গল্প: স্পৰ্শ (পৰী পাৰবীন)
বাস্তৱ অৱলোকন:
----------------
পুৱাৰ ফিৰফিৰীয়া বতাহজাক সাৱটি ডেনিয়েল নামৰ অষ্ট্ৰেলিয়াৰ লৰাজনৰ স’তে তাই ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত উপস্থিত হৈছিল । তাইৰ তত্বাবধানত কলেজৰ এদল ছাত্ৰ-ছাত্ৰী । লক্ষ্য নিমাতীঘাট হৈ শিৱসাগৰমুখী যাত্ৰা । ফেৰী এখন ভাড়াত লৈছিল সিহঁতৰ দলটোৱে । আনহাতে ডেনিয়েল আহিছে অষ্ট্ৰেলিয়াৰ পৰা । অসমৰ মাজুলীৰ সত্ৰসমূহৰ ওপৰত সি গৱেষণা কৰি আছে । সেইসূত্ৰেই ঘনিষ্ঠ হৈ পৰা ৰাগিনী আৰু সিহঁতৰ দলটোক বিদায় দিবলৈকে সি ৰাগিনীৰ সতে ফেৰীঘাট পাইছিল । ওখ, ঢকঢকীয়া বগা, সোণালী চুলিৰ লৰাজন কিছু চঞ্চল মনৰ । আনহাতে ৰাগিনী গহীন, বয়সতকৈ বেছি ভাবুক আৰু আবুৰত থকা এগৰাকী মহিলা । যিকোনো মানুহেই প্ৰথমবাৰতে মূৰ দোঁৱাই সন্মান কৰিবলৈ কুণ্ঠাবোধ নকৰা এটা সত্ত্বা ।
সেই ৰাগিনীকে সি সুধি পেলাইছিল,
“আপোনাৰ হাতখন চুই চাব পাৰোনে মেডাম?”
ফেৰীখন ৰৈ আছিল ঘাটত । লৰা-ছোৱালীবোৰে ফেৰীত বহি ৰ’দেৰে তিৰবিৰাই থকা পানীবোৰৰ সতে জলকেলি কৰি আছে । সিহঁতে নিজৰ মাজত মচগুল হৈ আছে ।
আৰু তাই ফেৰীখনত উঠিব লৈও ‘হা?’ বুলি ভেবা লাগি চাই ৰৈছে তালৈ ।
দিবনে হাতখন ? দিবনে ?
নিদিলে । চাৰিওফালে যে শেনচকুৱাৰ দল । তাই নামী কলেজ এখনৰ অধ্যাপিকা । কেৱল অধ্যাপিকাই নহয়, বিভিন্ন সামাজিক কামত আগৰণুৱা হিচাপে মিছ ৰাগিনী ভূঞাৰ এক সুনাম আছে । অপৰূপ সৌন্দৰ্যৰ গৰাকী হৈও অবিবাহিত হৈ ৰোৱা ৰাগিনী ভূঞাৰ অনুৰাগীসকলৰ মাজতো ৰাগিনীৰ চৰিত্ৰ সম্পৰ্কে অহেতুক কৌতুহ’ল । মানুহৰ বুবুবাবাৰ সীমা নাই । নিতৌ নতুন কাহিনীৰে আড্ডাৰ মজিয়া গৰম কৰা মানুহৰ সংখ্যাও কম নহয় । গতিকে এনে এখন সমাজত, য’ত নাৰী –পুৰুষৰ মাজত স্পৰ্শ বাৰণ কৰা আছে, সেইখন সমাজত সি বিদেশী ল’ৰা এজনক হাতখন চুবলৈ দিব ? নাই । অসম্ভৱ । সদায়ে আধুনিকতাৰ সপক্ষে কথা কৈ অহা ৰাগিনীয়ে তললৈ দৃ্ষ্টি নমালে । অৱনমিত দৃষ্টিৰ লগে লগে হাতখনো সংকুচিত কৰিলে ।
ডাঠ চেলাউৰিৰ আঁৰৰ হাঁহি থকা চকুহালে মুহূৰ্ততে বৰণ সলালে ।
“চৰী মেডাম, মোৰ ভুল হৈছিল”, ডেনিয়েলে উচপিচ লগালে । তাৰ পাছত লাহেকৈ চকুহাল উঠাই বিদায়ৰ ভংগীমাত হাতখন জোকাৰি থাকিল । বুকুৰে হুমুনিয়াহ এটি পাৰ হৈ গ’ল তাইৰ ।দোমোজাৰ মনটো বান্ধি তাই ফেৰীত বহি পৰিল ।
অপ্ৰস্তুত হৈছে তাই । তাইতকৈ সৰু কলেজৰ লৰা-ছোৱালীখিনিৰ সন্মুখত অপ্ৰস্তুত হৈছে তাই । নহ’বই কিয় ? এয়াতো বন্ধ কোঠাৰ কোনো এক প্ৰস্তাৱ নহয় নতুবা নৈৰ নিৰ্জন পাৰৰ অনুৰোধ নহয় নতুবা এই সম্পৰ্ক কোনো বন্ধু-বান্ধৱীৰ মাজৰ নহয় কিম্বা প্ৰেমৰ নহয় । এয়া দুদিনৰ বাবে লগ পোৱা এজন বিদেশী যুৱক ডেনিয়েলৰ অনুৰোধ । বগা চাহাবৰ দেশৰ সোণালী চুলিৰ ল’ৰাজনৰ মুখত বিশুদ্ধ অসমীয়া শব্দ শুনি ওচৰৰ মানুহবোৰে ঘূৰি ঘূৰি চাইছিল । অপ্ৰস্তুত হৈছিল ৰাগিনী । মনৰ মাজত হাজাৰ দ্বিধাগ্ৰস্ততা ।
বিশাল লুইতৰ বুকুত মনৰ জাহাজখন এৰি দি তাই ঢৌৰ মাজে মাজে ফালি নিয়া পানীখিনিলৈ চাই ৰ’ল । এই যে জাহাজখনে লুইতৰ কলিজা ফলাৰ শব্দটো, এইখিনি সত্য । বুকু ফালিও যে বিশাল লুইতে সকলোকে সামৰি লয় এয়াও সত্য । অসত্যটো সেইখিনিতে যে, তাই লুইতখনৰ বিশালতাক মানি লৈও সেই বিশাল দৃষ্টিৰে সমাজখনত থিয় দিয়াৰ সাহসকণ কৰিব নোৱাৰে । নোৱাৰিলে তাইৰ দৰে অজস্ৰ মানুহৰ মনবোৰ বিশাল কৰি তুলিবলৈ । টুলুং ভুটুং বঠা মাৰি মিচিং ডেকাজনে অইনিঃতম জুৰে । তাইৰ মন দিগন্তৰ পছোৱাজাকে পিছমুৱা গতি লয় ।
বঃবি ললিন্ আচাৰদৗ
আচৗং লাক্ লৗং তৗৰবমদুং
অইনক্ আইপৗ মৗনামদৗ ঙক্ক আচিন দবমদুং
চঃয়ুমাং পাক্কমমাং দৗংগাঃদৗগল কাপ্পচিন
কেদাংমাং বামেমাং অইনক্ ৰুইদ পুনপৗচিন
(অৰ্থ- ৰিব ৰিব বতাহে গছৰ ডাল ভাঙিছে
পিলিঙা ডেকাটোৱে মোৰ কলিজা ভাঙিছে ৷
কুলি কেতেকী নহ'লো তোৰ কাষত বিনাব'লে ৷
কপৌ ভাটৌ ফুল নহ'লো তোৰ কাষত ফুলিবলে)
ঊফ ! এইজাক পছোৱা ! এইজাক পছোৱাই হামিং বাৰ্ডজনীৰ দৰে বাৰে বাৰে পিছলৈ উৰে । ফাগুনৰ মলয়াৰ হোঁ হোৱনিৰ শব্দবোৰৰ পৰা পলাই আহি তাই যেন নিজৰ বাসগৃহত সোমাই পৰিব । আনমনা হৈ পৰে তাই । ছাত্ৰ-ছাত্ৰীবোৰে অন্তাক্ষৰীত ব্যস্ত হৈ পৰে । সেইবোৰ তাইৰ কাণলৈ নোসোমায় । তাইৰ কাণৰ কাষত বাজি থাকে এটাই বাক্য, ঋজু শৰীৰৰ বগা চাহাবৰ দেশৰ লৰাজনৰ বিগলিত কণ্ঠ,
“আপোনাৰ হাতখন চুই চাব পাৰিমনে মেডাম?”
কি আছে তাইৰ হাতত ? কিয় চুব খুজিছিল সি ? সেই স্পৰ্শ তাই নল’লে । সমাজে দেখাকৈ সেই স্পৰ্শ তাই নল’লে । সমাজে নেদেখাকৈ সেই স্পৰ্শই বুকু চুলে । এৰা । বুকু চুলে ।
পশ্চাদ অৱলোকন :
-----------------
দাপোণৰ সন্মুখত ৰৈ হাত দুখন মেলি দিয়ে তাই। বন্ধ ৰূমটোত নীলা মমৰ এমুঠি নীলা পোহৰ । মম জ্বলে , তাই জ্বলে। মমৰ পোহৰত জুখি চায় নিজক । বুকুৰ গভীৰতাৰ জোখ লয় পুনৰবাৰ, যলৈকে শিপাইছিল সেই স্মৃতি, যলৈকে শিপাইছিল তাইৰ সমগ্ৰ সত্ত্বা আৱৰি, সেই গভীৰতাৰ খতিয়ান লয় পুনৰবাৰ ।
স্কুলৰ জিৰণিকোঠাটো মানসপটত জিলিকি আহে । প্লেটিনাম জয়ন্তী উপলক্ষে বিদ্যালয়খনৰ তৰণি নোহোৱা হৈছিল সেইবাৰ । ছবৰীয়া ছাত্ৰজীৱনত স্কুলখনৰ এশবছৰ গৰকা দিনটো পোৱাটো সিহঁতৰ বাবে কম ভাগ্যৰ কথা নহয় । বোলে কয় নহয়, এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া । অনিৰ্বাণ, শেৱালি, শুভ্ৰম, ৰাহুলকে ধৰি নাচে গানে আগৰণুৱা ৰাগিনীৰ সেইকেইদিন ততেই নাই ।কোনোবাটো যদি পেণ্ডেলৰ দায়িত্বত আছে, কোনোবাজনী আকৌ সাংস্কৃতিক নিশাটোৰ দায়িত্বত আছে । তিনিদিনীয়া কাৰ্যসূচীৰ শেষৰদিনা হ’বলগীয়া সাংস্কৃতিক সন্ধ্যাটোত বিশিষ্ট অতিথি ৰূপে উপস্থিত হ’বহি দেশৰ আগশাৰীৰ ক্ৰিকেটাৰ তথা অসম গৌৰৱ অভিলাষ চক্ৰৱৰ্তী । শুনিয়েই সিহঁতকেইজনীৰ গা সাতখন আঠখন হৈছিল । স্কুলপ্ৰাংগণত এজাক লৰা-ছোৱালীৰ কৌতুহ’লভৰ্তি মুখৰ মাজত বগা-ৰঙা বুটা বছা কেঁচা পাটৰ সাজেৰে অভিলাষবাহিনীক আদৰিবলৈ গামোচা লৈ ৰৈ আছিল স্বেচ্ছাসেৱিকাৰ দলটো । ঢোলে ডগৰে পদূলিমুখৰ পৰা আদৰি আনিছিল হুঁচৰি দলটোৱে ।
ৰাগিনী যেন সিদিনা সৰগৰহে নৰ্তকী । পুষ্পবৃষ্টি, উৰুলিৰে বন্তি প্ৰজ্বলন কৰাৰ লগে লগেই সত্ৰীয়া নৃত্য পৰিবেশনৰ বাবে মঞ্চলৈ উঠি গৈছিল তাই । অভিলাষ চক্ৰৱৰ্তীয়ে অধ্যক্ষ মহোদয়ৰ লগত কিবা কথাত মচগুল হৈ আছিল । এই অনুষ্ঠানটোৰ কাৰণে বৃহৎ পূজিৰ চেক এখন চহী কৰি অধ্যক্ষৰ হাতত তুলি দিছিল অভিলাষে ।
খিততা দিধেই নাধেই তানি ।।।
খোলৰ শব্দত মঞ্চলৈ চকু গৈছিল অভিলাষৰ । কিশোৰী মনৰ সলাজ হাঁহি এটিৰে ৰাগিনীয়ে আৰম্ভ কৰিছিল সেই নৃত্য । অৰ্ধপ্ৰষ্ফুটিত ফুলকলিটোৰ আহে পাহে যেন লুকাই আছিল সদ্যস্নাতা নাৰীৰ সুগন্ধি । নৃত্যৰ মঞ্চত তাইৰ সত্ৰীয়া নৃত্য । ডাঠকৈ লগোৱা কাজলখিনিত এই যেন হেৰাই যোৱাৰ উন্মাদনা । আন্ধাৰৰ ইমান সৌন্দৰ্য! কাজলসনা চকুৰ ইমান সৌন্দৰ্য! অভিলাষ চক্ৰৱৰ্তী যেন সেই কাজল কাজল আন্ধাৰত হেৰাই গ’ল । নিমিষ পেলাবলৈ পাহৰি গ’ল তেওঁ । মঞ্চত পতাক হস্ত মুদ্ৰাৰে ৰাগিনী । দৰ্শকৰ প্ৰথম শাৰীত অভিলাষ চক্ৰৱৰ্তীৰ অপলক চাৱনি ।
খিততা দিধেই নাধেই তানি ।।।
পুস্পবৃষ্টিৰ ভংগীমাৰে ৰাগিনী । অবুজ ভাৱনাত বুৰ যায় অভিলাষ চক্ৰৱৰ্তী । নৃত্যৰতা ৰাগিনীক বিমুগ্ধ নয়নেৰে চাই ৰয় ক্ৰিকেটৰ পথাৰত বেটৰ যাদু দেখুওৱা অভিলাষ চক্ৰৱৰ্তীয়ে । তাইৰ শৰীৰত ৰঙা-বগা পাটৰ ঘূৰী চাদৰৰ সাজ । হাঁহিত যেন তাইৰ পাটমাদৈৰ সুবাস ।তাইৰ আঙুলিত আলতাৰ ৰং । তাইৰ ভৰিত জুনুকাই নাচে ।
খিততা দিধেই নাধেই তানি ।।।
কাজলৰ ৰংবোৰ ছটিয়াই দিয়ে তেওঁলৈ , তাৰ পাছত মঞ্চলৈ , আকৌ তেওঁলৈ, তাৰ পিছত দৰ্শকলৈ । দুগাল তাইৰ ৰাঙলী । লাজমিহলি হাঁহি ।
কপালৰ টিকলীডালে নাচে, “তাও খিতা দিধিনাক ধেই” ।
হাতৰ কংকণ নাচে, “ ধিনা খিতেই দাও দাও খিতেই”
পাক মাৰি মাৰি আপোনপাহৰা হয় তাই, “ দাও খিতা দিধিনাক ধেই”…
আকৌ ঘূৰে, “ধেৰখিতা ধেৰখিতা ধেৰখিতা খিতিতাক খিৰখিতা খিৰখিতা খিৰখিতা খিতিতাক”
নাচোনৰ তালে তালে ঘূৰি ঘূৰি … ঘূৰি ঘূৰি …ঘূৰি ঘূৰি … মজিয়াত দুহাতেৰে ভেজা দি ৰাগিনী মঞ্চত বহি পৰে, খোপা সুলকি ফুল সৰি পৰে , ভৰিৰ জুনুকা খুলি ৰুণজুনাই যায় । অতদেৰি খেলপথাৰৰ মাজতহে যেন বিচৰণ কৰি আছিল তেওঁ, ৰাণ ল’বলৈ ষ্টাম্পলৈ দৌৰ লওতেই যেন দেখিছিল সতীৰ্থ খেলুৱৈগৰাকী বাগৰি পৰিছে । এয়া যেন খেলপথাৰৰ ৰণত আহত কোনো সৈনিক, একেই দুভৰিৰ যাদু, একেই মোহিনীবাণ ।
বাস্তৱ পৃথিৱীলৈ আহে তেওঁ । দেখে, মঞ্চত নৰ্তকী ৰাগিনী বহি পৰে, অভিলাষে কথাটোৰ আঁত নাপায় ।তাইৰ ভৰিত আলতাৰ ৰং দেখি তেজ বুলি মঞ্চলৈ দৌৰি যায়, ডিঙিত পিন্ধিবলৈ দিয়া গামোচাখনেৰে আলফুলে ৰাগিনীৰ ভৰিখন মেৰিয়াই ধৰে ।
এক লহমাৰ কথা মাথোঁ সেয়া । ঘড়ীটোও ৰৈ গ’ল নীৰৱতাখিনিৰ সতে । নিস্তব্ধ হৈ পৰা সময়খিনি ঠেলি জুনুকাটো মঞ্চৰ পৰা তললৈ পৰি জনজনাই যায় । চক খাই উঠে অভিলাষ চক্ৰৱৰ্তী । ক’ত আছে তেওঁ ? ক’ত আছে ? সম্বিত ঘূৰাই আহে মানে ঘামেৰে চাৰ্টৰ কলাৰ ভিজি যায় ।
ক্লিক ক্লিক ক্লিক !
সহস্ৰ কেমেৰাত বন্দী হৈ ৰ’ল সেই দৃশ্য । অপ্ৰস্তুত হৈ পৰে ৰাগিনী । আলতাৰে ৰঞ্জিত ভৰিখনি মেৰিয়াই থকা হাত দুখন আঁতৰাই তাই মঞ্চৰ পৰা দৌৰি গৈ গ্ৰীণৰূমত সোমালেগৈ । পিছে পিছে দৌৰি আহিল শেৱালি, ৰূপস্মিতাহঁত । কাৰো মুখত মাত নাছিল । ইজনী সিজনীক চোৱাৰ বাদে একো ক’ব পৰা অৱস্থাত নাছিল । ক’ৰবাত যেন কিবা এটা অমিল অংক । বাহিৰৰ পৰা হুলস্থুলৰ শব্দ ভাঁহি আহিছিল । চকী-মেজ দলিওৱাৰ শব্দ । পুলিচবাহিনী আহি পাইছিল । পুলিচৰ বেষ্টনীৰ মাজেৰে অভিলাষ গৈ গাড়ীত বহিছিল । গাড়ীতো উন্মত্ত যুৱকৰ শিলাবৰ্ষণ ।
কেৱল শিলাবৰ্ষণতে ব্যস্ত নাথাকি লৰাহঁতৰ জাকটোৱে আবৰ্ত ভৱন অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল ।
ভুলটো ক’ত হ’লনো ? ক’ত হ’ল ভুল ? তাই নাজানিলে আজিও । এটাই মাথোঁ স্পৰ্শ । বিভিন্নজনৰ মুখত বি্ভিন্ন নাম পোৱা এটা স্পৰ্শ ।
গ্ৰীণৰূমত কুচিমুচি সোমাই ৰোৱাজনীক কোনে উলিয়াই আনি ঘৰ পোৱাইছিল তাই নাজানে। মনত পৰে তাইৰ জুনুকাটো পিছফালৰ পুখুৰীটোলৈ কোনোবাই দলিয়াই দিছিল । ককায়েকে আহি গালত ঠাঁচকৈ এটা চৰ বহাইছিল । তাই উচুপিছিল । সেয়াও এক স্পৰ্শ । অভিভাৱকত্বৰ নাম পোৱা এটা স্পৰ্শ ।
মাকে মূৰত হাত বুলাই দিলেও বহুতদিনলৈ টোপনি যাব পৰা নাছিল তাই। চাব পৰা নাছিল বাতৰি কাকতৰ শিৰোনামা । শুনিছিল, অভিলাষক ক্ৰিকেট টিমৰ পৰা বহিষ্কাৰ কৰা হৈছে । কিয় ? কিয় ? কাৰণটো অযাচিত এটা স্পৰ্শ ।
স্পৰ্শটো বদনামী হৈ ৰৈ গ’ল বুকুত । মানুহবোৰে যিমানে হৈ চৈ কৰিলে, যিমানে অভিলাষৰ চৰিত্ৰক লৈ প্ৰশ্ন তুলিলে, যিমানবাৰেই বিচাৰৰ বাবে কাঠগৰাত থিয় কৰালে, সিমানেই সেই স্পৰ্শটোৱে বেদনাৰ শিপাডাল ৰুই দিছিল বুকুৰ মাজত । বাতৰি কাকতৰ শেষৰ পৃষ্ঠাটো তাই চাব পৰা নাছিল । ফুৰ্তিবাজ মানুহজনৰ বেদনাসিক্ত চকুযুৰিয়ে তাইৰ বুকু দহিছিল ।
বহুত দাম এটা স্পৰ্শৰ । দেশে বিদেশে খেলৰ প্ৰশিক্ষণ লৈ থকা মানুহজনে সেই কথা কিয় নাজানিলে ?
তাৰ পা্ছৰ সময়বোৰ বৰ দীঘল । কথাবোৰ চুটি কথাছবি এখনৰ দৰে । দুখবোৰ গভীৰ খাদৰ তলত পৰি ক্লেদাক্তৰ ৰূপ লৈছিল । অভিলাষ চক্ৰৱৰ্তীৰ বিষয়ে জানিবলৈ মন গৈছিল তাইৰ । মানুহেই ওপৰলৈ নি মানুহেই তললৈ গতা মাৰি দিয়া মানুহজনৰ বিষয়ে বহুত কথাই জানিবলৈ মন গৈছিল । সুধিবলৈ মন গৈছিল । ৰ’দৰ দৰে ফটফটীয়া মানুহজনৰ জীৱনটো যে কুঁৱলীসনা পুৱাৰ দৰে ধূসৰ হৈ পৰিছিল, সেই আভাস তাই ঠিকেই পাইছিল ।
ঋতু আহে । ঋতু যায় । কোনোবা নীলাঞ্জনা কবিৰ দৰে বিষবোৰে বাগৰ সলায় । গহীন হৈ পৰা ছোৱালীজনী এদিন কলেজৰ চাকৰিত সোমায় । বিয়াৰ প্ৰস্তাৱবোৰে মাকৰ কাণ দুখন গধুৰ কৰে । তাই সিদ্ধান্ত ল’ব নোৱাৰে । স্পৰ্শলৈ হেনো ভয় লাগে তাইৰ । এই স্পৰ্শই আকাশলৈ তুলি মাটিত থেকেচে । উদাহৰণ তাই । উদাহৰণ অভিলাষ চক্ৰৱৰ্তী ।
পুনৰ বাস্তৱ অৱলোকন:
-----------------------
“আপোনাৰ চকুহাল ইমান বিষাদসনা কিয় ?”,
কথা নাই, বতৰা নাই, মাজুলীৰ দক্ষিণপাট সত্ৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈ থকা ধূতি পাগুৰি পৰিহিত ডেনিয়েলে তাইৰ চকুৰফালে চাই কৈ পেলায়। । মুহূৰ্ততে আপোন কৰি ল’ব পাৰিছিল লৰাটোৱে । খুব কম সময়ৰ ভিতৰতে অসমীয়া উচ্চাৰণত পাৰ্গত হৈ উঠা ডেনিয়েলে ৰাগিনী থকা দিনকেইটাত তাইৰ লগে লগে মাজুলীৰ সত্ৰসমূহ ঘূৰি ফুৰিলে । সদায়েই কিবা এক অস্থিৰতা কঢ়িয়াই ফুৰা ৰাগিনী ভূঞাৰ আচৰণত যেন কিছু পৰিৱৰ্তন আহিছিল । তেনে পৰিবৰ্তনৰ আঁত ধৰিয়ে হয়তো ডেনিয়েলে সুধি পেলাইছিল ,
“মেডাম আপোনাৰ হাতখন চুই চাব পাৰোনে ?”
ডেনিয়েলৰ লগত কথা পাতিবলৈ মন গ’ল তাইৰ । বুজাই ক’বলৈ মন গ’ল, কিয় স্পৰ্শলৈ ভয় লাগে তাইৰ । ডেনিয়েলক ক’বৰ মন গ’ল তাইৰ, সেই যে ভৰিত লাগি ৰোৱা স্পৰ্শটোৰ দাম দি দেশৰ বিখ্যাত খেলুৱৈজনে অখ্যাত অঞ্চলত অজ্ঞাতবাস লৈছিল, তেতিয়াৰে পৰা স্পৰ্শলৈ ভয় লাগে তাইৰ । কথাবোৰ বুকুত সামৰাৰ প্ৰতিশ্ৰুতিত শেষ হ’বলৈ লৈছিল যৌৱন । সৰাপাতৰ দৰে স্মৃতিৰ পাতখিলাও সৰি পৰিছিল লাহেকৈ। নাই । তেতিয়াও তাইৰ জীৱনত কুঁহিপাতে পোখা মেলাৰ প্ৰতিশ্ৰুতি দিয়া নাছিল ।
“নিজকে শাস্তি দিয়াৰ কি প্ৰয়োজন আছিল ৰাগিনী ? কিয় এবাৰলৈ মূৰ তুলি আকাশ চাবলৈ নিশিকিলি ? এই নামো এই নামোকৈ থকা বৰষুণজাকক আদৰি নললি কিয় ? কিয় ৰাগিনী ? কিয় ?”
ৰাতিটো প্ৰশ্ন আৰু সংশয়ৰ দোমোজাত শেষ হৈছিল । উত্তৰ ওলাইছিল এটাই । প্ৰেম । প্ৰেম সেই উত্তৰৰ নাম । উত্তৰটোৱে আলফুলকৈ তাইক টোপনিৰ শেতেলীত নিচুকাই থাকিল । মাজুলীৰ পৰা অহা ডেনিয়েলৰ ফোনকলটোৱে তাইৰ ৰাতিপুৱাৰ চিকুণ টোপনিটো ভাগি দিছিল । দুৰ্বল কণ্ঠ নিগৰি তাৰ কথাবোৰ ভাঁহি আহিছিল । কি হ’ল তাৰ আকৌ ? বুকুখন ঢককৈ কঁপি উঠিল তাইৰ । কথাবোৰ সি ভালকৈ ক’বও পৰা নাই । মাথোঁ জনালে যে, মাজুলীৰ পৰা ডিব্ৰুগড়লৈ গৈ আছে সি । দিল্লীলৈ ফুৰিবলৈ অহা দেউতাক হঠাতে অসুস্থ হৈ পৰিছে । সি যাব লাগে দেউতাকৰ ওচৰলৈ । অতি সোনকালেই দেউতাকৰ হাতখন চুবলৈ পাব লাগে । তাৰ স্পৰ্শ পালেই দেউতাক সুস্থ হৈ উঠিব, এয়া তাৰ বিশ্বাস । এটা স্পৰ্শৰ বাবে উধাতু খাই দেউতাকৰ ওচৰলৈ ওলাইছে । মৰম এটা জাগি উঠিল তালৈ ।
ফোনটো থৈ চিন্তা কৰিলে, এই মুহূৰ্তত তাই কিবা কৰিব পৰা অৱস্থাত আছেনে ? নাই । নাই । সি সহায় বিচৰা নাই । সি মাথোঁ জনাইছে তাইক । জনাবলৈ মন গৈছে । দুখৰ অংশীদাৰ কৰিবলৈ মন গৈছে তাৰ । সিমানেই ।
কিন্তু তাইৰ মনৰ নিভৃতকোণতো হেঁপাহ এটা জাগি উঠিছে । শেষবাৰৰ বাবে হ’লেও তাক লগ পোৱাৰ তীব্ৰ বাসনা এটা জাগি উঠিছে । কি কৰে তাই ? কি কৰে ? ওঁঠ কামুৰি থিয় হৈ ৰ’ল বহুপৰ । তাৰ পিছত ডেনিয়েললৈ ফোন লগালে । ৰাষ্ট্ৰীয় ঘাইপথত তাই তাৰ বাবে ৰৈ থাকিব । প্ৰয়োজন হ’লে ডেনিয়েলক ডিব্ৰুগড় এয়াৰপৰ্টলৈকে আগবঢ়াই থৈ আহিব । অহাৰ সময়ত তাৰ হাতখন তাইৰ হাতৰ মুঠিত সোমোৱাই ল’ব । তাইৰ হাতৰ স্পৰ্শই তাক মানসিকভাৱে সবল কৰিব । এয়া তাইৰ স্পৰ্শৰ বিশ্বাস ।
উপসংহাৰ :
---------
ৰৈ আছিল তাই । জয়সাগৰ চাৰিআলিত ৰৈ থকা ৰাগিনীক ডেনিয়েলে ডিব্ৰুগড়মুখী ইনোভাখনত তুলি লৈছিল । ৰাতিপুৱাৰ গধুৰ কণ্ঠটো নাইকীয়া হৈ তাৰ মাতষাৰ মুকলি হৈ পৰিছিল । দেউতাকৰ অসুস্থতাৰ দুখটো যেন কিছু ম্লান পৰিছিল । কেনেকৈ ? কেনেকৈ ? তাই নোসোধাকৈয়ে তাৰ হাত দুখন নিজৰ হাতৰ মুঠিত সোমোৱাই লৈছিল । হাতৰ সেই উত্তাপ পাই সি কৈ গৈছিল,
“জানেনে ৰাগিনী, মই দেউতাৰ তোলনীয়া পুত্ৰহে । মোৰ জৈৱিক পিতৃক মই নাজানো । এই দেউতাক মই খুব ভাল পাওঁ । দেউতাৰ জন্মস্থানক মই ভাল পাওঁ । দেউতাৰ সংস্কৃতিক মই সন্মান জনাওঁ । সেইকাৰণেই দেউতাৰ ভাষা-সংস্কৃতিৰ ওচৰত নিজকে সমৰ্পণ কৰিব বিচাৰিছো ।
“দেউতাৰ জন্মস্থান মানে ?”, তাই কিছু আচৰিত হৈ সুধি পেলায় ।
“মাজুলী । মাজুলী দেউতাৰ জন্মস্থান” ।
“মাজুলীৰ ? নাম কি দেউতাৰ?”, তাইৰ এইবাৰ হতবাক হোৱাৰ পাল ।
“অভিলাষ চক্ৰৱৰ্তী । অভিলাষ চক্ৰৱৰ্তী তেওঁৰ নাম” ।
ক’ৰবাৰ পৰা অজাতী চৰাই এজনীয়ে যেন বুকুৰ খাদটোৰ পৰা দুখবোৰ পি গৈছে, কথাবোৰ উন্মুক্ত কৰিবলৈ মন গৈছে তাইৰ । ডেনিয়েলৰ হাতৰ স্পৰ্শত যেন বৰষুণ এজাক নামি আহিছে, সেই বৰষুণত জুৰুলি জুপুৰি হ’বলৈ মন গৈছে তাইৰ , একো নভবাকৈয়ে তাই জোৰেৰে ডেনিয়েলৰ হাতখন খামুচি ধৰিছে, কৈ উঠিছে তাই ,
“ডেনিয়েল, ডেনিয়েল । মোক দেউতাৰ ওচৰলৈ লৈ যোৱা প্লিজ । বৰ ধৰুৱা হৈ আছো মই । সেই ঋণৰ পৰা মোক মুক্ত কৰা” ।
ডেনিয়েলে একো নুবুজাকৈয়ে ৰাগিনীৰ হাতখন বুকুত ভৰাই লয় । বুকুৰ উত্তাপত সেই স্পৰ্শই পোখা মেলি অৱতাৰী ৰূপ ধাৰণ কৰে ।
সেই স্পৰ্শৰ নাম প্ৰেম ।
(সমাপ্ত)

Comments
Post a Comment