ত্ৰিকোণ প্ৰেম:
দৃশ্য ১:
নায়িকা হায়াৰ চেকেণ্ডেৰী পাছ কৰি উঠা এজনী ওঠৰবছৰীয়া ছোৱালী । নায়ক তেতিয়াও কবিতাৰ মাজত । এনেতে নতুনকৈ কিনা কম্পিউটাৰটোত অপাৰেটিং চিষ্টেম ইনষ্টল কৰিবলৈ নায়িকাৰ পিতৃৰ সৈতে সহনায়কৰ আবিৰ্ভাৱ ।
নায়িকা আৰু সহনায়কৰ দুঘণ্টাৰ আলাপ । চাহ, লুচি ভাজি, নতুন কম্পিউটাৰত দুটামান গেম আৰু দুটামান ধুনীয়া গান । তাৰ পিছতে সহনায়কৰ প্ৰস্থান ।
ৰাত গয়ী বাত গয়ী । না না, কাহানী অভী ভী বাকী হে মেৰে দোষ্ট ।
দুদিন পিছত,
লেণ্ডলাইণ্ড ফোনত ক্ৰিং ক্ৰিং ক্ৰিং………
-মাইনা ফোনটো উঠাচোন । বাবাই ফোন কৰিছে চাগে হোষ্টেলৰ পৰা ।
-গৈছো মা…
ফোনটো দাঙি,
-হেল্ল
ইফালৰ পৰা নাৰীকণ্ঠ । ধাৰাষাৰ গালিবৰ্ষণ
-সেইদিনা ইজাজ আপোনাৰ ওচৰলৈ কিয় গৈছিল?
(ভ্ৰূঁ কোচাই নায়িকা)
-কোন ইজাজ ? খায়নে পিন্ধে ?
-ৰব মই কনফাৰেন্সত লগাই দিছো ।
(লেণ্ডলাইনতো কনফাৰেন্স । বাপৰে কি হাই ফাই যুগৰ মানুহ আছিল ৰে নায়িকা)
-হেল্লো। আপুনি ভুল নুবুজিব । মই সিদিনা আপোনাৰ ঘৰলৈ কম্পিউটাৰ ঠিক কৰিবলৈ গৈছিলো (পুৰুষ কণ্ঠ)
-(নাৰী কণ্ঠ) কিয় গৈছিলি? ছোৱালীৰ কম্পিউটাৰ ঠিক কৰিবলৈ কিয় যাব লাগে । ব্লা ব্লা ব্লা…
নায়িকাৰ মাকৰ পদাৰ্পণ,
-কি হ'ল মুখ মেলি ৰৈ আছ যে । দে ফোনটো মোক
-(নাৰী কণ্ঠ আৰু পুৰুষ কণ্ঠৰ দ্বৈত যুদ্ধ )
-মাইনা তই যা । (তাৰ পিছত ফোনটো কাণত লৈ) শুনা ভাইটি, আমাৰ এই প্ৰেম পিৰিতি কি বস্তু বুজিকে নাপায় । তোমালোকে এইবোৰ কথা তাইৰ আগত নাপাতিবা ।
বেৰৰ সিপাৰত কাণ ঊনাই থকা নায়িকাই তাপ মাৰিলে । তেতিয়ালৈ নায়িকাই প্ৰেমৰ কবিতাৰ নামত একদিস্তা কাগজ শেষ কৰিছিল, আৰু এইফালে মাকে কৈছে, জীয়েকে হেনো প্ৰেম পিৰিতি বুজি নাপায় । (খিক খিক) ।
অৱশ্যে সেইবোৰ কবিতাৰ নায়ক বেলেগ ।
দৃশ্য ২:
জেইচি গাৰ্লচ হোষ্টেল । ক্ৰিং ক্ৰিং ক্ৰিং ………
(তলৰ পৰা চিঞৰ,মাইনাবা ফোন )
ওপৰৰ পৰা চিৰিৰে, খট খট খট …
-হেল্লো
-মই মেডিকেলৰ পৰা ইউনিছদাদাই কলো ।
-অ ইউনিছ দা কওক ………………
ক্ৰিং ক্ৰিং ক্ৰিং ………মাইনাবা ফোন……খট খট খট
-হেল্ল
-মই ইউনিছদাদা
- অ কওক ইউনিছদাদা ।
এইফালে নায়িকাৰ বেষ্ট ফ্ৰেণ্ডৰ সৈতে নায়িকা,
বেষ্ট ফ্ৰেণ্ড : এই ইউনিছে তোক যেতিয়াই তেতিয়াই কিয় ফোন কৰে ?
নায়িকা: ভনী বুলি ভাবে । পাতি লোৱা দাদা হয় মোৰ ।
বেষ্ট ফ্ৰেণ্ড : মোৰ সন্দেহ হয় । সি তোক প্ৰপজ কৰিব চাবি ।
নায়িকা : নকৰে ।
বেষ্ট ফ্ৰেণ্ড : কৰিবই
নায়িকা: নকৰে
বেষ্ট ফ্ৰেণ্ড: আহ বাজী লাগো ।
নায়িকা: আহ লাগো ।
বেষ্ট ফ্ৰেণ্ড: মুগাৰ চেট
নায়িকা : হৈ যাব ।
ক্ৰিং ক্ৰিং ক্ৰিং ………মাইনাবা ফোন ……খট খট খট
"হেল্ল ইউনিছদাদা"
তিনিবছৰৰ পিছত,
বেষ্ট ফ্ৰেণ্ড : অই মোৰ বিয়া । তই আগতীয়াকৈ আহিব লাগিব কিন্তু ।
নায়িকা: ৱাও কি মজাৰ খবৰ ? দৰা ক'ৰ ? কি কৰে?
বেষ্ট ফ্ৰেণ্ড : এহ আহিলে গম পাবি নহয় । শুন তই কিন্তু মুগাৰ চেট পিন্ধিব লাগিব । ৰিচেপচনত থাকিব লাগিব ।
নায়িকা: হব দে । বিয়া বুলি দিবি আক মোক মুগাৰ চেট এযোৰ ।
বেষ্ট ফ্ৰেণ্ড : দিমেইতো । কি ফুলৰ ভাল পাৱ ক। ৰঙা নে সেউজীয়া?
নায়িকা: তই যি ফুলেৰে সজাব বিচাৰ মোক ।
(হা হা হা
হা হা হা)
বিয়াঘৰ:
নায়িকা-অই দৰাৰ চেহেৰাটো কেনেকুৱা অ? মোচাল নেকি ? পেটেলা নেকি ?
বেষ্ট ফ্ৰেণ্ড- ডাক্তৰবোৰ মোচাল পেটাল নহয় যা।
নায়িকা: ডাক্তৰ হয় নেকি? ইউনিছদাদাহঁতে চিনি পাব চাগৈ ন?
বেষ্ট ফ্ৰেণ্ড(এমোকোৰা দুষ্ট হাঁহিৰে): তোৰ ইউনিছদাদায়েই হয় ।
নায়িকা: হোৱাট!
বেষ্ট ফ্ৰেণ্ড : ইয়েচ । মুগা কাপোৰযোৰ এনেই পাইছ বুলি ভাবিছ ?
নায়িকা-তই ভেৰি ভেৰি বদমাছ ডিয়েৰ ।
বেষ্ট ফ্ৰেণ্ড : হয় মোৰ ননদজনী ।
দৃশ্য ৩:
- তই সেই গল্পটো কিয় লিখিলি কচোন ।
- কিয় কি হ'লনো?
- সেইটো লিখাৰে পৰা ই তোৰ নামত পগলা হৈ আছে ।
- হয়নেকি ? হাহাহা ……হাহাহা ।
- বি চিৰিয়াচ মাইনা। তই লিখামেলা নকৰিবি আৰু ।
-হোৱাট!
-য়েচ।
-আৰে মই কিয় নিলিখিম আক?
- সি পগলা হৈ যাব । আজিকালি তোৰ বাদে কাৰো নাম নলয় । মোতকৈও বেছি ভাল পায় তোক ।
-আৰে তোৰ সম্পদ নিজে চম্ভাল আক । মোক কেলেই কৈ আছ?
- তই প্ৰেমৰ কবিতা লিখিবলৈ এৰি দে । ভালে ভালে কৈছো মাইনা ।
-কি কবলৈ আহিছ হা কি কবলৈ আহিছ? নিজে জপনা খুলি থৈছ বেলেগ সোমাব পৰাকৈ আৰু ঘৰৰ ছাগলী বাহিৰলৈ ওলালে হুলস্হূল কৰ !
- তই মুঠতে ………
- যা যা যি কৰ কৰি থাক …
- তোক মই চাই ল'ম ।
- নিজৰ মুখখন চাই ল যা ।
হঠাতে মুখৰ ওচৰত পুৰুষকণ্ঠ,
" হৌৰা হৌৰা । তুমি কি বিৰবিৰাই আছা? কাটি হৈ শোৱাচোন ।"
-অহ ! সপোন দেখিছিলো অ । উঠো ৰবা । লাহেকৈ
এঙামুৰি মাৰি,
" হেপ্পী ইণ্ডিপেন্দেচ ডে মাই ডাৰ্লিং"

Comments
Post a Comment