প্ৰেয়সী বিশ্ৰুতিৰ চিঞৰ বাখৰ । মূৰটো গৰম হৈ আহে তাৰ । যি কৰে কৰক বুলি সি ট্ৰলীবেগটো চোঁচৰাই দুকোঠলীয়া ফ্লেটৰ পৰা ওলাই আহে ।
ক্ৰন্দনৰতা বিশ্ৰুতি মজিয়াত বহি পৰে । চকুপানীবোৰ শুকাই কৰাল বান্ধে । আউল বাউল চুলি । বিধ্বস্ত মুখ, ধূসৰ চকু ।মূৰৰ ওপৰত ভাঙি পৰা আকাশ, ভৰিৰ তলৰ পৰা আঁতৰি যোৱা মাটি আৰু হেৰাই যোৱা আপোনজনৰ কান্ধ ।
“মোৰ কি দোষ আছিল বশিষ্ঠ ? কি ভুল আছিল মোৰ ?”, বশিষ্ঠ ওলাই যোৱাৰ ফালে চাই চাই চিঞৰি চিঞৰি তাই মজিয়াত বাগৰি পৰিল ।
এৰা । তাইৰ কি ভুল আছিল ? ভুল আছিল তাইৰ । ভুল আছিল তাই মেট্ৰ চহৰৰ যান্ত্ৰিকতাক আঁকোৱালী ল’ব পাৰিম বুলি ভবাটো । ভুল আছিল তাইৰ নিতান্তই শাৰিৰীক সম্পৰ্ক এটাক প্ৰেম বুলি ভবাটো ।
এই চহৰ তাইৰ ঘৰৰ পৰা বহুত দূৰৰ চহৰ । হাজাৰ মাইল দূৰৰ চহৰ । মাক দেউতাকৰ বৰজীয়েক তাই ।দুয়োজনী ছোৱালীকে মাক দেউতাকে টোপ নপৰাকৈ ডাঙৰ কৰিলে । নিজে খুঁটি খাব পৰা কৰিলে । চাকৰিৰ সন্ধানত তাই এইখিনি পালেহি । লগ পালে বশিষ্ঠ কাকতিক । সুন্দৰ সুঠাম, মুহূৰ্ততে ছোৱালীৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা ব্যক্তিত্বৰ অধিকাৰী বশিষ্ঠ ।
খৰচী চহৰৰ খৰচ কমাবলৈকে হওক বা সোঁতৰ সতে মিলিব পাৰিম বুলিয়ে হওক, তাই বশিষ্ঠ কাকতিৰ সতে একেলগে থাকিবলৈ ললে ।
লিভিং টুগেদাৰ বুলিয়ে কওক বা কি বুলিয়ে কওক । ঘৰৰ অজ্ঞাতে ।
বিয়া নহব ।
নহব সন্তান ।
দুয়োৰে সিদ্ধান্ত ।
এনেকৈয়ে এদিন,
“বশিষ্ঠ, গাটো ভাল লগা নাই । বৰ গধূৰ গধূৰ যেন লাগিছে” ।
“এক্সাৰচাইজ কৰা ।স্কিপিং কৰা”
“বশিষ্ঠ, মই খাব নোৱাৰা হৈছো” ।
“পেটত গেছ হৈছে চাগে। এন্টাচিড লোৱা” ।
“বশিষ্ঠ, মোৰ পিৰিয়ডচ লেট হৈছে” ।
“হৰমনেল টেষ্ট কৰিব লাগিব ৰ’বা ।থাইৰয়ড প্ৰবলেম হব পাৰে” ।
ঠিকেই, হৰমনৰ সমস্যাত ভূগিব পাৰে । অলপ শকতো হৈছে বিশ্ৰুতি । বিপৰীতে বাঢ়ি অহা অলসভাৱ ।টেষ্ট কৰাবলৈকে দুয়ো ডাক্টৰৰ ওচৰ পালেগৈ ।
ডাক্টৰ :“বিয়া হোৱা কিমান দিন হ’ল ?
দুয়ো দুয়োৰে মুখলৈ চালে ।
তাই পৰিস্থিতি চম্ভালি ললে, “তিনিমাহ হ’ল মেম। “
“ও তেতিয়াহলে ভাল খবৰ দেখোন । ইউৰিন টেষ্ট এটা কৰি ৰিপৰ্ট লৈ আহিব” ।
“মানে ? মানে মেম ? কি ভাল খবৰ ?”, বশিষ্ঠ যেন অধৈৰ্য হৈ পৰিল ।
“ইউৰিন টেষ্টত ওলাব যাওক । ইউ আৰ গয়িং টু বি এ প্ৰাউদ ফাদাৰ” ।
“হোৱাট!”
গোটেই ৰাস্তাটো বশিষ্ঠৰ মুখৰ 'হোৱাট' শব্দটো তাইৰ মূৰত পাকঘূৰণি খাই থাকিল ।
“এয়া কেনেকৈ হবলৈ পালে বিশ্ৰুতি ?”
“মোৰ টেবলেট মিছ হৈছিল” ।
“টেবলেট মিছ হৈছিল ? ইমান ইজিলি কৈছা । এতিয়া কি কৰিবা ? এবৰচন ? কি যে ঝামেলা নহয় !”
“এবৰচন নকৰো বশিষ্ঠ । কিবা এটা কৰিম । তুমি মোৰ ঘৰৰ লগত কথা পাতা বশিষ্ঠ ।
“হোৱাট ! এবৰচন নকৰা ?ঘৰৰ লগত কথা পাতিব লাগে ? ক্লিয়েৰলি কোৱাচোন কি ক’ব বিচাৰিছা ।”
“বিয়ালৈ আগবাঢ়া বশিষ্ঠ ।“
“ইমপছিবল । এই সময়ত বিয়া ইমপছিবল ।বিশ্ৰুতি, মই ভালেৰে কৈছো সময় থাকোতেই এবৰচন কৰা । পিছলৈ দিগদাৰ হ’ব কিন্তু ।”
“নকৰো নকৰো বশিষ্ঠ । মই এবৰচন কৰিবলৈ নিদিওঁ । মোৰ প্ৰথম সন্তানৰ মৃত্যুৰ কথা নক’বা”, তায়োতো কম জেদী নহয় ।
গোটেই ৰাতিখন ওখনা ওখনি চলিল সিঁহতৰ । তৰ্ক-বাদ-বিবাদ, চূড়ান্ত মতবিৰোধ, আধুনিকতা বনাম প্ৰত্নতাত্বিক যুগৰ মানসিকতা, প্ৰাচ্য বনাম প্ৰতীচি চালচৰণ , চিগাৰেটৰ পিছত চিগাৰেট, ধোঁৱাময় বন্ধ ৰূম, বাৰে বাৰে উকালি আহিব খোজা ভাব সকলোৰে মাজত তাইৰ গৰ্ভস্থ সন্তানটো সিনিশা মৃত্যুৰ ৰায় শুনাৰ শংকাত নিশ্চুপ হৈ ৰ’ল ।
------
“নাই নাই বশিষ্ঠ । মই নিজ মুখেৰে নিজ সন্তানৰ মৃত্যুৰ ৰায় দিব নোৱাৰো । মই জন্ম দিম বশিষ্ঠ । মোৰ তেজেৰে পালন কৰিম তাক”, আঁঠু দুটাৰ মাজত মুখ গুজি তাই বহি ৰয় । যোৱাকালিৰে পৰা পেটত একো পৰা নাই । বশিষ্ঠ গ’লগৈ । আন্ধাৰ হৈ পৰা খোজ কেইটাত কজলাৰঙী আন্ধাৰ সানি সি গ’লগৈ ।
“কি কৰিম মই ? কি কৰিম মই ? বশিষ্ঠ কিয় গুচি গ’লা ? কিয় গুচি গ’লা ? চোৱা মোৰ পেটত তোমাৰেই সন্তান । বিশ্বাস হোৱা নাই । তোমাৰ অংগ পাব মোৰ সন্তানে । গুচি আহা । ঘূৰি আহা । আসঃ মোৰ বৰ ভোক লাগিছে । মোৰ বৰ ভাগৰ লাগিছে । কিবা খাবলৈ দিয়া বশিষ্ঠ” ।
উঠি যাব নোৱাৰি তাই আকৌ মজিয়াত বহি পৰিল ।
বিস্কুটৰ টেমাটোলৈ চালে বিশ্ৰুতিয়ে । দেখাতে আছে ।অথচ আনিবলৈ শক্তি নাই ।
“মোক অকলশৰীয়া কৰিলা বশিষ্ঠ । কেনেকৈ অকলে থাকিম মই ? বৰ কষ্ট পাইছো । বৰ কষ্ট পাইছো বশিষ্ঠ” ।
ফেনখন ঘৰঘৰকৈ চলি আছিল । বৰষুণ পৰিছে । ঠাণ্ডা লাগিছে । উঠি গৈ অফ কৰিবলৈ গাত শক্তি নাই ।বিছনাখনৰ পৰা চাদৰখন টানি গাত মেৰিয়াই মজিয়াতে কুচিমুচি বহি থাকিল । চকুৰ পানীৰ সতে কাজলবোৰ বৈ আহি গালত ক’লা সুঁতি দুটিৰ জন্ম দিলে । শুকান সুঁতি । বিছনা চাদৰখন টানি আনোতে মবাইলটো মজিয়াত পৰিল । মবাইলটো বাজি উঠিল । চালে তাই । ভনীয়েক প্ৰস্তুতিৰ ফোন । মৰমৰ ভনীয়েকৰ ফোনটো ৰিচিভ কৰিবলৈ তাইৰ মন নগল । সংসাৰৰ আওভাও নুবুজা এজনীয়ে মাথো ভনীয়েক । ভনীয়েকৰ অতি মৰমৰ বায়েক তাই । তাইৰ মাতটো শুনিয়ে ভনীয়েকে হুলস্থুল লগাই দিব । লগে লগে বুজি পাই যাব যে বায়েক ভালে নাই । তাৰ পাছত মাকৰ ফোন আহিব । দেউতাকে খবৰ লব । নাই নাই । তাই ভনীয়েকৰ লগত এতিয়া কথা পাতিব নোৱাৰে । তাই ধৰা পৰি যাব । তাই তাইৰ বিধ্বস্ততাৰ খবৰ কাকোৱে দিব নোৱাৰে ।
পেটটো কলমলাই উঠিল । বিছনাখনত ধৰি কোনোমতে উঠিলে তাই । বেচিনৰ ওচৰলৈ গৈ মুখখন ধুব লওতেই টেঙাপানী এখিনি ওলাই আহি বেচিন ভৰাই পেলালে । মূৰটোত প্ৰচণ্ড বিষ । পেটত বিদ্ৰোহ । সন্তানৰ বিদ্ৰোহ । এখন ৰুটিৰ বাবে বিদ্ৰোহ । তাই এই সন্তানক কেনেকৈ পালিব ? কেনেকৈ পালিব ? বিদ্ৰোহৰ আৰম্ভণিচোন এতিয়াৰে পৰা । আৰু যে কিমান যোজন বাট ? আৰু যে কত কঠিন বাট ।
ফ্ৰীজটো খুলিলে । কি আছে চালে তাই । তাৰ পিছত ব্ৰেড দুচকল উলিয়ালে । ঠাণ্ডা গাখীৰকণো গৰম কৰিবলৈ মন নগ’ল । ঘোটঘোটকৈ পি দিলে । ভোকৰ ঔষধ লাগে । সোৱাদ কেতিয়াবা নিৰৰ্থক । ব্ৰেড এটুকুৰা মুখলৈ নিওতেই আকৌ হকহকাই বমি কৰি দিলে । বেচিনটো এইবাৰ বগা হৈ পৰিল ।
এইবাৰ তাই উঠিব নোৱাৰাকৈ ভাগৰি পৰিল । কোনোমতে চুঁচৰি চুঁচৰি দুৱাৰৰ হুক বন্ধ কৰিলে । তাৰ পাছত বিছনাখনত বাগৰ দিলে । বিছনাৰ চাদৰখন মজিয়াত । থাকক । নোৱাৰে ।
“বৰ কষ্ট পাইছো মা । মই জীয়াই থাকো কেনেকৈ ? তোমাকেনো কেনেকৈ কওঁ মোৰ অবৈধ গৰ্ভধাৰণৰ কথা ? চোৱাচোন পৃথিৱীখনত ইমানবোৰ মানুহ । মোৰ কাষত কোনো নাই । তুমিও আঁতৰি দিবানেকি মা ? মোক ঘিণ কৰিবনেকি দেউতা ?”
কান্দিবলৈ শক্তি নাই বিশ্ৰুতিৰ । ওলাই যাবলৈ শক্তি নাই । শৰীৰতকৈ মন দুৰ্বল । প্ৰেগনেন্সি কিটৰ দুডাল ৰেখাই কঢ়িযাই অনা উত্তেজনা বশিষ্ঠৰ প্ৰত্যাৱৰ্তনে চূৰমাৰ কৰি দিলে । ডাক্টৰৰ ওচৰলৈ যোৱা নহ’ল । সুস্থ হৈ থকাৰো প্ৰযোজন নহ’ল তাইৰ । তাইৰ পেটত এতিয়া অনাকাংখিত অতিথি ।
ছায়াবালৈ মনত পৰিল । জৰায়ুৰ বিসংগতিৰ বাবে চিকিৎসাৰ ওপৰি চিকিৎসা কৰি থকা ছায়াবাৰ হতাশাভৰা মুখখনলৈ মনত পৰি তাই হুমুনিয়াহ এটি এৰি দিলে । চকুলোৱে সেই হুমুনিয়াহটো সামৰি থলে ।
এইবাৰ তাই উগ্ৰ হৈ পৰিল ।
“মই মৰি যাম বশিষ্ঠ । মই শেষ হৈ যাম । তোমাকো …তোমাকো মই শান্তিত থাকিবলৈ নিদিওঁ । মই যামগৈ চাবা । মোৰ পষ্টমৰ্টেম ৰিপৰ্টত তোমাৰ সন্তানৰ কথাও থাকিব বশিষ্ঠ । মই মৰিলেও তুমি জী উঠিব নোৱাৰিবা” ।
অফিচলৈ নগ’ল তাই । যাব পৰা অৱস্থাতে নাই তাই । ফোনবোৰ আহিছে । ঘৰৰ পৰা । মাকৰ পৰা । ভনীয়েকৰ পৰা । এইবাৰ তাই ফোনটোকে খঙত দলি মাৰি দিলে । ভাঙিল নে নাই নাচালে ।চুলিখিনি দুহাতেৰে আজুৰি ললে ।
“আসঃ দুখ পাইছো” । কোনে মাতিলে সেয়া ? কোনে মাতিলে ? পেটৰ পৰা আহিল নেকি মাতটো ?”
“মোক ইমান দুখ দিবলৈ কিয় আহিলি, কচোন তই”, পেটটো খামুচি তাই চুৰীখন ডাঙি ললে ।
“নাঃ , ইমান সাহস নাই মোৰ । সিদিনা আলু কাটোতে অকণ তেজ ওলাওতেই মই তিনিদিনলৈ ঠেনঠেন কৰি আছিলো । পেটটোত এই চুৰীখন কেনেকৈ ভৰাম মই ?“
“পাৰিব লাগিব শ্ৰুতি । ইয়াতকৈ তোৰ বেলেগ উপায় নাই । জীয়াই থকাৰ পথ ৰুদ্ধ । হাতত চুৰীখন ডাঙি ল । পেটত সোমোৱাই দে । নহলে হাতৰ সিৰা কাটি দে । কিবা এটা কৰ” ।
“হাঃ হাঃ হাঃ । কি আচৰিত চোৱা বশিষ্ঠ । সন্তানটোক জীয়াই ৰখাৰ সিদ্ধান্তত মই তোমাক হেৰুৱালো । এতিয়া তোমাক হেৰুৱাৰ জেদত মই জীৱন হেৰুৱাম । মোৰ মৃত্যুৱে তোমাৰ শাস্তি হওক । মই যামগৈ ।
চুৰীখন লৈ তাই ৱালৰ ফালে আগবাঢ়িল, ডাঙৰকৈ বেৰত ঘঁহি ঘঁহি লিখিলে,
“I quit”
আকৌ লিখিলে, “I quit”, দহবাৰ লিখিলে, তাৰ পাছত গোটেই ৱালতে লিখিলে । অযুত শক্তিয়ে ভিৰ কৰিলেহি তাইক ।
বন্য হাঁহি এটিৰে তাই দেৱালৰ লিখনকাৰ্য সমাপন কৰিলে ।
“বশিষ্ঠ, পৃথিৱীক জনোৱা হৈ গ’ল মোৰ বিদায়ৰ খবৰ। মই যামগৈ । বিনিময়ত তোমাক দি থৈ যাম জীৱনজোৰা অনুশোচনা । হয়তো জেলৰ নতুবা বদনামৰ “ ।
কলিংবেলটো বাজি উঠিল ।
“কোন ?”,বুলি ক’ব লৈও তাই ৰৈ দিলে । নাই নাই কাকো সোমাব নিদিয়ে এতিয়া । তাই মনে মনে থাকিব । “চুপ”, বুলি নিজৰ ওঁঠত আঙুলি থলে ।
কলিং বেল বাজিয়েই থাকিল । বাজিয়েই থাকিল । তাই চুপচাপ বহি থাকিল । সন্ধ্যা লাগিল । লাইট নজ্বলালে । আন্ধাৰতে গম পালে, দুৱাৰৰ তলৰ ফাঁকেৰে কোনোবাই এনভেলপ এখন সোমোৱাই দিছে ।
অহ ৰক্ষা । ফ্লেটৰ চিকিউৰিটি গাৰ্ডজন হ’ব । কুৰিয়াৰবোৰ আহিলে সি চিঠিবোৰ ৰিচিভ কৰি সৱৰে ৰূমলৈ পঠিয়াই দিয়ে । মানুহ নাথাকিলে দুৱাৰৰ তলেৰে সোমোৱাই থয় ।
চিকিউৰিটি গাৰ্ডজন গ’লগৈ । মোবাইলটোৰো মৃত অৱস্থা । বেটেৰী কৰবাত পৰি আছে ,চিমকাৰ্ড কৰবাত উফৰিল ।
উসঃ এতিয়া শান্তি । এতিয়া কোনো নাহে তাইক দিগদাৰ দিবলৈ ।
পেটলৈ হাতখন গ’ল, “চাচোন তোক অনাৰ স্বাৰ্থত মই বশিষ্ঠক হেৰুৱালো, এতিয়া বশিষ্ঠক হেৰুৱাৰ দুখত মই জীৱন হেৰুৱাম । এইই, তয়ো বাচি নাযাৱ । আহিছিলি কেলেই অনাহুত হৈ ? আহিছিলি কেলেই অ?”
হুকহুকাই কান্দি উঠিল । "মোৰ মৃত্যুতো মোৰ বদনাম ৰৈ যাব । মোৰ শৱদেহ শগুনে খাব । মোৰ আত্মাই মুক্তি নাপাব । মা-দেউতাৰ কি হ’ব ? ভন্টিয়ে চাব ।"
“আচ্ছা শ্ৰুতি, এটা কথা নহয় ? তোৰ মৃত্যুত যে বদনাম ৰৈ যাব । তোৰ ভন্টিক কোনে বিয়া কৰাব ?” ।
“ঠিকেইতো । কি যে পাগল মই ! মই এনেকৈ মৰিব নোৱাৰো । মোৰ বডিটো হানিব খুঁচিব , সমাজে বদনামৰ গোন্ধ ছটিয়াব । নাঃ । একদম নহ’ব । মই মৰিম । কোনেও মোৰ শটো বিচাৰি নোপোৱাকৈ মই মৰি যাম । এদিনলৈ ধৈৰ্য ধৰ শ্ৰুতি । আজি কিবা খাই ল । কাইলৈ ৰাতিপুৱাই ৰূম লক কৰি বহুত দুৰলৈ গুচি যাবি । কোনোবা জলদেৱতাই সাৱটি লব তোৰ দেহা ।"
পষ্টমৰ্টেম, বশিষ্ঠৰ ওপৰত প্ৰতিশোধ, ঘৰৰ বদনাম, ভন্টিজনীৰ জীৱনটো সকলো কুণ্ডলীকাৰে ঘুৰি থাকিল ।
“পেটত গেছ হৈছে চাগে । এন্টাচিড খাই ল’বা”, বশিষ্ঠই কৈছিল । তাই খাই ললে ।
“আজিৰ ৰাতিটো মোৰ শেষ ৰাতি । কাইলৈ পুৱাই মই পৃথিৱী এৰি যামগৈ”, নিজকে নিজে ক’লে বিশ্ৰুতিয়ে । দুৱাৰৰ তলৰ মজিয়াত এনভেলপ এখন পৰি আছিল ।
“চাই ল’ শ্ৰুতি । এইখন তোৰ শেষ চিঠি” ।
এনভেলপটো খুলিলে । প্ৰস্তুতিৰ চিঠি । “মৰমীজনী । তোৰ চিঠিৰেই মই জীৱন সামৰিম । চাচোন মই কিমান লাকী” ।
চিঠিখন খুলিলে ।
চকু দুটা মেলি ভালকৈ পঢ়িলে,
“I quit”
কি ! চকুদুটা মোহাৰি ল’লে । আকৌ পঢ়িলে ।
“I quit”
হোৱাট ! কি হৈছে তাইৰ ? ৱালত লিখোতে লিখোতে বাৰে বাৰে সেই বাক্যটোৱেই মনলৈ আহি আছে । নহয়তো । এইখন কাগজহে । ইয়াতে লিখা আছে । টেবুল লাইটটো জ্বলাই ললে । পোহৰৰ ওচৰলৈ নি চালে,
“I quit”
এইবাৰ তাই বেচিনৰ ওচৰলৈ দৌৰ মাৰিলে । চকু দুটা ভালকৈ ধুলে ।
তাৰ পাছত ভালকৈ পঢ়িলে,
একেই ।
“I quit”
"এইখন মই লিখিছিলোনে ? নহয় নাইলিখা । মইতো কলম লোৱাই নাছিলো । কোনে লিখিলে ? ভন্টিয়ে ?"
ভনীয়েকৰ নাম আছে তলত ।
তাইৰ হুঁচ আহিল ।
“ভন্টী ঐ । কি হ’ল অ তোৰ? কি হ’লনো তোৰ ? মই মৰি গলো বুলি ভাবিলিনেকি ?”
ফোনটো বুটলিলে । নাই । ফোনটো মৃত । ভাঙিল ।
"কি কৰো মই ? কালৈ ফোন কৰো ? মা দেউতা অ’, ভন্টীৰ ওচৰলৈ যোৱাচোন । চোৱাচোন চোৱা আঁকৰীজনীৰ কি হ’ল চোৱাচোন । মই গৈ আছো", দৌৰি দৌৰি তাই ওলাই গ’ল । বহুত কাম এতিয়া । টেক্সি, ফ্লাইটৰ টিকেট, ফোন ইত্যাদি ইত্যাদি ।
প্ৰস্তুতিক লাগে এইমুহূৰ্তত । মৰমৰ ভনীয়েকক লাগে । ফোনত হলেও তাইক লাগে ।
উপসংহাৰ :
------
“এই পাগলী, কিয় কৰিলি এনেকুৱা ? ইমান ধুনীয়া হাতখন কাটি লবলৈ তোৰ দুখ নালাগিল ? মই মৰি গ’লো নেকি হা ? কচোন কি বিচাৰি সিপুৰীলৈ যাবলৈ ওলাইছিলি ? তাত তোৰ কাৰণে এগালমান সুখ ৰৈ আছে নেকি ? ” , হস্পিতেলত পৰি থকা ভনীয়েকক উদ্দেশ্যি বায়েক বিশ্ৰুতিয়ে মৃদু ধমকেৰে কৈ উঠিল ।
ভনীয়েক প্ৰস্তুতিয়ে তাইলৈ চাই ৰৈছে । হাতখন কাটোতেই কষ্ট পোৱা বায়েকজনী । মৰি থকা হ’লে কিমান যে কষ্ট পালেহেঁতেন ।
আৰু তাই ? তাই এখন ছাঁদ হৈ ভাগি পৰা আকাশখনক বাধা দিয়াৰ শক্তি পালে, ভৰিৰ তলৰ পৰা খহি আঁতৰি যোৱা মাটিখিনি খামুচি ৰখাৰ শক্তি পালে । দুই কান্ধত যে দুখন মুখ – এখন ভনীয়েকৰ, এখন তাইৰ আহিবলগীয়া সন্তানৰ ।
(সমাপ্ত)
পৰী পাৰবীন
ডিব্ৰুগড়
১১ মে, ২০১৭

Comments
Post a Comment