গল্প: খহি পৰা বুকুখন

দৃশ্যাংশ এক:
কাঁটা তাঁৰৰ বেৰখন পাৰ হৈ ঘৰৰ পৰা প্ৰায়ে পলাইছিল তাই। মাকে দুপৰৰ সুখনিদ্ৰাত পৰে মানে তাই হাতত সাৰে ভৰিত সাৰে খোজ দি ঘৰৰ পৰা পলায় ওচৰৰ দিপ্তী, ইৰাণীহঁতৰ লগত দৰা-কইনা খেলিবলৈ। এদিন এনেকৈ ঘৰৰ পৰা পলাই খেলিবলৈ যাওঁতে কাটা তাঁৰে বিন্ধিলে তাইক। বিন্ধিলে মানে একেবাৰে বুকুৰ কোমলখিনিত বাৰুকৈয়ে আঁচ বহুৱালে। পিছদিনা মাকে চেমিজ খুলি গা ধুৱাওঁতেহে লাগি গ’ল অথন্তৰ।
:মাজনী, বুকুৰ দাগটো কেনেকৈ হ’ল অ’?
:নাজানো অ’ মা? মনত নাই।
:কুকুৰে আঁচুৰিছিল নেকি কেনেবাকৈ?
:নাই মা, মই কুকুৰৰ ওচৰলৈ কিয় যাম আক?’
:আন কোনোবাই আঁচুৰিছিল নেকি মনত পেলোৱাচোন।
:নাই মা। কোনোবাই আক’ তাত কিয় আঁচুৰিব?
:কোনোবাই তাত আঁচুৰিলে মোক লগে লগে কৈ দিবা দেই দেহামানু।
ছবছৰীয়া চঞ্চল ছোৱালীজনীক লৈ মাকৰ চিন্তাৰ অন্ত নাই। তাঁৰেৰে খোঁচ খোৱা বুকুখন লৈও চিন্তা। মাকৰ চিন্তা দেখি হাঁহি উঠে তাইৰ। তথাপি তাই আচল কথাটো মাকক কৈ নিদিয়ে। মাকক ক’লেই যে দুপৰীয়া ফেন্সিং পাৰ হৈ খেলিবলৈ যোৱা পৰ্বটো বন্ধ হৈ যাব তাইৰ।
তাই বুজা নাছিল তেতিয়া। তেনেই অবোধ বালিকা আছিল তেতিয়া। বুকুখন খহি পৰে বুলি মাকৰ উলাহ আদৰৰ অন্ত নাছিল। বুকুখন সযতনে ৰাখিবি মাজনী। ছোৱালীৰ সম্পদ বুলিবলৈ সেইখনেই।
“অঁতো। ইয়াত মোৰ সন্তানে মুখ গুজি পিঁয়াহ আঁতৰাব”, কিছু ডাঙৰ হৈ তেনেকৈ বুজি ল’লে তাই।
তাইক লৈ মাকৰ বৰ চিন্তা। মাখনৰঙী দেহা, তিৰবিৰাই থকা এহাল চকু, মাটিত ভৰি নপৰা চঞ্চল খোজ আৰু মহাজনৰ গোলাত বস্তু নিবলৈ অহা চেমনীয়াকেইটাৰ আঁৰ চকুৰ কাহিনীত ধৰফৰাই মৰে বিধৱা মাকজনী। চুটি স্কাৰ্টবোৰ দীঘল হয় ক্ৰমাৎ, উঠন বুকুখনৰ ওপৰত দুতৰপীয়া আবুৰ বহে। মাখনবৰণীয়া দেহাটো সেউজীয়া চূৰ্ণীখনেৰে ঢাকি তাই কলেজলৈ অহা যোৱা কৰে। বাছত উঠোতেও বুকুখনত বেগটো হেঁচা মাৰি ধৰে, জানোচা অচিনজনৰ হাত লাগি খহি পৰে বুকু।
অচিনজনৰ মাজৰ পৰা চিনাকী চকু এযোৰত হেৰাবলৈ তাইৰ বেছি পৰ নালাগিল। কলেজৰ ক্লাছ ফাঁকি দি এই বোলে বৰপুখুৰী, এই বোলে চেন্ট্ৰেল মাৰ্কেট, এই বোলে দিখৌৰ পাৰ, এই বোলে দিচাং ঘাট।
কথাবোৰ শেষ নহয় দুয়োৰে। সপোনবোৰে গজালি মেলে। কলেজৰ পৰা আহিও ফোনত দীঘলীয়া বাৰ্তালাপ। প্ৰেমত বাৰুকৈয়ে হাবুডুবু খালে তাই। বাৰুকৈয়ে। মাকে হাজাৰবাৰ সঁকিয়াই দিয়াৰ পাছতো বুকুখন পেলালে আজলী ছোৱালীজনীয়ে। বুকুখন আনৰ নামত কৰিহে এৰিলে চঞ্চলজনীয়ে।
“মা মা, ভন্টীক অলপ চকু দিবাচোন, আজিও সিহঁত দুয়োটাকে লক্ষীহলৰ ন্মুখত দেখি আহিছো।“
বিয়াৰ বজাৰ কৰিবলৈ ওলাই যোৱা বায়েকে সিহঁতক চিনেমাহলৰ ওচৰত দেখি ঘৰত হুলস্থূল লগায়। সিদিনা গধূলিলৈ সিহঁতৰ ঘৰত এখন বৈঠক বহে। ভাবী ভিনিয়েক, বায়েক, মাক। জনাই দিয়া হয় তাইক, “কোনো ল’ৰাৰ লগত এই সময়ত সম্পৰ্ক নহ’ব। পঢ়া-শুনাৰ পিছত যি হয় হৈ থাকিব”।
দেখাদেখিকৈ সিহঁত দুয়োটাই ইটোৱে সিটোক লগ কৰিব নোৱৰা হ’ল। লুকাভাকু খেলাৰ দৰে অৱশ্যে প্ৰেম চলি থাকিল। বায়েকৰ বিয়াৰ দিনাখনো চলিল সেই প্ৰেম, বিয়াৰ দিনাখনেই তাইক পিছফাললৈ টানি সি তাইৰ বুকুত মূৰ থৈ বুকুৰ স্পন্দন শুনিলে, “ঢক ঢক ঢক ঢক।”
“ভিনিয়েৰ বৰ ধনী মানুহ। তোমালৈ ধনী দৰা চালে মোক পাহৰি যাবা এনিশা?”
তাৰ মূৰটো জোৰেৰে সাৱটি ধৰে তাই,
“নক’বা নক’বা। এনে কথা কেতিয়াও নক’বা।”
দৃশ্যাংশ দুই:
ভিনিয়েক সঁচাকৈ ধনী মানুহ। লগতে বৰ হাত দীঘল। নতুনকৈ সজা ঘৰটো দেখি তাইৰ চকু থৰ লাগিছিল। বায়েকৰ যে কি ভাগ্য!
“ভিনিয়েৰৰ লগৰ এজনে ভন্টীক বৰকৈ পছন্দ কৰিছে মা।“, এদিন বায়েকে ফোনত খবৰ দিয়ে মাকক।
“নালাগে এতিয়া। পঢ়ি লওক।“
“পিছতো পঢ়িব পাৰিব। ইমান ভাল ল’ৰা হাতৰ পৰা কিয় এৰি দিব লাগেনো?”
“থাককচোন ৰহ।“
“মা তই চল দিলে সেই কেলেহুৱাটোলৈ তাই পলাই যাব, কৈ দিলো।“, বায়েকে উষ্মা উজাৰে।
দিনে দিনে ৰূপ চৰি যায় তাইৰ। ধুনপেচো জানো কম তাইৰ। ৰংচঙীয়া সাজযোৰ পিন্ধি কাণৰ দোল ওলোমাই তাই য’লৈকে যায়, বাটৰুৱাই এবাৰ হ’লেও ঘূৰি চায়, “কাৰ ঘৰৰ ছোৱালী? অ’ নবীন বৰুৱাৰ খুলশালী।“
মাকেও জানিছিল, মুখ লাগিব তাইৰ। ভগৱানৰ ওচৰত তাইৰ হৈ মুখ ভাঙোতেই যায়, ছোৱালীজনীৰ গতি লগাবা প্ৰভূ। দেউতাক নোহোৱা ছোৱালীজনীৰ ওপৰত বহুত চকু। এনেকৈ প্ৰাৰ্থনা কৰি থাকোতেই এদিন ঢলি পৰিল মাক।
মাকৰ নিথৰ দেহাটো সাৱটি তাই গগণ ফালিলে। চাঙীত উঠাই লৈ যোৱা সময়খিনিত কোনেও তাইক ৰখাব নোৱাৰিলে, বুকুখন লৈ গ’ল মাকে। তাইৰ বুকুখন এইবাৰ আকৌ খহি পৰিল।
ৰাতিলৈ মাক আহিল, ওচৰতে বহি লৈ মূৰত হাত ফুৰালে, “বুকুখন সযতনে ৰাখিবি নিশা, খহিবলৈ নিদিবি।”
মাকহীনা ছোৱালীজনীক বায়েকে মহানগৰীলৈ লৈ যায়। এই নগৰীত তাই আওভাও একোকে নাপায়। তাইৰ সৰু চহৰখন যে কি আপোন আছিল, যি চহৰত এৰি থৈ আহিল তাইৰ শৈশৱ, কৈশোৰ, প্ৰেম আৰু খহি পৰা বুকুখন।
“নিশা, ভাল কাপোৰ এযোৰ পিন্ধি লচোন। আলহী আহিব।“, বায়েকে তাইক কৈ পাকঘৰত সোমায়। বায়েকৰ দায়িত্ব পালন কৰে বায়েকে। সেই কেলেহুৱাটোৰ ওচৰ চাপিবলৈ নিদিয়ে বায়েকে। তাতকৈ গিৰিয়েকৰ সতে পাৰ্টি কৰিবলৈ অহা ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰকেইজনৰ ওচৰলৈ পাচে বায়েকে।
“বহুত সম্পত্তি সিহঁতৰ। গুৱাহাটীৰ দুই তিনিঠাইত মাটি। তোক পছন্দ কৰিলে না নকৰিবি দেই নিশা।“
মাক ঢুকুৱাৰে পৰা বন্দীত্বৰ জীৱন কটাইছিল তই। বায়েকে গহনা-কাপোৰৰ ৰংচঙীয়া পৃথিৱীখনত সোমাই বাহিৰৰ মুকলি পৃথিৱীখনৰ ৰংবোৰ পাহৰি গ’ল। মাকলৈ তাইৰ মনত পৰিছিল বৰ ঘনকৈ। মাকে তাইক বুকুখন সযতনে ৰাখিবলৈ কৈছিল। বুকুখন সযতনে ৰখাৰ স্বাৰ্থতে এদিন তাই ভিনিয়েকৰ ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰৰ পাৰ্টি এৰি পলাইছিল।
ঘটনাটো তাইৰ বাবে কিছু অস্বাভাৱিক। মহানগৰীৰ এখন অভিজাত হোটেলত পাৰ্টি দিছিল ভিনিয়েকৰ বন্ধু অৰ্ণৱে। সুৰা, নাৰী আৰু মাংসৰ বাহাৰ থকা পাৰ্টিটোত এচুকত তাই বহি আছিল। বায়েক কাৰোবাৰ বাহুবন্ধনত, ভিনিয়েকৰ বাহুবন্ধনত আন কোনোবা। তাই চাব পৰা নাছিল, মনত পৰিছিল ভালপোৱাজনৰ কথা, জোনাকৰ কথা, নৈখনৰ ওচৰত দি অহা প্ৰতিশ্ৰুতিবোৰৰ কথা। চকুহাল ভৰি আহিছিল। ৱাশ্বৰূমলৈ উঠি আহোতেই দেখিছিল, কোনোবাই তাইৰ পিছ লৈছে। চকুৱে চকুৱে পৰাত তাইক চকুৰে ইংগিত দিছে। সেই ইংগিতটো বুজি নাপালেও সেয়া যে সাধাৰণ ইংগিত নহয়, তাইৰ অন্তৰাত্মাই সিমানখিনি বুজি পালে। সিহঁতৰ পৰা পলাবলৈ তাই লিফ্টত সোমাই দিলে। লিফটৰ পৰা ওলাই আকৌ জেলেপীৰ পাক। মুঠতে যিমানে তাৰ পৰা ওলাবলৈ খোজে, সিমানেই পাক লাগে। কোনোপধ্যেই বায়েকৰ ওচৰলৈ যোৱাৰ ৰাস্তা বিচাৰি নাপাই তাই ৰাজপথত ভৰি থৈ অটো এখনত হাত বাউলি মাতে। বৰষুণজাক নামি আহিছিল হঠাতে। তাইৰ দামী সাজযোৰত বৰষুণৰ টোপাল পৰি দাগ লাগিছিল। তাই বহি পৰিছিল অটোত। চলন্ত অটোখনত বহি অনু্ভৱ কৰিছিল পিছফালে কোনোবাই অনুসৰণ কৰিছে তাইক।
তাৰ পিছত কথাবোৰ তাইৰ মনত নপৰে। কাণতলীয়া চৰ এটা পৰিছিল গালত। তাইক হেনো পোৱা গৈছিল চহৰৰ আঁতৰৰ কোনো এখন কমদামী হোটেলৰ কোঠাত। অসংযত কাপোৰ কানি, অবিন্যস্ত চুলি, মলিয়ন চেহেৰা, শেঁতা পৰা চকুৰে টেল টেলকৈ তাই চিলিঙলৈ চাই ৰৈছিল।
বায়েকে বকিছে, “কিয় ওলাই আহিছিলি তাৰ পৰা? তাৰ ওচৰলৈ গৈছিলি নহয়?”
ভিনিয়েকে বোলে, “তাৰে কাম হ’ব। ফাল্টুৰ জাতচৱ”।
তাই সেহাই সেহাই মাত লগায়, “নহয় নহয়। তাক মিছাতে গালি পাৰিছ বাইদেউ। সি অহাই নাই। সিহঁতে মোক পিছা কৰাৰ কাৰণেহে মই তাৰ পৰা ওলাই আহিছিলো”।
“ইচ কথা কৈছে চোৱা। তাইক কোনোবাই পিছা কৰিব আৰু তাই আমাক এৰি ৰাস্তা পাবহি”, ভিনিয়েকে গালখন এহাতেৰে টিপা মাৰি ধৰিছিল, “মাৰি পেলাম তাক। সি চিনি পোৱা নাই, কাৰ লগত কি কৰিলে।“
“নহয় ভিনদেউ নহয়।”
“কোৱাচোন কি কি কৰিছিল সিহঁতে”?
“সিহঁত কেইজন আছিল”?
“চেহেৰা কেনেকুৱা আছিল”?
“কোনজনে প্ৰথমে চুইছিল তোমাক”?
আসঃ পাগল হৈ যাব তাই। মেজিষ্ট্ৰেটৰ ৰূমত তাইৰ উশাহ বন্ধ হৈ যায়। সি নফচক বুলিয়ে তাই চিঞৰি উঠে, নাই নাই কোনেও চুৱা নাই মোক, মই নিজ ইচ্ছামতে তালৈ গ’লো, নিজে নিজৰ কাপোৰ ফালিলো, নিজে নিজৰ গালত আঁকুহিলো, নিজে নিজৰ ওঁঠত কামুৰিলো আৰু ……আৰু বুকুখন খহাই দিলো।
কান্দি কান্দি ভাগৰি পৰিল তাই। নাই, এনেকৈ জীয়াই থাকিব নোৱাৰি। মৃত্যুৱেই শ্ৰেয়। ধেত! মৃত্যু আক’ কিয় শ্ৰেয়? কিমান উপায় আছে দুখ পাহৰিবলৈ। “হু লোৱা, এয়া খোৱা আৰু দুখ পাহৰি যোৱা।“
বগা পাউডাৰৰ সৰু সৰু পেকেট কেইটিমান আনি দিছিল ভিনিয়েকৰ বিজনেচ পাৰ্টনাৰ ৰমেশ য়াদৱৰ দুহিতাই। দুখ পাহৰোৱাৰ সকলো উপায় তাইৰ নখদৰ্পণত। মাথোঁ পইচা দিলেই হ’ল। তাই বায়েকৰ মনিবেগত হাত দিব পৰা হ’ল। বন্ধ ৰূম, পইচা আৰু নিচা-এই তিনিটাৰ বাদে আৰু আন ধান্দা নোহোৱা হৈ গ’ল। কি সুন্দৰ এই নিচা! পাহৰি যাব পাৰি সকলো দুখ। বুকুখন খহি যোৱাৰে পৰা বিষকণ নোহোৱা হ’ল। বৰ মজাৰ হৈ পৰিল জীৱনটো। বগা পাউডাৰ অকণ নাকেৰে টানি লয় তাই, তাৰ পিছতে খিলখিলকৈ হাঁহি ভিনিয়েকৰ বন্ধুবোৰৰ কোলাত বাগৰি পৰে। পাৰ্টিবোৰত তাইৰ অৱস্থাটো আৰু উপভোগ্য হৈ পৰে, ৰঙা টুলটুলীয়া চকুহালেৰে ওঁঠৰ হাঁহি সামৰি ৰংবোৰ শেষ কৰেগৈ ৰঙীন বিছনাখনত। কথাবোৰ ইমানলৈ যাব বুলি বায়েকেও ভবা নাছিল। নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত বায়েকে তাইক মানসিক বিভাগত ভৰ্তি কৰে। চিকিৎসা মহাবিদ্যালয়ৰ আশ্ৰয়গৃহত বান্ধি থোৱা অৱস্থাত তাইক ডাক্তৰৰ হাতত তেনেকৈয়ে এৰি বায়েকে ঘৰলৈ ষ্টিয়েৰিং পোনায়। ডাক্তৰ বাজাজৰ চিকিৎসাতে হওক বা উৎসাহতে হওক, নতুনকৈ পোখা মেলি বুকুখন পুনৰ গজি উঠিল। নিচাবোৰ লাহে লাহে সলনি হ’ল। বগা পাউডাৰৰ গুৰিৰ পৰা নয়নতৰাৰ বগা ফুলবোৰলৈ বিয়পিল সেই নিচা।
“জীয়াই থাকিবলৈ বহুত নিচা আছে। নিজক ভালপোৱাটোৱেই প্ৰথম নিচা হওক তোমাৰ।” ডাক্তৰ বাজাজৰ ভৰি চুই আশীষ লৈছিল তাই। মানুহজন ভগৱান হৈ নামিছিল তাইৰ জীৱনলৈ। সেয়াও এক অন্য অধ্যায়।
দৃশ্যাংশ ৩:
ডাক্তৰ বাজাজৰ কেইবিঘামান মাটিত ফুল ফুলোৱাৰ সংকল্প লৈছিল তাই। সোণাপুৰৰ এখন ভিতৰুৱা অঞ্চলত নতুনকৈ খোলা নাৰ্চাৰীটো। সুন্দৰ মনোমোহা পৰিবেশত হালিজালি ফুলি আছিল বিভিন্ন লতাজাতীয় ফুলৰ লগতে ভিন ভিন ধৰণৰ অৰ্কিডপ্ৰজাতিৰ ফুলবোৰ। ৰাতি হ’লে জিলিৰ ঝীঁ ঝী শব্দ, দিনত ৰ’দ ল’বলৈ ওলাই অহা দুই এটা সৰীসৃপৰ ফোঁচফোচনিৰ বাদে বাকী পৰিবেশ একদম নিমাওমাও। নাৰ্চাৰীটোৰ তত্বাৱধানত থকা এনিশাই হেনো মানুহৰ বাদে আন কালৈকো ভয় নকৰে। আন নালাগে, সাপলৈকো হেনো ভয় নকৰে তাই। বাজাজে জীৱনৰ সংজ্ঞা শিকাইছিল, ঠিক যেন মাকৰ হাতখনৰ দৰেই এখন মৰমসনা হাতে তুলি ধৰিছিল তাইক।
সেই নাৰ্চাৰীটোতে গ্ৰাহকৰ ৰূপত পদাৰ্পণ ঘটিল এজন সুঠাম পুৰুষৰ । সুঠাম পুৰুষে তাইৰ চকুযোৰলৈ চাই থাকিল। ড্ৰাগচ আৰু হতাশাই তাইৰ চকুৰ তিৰবিৰণি লাঘৱ কৰিলেও চকুৰ গভীৰতাত ডুবিবলৈ তেতিয়াও এটা চাৱনিয়েই যথেষ্ট আছিল।
“মানুহজনৰ চাৱনিটো অৰিন্দমৰ দৰে, বুকু ফালি নিয়া”, মনতে ভাবিলে। কিন্তু অৰিন্দম নহয়, প্ৰতীত পৰাশৰ বুলি নাম লিখাইছে ভিজিটিং বহীত। অৰিন্দমলৈ মনত পৰিল তাইৰ। অৰিন্দম বাৰু কুশলে আছেনে? কুশলে থাকক সি। কুশলে থাকক বুলিয়েই তাই সেই বাটৰ পৰা আঁতৰি আহিছে। অৰিন্দমহঁত সৰু মানুহ । সৰু মানুহৰ আকৌ আত্মসন্মানটো বৰ ডাঙৰ কথা। তাইতো এতিয়া এটা বদনামী সত্তা।
বুকুৰ পৰা ওলাই অহা হুমুনিয়াহটো সযতনে ধৰি ৰাখিলে তাই। য’তে ত’তে হুমুনিয়াহ কাঢ়িলে মানুহে আসৈ পায়। মাকে টোপনিত শিকাই যোৱা কথা সেয়া।
“মই যদি আপোনাৰ আশ্ৰমলৈ প্ৰতিদিনে আহোঁ, আপোনাৰ কিবা অসুবিধা হ’ব নেকি?”
“অসুবিধা নহয়। কিন্তু আপুনি কিয় আহিব প্ৰতিদিনে ইয়ালৈ?“
“ইয়াৰ সেউজীয়াখিনিয়ে মোক আহবান জনাইছে মিছ নিশা।“
“নিশা নহয় এনিশা। মিছ এনিশা।“
“অ’ চৰী, মিছ এনিশা।“
“অকে। আহিব। কিন্তু চাব যাতে সাপকেইডালে আপোনাৰ বাবে আমনি নাপায়।“
“সাপকেইডালে আপোনাৰ বাবে আমনি নাপায়?”
“নাই নাপায়, সিহঁতে মোক চিনি পায়।”
“মোকো চিনি পাব সিহঁতে।
সাপকেইডালে চিনি পোৱা হৈ গৈছিল পৰাশৰক। লেপটপটো খুলি পৰাশৰ ব্যস্ত হৈ পৰে নিজৰ দুনীয়াখনত। মাজে মাজে ভাবত বিভোৰ হৈ পৰে, কেতিয়া লেবা আকৌ লেপটপটোৰ পৰা চকু তুলি ওপৰলৈ চাবলৈ সময়কে নাপায় তেওঁ। খিটখিটকৈ লেপটপৰ আখৰবোৰত হাত বুলাই যায়। তাৰ কামত ব্যাঘাত জন্মে বুলি এনিশাই ওচৰ নাচাপে, তথাপি চাহ একাপ, কফি একাপ মাজে মাজে নযঁচাকৈ নাথাকে।
“আপোনাৰ বিষয়ে জানিবলৈ মন যায়”, এজেলিয়াৰ হালধীয়া ফুলখিনি চুই চুই এনিশাই গহীন পুৰুষক প্ৰশ্ন কৰি পেলায়।
“মোৰো আপোনাৰ বিষয়ে জানিবলৈ মন যায়”, পৰাশৰে প্ৰত্যুত্তৰত কৈ উঠে।
ঢককৈ কঁপি উঠে তাইৰ বুকু। পাহৰা নাযায় সেই ভয়ংকৰ দিন-ৰাতিবোৰৰ কথা, য’ত খহি পৰা বুকুখনকে সময়ে বাৰে বাৰে শিলত এছাৰিছিল। এজেলিয়াৰ কোমলৰঙী ফুলবোৰৰ পৰা চকু আঁতৰাই তাই পাইনজোপাৰ আপডালত লাগে।।
“কওক।“
ওচৰত আহি বহি ৰোৱা পুৰুষজনৰ কণ্ঠটোত তাই চক খাই উঠে।
“নাইতো, ক’বলগীয়া তেনে কোনো কথাই নাই আচলতে।“
“হমম।“
পুৰুষকণ্ঠৰ দ্বিতীয় প্ৰশ্ন ভাঁহি নাহে। গভীৰ ভাৱনাত ডুব যায় যেন। সেইনিশা এনিশাই ছটফটাই ৰয়। অৰিন্দমৰ দৰে, একদম অৰিন্দমৰ দৰে মানুহজন। কিন্তু গহীন। ৰাতিটো উজাগৰে গ’লেও ৰাতিপুৱাটো আকৌ সজীৱ হৈ উঠে তাইৰ বাবে। এফালে চৌপাশৰ সেউজীয়া পৰিবেশ, আনফালে চাহকাপৰ বাবে অপেক্ষা কৰিব পৰাকৈ এজন মানুহৰ উপস্থিতি। জীৱনটোৱে ৰং সলায়। হালধীয়া সৰাপাতৰ বেদনা পাহৰিবলৈ কুঁহিপাতবোৰ গজি উঠে থোপাথোপে। পৰাশৰলৈ অপেক্ষা কৰি দেহে মনে সেউজীয়া ঘাঁহ এডৰা গজি উঠে। তাৰ মাজে মাজে লমালমে জিলিকে থুপি থুপি ক্ৰিচেনথেমাম। কোনোবা এবাৰত তাই উজাৰি দিয়ে নিজক। সি তাইৰ কথাবোৰ বুকুত সামৰে। তাৰ সবল হাতৰ পৰশত দুখন বুকু এক হয়। বুকুখন নিগাজী হয়।
“এইখনৰ কাম শেষ কৰো। তাৰ পিছতেই বিয়া। হ’বনে সোণজনী?”
কিয়নো নহ’ব? ঔপন্যাসিকজনৰ লিখিব লগা উপন্যাসখনৰ কাম দ্ৰুতগতিত আগবাঢ়ে। প্ৰকাশকৰ দাবী, একাডেমীলৈ পঠিয়াব লাগে উপন্যাসৰ পাণ্ডুলিপি। লেপটপ, চাহ, কফি সমানে চলে । সমানে চলে মৰমৰ আদান প্ৰদান। সুখী হ’বলৈ ইয়াতকৈ আৰু কি লাগে? কি দ্ৰুতগতিত জীৱনে ৰং সলায়, সেয়া তাইতকৈ কোনে ভালদৰে বুজে। ডাক্তৰ বাজাজলৈ মনত পৰে। ক’ব লাগিব তেওঁক পৰাশৰৰ কথা। লাজে সিঁয়াই যায়,
“ধেত পাগলী!”
তাৰ পিছত কেইদিনমানৰ বিৰতি, কেইদিনমানৰ জিৰণি। দুদিনমানৰ পাছত সুখৰ, বৰ সুখৰ খবৰ এটা আনে পৰাশৰে,
“নিশা, চোৱা চোৱা। বৰ সুখী মই নিশা। এই বঁটাটো মোৰ সপোন আছিল। তুমি সঁচাকৈ বৰ লাকী মোৰ বাবে”, তাইৰ চকুৱে মুখে টপাটপ চুমা আঁকি সি কৈ উঠে। তাৰ সুখত তাই অতিকৈ সুখী হৈ পৰে। সমগ্ৰ সেউজীয়াখিনিয়েও যেন অভিবাদন জনায় পৰাশৰক। হালি জালি মৃদু মলয়া হৈ দুয়োৰে গাল চুই যায়।
“মিছ কৰিম তোমাক।” তাইৰ চিকুণ কঁকালৰ পৰা হাতখন এৰি সি গাড়ীৰ দুৱাৰ খোলে।
পৰাশৰে বঁটা ল’বলৈ সোণাপুৰৰ পৰা মহানগৰলৈ গৈছে। তাই নগ’ল। নিৰলে পৰি ৰৈছে নাৰ্চাৰীৰ সেউজীয়াখিনিৰ মাজত। সিহঁতৰ সম্পৰ্কটোৱে এতিয়াও স্বীকৃত নাম লোৱা নাই। পৰাশৰৰ গাত চেকা পৰিবলৈ নিদিয়ে তাই। তাক চাব তাই, টিভিত চাব, হোৱাটচআপত চাব। একেই উষ্মাৰে চাব তাক। তাইৰ সন্মুখত বহি লিখি যোৱা তাৰ উপন্যাসখনে বঁটা পাইছে। অথচ তাই আজিলৈকে এটা শব্দও পঢ়ি চোৱা নাই । কি যে নহয়! মনে মনে খং এটা উঠি আহিল নিজলৈ। উপন্যাসখনৰ এটা কপিও নাই তাইৰ ওচৰত। অগত্যা তাই পৰাশৰে এৰি যোৱা লেপটপটো অন কৰি ল’লে। পঢ়াৰ উন্মাদনাই তাইক গ্ৰাস কৰি পেলাইছে। বিছনাখনত পেট পেলাই লেপটপটোৰ পৰা শব্দবোৰ পঢ়ি গ’ল । টোপটোপকৈ চকুৰপানী পৰি বুকুখন তিতি গৈছে। লেপটপটো সামৰি থ’লে।
শেষ দৃশ্য:
পঢ়া নাযায় এই বিভ্ৰান্ত বাস্তৱ। চকুৰ মণি দুটা থৰ লাগিছে। থৰ লাগিছে গছ-পাতবোৰ। সৰীসৃপকেইডালে ফোঁচফোচাবলৈ এৰিছে। নিকপকপীয়াকৈ দুৱাৰ-খিৰিকীবোৰ বন্ধ কৰি ভিতৰত বন্দী হৈ ৰৈছে তাই। এজাক ধুমুহা বলিছে। ধুমুহাজাকে বুকুখন তচনচ কৰি যোৱাৰ ভয় হৈছে। বহুতদিনৰ মূৰত হাতৰ মুঠিত গজি উঠা বুকুখন পুনৰ খহি যোৱাৰ ভয় হৈছে। বাহিৰত গাড়ী ৰোৱাৰ চিনাকী শব্দ এটা হৈছে। বোধহয় পৰাশৰ ঘূৰি আহিছে। পৰাশৰ বৰ আনন্দত আছে আজি। গানৰ কলি এটা গুণগুণাই গুণগুনাই সি নিশা নিশা বুলি চিঞৰি গেট খুলিছে। বহুত সন্মানৰ অধিকাৰী হৈ সি ওভতিছে তাইৰ পঁজালৈ। কিন্তু তাই সহজ হ’ব পৰা নাই। দুৱাৰ খুলি দিব পৰা নাই। নিশ্চুপ হৈ বহি ৰোৱা তাইজনীক চিঞৰি চিঞৰি সি দুৱাৰ ঢকিয়াবলৈ আৰম্ভ কৰিছে। আৰু তাই সমানে সমানে নিতাল মাৰিছে। অৱশেষত তাইক নেদেখাকৈয়ে সি অহা বাটেৰে পুনৰ ওভতিছে। অভিমান হৈছে তাৰ, তীব্ৰ অভিমান। তাৰ আনন্দৰ স’তে তাইৰ আচৰণৰ সামঞ্জস্য কিয় নাই, এই প্ৰশ্নই থকাসৰকা কৰিছে তাক।
সেই প্ৰশ্নটোৱে থকাসৰকা কৰিছে তাইকো। বাৰে বাৰে প্ৰশ্ন কৰিছে নিজক, “যি বিশ্বাসত তোমাৰ ওচৰত বুকুৰ অৰ্গল খুলি দিলো, সেই বুকুখন বজাৰত মেলি দিলা কেনেকৈ পৰাশৰ? কেনেকৈ পাৰিলা পৰাশৰ? মোৰ বুকুখন লৈ তুমি বঁটা আজুৰি আনিলা, অথচ তোমাৰ কাষতে থাকি মই ফুটকে নাপালো”?
পৰাশৰ গুচি যোৱাৰ পিছত তাই দুৱাৰ খুলি বাহিৰলৈ ওলাই আহে। আহিনৰ কুঁৱলীসনা ৰাতিটোত তাই বেঞ্চখনত বহি লয়। জোনে সিঁচি দিয়া বগা পোহৰজাকত দূৰলৈ চাই পঠিয়ায়। দেখে, এসেৰ এসেৰকৈ বিক্ৰী হৈছে বুকুখন। বাৰে বাৰে কচাইৰ দোকানত দাম বাঢ়ে সেই মাংসৰ, খহি পৰা মাংসবোৰ বুকুত লগাই তাই ফ্ৰাংকেনষ্টাইন হৈছে, নিজৰ ৰূপত ভয় খাই আকৌ কচাইৰ দোকানত ওলমিছে, আকৌ জী উঠিছে, আকৌ ফ্ৰাংকেনষ্টাইন।
ডাক্তৰ বাজাজলৈ ফোন লগালে তাই, কৈ গ’ল এফালৰ পৰা, নিবিড় মুহূৰ্তত পৰাশৰৰ ওচৰত কিদৰে অতীতৰ পেৰাটো খুলি দিছিল তাই, আৰু তাই নজনাকৈয়ে সকলোবোৰ লেপটপত কিদৰে টুকি ল’লে পৰাশৰে।
“আসঃ মাজনী, মানুহ চিনি পোৱা নাই তুমি। গোপন কথাবোৰ নতুবা সমস্যাবোৰ কেতিয়াও অচিন মানুহৰ আগত মেলি নিদিবা। কাৰণ, নাইনটি ফাইভ পাৰচেন্ট উইল মেক জকচ অন ইয়ৰ প্ৰবলেমচ, এণ্ড আদাৰ ফাইভ পাৰচেন্ট উইল জাষ্ট নট কেয়াৰ ফৰ ইট।”
বাজাজৰ স’তে দীঘলীয়া আলাপ বন্ধ কৰি তাই কেৰ্কেটুৱাকেইটাৰ ফালে খোজ লয়। ফোনটো অবিৰাম বাজিছে। তাই কঠোৰ হৈ পৰিছে, জীৱনে সম্পৰ্কবোৰ চালিবলৈ শিকাইছে। সেই চালনিত নুঠিল পৰাশৰ।
ভূটীয়া শ্বলখন মেৰিয়াই তাই বাৰাণ্ডাত পায়চাৰি কৰি থাকে। শুদ্ধ আৰু ভুলবোৰৰ মাজত তয়ানয়া ৰণ চলিছে। শিকলিৰ দৰে ভুলবোৰ। দীঘল হৈ গৈ থাকে। টিভিত মৃদু ধ্বনিত গানৰ প্ৰগ্ৰেম এটা হৈ আছে। মেহদী হাছানৰ ৰাগ টানিছে কোনোবাই,
ঠণ্ডী চৰ্দ হাৱা কে ঝোকে আগ লগাকৰ চোড় গয়ী,
ফুল খিলে চাখৌ পে নয়ে ঔৰ দৰ্দ পুৰণা য়াদ আ গয়ী।
খবৰ আহিছে, উপন্যাসখনৰ বিক্ৰীয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। কৰিবই, সকলোৱে জনা কথা, জীয়া মাংসৰ কদৰ যে বেছি। জীয়া মাংসৰ গোন্ধ পাই চিলনী এজনী ঢপঢপাই আহে। তাই নিজৰ চৌপাশে ৰক্ষাকবচ মেৰিয়াই লৈ থমথমকৈ বহি থাকে। আত্মবিশ্বাসৰ ধাতুৰে সজা যি ৰক্ষাকৱচ।
বাজাজ ডাক্তৰে ঠিকেই কৈছিল, “নিজক ভালপোৱাটোৱেই আচলতে আচল নিচা” । খহি পৰা বুকুখনক ঠানঠিত লগাবলৈ হাতত তুলি লয় তাই।
(সমাপ্ত)

Comments

Popular posts from this blog