দুখবোৰ বৰ সংগোপন,
প্ৰেম তাতোকৈও।
ভালপোৱাৰ নামত নেফানেফ হোৱা
এখন কলিজাৰ বাদে সৰ্বশৰীৰত এতিয়া কুষ্ঠৰোগ,
এই জহে, এই খহে,
চিকুটি চাওঁ……দুখ নাপাওঁ,
নিস্তব্ধ নিশাত শুনো মাথোঁ মৈথুনৰত মেকুৰীৰ আৰাও…
ক্ষণ গণো,
দুঃস্বপ্নত শৰীৰ ভিজে,
যক্ষৰ আৰ্তনাদ নতুবা ৰামধেনুবিলাসত তল পৰে সমস্ত হুমুনিয়াহ,
পানীত ভাঁহি অহা মৎসকন্যাৰ ৰূপোৱালী ফিছা
এই সকলোবোৰৰ মাজতো প্ৰেমত মগন দুনীয়া ।

চোৱাচোন,
কি যে আপদীয়া সূত্ৰ ।
কি যে ভুল !
প্ৰেমৰ আওবাটত সমস্ত অনিয়মৰ হুল,
যেন কাৰণবিহীন কোনো বিশেষ কাৰণ,
ছন্দবিহীন পদ্যৰ পংক্তি,
যেন এলান্ধুযুগৰ এলাগী কোনো গান
যেন উকি মাৰি পাৰ হৈ যোৱা নগৰমুখী ট্ৰেইন ।
সেউজীয়াবোৰ নিতাল,
দুখবোৰ ভৰুণ,
তুমি সুধিবা, কি কাৰণ, কি কাৰণ?
মই ক'ম, অকাৰণ, অকাৰণ।
প্ৰেমৰ দেওলগা বাট,
প্ৰহেলিকাত ডুবি মৰে কোন?
ক্ষমা কৰা সোণ,
মোৰ দুচকুত ভৰ শাওন ।
দুখবোৰ যেন এই উঠে, এই নামে, বুকুৰ ভিতৰে বাহিৰে ।
বৰ সংগোপন অ'
বৰ সংগোপন দুখ,
প্ৰেম যে তাতোকৈও………

Comments

Popular posts from this blog