Posts

গল্প: বুদ্ধং শৰণং গচ্ছামি: পৰী পাৰবীন ------------------------------------------------------- দৃশ্যাংশ ১: কিছু শকতকৈ, কিছু মিঠাবৰণীয়া মানুহগৰাকী। বয়স চল্লিশৰ আশে পাশে। অযত্নপালিত চেহেৰা, কিছু মলিয়ন বেশভূষা। পাতল ৰঙা শাৰীখনেৰে নাভিতলৰ চৰ্বীখিনি উন্মুক্ত কৰাৰ নিৰ্লজ প্ৰয়াস। চকুত তাইৰ চিকাৰীৰ দৃষ্টি, খোজত বয়সৰ স’তে খাপ নোখোৱা কিছু চঞ্চলতা বিৰাজমান। গধূলি সময়ত প্ৰায়েই আহি তাই ব্যস্ত ৰাজপথত নতুবা চিনেমাহলৰ কাষত থিয় দিয়েহি। নাই, নাই, বহুত কিবা হাবিয়াস নাই তাইৰ। কোনোমতে দুশটকা হ’লেই দিনটো তাইৰ চলি যায়। এশ টকা হোটেলৰ মালিকক দিব লাগে। এশ টকা নিজৰ বাবে। হোটেল মানেনো কি? আগফালে চাহ-কেকৰ সৰু গুমটি এখন, পিছফালে চালি দিয়া কোঠা এটাত এখন সৰু বিচনা। উৰহ ডাঁহেৰে ভৰা এখন বিচনা। দিনটো হাড় টনটনাই যোৱা পৰিশ্ৰম কৰি ঘৰলৈ ওভতা শ্ৰমিকজন, নতুবা মাতাল ৰিক্সাৱালাজন, নতুবা সেইদিনা বিক্ৰী বেছি হোৱা চানাৱালাজন- সেইসকল তাইৰ নিয়মীয়া গ্ৰাহক। সিহঁতৰ লাভ বেছি হ’লে তাইৰো লাভ বেছি হয়। কেতিয়াবা দুশ টকাতকৈ বেছিকৈ পায়। সিদিনা তাই ফেৰীৱালাৰ পৰা ৰঙা ৰঙৰ নেইলপলিচ এটাও লৈ যায়। সিহঁতৰ লোকচান হ’লে তাইৰ চৌকা
গল্প: ফাগুনৰ গান: পৰী পাৰবীন ----------------------------------------------- দুমহলীয়া ঘৰটোৰ ওপৰৰ ঠাইখিনিত যেন চেগুন পাতৰে আধিপত্য।চেগুনৰ ঢপলা পাত। চেগুনৰ শুকান পাত। পুৱতি নিশাৰ বতাহ-বৰষুণজাকে পাতবোৰ তেনেই ছেদেলি ভেদেলি কৰি দিলে। শ্বলখন মেৰিয়াই ল’লে তাই। ঠাণ্ডা পৰিছে। ফাগুন অহাৰ বতৰা কঢ়িয়াই বতাহজাক বলিছে। কোনোবা গায়কে দূৰৈত ফাগুনৰ গান গাইছে। “অধীৰ নহ’বা অঞ্জনা, গীতৰ গভীৰ বেদনা…..” কলিটো ঠেকা খাই খাই কাণত বাজি আহিছে। তাই ঘূৰি গৈছে, যিমান দিনলৈকে পাৰি, সিমানদিনলৈ ঘূৰি গৈছে তাই। “বিয়াৰ পাছত কি কৰিবা? মডেলিং কৰি থাকিবানে ঘৰ চলাবা?”, ওখ শকত মানুহজনে মৰমেৰে সুধিছিল তাইক। “আপুনি যিদৰে বিচাৰে।”, যিমান পাৰি কোমলকৈ কৈছিল তাই। “গুড। মই তেনেকুৱা উত্তৰ এটাই বিচাৰিছিলো। আই লাইক ইট।“, যেন সৰু ছোৱালীক মৰম কৰাৰ দৰে গালত টুকুৰিয়াই কৈ দিব তেওঁ। লাহেকৈ হাঁহি এটা মাৰে তাই। সৰল হাঁহি। নিষ্পাপ হাঁহি। শিশুৰ দৰে। সেই যে ধাইয়ে হঁহুৱায় কেঁচুৱা এটিক, তেনেকুৱা পৱিত্ৰ হাঁহি। পৱিত্ৰ হাঁহিটো আহি মানুহজনৰ ঘৰ সোমালেহি। কেৰিয়াৰ নে ঘৰ? ঘৰ নে কেৰিয়াৰ? সিদ্ধান্ত লৈ পেলায় উন্মনাই, মানুহজনে যি ক’ব সেইয়াই
গল্প: ধৰ্ম আৰু প্ৰেম: পৰী পাৰবীন প্ৰথমাংশ: --------- “তাবাচুম নাজনীন। কি অৰ্থ তোৰ নামৰ”? "তাবাচুম মানে মিচিকিয়া হাঁহি। নাজনীন মানে ধুনীয়া"। “বাঃ!নামটোৰ দৰে অৰ্থটোও ধুনীয়া।” ঊৰ্দু শব্দবোৰ বৰ ধুনীয়া। আমাৰ অসমীয়া শব্দবোৰো কম কোমল নে? তোৰ নামটোৱেই কি ধুনীয়া অ’? জোনাক কি ধুনীয়া নাম!” “তোৰ নামটোৰ দৰেই তোৰ মুখখনো ধুনীয়া। ফুলা লুচিৰ দৰে গাল দুখন।“ “কি ক’লি? ফুলা লুচি? তই কি তেন্তে? তই হ’লি নিগনি।” সেই যে চতুৰ্থমানতে দুয়োটাৰে ধুনীয়া নাম দুটা মচি লৈ নতুন নাম দুটাৰে ইটোৱে সিটোৰ সম্ভাষণ কৰিবলৈ আৰম্ভ কৰিলে, সেই নামটোৰেই সিহঁত হাইস্কুল পালেগৈ। হাইস্কুল পাইহে সিহঁতৰ কাজিয়াবোৰ অলপ কমিল। তাইৰ ফুলা গাল দুখনত হাঁহো হাঁহোকৈ দিম্পল দুটা ওলমি ৰ’ল। তাই পাটগাভৰু হ’ল। আৰু সি যেন উতনুৱা পছোৱাজাকক বুকুত সামৰিব নোৱাৰি ছটফটাই ৰোৱা এক ব্যৰ্থ প্ৰেমিক হৈ পৰিল। তাৰ হাঁহিবোৰ অলপ গহীন হ’ল, চকুযোৰ চঞ্চল হ’ল। স্কুলীয়া প্ৰেম। জীৱনৰ প্ৰথম প্ৰেম। জীৱনৰ কেঁকুৰি সলাব নোৱাৰিলেও ভাস্কৰ্যৰ দৰে শিলালিপিত খোদিত হৈ ৰোৱা প্ৰেম। কাকো ক’ব নোৱাৰি, দেখুৱাব নোৱাৰি, গধূলি পঢ়াৰ সময়ৰ টেবুললেম্পৰ পোহৰত
গল্প: যুদ্ধৰ শেষত – পৰী পাৰবীন স্নেপশ্বট ১: ক’লা-বগা ৰঙৰ নোমাল জেকেটটো উলিয়াই আকৌ সুমুৱাই থ’লে তাই। এই জেকেটটো পিন্ধিলে আজিকালি বিছাই ডকাদি ডাকে তাইক। কিন্তু জেকেটটো ধুনীয়া বাবেই আলমাৰীটো খুলিলেই জেকেটটো চকুত পৰে, অজানিতে হাতলৈ উঠি আহে আৰু গাত ওলোমাই তাই ফেৰফেৰীয়া বতাহজাকৰ সতে যুদ্ধত নামে। সেইখন যুদ্ধত তাই ঠিকেই জিকে। তুষাৰ আৰু বতাহজাকৰ অত্যাচাৰতো তাই বুকু ফিন্দাই বৰফৰ ৰাস্তাত খোজ থ’ব পাৰে। কিন্তু একে সময়তে আন এখন যুদ্ধইহে তাইৰ হৃদয় তোলপাৰ লগায়। প্ৰথম অৱস্থাত সেই যুদ্ধখনে ইমান বীভৎস ৰূপ ধাৰণ কৰা নাছিল। পিছলৈ যুদ্ধখনে জীৱন মৃত্যুৰ হিচাপবোৰো বেহিচাপী কৰি তুলিলে। প্ৰথমবাৰ জেকেটটো পিন্ধাৰ দিনা তাই পখিলাৰ দৰে উৰি আছিল। জন্মদিনৰ উপহাৰ আছিল সেইটো। প্ৰিয়জনে দিয়া মৰমৰ উপহাৰ। ৱাৰ্ডড্ৰৱত সাঁচি থ’ব নে গাত সুমুৱাই ভালপোৱাবোৰ উমাল কৰি ৰাখিব, সেই সিদ্ধান্ত লওঁতেই এবছৰ লাগিছিল। পিছৰটো জন্মদিনত পিন্ধিছিল তাই, খুব আলফুলকৈ পিন্ধিছিল, আৰু সিদিনাই সি তাইক আৰু কিছুমান আলফুলীয়া অনুভৱ উপহাৰ দিছিল। সেই আলফুলীয়া অনুভৱখিনিও বুকুৰ বৰঘৰত সযতনে ৰাখিবলৈ জাপি কুচি লৈছিলহে, তেনে সময়তে ৰণডংকা বাজি
গল্প: ডায়েৰীৰ সৰি যোৱা পাতখিলা “মোৰ মাজত একোৱেই নাপাবা কাব্যম । মই এটা শূন্য লৈ জীয়াই আছো”। :“শূন্যটোৰ আগত মই দহ বহাই লম প্ৰাচী । তুমি অনুমতি দিয়া মাথোঁ”। :“বিয়োগ চিন এটা ওফৰি আহি আগত পৰিবহি কাব্যম”। :“আসঃ, পাহৰি যোৱাচোন আগৰ কথাবোৰ । পাহৰি যোৱা । মই পাহৰাই পেলাম তোমাৰ অতীতৰ সমূহ বেদনা । মই এনেকৈ আৱৰিম যাতে তোমাক একো দুখেই চুব নোৱাৰে । প্ৰাচী শুনিছানে প্ৰাচী ?”, ফোনৰ সিপাৰে কাব্যমৰ আকুল কন্ঠ সেয়া । ইপাৰত প্ৰাচী । কাব্যমৰ কন্ঠত তাইৰ চকুহালো মেঘাল হৈ পৰিছিল । জীৱনৰ এই এক বিন্দুত উপনীত হৈছে তাই উপেক্ষা কৰো বুলিও কিছুমান অনুভৱে তাইৰ পিছ নেৰে । একোৱেই কোৱা নাছিল তাই, কব পৰা নাছিল। নীৰৱে ফোনটো কাটি দিছিল তাই । ঋষভৰ লগত সম্পৰ্কটো বিচ্ছেদ হোৱাৰ পৰাই তাই শূণ্য এটা বুকুত ভৰাই মিছা গপত গংগাটোপ হৈ খোজ কাঢ়িবলৈ শিকিছিল । এদিনতে ৰূপকথাৰ নায়িকাজনীয়ে খলনায়িকাৰ নাম পাইছিল । অভিসাৰী হৈ বিস্তীৰ্ণ হৈ পৰা সময়বোৰৰ পৰা হাত হাৰিবলৈকে তাই বেশ সলাইছিল । মৰিশালীৰ নিস্তব্ধ বাটটিকেই তাই বাচি লৈছিল । সিফালে যে সোণাৰুৱা বাটেৰে কৃষ্ণচূড়াৰ দেশ । আসঃ ইমান ৰং সহ্য হয়নে তাইৰ ? বগা-ক’লা পৃথিৱীখনত তাই ডুব
গল্প: চি লভড এ ৰিভাৰ এক্সুৱেলি: পৰী পাৰবীন -------------------------------------------------- দীঘলীয়া বাৰ্তালাপৰ অন্তত তাই তললৈ নামি আহিল। তাই মানে ৰাজনন্দিনী কোঁৱৰ, হাতত এহাতে কিতাপখন, এহাতে মোবাইলটো। চিৰিকেইটা পাৰ হৈয়ে তাই চক খাই উঠিল। সিমূৰে ৰৈ আছিল ৰূমমেট ৰূপশ্ৰী দেৱী। “কি কৰি আছিলি চাদৰ ওপৰত?”, নন্দিনীলৈ চাই ৰূপশ্ৰীৰ তীক্ষ্ণ সুৰৰ প্ৰশ্ন। “পঢ়ি আছিলোঁ।“, তাই শান্ত কণ্ঠেৰে উত্তৰ দিলে। “পঢ়ি আছিলি?”, তাই মোবাইলটোলৈ চকু দিলে, “কথা পাতি থকা শুনিছিলোঁ”, ৰুপশ্ৰীয়ে সন্দেহ পানী ছটিয়াইছে। “মাৰ ফোন আহিছিল।“, এইবাৰো নন্দিনীয়ে ধীৰ কণ্ঠেৰে উত্তৰ দিলে। “সঁচাকৈনে? আচ্চা কচোন, কি পঢ়িলি আজি?” “শুনিবি কি পঢ়িলোঁ? ব’ল বিচনাত বহি লওঁ, ইমান ভাল লগা কথাবোৰ পঢ়ি আছো, তোক কওঁ কওঁ লাগিয়ে আছিল।“ “হয়নে? ক’ তেতিয়াহ’লে”, কিছু নৰম হ’ল ৰূপশ্ৰীৰ কথাৰ সুৰ। নন্দিনীয়ে কথা কৈ থকাৰ সময়খিনি বৰ প্ৰিয় তাইৰ। দুয়োজনীৰ বন্ধুত্ব যথেষ্ট দীঘলীয়া। এই বন্ধুত্বৰ খাতিৰতে যেন এই কৰ্তৃত্ববোধ। দুয়োজনী বিচনাত বহি আড্ডা দিবলৈ আৰম্ভ কৰিলে। “আজিৰ পৰা দুইতিনিহাজাৰ বছৰৰ আগৰ এজন কিশোৰৰ কথা ক’ম দেই তোক। ল’ৰাজন তেতিয়া মুঠেই এঘাৰ
গল্প: পালিত সময়:পৰী পাৰবীন শেষৰগৰাকীৰ ৰোগীৰ নাম মাতি ভিতৰলৈ যাবলৈ ইংগিত দিছিল ফাৰ্মেচীখনৰ কৰ্মচাৰীজনে। হাতত তিনিবছৰীয়া শিশু এটি লৈ তাইৰ চেম্বাৰ ওলাইছিলহি প্ৰিয়া নামৰ ছোৱালীজনী। ৰুক্ষ চুলি, প্ৰসাধনবিহীন চেহেৰা আৰু এশ এবুৰি সমস্যাৰে মলিন মুখখন লৈ শিশুৰোগ বিশেষজ্ঞ ডাঃ অন্তৰাৰ চেম্বাৰত ভৰি দিছিল তাই। লগত লৈ অহা শিশুটোৰ বুকু, পেট, জিভা, চকু পৰীক্ষা কৰি ডাক্তৰী নিদানপত্ৰত বেমাৰৰ লক্ষণসমূহ সহিতে ঔষধৰ নাম লিখি ডাঃ অন্তৰাই তাইক বিদায় দিলে। গুচি যোৱাৰ পাছত চকীখনত আঁউজি বহি ৰ’ল বহুতদেৰি। মানুহগৰাকীৰ মুখখনে মিহিকৈ আমনি কৰিবলৈ ধৰিছে তাইক। কিবা যেন চিনাকী চেহেৰা, ক’ৰবাত যেন তাইৰ স’তে সংযোগ থকা। ইফালে নীলিময়ে ফোন কৰি আছে, নীলিময়ৰ স’তে চিনেমা প্লেন তাইৰ। ষ্টেথোস্কোপডাল খুলি তাই বাহিৰলৈ ওলাই আহি মানুহগৰাকী কোনফালে গ’ল চালে। নেদেখিলে। হয়তো অটো লৈ গুচি গ’ল। এটা অচিন অনুভৱ তাইৰ বুকুত সানি শিশুটি গুচি গ’ল তাইৰ পৰা। শিশুটোৰ মুখখন ভালকৈ চোৱা নহ’ল তাইৰ। কেনেবাকৈ প্ৰদুম্নৰ নিচিনা নাছিলতো! নে নীলিময়ৰ দৰে? খেলিমেলি। খেলিমেলি। এনেকৈয়ে সন্ধ্যা আঠবজাৰ তাইৰ পৃথিৱীখনত হঠাতে খেলিমেলি লাগি গ’ল। গাড়ী