গল্প: অংকুৰণ
অশ্ৰাব্য গালি গালাজ, অকথ্য পৰিৱেশটোৰ পৰা ভাৰাক্ৰান্ত মনটো লৈ ওলাই আহিলো । খোজবোৰ মোৰ উদভ্ৰান্ত । সিহঁতৰ সংসাৰখন নিটিকিল । ক'ৰবাত নিজকে দোষী যেন অনুভৱ হ'ল । ঋনাত্মক অনুভৱবোৰে মোক আৰু কোঙা কৰি তুলিলে । খোজবোৰ আৰু দুৰ্বল হ'ল । ভগৱানক কাকূতি কৰিলো । কাৰোবাৰ ঘৰৰ পৰা উচ্চস্বৰত বাজি থকা গান এটা ভাঁহি আহিল,
"এ খোদা, মুঝে ৰাহা দিখা, মেৰে খোদা …………"
গৈ গৈ মাধুৰীহঁতৰ ঘৰৰ গলি পালো । এইটো গলিত এৰি থৈ আহিছো মোৰ জীৱনৰ একাল । মাধুৰীহঁতৰ কিচেনত মোৰ অবাধ অহা যোৱা আছিল । প্ৰতিটো দেওবাৰে মাধুৰীৰ মাকে মোক থাপ মাৰি ধৰি চুলিত তেল লগাই দিছিল । তেজৰ নহলেও নিজৰ হৈ পৰিছিলো । সেয়াও অতীত হ'ল । মাধুৰীৰ মাক জীয়াই নাথাকিল । ভনীয়েকো জী নুঠিল । দেউতাকো কেইদিনমান আগতে ঢুকাল । প্ৰতিটো সকামত মাধুৰীয়ে বগা সাজ পিন্ধি নিয়মবোৰ কৰি যায় । কিমাননো বয়স হৈছে তাইৰ ? মুঠেই বাইশ ।
আৰু মই ? বয়সৰ ফালৰ পৰা মই তাইতকৈ দহবছৰৰ ডাঙৰ । কিন্তু অভিজ্ঞতাৰ ফালৰ পৰা মই শূন্য । মোৰ বাবে দুখ মানে প্ৰেমিকৰ এটি উপেক্ষিত চাৱনি নতুবা এটা মৃদু ভৎসৰ্না । মাধুৰীৰ একো দুখ নাই। তাইক দেখিলে অন্ততঃ তেনে যেনেই লাগে ।
এদিন মই জোৰ কৰি নিজকে মাধুৰীহঁতৰ ঘৰৰ গলি পাহৰাই পেলালো ।দুৰাৰোগ্য ৰোগে থিতাপি লোৱা মাধুৰীৰ শৰীৰটোলৈ চাবলৈ মোৰ ভয় লাগিছিল । হোৱাটচআপৰ ডিপিত ভাঁহি অহা চুলিহীন চেহেৰাটোৰ পৰা অতদিন মই পলাই ফুৰিলো । জীৱনৰ নিৰ্মমতাবোৰ সন্মুখৰপৰা চাবলৈকে ভয় কৰিলো । অথচ মাধুৰীয়ে সেইখিনিকে মেৰিয়াই বহি আছিল ।
সোমাও নোসোমাওকৈ গেটখন খুলি সোমাই গলো । মোক দেখি দৌৰি আহিল তাই।
মেৰুণ ৰঙৰ দীঘল ফ্ৰকটোৰে তাইক অপূৰ্ব লাগিছে । চুলিখিনি গজিল । শ্লিভলেছ ফ্ৰকটোৰ পৰা ওলাই থকা হাতখন মই মোৰ হাতত তুলি ললো । কোমল উমাল এখন হাত । তাই ভালপোৱা চকলেটটো তুলি দিলো । বৰ দুৰ্বল লাগিছিল মোৰ । বাৰাণ্ডাৰ চকীখনতে বহি পৰিলো । তাইৰ তুলনাত মই কিমান নিঃকিন ? নিজকে চম্ভালিব নোৱৰা ধৰণেৰে নিঃকিন মই । চোফাখনত আউজি মূৰটো পেলাই দিলো ।
"জানা পৰীবা, মুম্বাইত বৰ গৰম এতিয়া । জুনতহে বৰষুণ দিব । তেতিয়া অলপ ঠাণ্ডা পৰিব ।"
অনৰ্গল কথা কৈ আছে তাই । মাজতে, 'তোমাক কিবা এটা দেখুৱাওঁ ৰবা' বুলি চিৰিৰে ওপৰমহলালৈ দৌৰি গ'ল । ওপৰলৈ যাওতে বতাহজাকো জুনুক জুনুক কৰি বগাই গ'ল । মেৰুণ ৰঙৰ ফ্ৰকটোৰ পৰা ভৰিৰ বগা অংশ ওলাই পৰিছে । বগা ৰঙৰ ৰূপৰ পায়েলযোৰ । অলপ পিছতে এলবাম এখন আৰু কাগজৰ পেকেট এটা লৈ তললৈ নামি আহিল তাই । আকৌ বতাহত সেই শব্দ ।
জুন জুন জুন জুন ।
ৰুণ জুণ ৰুণ জুণ ।
আজি মোৰ দুখৰ দিন । মোৰ বান্ধৱীৰ ডিভৰ্চ পেপাৰত চহী হৈছে । সেই ডিভৰ্চৰ কাৰণ হৈছো মই। সিহঁতৰ সংসাৰত মই বদনামী হৈছো ।
অথচ আজি মোৰ শিকাৰ দিন । মাধুৰীয়ে শিকাইছে মোক। জীৱন এনেকুৱাও হয় । যি একো হেৰুৱাবলগীয়া হোৱা নাই, তেওঁলোকে অহৰহ হেৰুৱাবলৈকে কূট ৰটে । যি সকলো হেৰুৱায়, তেওঁলোকে পোৱাখিনিক বৰ আলফুলেৰে ৰাখে ।
বৰ আলফুলৰে ৰাখিছে তাই ফুলনিখন, কৈছে মোক,
"পৰীবা, ফুলৰ পুলি লাগিব ? "
খন্তিখন আনি নাম নজনা পুলিকেইটামান মোৰ হাতত তুলি দিছে তাই । ফুলনিখনত জপিয়াই আছে মেৰুণৰঙী ফ্ৰকটো । বতাহত পায়েলৰ সুৰ বাজিছে ।
সিহঁতৰ ডিভৰ্চ হৈছে । হওক । সিহঁতে সম্পৰ্কৰ মহত্ব নাজানে । সিহঁতে পোৱাবোৰ ৰাখিব নাজানে । সিহঁতৰ সন্তানবোৰে মাক নতুবা দেউতাকক হেৰুৱাব, সেই লৈ সিহঁতৰ আক্ষেপ নাই । একেখন চহৰত থাকিও সিহঁতে নিজৰ সন্তানলৈ চকু তুলি চাব নোৱাৰিব ।
মই মোৰ গতি নিৰ্ধাৰণ কৰিলো । মাধুৰীৰ ভৰিৰ পায়েলযোৰে মোক এটা সুৰ দিলে । সেই সুৰ জীৱনৰ সুৰ । প্ৰাপ্তিৰ সুৰ । প্ৰেমৰ সুৰ ।
তথাপি সিহঁতক মই বুজাব বিচাৰিছিলো । বাৰে বাৰে আত্মজাহৰ হুমকি দিয়া মোৰ বান্ধৱীক ভৎসৰ্নাও কৰিছিলো, "মৃত্যুক লৈ ইমান অহংকাৰ নকৰ আইজনী । " নুবুজিলে তাই । বৰঞ্চ মোৰ ওপৰত তাই খৰ্গহস্ত হৈ পৰিল ।
মোৰ খোজবোৰ পোন হৈছে । কেম'থেৰাপিত মাধুৰীয়ে হেৰাই পেলোৱা চুলিখিনি ঘূৰি অহাৰ দৰেই মোৰো শক্তিবোৰ ঘূৰি আহিছে ।
ধনাত্মক আধানবোৰে মোৰ চৌপাশ গুণগুণাই উঠিছে…বতাহে ৰুণজুণৰ গান গাইছে ।
আৰু ক্ৰমাৎ মই মোৰ হৈ পৰিছো …
এনেকৈয়ে জীৱন এতিয়া মোৰ হাতৰ মুঠিত ।
(একদম কাল্পনিক )

Comments
Post a Comment