গল্প: ফাগুনৰ গান: পৰী পাৰবীন
-----------------------------------------------
দুমহলীয়া ঘৰটোৰ ওপৰৰ ঠাইখিনিত যেন চেগুন পাতৰে আধিপত্য।চেগুনৰ ঢপলা পাত। চেগুনৰ শুকান পাত। পুৱতি নিশাৰ বতাহ-বৰষুণজাকে পাতবোৰ তেনেই ছেদেলি ভেদেলি কৰি দিলে। শ্বলখন মেৰিয়াই ল’লে তাই। ঠাণ্ডা পৰিছে। ফাগুন অহাৰ বতৰা কঢ়িয়াই বতাহজাক বলিছে। কোনোবা গায়কে দূৰৈত ফাগুনৰ গান গাইছে।
“অধীৰ নহ’বা অঞ্জনা, গীতৰ গভীৰ বেদনা…..”
কলিটো ঠেকা খাই খাই কাণত বাজি আহিছে। তাই ঘূৰি গৈছে, যিমান দিনলৈকে পাৰি, সিমানদিনলৈ ঘূৰি গৈছে তাই।
“বিয়াৰ পাছত কি কৰিবা? মডেলিং কৰি থাকিবানে ঘৰ চলাবা?”, ওখ শকত মানুহজনে মৰমেৰে সুধিছিল তাইক।
“আপুনি যিদৰে বিচাৰে।”, যিমান পাৰি কোমলকৈ কৈছিল তাই।
“গুড। মই তেনেকুৱা উত্তৰ এটাই বিচাৰিছিলো। আই লাইক ইট।“, যেন সৰু ছোৱালীক মৰম কৰাৰ দৰে গালত টুকুৰিয়াই কৈ দিব তেওঁ।
লাহেকৈ হাঁহি এটা মাৰে তাই। সৰল হাঁহি। নিষ্পাপ হাঁহি। শিশুৰ দৰে। সেই যে ধাইয়ে হঁহুৱায় কেঁচুৱা এটিক, তেনেকুৱা পৱিত্ৰ হাঁহি।
পৱিত্ৰ হাঁহিটো আহি মানুহজনৰ ঘৰ সোমালেহি। কেৰিয়াৰ নে ঘৰ? ঘৰ নে কেৰিয়াৰ? সিদ্ধান্ত লৈ পেলায় উন্মনাই, মানুহজনে যি ক’ব সেইয়াই হ’ব। মানুহজনে চৌহদৰ বাহিৰলৈ অকলে পঠিয়াব নোখোজে তাইক। সতেজ ফুলৰ দৰে ইমান কোমল চেহেৰা। ৰেম্পত লয়লাসী খোজ দিব তাৰ পত্নীয়ে আৰু দৰ্শকে খুঁটিয়াই খুঁটিয়াই নিতম্বৰ জোখ আঁকিব। ভাল নালাগিব। এৰা, ভাল নালাগিব।
অহিমন্যু নামৰ সবল পাত্ৰটিত তাই নিজকে এখিনি জুলীয়া দ্ৰব্যৰ দৰে এৰি দিলে। পাত্ৰটিয়ে কেতিয়াবা গোলকটোৰ দৰে গোল বাটবোৰত ছটিযাই দিয়ে তাইক, কেতিয়াবা টান সাঁফৰৰ পাত্ৰ এটিৰ ভিতৰত বায়ুশূন্য কৰি ভৰাই থয়।
চন্দন-মাহ-হালধিৰে মিহি কৰা গালে-মুখে হাত ফুৰাই জেতুকা সনা চুলিখিনিত
মুখ গুজি তেওঁ ৰাতিৰ ৰাতিটো বিৰবিৰাই থাকে, “তুমি সদায় এনেদৰেই থাকিবা। কইনা কইনা গোন্ধাই থাকিবা।”
সেই মানুহজনীয়েই ৰিহা-মেখেলা টানি তেওঁৰ কাষে কাষে সামাজিক কামবোৰত ঠিয় দিবলগা হয়, তেওঁৰ অৰ্ধাংগিনী হৈ।
অৰ্ধাংগিনী। কি সুন্দৰ শব্দ! কলডিলীয়া খোপাটোত তগৰৰ ফুলপাহ গুজি তাই
অহিমন্যুৰ হাতত ধৰি গাড়ীত বহে। বাটৰ মানুহে ঘূৰি ঘূৰি চায়।
কি সুন্দৰ সেই দৃশ্য! যেন এহাল দেৱ-দেৱী হাতে হাত ধৰি ঘূৰি ফুৰিছে মৰ্ত্যত। কি সুন্দৰ আছিল সেই সময়! কেতিয়াবা আকৌ সৰু-ছোৱালীৰ দৰে দীঘল স্কাৰ্ট এটা পিন্ধি মেলাত টহলি টহলি চাহ বিকা মানুহজনীৰ কাষত ঠিয় হয়হি। তেতিয়াও তাইৰ আঙুলি এটা মানুহজনৰ হাতৰ মুঠিত। বৰ মূল্যৱান দুয়ো দুয়োৰে বাবে। হেৰাবলৈ দিব নোৱাৰি। দুয়ো দুয়োৰে বাবে শিকলি হৈ পৰে। শিকলিৰো যে কি মহাকৰ্ষণ শক্তি! উৰাৰ আগেয়েই বন্দী হৈ যায় তাই।
অথচ, অথচ, হেৰাই যায় সময়। চাহৰ কাপত চুমুক দিয়াৰ সময়তো গাত গা লাগি থকা মানুহহাল ক্ৰমাৎ অপৰিচিত যেন হৈ যায়। কিয়? কিয়? কিয়ৰ উত্তৰ বিচাৰি তাই অধীৰ হৈ পৰে। বন্দীত্বৰ সোৱাদেৰে সিক্ত কৰা অধৰত শুষ্কতাই বিৰাজ কৰে। কণ্ঠও শুকাই যায়। একাপ চাহৰ প্ৰয়োজন হয় এনে মুহূৰ্তত। আংবাং চিন্তা কৰিবলৈকে হওক নতুবা গৱেষণাপত্ৰ লিখিবলৈকে হওক, বৰ প্ৰয়োজন হয় একাপ চাহৰ। এতিয়াও একাপ চাহৰ প্ৰয়োজনবোধ কৰিলে তাই।
ওলটি আহিল উন্মনা। অতীতৰ জগতখনৰ পৰা ওলটি আহি চেগুন গছৰ ঢপলা পাতৰ মাজত থিয় থৈ থাকিল তাই। সন্ধ্যা ভাগো ভাগো হৈছে। বগাকৈ বগলীজাক ঘৰমুৱা হৈছে। অহিমন্যুৰ ঘৰমুৱা হোৱাৰ সময় হোৱা নাই এথোন। বিশাল ঘৰটোত অকলে অকলে ঘূৰি ফুৰি তাইৰ নিজকে অশৰীৰি প্ৰেতাত্মা যেন লাগি যায়। গধূলিৰ পিছৰখিনি সময়তো আৰু বিৰক্তিকৰ। উঠি গৈ তাই চাহৰ চচপেনত পানী ঢালে। দুকাপৰ জোখাৰে।
চচপেনত গাখীৰ উতলে মানে তাই ট্ৰেখন সজালে। দুকাপ চাহ, বাতি এটাত ভূজিয়া অলপ, এখন প্লেটত পিঠা দুখনমান। অহিমন্যুৱে পিঠা খাই ভাল পায়। তেওঁৰ বাবেইতো যত আয়োজন।
চোফাখনত বহি লৈ তাই কথা পাতে। চেন্টাৰ টেবুলত দুকাপ চাহ। এবাৰ একাপত চুমুক দিয়ে, আনবাৰ ইকাপত,
“জানানে অহিমন্যু, সেইবাৰ যে আমি সেই পাহাৰীয়া আদিবাসী গাঁওখনলৈ গৈছিলোঁ, আৰু যে মুখিয়ালজনে মোক ৰাখি থ’ব বিচাৰিছিল, তোমাক সুধিছিল, কিমানটা মেথোন দিব লাগিব, তুমি যে গোটেইটো খঙত কঁপি উঠিছিলা, আৰু চাংঘৰত তুমি মোলৈ একেথৰে চাই ৰৈছিলা, সেইদিনা মই প্ৰথমবাৰৰ বাবে তোমাৰ মা হৈ পৰিছিলো। ওৰেটো ৰাতি সাৰে থাকি তোমাৰ খং থমাবলৈ বিচাৰিছিলোঁ, আৰু পিছদিনা পোহৰ হোৱাৰ আগেয়েই তুমি মোক হাতত ধৰি টানি আনি গাড়ীত বহুৱাইছিলা। আৰু জোৰেৰে তুমি এক্সিলেৰেটৰ দবাইছিলা। গাড়ীৰ তীব্ৰ গতিত মই চিঞৰিছিলোঁ, তুমিও সমানেই চিঞৰিছিলা, “কিয় সোণজনী? মৰিবলৈ ইমান ভয় কিহৰ? আমি একেলগে মৰিম, একেলগে জীয়াই থাকিম বুলি হোমৰ জুইত শপত খোৱা নাছিলা?”
আসঃ!
হোমৰ মন্ত্ৰ? এৰা ঠিক মনত পৰিছে, “যদেতৎ হৃদয়ং তব তদস্তু হৃদয়ং মম। যদিদং হৃদয়ং মম, তদস্তু হৃদয়ং তব।”
(য’ত হৃদয় তোমাৰ, ত’ত হৃদয় মোৰ। য’ত হৃদয় মোৰ, ত’ত হৃদয় তোমাৰ)।
হোমৰ জুইত আমি শপত খাইছিলোঁ, সাত জনমৰ বাবে বন্দী হৈছিলোঁ। আৰু কি আচৰিত! সাত বছৰতে আমি দুয়োৰ মাজত দেৱাল গাঁথিলোঁ। একদমেই কাৰণ নোহোৱা কাৰণত সেই দেৱাল। তথাপিও আজিও মোৰ সন্মুখত দুকাপ চাহ, একাপ কেৱল তোমাৰ নামৰ।
আৰু কি জানা……………”
চাহকাপৰ স’তে অনৰ্গল কথা পাতে তাই। কথাৰ ছন্দত চাহকাপ চেঁচা হৈ যায়। ওঁঠ ভিজে, মন নিভিজে। চাহৰ কাপকেইটা তেনেকৈয়ে এৰি কৰিডৰত খোজ কাঢ়ে। নিৰ্জনতাই পহৰা দি থকা কৰিডৰ। সহ্য নহয় তাইৰ এই নিৰ্জনতা। ৰাতিলৈ ধুমুহা আহিব চাগৈ।
তাই আলুৰ বাকলি গুচাবলৈ ধৰে। অহিমন্যু আহি পোৱাৰ লগে লগেই ধোঁৱা বলি থকা ভাত দুকাঁহি টেবুলত তুলি দিব পৰাকৈ তাই ভাতৰ কুকাৰটো গেছত উঠাই দিয়ে। সকলো কাম শেষ হৈ যোৱাৰ পিছতো কলিংবেল নাবাজে। নৈশব্দ ভেঁদি সৰাপাত কিছুমানে খৰমৰাই থাকে। কাপ দুটা টেবুলৰ ওপৰতে পৰি থাকে। আঁতৰাবলৈ মন নাযায় তাইৰ। অহিমন্যু আহি দেখক আৰু সোধক, “কোনোবা আহিছিল?” আৰু তাই গহীনাই উত্তৰ দিয়ক, “নাই, কোনো অহা নাছিল।”
অহিমন্যুৱে তাইৰ ফালে সন্দেহৰ দৃষ্টি নিক্ষেপ কৰি গপগপাই ভিতৰলৈ সোমাই
যাওক আৰু মুখখন এপাচি কৰি ভাতৰ পাতত বহক, তাৰ পাছত তাই অহিমন্যুৰ চুলিত হাত ফুৰাই মৰমেৰে নিচুকাওক, “ধেমালি নুবুজা তুমি?”
নাই তেনে একো নহয়। অহিমন্যু আহে। তাই পৰ্দা ঠেলি বাৰাণ্ডালৈ ওলাই আহে
মানে অহিমন্যুৱে তাইক ‘হুঁ’ বুলি মাত লগাই ভিতৰলৈ সোমাই যায়। কাপ-প্লেটৰ
ট্ৰেখন টেবুলতে পৰি থাকে। উঠাই নিবলৈ মন নাযায় তাইৰ।
ৰাতি তেতিয়া এঘাৰ বাজে। বিচনাত পৰাৰ লগে লগেই অহিমন্যুৰ নাক বাজিবলৈ আৰম্ভ কৰে। গাৰ কম্বলখন জাপি দিয়ে তাই। মাতৃৰ মমতাৰে অহিমন্যুৰ মুখখনলৈ চাই ৰয়। দিনটো অলেখ কাম অহিমন্যুৰ, ব্যৱসায়ৰ কাম, ক্লাৱৰ কাম, সমাজৰ কাম।
ঘড়ীটোৱে টিকটিকাই দৌৰি থাকে। ফাগুনৰ ৰাতিবোৰ দিনতকৈ ঈষৎ গৰম। কিন্তু মনটো শীতৰ দিনৰ দৰেই লঠঙা, নিভিজা, উৰুঙা। কম্বলখন বুকুলৈ নমাই দিয়ে তাই। ঘড়ীটো আহি বুকুত বহে। টিক টিক টিক টিক, যেন ষ্টেচন পাৰ হৈ গৈছে বেগী গতিৰ উজনিমুৱা ৰেলখন।
বাৰ বাজিল।
এক বাজিল।
দুই বাজিল।
তিনি বাজিল।
নিশা গাভৰু হয়। যৌৱনা নিশাটিক সূৰুযৰ ওচৰত সম্প্ৰদান কৰিহে তাই আজৰি হয়। বুকুৰ পৰা ঘড়ীটো নামি গৈ বেৰত উঠে। তাইৰ চকুলৈ তন্দ্ৰা নামে। ছয় বজাৰ লগে লগে অহিমন্যু বিচনাৰ পৰা নামে, “হৌৰা, উঠা, উঠা, চাহ একাপ দিয়া”।
চিলমিলীয়া টোপনিৰ আবেশ ভাগি যায় তাইৰ। আগৰ দৰেই সৰু ছোৱালীৰ দৰে হাত দুখন মেলি দিবলৈ মন যায়, “লৈ যোৱা দাঙি, তেহে উঠিম।“
নাই, কোৱা নহয় তেনেকৈ। বিয়াৰ বহু বছৰলৈকে তেনেকৈ ক’ব পৰা হৈ আছিল তাই। হাত দুখন মেলি দিয়ে, ওখ-শকত মানুহটোৱে পিঠিত তুলি নি দুজনীয়া চোফাখনত এৰি দিয়ে। তাৰ পিছত দুজনীয়া চোফাখন ঘেদালি পেলায় দুয়োটাই।
“এই আঙুলিটো ধৰা।“
“ওম, ধৰিলো, কোৱা এতিয়া কি হ’ল।”
“ঠিক জানিছিলো, ল’ৰাই হ’ব। ল’ৰাটো ডাঙৰ হৈ মোৰ নিচিনাকৈ পহৰা দিব লাগিবতো তোমাক।“
“যাঃ! মোক আকৌ পহৰা কিয় দিব লাগেনো্?”
“তেতিয়া মই বুঢ়া হৈ যাম যে।”
“হয়নে? আৰু তেতিয়ালৈ মই গাভৰু হৈ থাকিম?” বুলি খিলখিলাই খিলখিলাই চোফাখনৰ পৰা মজিয়াত সৰি পৰে দুয়োটা।
পট পৰিৱৰ্তন হয় পলকতে। এতিয়া অহিমন্যুৱে ল’ৰা নে ছোৱালী বুলি আঙুলি
ধৰিবলৈ নিদিয়ে। বৰঞ্চ পুৱাতেই ব্যৱসায়ৰ কামত চহৰৰ বাহিৰলৈ যোৱাৰ যোজা কৰে। বাথৰূমৰ পৰা টাৱেলেৰে গা মচি মচি ওলাই আহে অহিমন্যু, “হৌৰা, শুনিছা, উঠা আক’। সোনকালে যাব লাগে মই।“
বিচনাৰ পৰাই ঘড়ীটোলৈ চায় তাই, হুমুনিয়াহ এটা বুকুৰে নিগৰি আহে, “যাবৰ হ’লেই নে?”
সন্মুখত গোটেই দিনটো। কি কৰা যায় দিনটো? ইমান সময়, ইমান বেছি সময় কেনেদৰে পাৰ হ’ব নাজানে তাই। নিশ্চুপ হৈ চাহত চুমুক দিয়ে। অহিমন্যুও লগত। দুয়ো মৌন। এইবাৰ দুকাপ চাহ, দুজন ব্যক্তি।
চেন্টাৰ টেবুলত তেতিয়াও আগদিনাৰ কাপ দুটা নোধোৱাকৈয়ে পৰি অহিমন্যু যোৱাৰ পাছতহে তাই বাচনবোৰ গোটাই লয় ধুবলৈ, তাৰ পিছত কাপোৰবোৰ, তাৰ পিছত আলমাৰীটো জাপিবলৈ আৰম্ভ কৰে। চিজিলেই আছিল, তথাপিও। সময়বোৰ যে নাযায় নুপুৱায়।
-“কিতাপ পঢ়”।
-“মন নাযায়”।
-“গান শুন।”
-“মন নাযায়”।
-“চিনেমা চা।”
-“মন নাযায়”।
নিজৰ লগতে অহৰহ কথা পাতি থাকে তাই। আন একোতে মনটো নবহে। অহিমন্যুৰ এই উদাসীনতা, এই ব্যস্ততা আৰু তাইৰ দিনজোৰা নিঃসংগতা। দূৰৈৰ ঘৰটোত অকণমানি এটিয়ে দেউতাকৰ পিঠিত উঠি ঘোঁৰা-ঘোঁৰা খেলিছে। মাজে মাজে ঘাঁহনিতে বাগৰি পৰিছে, বাগৰি পৰি খিলখিলাই হাঁহিছে। আৰু তেতিয়াই তাইৰ ডিঙি শুকাই আহিছে। চাহ একাপৰ প্ৰয়োজনবোধ হৈছে তাইৰ। সেই একেই দৃশ্যাংশ, এখন চেন্টাৰ টেবুল আৰু দুকাপ চাহ।
একেই নিয়মত ৰাতিলৈ অহিমন্যু আহে, নিতান্তই প্ৰয়োজনীয় কথাকেইটামান বিনিময় কৰি বিচনাত বাগৰ দিয়ে। ওৰেটো ৰাতি নিসংগতাবোধটোৱে তাইৰ বুকু কুৰুকি খালে, অলপমান শুলে যদিও ঘোঁৰা খেলা ল’ৰাটোৱে বাৰে বাৰে ভাকুটকুটাই দিয়ে তাইক আৰু পিছদিনা পুৱাতেই ডাক্তৰৰ ওচৰলৈ গৈ তাই সুধি পেলায়, “কিয় আনৰ দৰে তাইৰ পিঠিত কেঁচুৱা এটিয়ে ঘোঁৰা-ঘোঁৰা খেলা নাই? অহিমন্যুৱেতো সেইবছৰেই তাইৰ সময়বোৰ পহৰা দিবলৈ নিপোটল ল’ৰা কেঁচুৱা এটা অনাৰ কথা আছিল”।
ডাক্তৰে তাইৰ হিষ্ট্ৰী অধ্যয়ন কৰিলে, বয়স সুধিলে, মাহেকীয়াৰ দিন সুধিলে আৰু ঔষধ দুটামান লিখি নীতি-নিয়ম কিছুমান বুজাই দিলে। লাজ নে কিহবাত তাই দৌৰি বাহিৰলৈ ওলাই আহে। এতিয়াহে সম্বিত আহে, কিমানদিন যে অহিমন্যুৱে তাইৰ আঙুলিটো পৰ্যন্ত স্পৰ্শ কৰা নাই। বিয়াৰ কেবা বছৰলৈকে সন্তানৰ সপোন দেখিছিল দুয়ো। তাৰ পিছত যুদ্ধ লাগিছিল মানুহৰ নিলাজ কটাক্ষ আৰু উটপক্ষীৰ দৰে বালিত মুখ গুজি নিজকে লুকুৱাব বিচৰা তাইজনীৰ মাজত। মানুহৰ চকুৰ আঁৰ হোৱাৰ কচৰৎ চলাই চলাই তাই লাহেকৈ একাষৰীয়া হৈ গ’ল আৰু মানুহজনৰ শিকলিডাল দীঘল কৰি দিলে। ইমানেই দীঘল হৈ গ'ল শিকলিডাল যে, আছেই নে নাই তাৰো উমান নোপোৱা হৈ গ'ল দুয়ো । তাইৰ পলৰীয়া আচৰণবোৰে দূৰলৈ লৈ গ'ল তেওঁক। ব্যৱসায়ৰ কামত নিয়োজিত কৰিলে নিজক। নিয়োজিত কৰিলে সমাজৰ কামত । তাই সকাহ পাইছিল। বংশৰক্ষাৰ বাবে যে অন্তত আন নাৰীৰ নাম লোৱা নাই তেওঁ।
কুকাৰৰ হুইছেলৰ শব্দত বাস্তৱলৈ ঘূৰি আহে তাই। গেট খোলাৰ শব্দ শুনি বাহিৰলৈ ওলাই আহে তাই। অহিমন্যুৱে এদিন কাপ দুটা চাই পেলায়। আঁৰচকুৰে কাপ দুটালৈ চাই তেওঁ চেণ্টাৰ টেবুলখন পাৰ হৈ যায়। সুধিম বুলিও সোধা নহয় তেওঁৰ।
পিছদিনা তেওঁ অলপ সোনকালে আহে। একেই চেন্টাৰ টেবুল আৰু দুকাপ চাহ।
‘কোনোবা আহিছিল নেকি?’, প্ৰশ্নটো ডিঙিত ঠেকা খাই ওলাই নাহে। কিয় তাই ক’ব নোৱাৰে যে তেওঁ নাথাকোতে প্ৰায়েই তাইৰ স'তে চাহৰ মেল পাতিবলৈ কোনো লোকৰ আগমন হয়। তেওঁৰ পৰা লুকুওৱাৰ কি কাৰণ? কি কাৰণ? মিহিকৈ ছটফটনি এটা অহিমন্যুৰ বুকুৰ মাজত জন্ম হয়।
আৰু দুদিনমান পাৰ হৈ যায়, সেই একেই চেণ্টাৰ টেবুল আৰু দুকাপ চাহ। এদিন
সুধি পেলায় তেওঁ, "কোনোবা আহিছিল নে কি?”
“নাইতো”, নিৰ্বিকাৰ চিত্তে উত্তৰ দিয়ে তাই।
মিছা কৈছে তাই, দস্তুৰমত মিছা কৈছে। ধৰা পৰি যোৱাৰ পাছতো মিছা কৈছে তাই। ৰাতিবোৰ তেওঁৰ বাবেও আঙুলিৰ গণনা হৈ পৰে। ঘড়ীৰ কাঁটাটো আহি এইবাৰ তেওঁৰ বুকুত বহে।
বাৰ বাজে।
এক বাজে।
দুই বাজে।
তিনি বাজে।
ৰজা আৰু নৰ্তকীৰ সাধুটো মনলৈ আহে তেওঁৰ। সেই যে ৰজাৰ বিৰহত উচুপি উচুপি কবিজনক নৰ্তকীয়ে শোৱনি কোঠাত ভৰাই থৈছিল। কেনেবাকৈ উন্মনাই তেনে কোনো কবিৰ সন্ধান পোৱা নাইতো, যি তেওঁৰ বিকল্প হৈ আহিছে তাইৰ জীৱনলৈ। তেনে কোনো বিকল্প পুৰুষ? বাগৰ সলায়, হুমুনিয়াহ সৰে, “এৰা! বৰ নিজান এই ৰাতিবোৰ”।
গভীৰ টোপনিত তেওঁৰ পত্নী। তেওঁ নাজানে, মনে মনে শ্লিপিং টেবলেটেৰে
সন্ধি কৰি পেলাইছে তেওঁৰ পত্নীয়ে। পাঁচবজাতে পাটী এৰে তেওঁ। চাহ একাপৰ প্ৰয়োজনবোধ কৰে। কিন্তু উন্মনা এতিয়াও গভীৰ নিদ্ৰাত। কি কৰা যায়? কি কৰা যায়?
চোফাত বহি এইবাৰ তেওঁ কথা পাতে নিজৰ স’তে। কথা পাতি পাতি পিছলৈ গৈ থাকে তেওঁ, আৰু পিছলৈ….কোনোবা এখিনিত চেলুলয়দৰ পৰ্দাত কঁপনি উঠে, বুজা নাযায়, তাত কি হৈ থাকে।
ঠিক কেতিয়াৰ পৰা এই ব্যৱধান সেই উত্তৰ তেওঁৰ হাতত নাই। মাহ-হালধিৰে আৰম্ভ কৰা কথাবোৰ শেষ হয়গৈ তাইৰ অনুৰ্বৰ গৰ্ভটোত। ঠিক ঠিক। সেই তেতিয়াৰে পৰা এই ব্যৱধান, এই একাকীত্ব। আৰু সেই কবিজন, যি তেওঁৰ বিকল্প হৈ আহিছে তাইৰ জীৱনলৈ, তাতো এটা প্ৰশ্নবোধক চিন ৰৈ যায়। উত্তৰ নাপায় তেওঁ।
অকলে চাহ খোৱাৰ অভ্যাস নাই তেওঁৰো। চচপেনত পানী ঢালে দুকাপৰ জোখাৰে। চাহ দুকাপ বাকি তেওঁ পত্নীক চিঞৰে,
“হৌৰা উঠা, চাহ বাকিছোঁ।“
উন্মনাই মুখ ধুই চাহকাপ হাতত লয়। সতেজ দেখাইছে তাইক। শ্লিপিং টেবলেটে কাম দিছে। অহিমন্যুৰ পৰা লুকুৱাই লুকুৱাই আৰম্ভ কৰা এই শ্লিপিং টেবলেটৰ
যাত্ৰাই তাইৰ ৰাতিবোৰ সহজ কৰি তুলিব।
আঁৰচকুৰে অহিমন্যুৱে চাই থাকে, ইমান সজীৱ এতিয়াও তাই। কবি এজনৰ অবয়ৱে আমনি কৰে তেওঁক। জানিবলৈ মন যায়, মিৰ্জা গালিবৰ দৰে এখন দাঢ়িভৰ্তি মুখৰ নে হীৰুদাৰ দৰে গভীৰ চাৱনিৰ অধিকাৰী তেওঁ।
দিনটো তেওঁ ঘৰতে কটায়। চেগুনৰ ঢপলা পাতবোৰ চুই চায়, পশ্চিমমুৱা বতাহজাকৰ স'তে মিতিৰালি পাতে। আজি চেন্টাৰ টেবুলখন তেনেকৈয়ে থাকিল। কাপ দুটাই
আসন নল’লেহি টেবুলখনৰ ওপৰত। বেঁকা হাঁহি এটা সৰকি যায় ওঁঠৰ ফাঁকেৰে। বিশ্বাসৰ দৌল ভাঙি পেলায় নে নেপেলায়? ভৰিত শিকলি। শিকলিত মহাকৰ্ষণ শক্তি। নাই, সিদ্ধান্ত ল’ব নোৱাৰে তেওঁ।
বহুতদিনৰ মূৰত গধূলিলৈ তেওঁ তাইক ৰেষ্টুৰেন্টলৈ লৈ যায়, চাহৰ অৰ্ডাৰ দিয়ে, “দুকাপ চাহ।”
তাই হাঁহি হাঁহি শুধৰাই দিয়ে, “দুকাপ নহয়, তিনিকাপ। একাপত মোৰ নিচা নাভাঙে সোণ।”
“হা! কি ক’লা?”, নুবুজে তেওঁ প্ৰথমতে।
“দুকাপৰ অভ্যাস হৈ গ’ল মোৰ। একাপত জিভাই নিভিজিব, মন কিদৰে ভিজিব?”
আচৰিত হৈ যায় ওখ শকত মানুহজন। অচিনাকী কবিৰ ছবিখন বুকুৰ পৰা থপকৈ সৰি পৰে, লগতে সৰি পৰে হুমুনিয়াহৰ পাহাৰখন। মৰমৰ আন্দোলন আৰম্ভ হয় হৃদয়নগৰীত। এই যেন স্থান-কাল পাহৰি তাইক আঙুলি ধৰিবলৈ দিব তেওঁ, আৰু আঙুলিটো ধৰি তাই সুধি পেলাব, “কোৱা কোৱা কি হ’ল কোৱা।“
আৰু তেওঁ আবেগেৰে সাৱটি ধৰিব তাইক, “মই। মই, কেৱল মই আছোঁ তোমাৰ হৈ।”
লাজ পাব দুয়োটাই, “ইচ! কিমানদিনেই যে হ’ল ফাগুনৰ গান নোগোৱা!”
(সমাপ্ত)

Comments

Popular posts from this blog