গল্প: ডায়েৰীৰ সৰি যোৱা পাতখিলা


“মোৰ মাজত একোৱেই নাপাবা কাব্যম । মই এটা শূন্য লৈ জীয়াই আছো”।
:“শূন্যটোৰ আগত মই দহ বহাই লম প্ৰাচী । তুমি অনুমতি দিয়া মাথোঁ”।
:“বিয়োগ চিন এটা ওফৰি আহি আগত পৰিবহি কাব্যম”।
:“আসঃ, পাহৰি যোৱাচোন আগৰ কথাবোৰ । পাহৰি যোৱা । মই পাহৰাই পেলাম তোমাৰ অতীতৰ সমূহ বেদনা । মই এনেকৈ আৱৰিম যাতে তোমাক একো দুখেই চুব নোৱাৰে । প্ৰাচী শুনিছানে প্ৰাচী ?”, ফোনৰ সিপাৰে কাব্যমৰ আকুল কন্ঠ সেয়া ।
ইপাৰত প্ৰাচী । কাব্যমৰ কন্ঠত তাইৰ চকুহালো মেঘাল হৈ পৰিছিল । জীৱনৰ এই এক বিন্দুত উপনীত হৈছে তাই উপেক্ষা কৰো বুলিও কিছুমান অনুভৱে তাইৰ পিছ নেৰে । একোৱেই কোৱা নাছিল তাই, কব পৰা নাছিল। নীৰৱে ফোনটো কাটি দিছিল তাই ।
ঋষভৰ লগত সম্পৰ্কটো বিচ্ছেদ হোৱাৰ পৰাই তাই শূণ্য এটা বুকুত ভৰাই মিছা গপত গংগাটোপ হৈ খোজ কাঢ়িবলৈ শিকিছিল । এদিনতে ৰূপকথাৰ নায়িকাজনীয়ে খলনায়িকাৰ নাম পাইছিল । অভিসাৰী হৈ বিস্তীৰ্ণ হৈ পৰা সময়বোৰৰ পৰা হাত হাৰিবলৈকে তাই বেশ সলাইছিল । মৰিশালীৰ নিস্তব্ধ বাটটিকেই তাই বাচি লৈছিল । সিফালে যে সোণাৰুৱা বাটেৰে কৃষ্ণচূড়াৰ দেশ । আসঃ ইমান ৰং সহ্য হয়নে তাইৰ ?
বগা-ক’লা পৃথিৱীখনত তাই ডুব যাবলৈ শিকিছিল । বগা কাগজত আঁকবাঁক কৰিছিল ক’লা চিয়াহীবোৰেৰে । অনুভৱৰ শিলত আছাৰ খাই ক্ষতবিক্ষত হোৱা হিয়াখন আৱৰিবলৈ সেই তেতিয়াই তাই অহংকাৰৰ খোলা এটা সাজি নীৰৱে সোমাই পৰিছিল ।
লাহে লাহে শূণ্যটোৰ আকাৰ বাঢ়িছিল………………………………….
ঋষভৰ বন্ধু কাব্যমৰ চকুত পৰিছিল কথাষাৰ………………………………
শূণ্যটোৱে নিজকে চম্ভালিব নোৱাৰা ৰূপ এটা লৈছিল……………………………..
কাব্যমে মন কৰিছিল……………………………..
শূণ্যতাবোৰ ওফন্দি পৰিছিল………………………………..
বানৰ ৰূপ লৈছিল………………………………
জীয়াসুঁতি এটাৰ জন্ম হৈছিল……………………………
কাব্যমে মন কৰিছিল………………………
জীয়াসুঁতিটোৰ পাৰত তাই পৰি ৰৈছিল……………………….
মৰিশালিৰ নিস্তব্ধতা বুকুত সাৱটি তাই তেতিয়াও বহি ৰৈছিল……………………………..
বুকুত এজাক উতনুৱা ঘোঁৰাৰ টগবগনি লৈ মৰিশালিৰ নিস্তব্ধতা এৰি কাব্যমে তাইৰ হাতত হাত থৈছিল ।
“কি হ’ল তোমাৰ প্ৰাচী ?কি হ’ল তোমাৰ ?”, কাব্যম ব্যস্ত হৈ পৰিছিল ।
“মই আছো, মই আছো”, বুলি কাব্যমৰ সৰৱ হৃদয়ৰ গুঞ্জন শুনিছিল তাই ।
জীয়াসুঁতিটোত জীয়া কলিজাৰ গান এটাৰে তাই তাক বুজাইছিল যে তাই এতিয়া নিজৰ হৈ থকা নাই । তাই এতিয়া বিফল ছবি এখনৰ খলনায়িকাহে মাথো ।
“খুলি কোৱাচোন তোমাৰ কি হৈছে ? বাহিৰৰ মানুহে দেখা পোৱা তোমাৰ ৰূপটোৰ স’তে মই দেখা পোৱা ৰূপটোৰ আকাশ পাতাল পা্ৰ্থক্য ।তুমি মোক খুলি কোৱা সকলোবোৰ ।যি বিচাৰা, যেনেকৈ বিচাৰা মই আনি দিম তোমাক”, কাব্যমে আবেগিক হৈ কৈ উঠিছিল ।
তাই এখন হাত পাইছিল । এখন অন্তৰ পাইছিল । শক্তি পাইছিল । ঋষভৰ কথা কৈ পেলাইছিল তাই । ক’ত, কেনেকৈ, কেতিয়া ঋষভক লগ পাইছিল, কিমান আকুলতাৰে তাই তাৰ জীৱনৰ লগত একাত্ম হৈ পৰিছিল সকলোবোৰ কথাই ডায়েৰীৰ এখিলা এখিলা পাতৰ দৰে কাব্যমৰ আগত মেলি দিছিল তাই । জনা-নজনাকৈ তাৰ মাজতো ডায়েৰীখনৰ এখিলা পাত তাইৰ হাতৰ পৰা পিছলি পৰিছিল ।
সিদিনা বহুৰাতিলৈকে তাইৰ টোপনি ধৰা নাছিল । তাইৰ হাতৰ পৰা পিছল খাই পৰা পাতখিলাত কৰ্ফাল খাই ওফৰি পৰিছিল সপোনবোৰ । সেই বিশেষ পাতখিলাই তাৰ পাছৰ বহুতো দিনৰ বহুতো ৰাতিলৈকে খেদি ফুৰিছিল তাইক । কিছুমান কথা যে দুজনৰ মাজতেই আবদ্ধ হৈ থাকে ।যদিও বিশেষ ৰাতি এটাৰ বিশেষ বিন্দু এটাই তাইক ওৰে ৰাতি শুবলৈ নিদিয়ে ।
“কিমান গভীৰ সম্পৰ্ক আছিল তোমাৰ আৰু ঋষভৰ মাজত ?” কাব্যমৰ শেষ প্ৰশ্ন আছিল সেয়া ।
তাই মুখ খুলিব বিচাৰোতে যেন পাছফালৰ পৰা ঋষভে তাইৰ চকুলৈ চাই কৈ উঠিছিল, “গোপনীয়তা ৰক্ষা কৰিব পাৰিবানে প্ৰাচী?”
হয়, ঋষভৰ অনুভূতিবোৰ অতীত হ’লেও অপমান কৰাৰ মানসিকতা তাইৰ নাছিল । যিটো কথাই ঋষভক আঘাত সানিব পাৰে, তেনেবোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াই ভাল বুলি তাই প্ৰশ্নটো এৰাই চলিছিল ।
কাব্যম কাষ চাপি আহিছিল । তাইক বুজাই বঢ়াই বিয়া নামৰ আনুষ্ঠানিকতাটোলৈকে তাইক হাতত ধৰি আগুৱাই নিছিল । ঋষভৰ বন্ধু কাব্যম, কাব্যমৰ বন্ধু ঋষভ ………………পেণ্ডুলাম হৈ দুলিছিল মাজতে তাই………………… ঋষভক পাহৰি কাব্যমৰ হাতত ধৰি আগুৱাবলৈ গৈও তাই থমকি ৰয় তাইৰ হাতৰ পৰা পিছল খোৱা ডায়েৰীৰ পাতখিলাত ।
ঋষভৰ লগত তাইৰ যোগাযোগ একেবাৰে বন্ধ হৈ গৈছিল । কাব্যমৰ মুখেদি অলপ অচৰপ যি শুনিছিল, সেয়াই । তাই শুনিবলৈ বিচৰা নাছিল, পাছলৈ সিও কবলৈ এৰিলে । বিশ্বাসৰ এক গভীৰ সাঁকোৰে সম্পৰ্কটোৱে খোজ লৈছিল, অটল গভীৰত তেতিয়াও খচখচাই আছিল তাইৰ হাতৰ পৰা পিছল খাই যোৱা ডায়েৰীৰ পাতখিলা ।
বিয়াৰ আগদিনা কাব্যমে পাৰ্টি এটা দিছিল । ৰঙীন সন্ধ্যাটি ৰঙীন কৰি তুলিছিল কাব্যমৰ বন্ধুবৰ্গই । গান গাইছিল তাই । তাই মানে প্ৰাচীয়ে । ঋষভৰ ওচৰত তাই সহজ আচৰণেই কৰিছিল । তাইৰ গানত নিচা আছিল, তাইৰ সুৰত নিচা আছিল, তাইৰ মাতত নিচা আছিল ।নিচা লাগিছিল বাৰুকৈয়ে । হয়তো ঋষভৰো ।
“কাব্যম, তই কিন্তু বৰ লাকী দেই । তাইৰ কঁকালৰ তিলটো………………”, দোৰোল খোৱা জিভাৰে ঋষভে হাঁহি হাঁহি কাব্যমক কৈ উঠিছিল ।
সিদিনা তাইৰ হাতত জেতুকাই নাচিছিল । কৃষ্ণচূড়াৰ দেশখনে তাইক হাত বাউলী মতাৰ পৰতে তাইৰ অজ্ঞাতে সময়বোৰ আকৌ এবাৰ অভিসাৰী হৈছিল ।
কৃষ্ণচূড়াৰ ফুলবোৰে সেওঁতা আকিঁছিল…………………
সময়বোৰ অভিসাৰী হৈছিল তাইৰ অজ্ঞাতে……………….
তাই এইবাৰ খোজ লৈছিল সোণাৰুৰ বাটেৰে…………………
সময়বোৰ অভিসাৰী হৈছিল তাইৰ অজ্ঞাতে……………….
সোণাৰুবোৰে তাইৰ ডিঙি মেৰিয়াই গলপতাৰ ৰূপ লৈছিল………………
সময়বোৰ অভিসাৰী হৈছিল তাইৰ অজ্ঞাতে……………….
আই মোৰ ডিঙি কূটেকূটাই বুলি চম্পাৱতীৰ গানত তাই বুৰ গৈছিল……………….
সময়বোৰ অভিসাৰী হৈছিল তাইৰ অজ্ঞাতে……………….
বিশ্বাসৰ সাঁকোডালেৰে খুপি খুপি তাই কাব্যমৰ পদূলি গচকিছিল । কাব্যমক ক্লান্ত পথিকৰ দৰে দেখা গৈছিল । বিয়াৰ ব্যস্ততা ?? হ’ব পাৰে । তাইৰ সহজ উত্তৰ ।
মাজৰাতি কাব্যমক ওচৰত নেদেখি তাই খোলা দুৱাৰেদি ওলাই আহিছিল । বেলকনিৰ ৰেলিঙত ভেঁজা দি কাব্যমে চিগাৰেট হুঁপি ৰৈ আছিল । তাই নাইটিটোৰ ফিটাডাল বান্ধি বান্ধি তাৰ ওচৰ পালেহি ।
“কাব্যম, টোপনি ধৰা নাই তোমাৰ ?”, তাই সুধিলে ।
“নাই”, কাব্যমৰ গহীন উত্তৰ ।
“কি হ’ল ? তোমাক কিবা চিন্তা কৰি থকা যেন লাগিছে” , তাই সুধিলে ।
“নাই”, কাব্যমৰ গহীন উত্তৰ ।
“আৰে কি নাই নাই কৰি আছা ? চাওঁ মোৰ মুখলৈ চোৱা”, চিগাৰেটটো তাই নিজৰ হাতলৈ আনি দূৰলৈ দলি মাৰি দিলে ।
“বলা ভিতৰলৈ”, তাই আকৌ ক’লে ।
“কাব্যম, কি হৈছে তোমাৰ? কোৱা মোক ।”
বহুত দেৰীৰ পাছত সি মুখ খুলিলে, “তোমাৰ কঁকালত তিল আছে বুলি মোক কোৱা নাছিলা প্ৰাচী ।কিয় প্ৰাচী ?”
কেনেধৰণৰ প্ৰশ্ন এইটো ? তাই তৰ্কিব নোৱাৰিলে । আকৌ সুধিলে, “কি ক’লা কাব্যম? কি কাৰণে এইটো কবলগীয়া হ’ল?”
সি আকৌ মৌন ।
তাই তাক জোকাৰি দিলে, “মনে মনে আছা কিয়? কোৱা কিয় সুধিলা”।
“তোমাৰ কঁকালৰ তিলটোৰ কথা মোক ঋষভে কৈছিল”, এটা এটাকৈ সি শব্দকেইটা উচ্চাৰণ কৰিছিল ।
তাই তাৰ মুখলৈ চাই ৰ’ল । মনত পেলালে, বিশেষ ৰাতিৰ বিশেষ বিন্দু এটাত সাক্ষী হৈ ৰোৱা তাইৰ কঁকালৰ তিলটো …………………………
তেতিয়া বতাহত নাচি আছিল তাইৰ হাতৰ পৰা পিছল খাই খচখচাই থকা ডায়েৰীৰ পাতখিলা ………..
(সমাপ্ত)

Comments

Popular posts from this blog