গল্প: চি লভড এ ৰিভাৰ এক্সুৱেলি: পৰী পাৰবীন
--------------------------------------------------
দীঘলীয়া বাৰ্তালাপৰ অন্তত তাই তললৈ নামি আহিল। তাই মানে ৰাজনন্দিনী কোঁৱৰ, হাতত এহাতে কিতাপখন, এহাতে মোবাইলটো। চিৰিকেইটা পাৰ হৈয়ে তাই চক খাই উঠিল। সিমূৰে ৰৈ আছিল ৰূমমেট ৰূপশ্ৰী দেৱী।
“কি কৰি আছিলি চাদৰ ওপৰত?”, নন্দিনীলৈ চাই ৰূপশ্ৰীৰ তীক্ষ্ণ সুৰৰ প্ৰশ্ন।
“পঢ়ি আছিলোঁ।“, তাই শান্ত কণ্ঠেৰে উত্তৰ দিলে।
“পঢ়ি আছিলি?”, তাই মোবাইলটোলৈ চকু দিলে, “কথা পাতি থকা শুনিছিলোঁ”, ৰুপশ্ৰীয়ে সন্দেহ পানী ছটিয়াইছে।
“মাৰ ফোন আহিছিল।“, এইবাৰো নন্দিনীয়ে ধীৰ কণ্ঠেৰে উত্তৰ দিলে।
“সঁচাকৈনে? আচ্চা কচোন, কি পঢ়িলি আজি?”
“শুনিবি কি পঢ়িলোঁ? ব’ল বিচনাত বহি লওঁ, ইমান ভাল লগা কথাবোৰ পঢ়ি আছো, তোক কওঁ কওঁ লাগিয়ে আছিল।“
“হয়নে? ক’ তেতিয়াহ’লে”, কিছু নৰম হ’ল ৰূপশ্ৰীৰ কথাৰ সুৰ। নন্দিনীয়ে কথা কৈ থকাৰ সময়খিনি বৰ প্ৰিয় তাইৰ। দুয়োজনীৰ বন্ধুত্ব যথেষ্ট দীঘলীয়া। এই বন্ধুত্বৰ খাতিৰতে যেন এই কৰ্তৃত্ববোধ। দুয়োজনী বিচনাত বহি আড্ডা দিবলৈ আৰম্ভ কৰিলে।
“আজিৰ পৰা দুইতিনিহাজাৰ বছৰৰ আগৰ এজন কিশোৰৰ কথা ক’ম দেই তোক। ল’ৰাজন তেতিয়া মুঠেই এঘাৰবছৰীয়া। ল’ৰাৰ দেশৰ ৰজাই নাৰী আৰু সুৰাৰ বাদে আন একো চিনি নাপায়। ইফালে প্ৰজাৰ দুৰ্দশাৰ অন্ত নাই। কিশোৰজনৰ পিতৃয়ে এনেবোৰ কাণ্ডৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে ৰজাঘৰীয়াই পিতৃক গুপুতে হত্যা কৰি নৈৰ পাৰত চিন্ন শৰীৰ পেলাই থৈ গ’ল। ৰজাঘৰীয়াৰ চকুৰ পৰা কিশোৰজন পলাই আহি কোনোমতে শিক্ষানুষ্ঠানত ভৰ্তি কৰিলে।“
“তাৰ পিছত সেই ল’ৰাজনে পঢ়িবলৈ আৰম্ভ কৰিলে?”
“ওমম। ল’ৰাজন ইমানেই বুদ্ধিমান আছিল যে আচৰিত নহৈ নোৱাৰি। এবাৰ কি হ’ল গম পাৱ? চিয়াঁহীৰ বাবে গছৰ পাত সংগ্ৰহ কৰিবলৈ গৈছিল, যিটো ৰাস্তাৰে গৈছিল, সেই ৰাস্তাটো কাঁইটীয়া শিপাৰে আৱৰা আছিল। তাতে উজুটি খাই ল’ৰাজন পৰি গ’ল। কাঁইটবোৰে তাৰ গাত বিন্ধি তেজ উলিয়াই দিলে। ইফালে লগৰবোৰে তাক দেখি জোকাবলৈহে ধৰিলে, কুৎসিত, কুন্ধচ ইত্যাদি বিশেষণেৰে তাক থকা সৰকা কৰিলে। অ’ ক’বলৈ থাকি গৈছে, সি দেখিবলৈ একেবাৰে ভাল নাছিল।“
“মোৰ দৰে?”, ৰূপশ্ৰীয়ে মাজতে টপৰাই মাতে।
ৰাজনন্দিনী ইচইচাই উঠে, “তই কিয় তেনেকৈ কৈছ ৰূপ। তই ধুনীয়া, তোৰ মনটোও বহুত ধুনীয়া। তোৰ দৰে বান্ধৱী পোৱাটো বৰ সৌভাগ্যৰ কথা।“
ৰূপশ্ৰীয়ে তাইৰ হাতখনত খামুচি ধৰে, “বৰ চেন্টি ফালিছ? কৈ যা। তাৰ পিছত ল’ৰাজনে কি কৰিলে? লগৰখিনিক খেদি খেদি মাৰিলে নে কি?”
“নাই নাই। সি সেইবোৰ একোকে নকৰিলে। সি মনে মনে সিদিনা খুব কান্দিলে। দেউতাকলৈ মনত পৰিছিল । বেজৰ হাতত গাৰ ঘাঁবোৰ ভাল হৈছিল। কিন্তু দেউতাকক হেৰুওৱা বিষটো কোনেও ভাল কৰিব নোৱাৰিলে। সেই কাঁইটীয়া শিপাবোৰলৈহে খং উঠিল। সেই শিপাখিনিৰ কাৰণে গাঁওবাসীয়েও হেনো সেই ৰাস্তাৰে আহযাহ কৰিব নোৱাৰিছিল। গোটেই ৰাতিটো চিন্তা কৰি সি ৰাতিপুৱাই গাঁওলৈ ওলাই গ’ল। একলহ গাখীৰৰ ঘোল গোটাই সেই কাঁইটীয়া শিপাখিনিৰ ওচৰ পালেহি। তাৰ পিছত নৈৰ পৰা কলহে কলহে পানী আনি পানীৰ লগত সেই ঘোল মিলাই শিপাৰ গুৰিত ঢালিবলৈ ধৰিলে।“
“তাৰ পিছত?তেনেকৈ গছবোৰ মৰিবনে ?”
“মৰিব, কাৰণ গছৰ এটা প্ৰধান শত্ৰু হ’ল ভেঁকুৰ। গাখীৰ আৰু চেনীমিহলি পানীখিনিয়ে ভেঁকুৰ সংক্ৰমণত সহায় কৰিব।”
বাঃ কি বুদ্ধি! তাইলৈ একেৰাহে চাই থাকিল ৰূপশ্ৰীয়ে। যেন অযুত ভাৱনাত ডুব গ’ল। যেন সেই কিশোৰৰ বুদ্ধিমত্তাই কোনোবা জগতলৈ লৈ গ’ল তাইক।
“কি চাই আছ ভেবা লাগি?”,নন্দিনীয়ে তাইক গাত ধৰি জোকাৰি দিওঁতেহে ৰূপশ্ৰীৰ হুঁচ আহিল। বিছনাখনৰ পৰা জাপ মাৰি উঠি নন্দিনীৰ থুঁতৰিত ধৰি মৰমেৰে সুধিলে তাইক,
“মোক সঁচাকৈ কচোন নন্দিনী, চাঁদৰ ওপৰত তই কাৰ লগত কথা পাতি আছিলি?”
“ক’লোৱেইচোন, মাৰ লগত পাতি আছিলো বুলি। সদায় গধূলি মায়ে ফোন কৰে বুলি তই জানই দেখোন। এয়া চা কললিষ্ট, মাৰ ফোন।”,
“আৰু কাৰো ফোন অহা নাইতো ন?”, কাতৰ কণ্ঠেৰে কৈ উঠে ৰূপশ্ৰীয়ে।
“আৰে কললিষ্ট দেখুৱালো দেখোন তোক।“
নন্দিনী আঁতৰি বাথৰূম পালেহি। সদায় ফাঁকি দিব লগাত পৰিছে তাই। অংশুলৰ নাম্বাৰটো মাকৰ নামত চেভ কৰি লৈছে তাই। অংশুলক কওঁতে বৰ আচৰিত হৈছিল সি। ৰূমমেটৰ পৰাও কথা লুকুৱাব লাগেনে? নুলুকুৱালে যে তাইৰ উপায় নাই। অংশুলৰ লগত কথা পতাটো একেবাৰেই নসহে ৰূপশ্ৰী। কেৱল অংশুলৰ লগতে নহয়, যিকোনো ল’ৰাই নন্দিনীৰ কাষ চাপিব বিচাৰিলে জ্বলিপকি উঠে ৰূপশ্ৰী। কি কাৰণ, কি কাৰণ বুলি বহুতবাৰ মনৰ মাজত প্ৰশ্ন কৰিছিল নন্দিনীয়ে। উত্তৰ পোৱা নাছিল তাই।
অংশুলে নন্দিনীক ‘ডেট’লৈ লগ ধৰিছে। গোটেই দিনটোৰ বাবে ৰূপশ্ৰীৰ চকুৰ পৰা কেনেকৈ ফাঁকি দি থাকিব সেই অংক কৰি থাকোতেই তাইৰ সিদ্ধান্ত লোৱাত পলম হৈছে। অংশুলে হাঁহিছিল ঢেকঢেককৈ, “তোমাৰ ৰূমমেটকো বয়ফ্ৰেণ্ড এটা ঠিক কৰি দিয়া বুইছা।“
চকু চলচলীয়া হৈছিল তাইৰ, “মোৰ ভয় হয় অংশুল। ভয় হয় জানোচা তাই তোমাৰ প্ৰেমত পৰিছে।“
জাপ মাৰি উঠিছিল সি, “কি কোৱা তুমি?”
দিনে দিনে তাইৰ ওপৰত চোৰাংচোৱাগিৰি বাঢ়ি গৈছিল। সৰুৰে পৰা একেলগে পঢ়া বান্ধৱীজনীৰ অস্বাভাৱিক আচৰণত তাই বিতুষ্ট হ’লেও তাই একো ক’ব পৰা নাছিল। অংশুলৰ মতে, নন্দিনীৰ ব্যক্তিত্ব, অমায়িক ব্যৱহাৰ, কমনীয় ভংগীমা, এই সকলোবোৰেই যিকোনো ল’ৰাৰ বাবে আকৰ্ষণৰ কাৰণ। আৰু সেই কাৰণতে নলেগলে লগা বান্ধৱীৰ প্ৰতি হয়তো নাৰীজনিত ঈৰ্ষা প্ৰবৃত্তি।
তেনে সময়তে এদিন সুধি পেলালে ৰূপশ্ৰীয়ে,
“ধৰি ল নন্দিনী, অংশুল আৰু মোৰ মাজত তই যিকোনো এজনক বাচিব লগা হ’ল, তেতিয়া কি কৰিবি?”
“কি কৰিম মানে? তেনে প্ৰশ্ন মনলৈ কিয় আহিল? তহঁত দুয়ো নিজৰ স্থানত গজগজীয়া। এজনক বাদ দি ইজনক বাচি লোৱাৰ কথা ক’ৰ পৰা আহিল?”
“নহয় নন্দিনী। অংশুলক বাদ দে তই। প্লিজ বাদ দে”, উচুপি উঠিছিল ৰূপশ্ৰী।
“কি কৈছ ৰূপ? কিয় এনে আচৰণ কৰিছ? অংশুলক বাদ দিব কিয় লাগে মই?”
তাইৰ প্ৰশ্নৰ উত্তৰ নিদি ৰূপশ্ৰী গপাগপ ওপৰলৈ উঠি গ’ল। চাঁদৰ ওপৰলৈ গৈয়ে ৰেলিঙত হেলান দি আউজি পৰিল তাই। পিছে পিছে দৌৰি আহিছিল নন্দিনী। ৰূপশ্ৰীক তেনে অৱস্থাত দেখি গাটো জিকাৰ খাই উঠিল তাইৰ। এই যেন হালি পৰিব তললৈ। তলত মহানগৰীৰ নিয়ন লাইটৰ ঢিমিক ঢামাক পোহৰ। কিমান ফুট ওপৰত আছে তাই নাজানে, কিন্তু সামান্য ইফাল সিফালে হ’লেই যে মাৰাত্মক ঘটনা ঘটি যাব, সেই অনুমান তাই ঠিকেই কৰিলে।
দুজনী ছোৱালী, এজন ল’ৰা। অংকটো সিমানলৈকেহে জানে। তাতকৈ আগলৈ নাজানে। নাজানে নহয়, নকৰে। অংশুলক বাদ দিবলৈ কোৱা ছোৱালীজনীক বাদ দি গুচি যাবলৈ মন যায়। কিন্তু মুখ খুলি কোৱা নহয়। কিবা নজনা কাৰণত তাই এতিয়াও সেই ছোৱালীজনীৰ কাষত ঠিয় দি আছে। আন্ধাৰত ছোৱালীজনীৰ মুখখন মনিব নোৱাৰিলেও বুকুৰ ভিতৰত ৰো ৰোৱাই বলি থকা চেঁচা বতাহজাকৰ শব্দ তাই ঠিকেই শুনিছে। বহুতদিন মনৰ মাজত গুণাগঁথা কৰিছে, অংশুলক ভাল পায় নেকি তাই। গুণাগঁথা কৰি থাকোতেই সুধি পেলালে বান্ধৱীয়ে, “অংশুল আৰু মোৰ মাজত কাক বাদ দিব পাৰিবি তই?”
অবুজন বান্ধৱীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ তাই আঁতৰি অহাই শ্ৰেয় আছিল। কিন্তু আঁতৰি আহিব নোৱাৰিলে। ক’ৰবাত হয়তো কিছু আপোনত্ব, কিছু মানৱীয়তা ৰৈ গৈছে। আঁতৰি আহিব নোৱাৰিলে, বৰঞ্চ সাৱটি ধৰিলে বান্ধৱীক,
“ৰূপ। তললৈ ব’ল।“
ৰূমলৈ আহি ৰূপৰ হাত দুখন তাই নিজৰ হাতত সুমুৱাই ল’লে আবেগেৰে। জিকাৰ খাই উঠিছে বান্ধৱী। প্ৰেমৰোগত আক্ৰান্ত বান্ধৱী। তাইৰ চেঁচা, শুকান হাত দুখন লৈ নন্দিনীয়ে কথাবোৰ জুকিয়াই ল’লে। ক’ৰ পৰা আৰম্ভ কৰা যায় কথাবোৰ নাজানে তাই। অংশুলক হেৰুৱাই পেলোৱাৰ ভযে তাইক লেলিহাই গৈছে। মনটো ডাঠ কৰি সুধি পেলাইছে পিছ মুহূৰ্ততে,
“ৰূপ! ৰূপ। খুলি কচোন, কি হৈছে খুলি ক মোক?”
নকয় ৰূপশ্ৰীয়ে। উদাস দৃষ্টিৰে চিলিঙৰ ফেনখনলৈ চাই থাকে। চিলিঙৰ ফেনখন ঘূৰি থাকে, গেঙনিৰ দৰে শব্দ এটা ফেনখনৰ পৰাও ওলায়, “ঘট। ঘট। ঘট।“ নন্দিনীয়ে ৰূপশ্ৰীৰ কপালৰ চুলিকেইডাল লিৰিকি থাকে। চকুহাল মুদ খাই আহে ৰূপশ্ৰীৰ । গাত পাতল কাপোৰখন জাপি তাই আঁতৰি আহিব লৈছিলহে, থাপ মাৰি ধৰিছিল তাই, বিৰবিৰাই উঠিছিল টোপনিতে, “তই অংশুলৰ হ’ব নোৱাৰ, কেতিয়াও নোৱাৰ। মোৰ বাবেই বাদ দিব লাগিব অংশুলক। মোৰ বাবেই…….”
ইমান গভীৰ প্ৰেম, অথচ ইমান নীৰৱ! তাই কাষতে থাকি ফুটকে নাপালে। কি কৰা যায় এতিয়া? প্ৰেম ত্যাগ কৰা যায় নে ত্যাগ কৰা যায় এই সখিত্ব? নে সখীৰ হাতত অৰ্পণ কৰা যায় চিৰদিনৰ বাবে প্ৰতিশ্ৰুতিৰ ৰচীৰে বান্ধি লোৱা অংশুলক? অংশুলক ক’লে ঢেকঢেকাই হাঁহি উঠিব সি, ক’ব সি, “আৰু ছোৱালী নাপালা নন্দিনী? সেই হটঙাজনীক যে পালাগৈ নে?”
আৰু তাই খং দেখুৱাই উচাৎ মাৰি আঁতৰি আহিব, “মোৰ বান্ধৱীক তেনেকৈ নক'বা।”
এইবাৰ তাৰো খং উঠিব, দুটামান বেয়া মাত মাতি সি আগভেটি ধৰিব তাইক, “বান্ধৱীক বান্ধৱীৰ জাগাত থাকিবলৈ দে না। সতিনীৰ আসনত বহুৱাবলৈ কিয় উঠি পৰি লাগিছ?”
তলমূৰকৈ থাকি তাই চকুহাল ওপৰলৈ তুলি তালৈ চাই পঠিয়ায়, তাৰ কাতৰ দৃষ্টিৰ ভৰ সহিব নোৱাৰি অশ্ৰুকণাটো নামি আহে, আলফুলে সাৱটি লয় সি তাইক, কথা দে নন্দিনী, কেতিয়াও গুচি নাযাওঁ বুলি কথা দে মোক।
কিমান পৰ তেনেকৈ আছিল সিহঁত দুটিয়ে নাজানে, যেন অনন্ত সময়ৰ কাৰণে বিছিন্ন হৈ আছিল দুয়ো, আলিংগনৰ এই সুখৰ পৰা আঁতৰি অহা নাযায়, প্ৰতিশ্ৰুতিৰ ৰংবোৰ গাঢ় হৈছিল, গাঢ় হৈছিল ভালপোৱা, তেনেতেই বিকট চিঞৰ এটা শুনি দৌৰি গৈছিল দুয়ো, দেখিছিল নাতি দূৰৈত বাগৰি পৰিছে বান্ধৱী ৰূপশ্ৰী, বিৰবিৰাই আছে আধাফুটা কথা কেতিয়াকৈ সিহঁতৰ পিছে পিছে আহি ৰূপশ্ৰী এইখিনি পালেহি সিহঁতে তৰ্কিবই নোৱাৰিলে। আশ্চৰ্যচকিত দৃষ্টিৰে দুয়ো-দুয়োলৈ চাই ৰ’ল। সন্মুখত বান্ধৱীৰ অৰ্ধচেতন দেহা। পানী পানীকৈ চিঞৰি উঠিছিল অংশুল। নন্দিনী নিৰ্বাক, নিস্তব্ধ। থৰথৰকৈ কঁপি আছিল তাই। আৰু বুজা-নুবুজাৰ মাজত ওলমি আছিল সময়বোৰ।
ৰূপশ্ৰীৰ অৱস্থাটো দিনক দিনে বেয়া হৈ আহিল। হটঙা ছোৱালীজনী জুপুকা লাগিল। খীণাই মেলি গালৰ হনু টটকৈ জিলিকিল। এনেকৈয়ে এদিন মানসিক ৰোগৰ চিকাৰ হ’ল তাই। বিহৰ বটলটোৱে নীলা কৰি পেলোৱা তেজখিনিৰ আঁৰৰ কাহিনী আঁৰতে থাকিল, মৃত্যুৰ সময়ত পোৱা টোকাটোৱেহে সকলোবোৰ খেলিমেলি কৰি দিলে। টোকাটো লৈ তাই অংশুলৰ ওচৰলৈ দৌৰ মাৰিলে। ফোঁপাই ফোঁপাই পঢ়ি গ’ল,
“এদিন তাই এটা সাধু কৈছিল। সাধুকথাৰ নায়কজন কুৎসিত আছিল, কিন্তু বুধিয়ক আছিল। ময়ো কুৎসিত আছিল, কিন্তু বুধিয়ক নাছিলো। নায়কজনে নৈখন পাবলৈ কাঁইটীয়া ৰাস্তাটো পাৰ হ’ব লাগিছিল। তাই আছিল মোৰ প্ৰিয় নৈখন। মোৰ আৰু তাইৰ মাজতো এগাল কাঁইটীয়া গছ আছিল। অংশুল নামৰ কাঁইটীয়া গছজোপা মই মাৰি পেলাব নোৱাৰিলোঁ। মোৰ পৰা তাইক লৈ গুচি গ’ল। মই চাই থাকিলোঁ, চায়েই থাকিলোঁ। তাইক লৈ যোৱাৰ কষ্টত মই বিহবোৰ নিজৰ কৰি ল’লো।”
টোকাটো পঢ়ি কিছুদেৰিৰ বাবে স্থানু হৈ পৰিল দুয়ো। হিম হৈ যোৱা তেজবোৰ চম্ভালি কোনোমতে সি মাত লগালে,
“চি লভড এ গাৰ্ল। তাই তোমাৰ প্ৰেমত পৰিছিল নন্দিনী।”
নন্দিনী নামৰ নৈখনত তেতিয়া তিনি খৰে ছিৰালফটা দিছে। বাম বুকুখন ৰ’দত মেলি তাই আস্ফালন কৰিছে,
“চি লভড এ ৰিভাৰ এক্সুৱেলি।”

Comments

Popular posts from this blog