এনিশা টোপনিৰ দাম
---------------------------------------------------------------------
লা পিলা দে চাকিয়া
পেয়মানা পেয়মানে কে বাদ
হোচ কী বাতে কৰুংগা
হোচ মে আনে কে বাদ……………….

অৰ্ণা , অৰ্ণা আৰ য়ু দেয়াৰ? আছা নে তুমি ? প্লিজ হেল্প । আজি ৰাতিটো মোক সহায় কৰা অৰ্ণা ।“ মেচেঞ্জাৰ মেছেজটোনটো বাজি উঠিল । চালে । কিঞ্চিত আচৰিত হ’ল । সেয়া তাইৰ একালৰ জেষ্ঠ দাদা তুষাৰদা ।তাকো সুদীৰ্ঘ পোন্ধৰ বছৰৰ পাছত ।
কি হ’ল আক’ তুষাৰদাৰ ? কলেজৰ দাদা টাইপ উদণ্ড আৰু অসমৰ খেল জগতৰ এটা সুখ্যাত নাম তুষাৰদাৰ কি হ’ব পাৰে তাইৰ পৰা সহায় বিচাৰিব পৰাকৈ ?
ৰাতি বাৰ বাজিছে ইতিমধ্যে । এতিয়া এই মেছেজৰ ৰিপ্লাই দিয়া মানে তাইৰ টোপনি আনিবলৈ চেষ্টা কৰি থকা পংকজ উদাচৰ গজলৰ পৃথিৱীখনৰ পৰা নিজকে আঁতৰাই অনা । লাভৰ মূৰত তাইৰ ৰাতিৰ টোপনি ক্ষতি হ’ব, ৰাতিপুৱালৈ তাইৰ শৰীৰৰ জটিলতা বাঢ়িব, তাকে হ’লে স্বামীৰ বকনি শুনিব লাগিব । “টোপনি আৰু খোৱা-বোৱাত খেলিমেলি কৰি বেমাৰ হলে মোৰ একো মৰম নালাগে দেই”-তাইৰ টোপনি ক্ষতি কৰা কথাটো লৈ স্বামীৰ আপত্তিৰ অন্ত নাই । বহুত কিবা কিবিৰ মূল্য দিব লাগিব এই এটা মেছেজৰ ৰিপ্লাই দিয়াৰ লগে লগে ।
“দিল মেৰা লেনে কী খাতিৰ
মিন্নতে কিয়া কিয়া না কী
কেইচে নজৰে ফিৰ লী
মতলব নিকালনে কে বাদ”………………..
অৰ্ণা অৰ্ণা, মোক পাহৰিলা নেকি ? মই তোমাতকৈ তিনিবছৰৰ ওপৰৰ বেটচৰ আছিলো” ।
উস! কি যে সুধি আছে তুষাৰদাই ! তেওঁকনো পাহৰিব পাৰিনে ? ইমান উজ্জ্বল ব্যক্তিত্ব, লগতে সুন্দৰ জীৱনবোধ, লগতে খেল জগতৰ এটা বিখ্যাত নাম । কিন্তু তাইৰ সচাঁকৈ উপায় নাই । কথা পাতিবলৈ মন গলেও এই সময়ত কথা আৰম্ভ কৰা মানে বহুত ৰাতি হ’বগৈ ।
কি কৰে ? কি কৰে তাই । তুষাৰ দাই তাইকে কিয় যোগাযোগ কৰিছে?
ৱক্ত চাৰে জিন্দেগী মে
দো হী গুজৰে হে কঠিন
এক তেৰে আনে চে পেহলে
এক তেৰে আনে কী বাদ……………..
কি কৰে ? কি কৰে তাই ? ইমান বছৰৰ পাছত তুষাৰদাই কিয় এই ৰাতিখন তাইলৈ মেছেজ পঠিয়াইছে ?
কী পেদত আঙুলি বোলালে, “তুষাৰ দা, ইমান দিনৰ মূৰত আপুনি যোগাযোগ কৰিছে । বৰ ভাল লাগিছে । কিন্তু ইটজ টু লেট । ইনবক্স য়ৰ ফোন নাম্বাৰ । ৰাতিপুৱাই ফোন কৰিম আপোনাক । এতিয়া শুভৰাত্ৰি । বাই ।“
মেচেঞ্জাৰ লগ আউট কৰিলে । গজলৰ পৃথিৱীত ডুব গ’ল পুনৰ ।
চুৰ্খ চুৰু হোতে হে
ইনচান ঠোকৰে খানে কে বাদ
ৰংগ লাতে হে হেনা
পত্থৰ কে পিচ জানে কে বাদ…………
__________________________________________________________________________________
“গাটো অলপ ভাল লাগিছেনে তোমাৰ ? ৰাতি তোমাৰ ভাল টোপনি আহিল নে বাৰু ?”, ব্ৰেকফাষ্টৰ টেবুলত বহি তাইৰ স্বামীয়ে দৈনিক কাকতখন পঢ়ি থকাৰ পৰাই তাইলৈ নোচোৱাকৈ সুধিলে ।
“ও , টোপনি আহিছিল ভালকৈয়ে , ফ্ৰেছ লাগিছে আজি”, অৰ্ণাই কৈ উঠিল ।
স্বামীয়ে পঢ়ি থকা কাকত খনলৈ এনেই চকু গল তাইৰ । বুকুখন মোচৰ খাই উঠিল । অজস্ৰ বৰলৰ কামোৰত তেতিয়া ক্ষত-বিক্ষত তাইৰ সুকোমল হৃদয় ।
কাকতখনত যে লিখা আছিল, “ৰহস্যজনক কাৰণত প্ৰখ্যাত ফুটবল খেলুৱৈ তুষাৰ কাকতিৰ আত্মহত্যা” ।
হয়, সেইনিশায়ে তাইৰ টোপনিৰ শেষনিশা আছিল । এনিশা টোপনি এতিয়া তাইৰ চকুৰ পতাই বলে লব নোৱাৰাকৈ গধুৰ ।

Comments

Popular posts from this blog