গল্প: বুদ্ধং শৰণং গচ্ছামি: পৰী পাৰবীন ------------------------------------------------------- দৃশ্যাংশ ১: কিছু শকতকৈ, কিছু মিঠাবৰণীয়া মানুহগৰাকী। বয়স চল্লিশৰ আশে পাশে। অযত্নপালিত চেহেৰা, কিছু মলিয়ন বেশভূষা। পাতল ৰঙা শাৰীখনেৰে নাভিতলৰ চৰ্বীখিনি উন্মুক্ত কৰাৰ নিৰ্লজ প্ৰয়াস। চকুত তাইৰ চিকাৰীৰ দৃষ্টি, খোজত বয়সৰ স’তে খাপ নোখোৱা কিছু চঞ্চলতা বিৰাজমান। গধূলি সময়ত প্ৰায়েই আহি তাই ব্যস্ত ৰাজপথত নতুবা চিনেমাহলৰ কাষত থিয় দিয়েহি। নাই, নাই, বহুত কিবা হাবিয়াস নাই তাইৰ। কোনোমতে দুশটকা হ’লেই দিনটো তাইৰ চলি যায়। এশ টকা হোটেলৰ মালিকক দিব লাগে। এশ টকা নিজৰ বাবে। হোটেল মানেনো কি? আগফালে চাহ-কেকৰ সৰু গুমটি এখন, পিছফালে চালি দিয়া কোঠা এটাত এখন সৰু বিচনা। উৰহ ডাঁহেৰে ভৰা এখন বিচনা। দিনটো হাড় টনটনাই যোৱা পৰিশ্ৰম কৰি ঘৰলৈ ওভতা শ্ৰমিকজন, নতুবা মাতাল ৰিক্সাৱালাজন, নতুবা সেইদিনা বিক্ৰী বেছি হোৱা চানাৱালাজন- সেইসকল তাইৰ নিয়মীয়া গ্ৰাহক। সিহঁতৰ লাভ বেছি হ’লে তাইৰো লাভ বেছি হয়। কেতিয়াবা দুশ টকাতকৈ বেছিকৈ পায়। সিদিনা তাই ফেৰীৱালাৰ পৰা ৰঙা ৰঙৰ নেইলপলিচ এটাও লৈ যায়। সিহঁতৰ লোকচান হ’লে তাইৰ চৌকা...
Posts
Showing posts from May, 2019