গল্প: মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম ----------------------------------------------------------------------------------------------------------------------------- @ পৰী পাৰবীন “তুমি চাকৰিটো কৰিবলৈকে ইমান দু্ৰ্গম ঠাইলৈ যাব নোৱাৰা৷ “ “আৰে৷ কিয় নাযাম? কিমান কষ্ট কৰি লৈছোঁ চাকৰিটো, কিমান দিনৰ প্ৰিপেৰেচন আছিল তুমি নাজানানে? “ “মই সকলো বুজোঁ৷ কিন্তু তুমি এইবাৰলৈ মোৰ কথা মানি লোৱা৷ কোনোবা কলেজত চাকৰি পাই যাবা তুমি৷ নৰ্মচ আছে তোমাৰ৷ “ “নৰ্মচ আছে মোৰ৷ তুমি বিচৰা ধৰণেৰে সেয়া আৰামদায়কো হ’ব নতুবা সন্মানীয়ও হ’ব৷ কিন্তু মোৰ লক্ষ্য সেয়া নহয়৷ “ এপিএচ চি বাছনিত চাকৰিটো পাই উগ্ৰপন্থীৰ ঘাটি বুলি জনাজাত ঠাইডোখৰত তাইৰ পষ্টিং হোৱাৰ লগে লগে থৰকাচুটি হেৰাইছিল নিলীময়ৰ ৷ কোনোপধ্যেই সি তাৰ হ’বলগীয়া পত্নী সন্ধ্যাশ্ৰীক তালৈ যাবলৈ দিব নোৱাৰে৷ তাইক বলাব নোৱাৰি তাইৰ মাকৰ ওচৰ পাইছিলগৈ, “চাওকচোন খুড়ী৷ বুজাওক তাই৷ ঠাইডোখৰ ছোৱালীৰ কাৰণে একেবাৰে চুইটেবল নহয়৷ “ এপইণ্টমেণ্ট লেটাৰখন সি কাঢ়ি লৈ থৈছিল৷ --------------------------------------------------- ইফালে সন্ধ্যাশ্ৰী? আকাশত উৰাৰ সপোনটোক কোনোপ...
Posts
- Get link
- X
- Other Apps
গল্প: ৰাতিৰ শেষ প্ৰহৰৰ কবিতা --------------------------------------------- “অই লাহে লাহে চলানা, লাহে লাহে চলা। ইমান ওফৰাই নি আছ কেলেই?” “ওহো, তই ক’ কথাটো, নহ’লে বাইকখন এনেকৈয়ে ওফৰি থাকিব।“ “ৰ’ ৰ’ কথাটো ক’ম বাৰু, প্ৰথমে ঘৰ গৈতো পাবলৈ দে।” “বাৰু ঠিক আছে, শ্ল কৰি দিলো, একদম শ্ল অ অ।” খিলখিলনিটো ৰয় মানে আকৌ এপাকত তাই চিঞৰি উঠে, “অই অই ৰখাচোন ৰখা। বাইক ৰখা।“ “কি হ’ল আকৌ?” “সেই ঘৰটোত ওলমি আছে যে টাবটো, দেখিছ?” “দেখিছো, কি হ’ল তাতে? “মোক লাগে ৰে এই গছজোপা। বহুতদিনৰ পৰা বিচাৰি ফুৰিছিলো”। “নেটত কিনি ল’বিনা। কিনো ব’ৰ কৰি থাক”। “নাম জানিলেহে নেটত বিচাৰিম। ৰৈ থাক দেই। দুইমিনিটত আহিম”, বুলি কৈয়ে অচিনাকী ঘৰটোৰ বাৰাণ্ডাত ভৰি দিলে তাই। অলপ পাছতে ওপৰৰ চাদঁৰ পৰা তাক হাত বাউলি মাতিলে, “অই আন্টিয়ে চাহ খাই যাবলৈ কৈছে, তই ওপৰলৈ উঠি আহ।” সি বিতৃ্ষ্ণাৰে তাইলৈ চাই সি দাঁত কামুৰি উঠি আহে, “কাম নাই তোৰ? অচিনাকী মানুহৰ ঘৰত চাহৰ টেবুলত বহিছহি।“ “হেই আন্টিয়ে ভালহে পাইছে। অ’ আন্টি, ইয়াৰ কথা শুনকনা।” “চুপ” বুলি সি তাইৰ মুখখনত সোপা মাৰি ধৰিলে। চহৰৰ কিছু আঁতৰলৈ সদায়ৰ দৰেই উদ্দেশ্যবিহীনভাবে দুয়োটা ঘূ...
- Get link
- X
- Other Apps
গল্প: পৰচৰ্চা বনাম টাইম পাছ ----------------------------------------------------------------------------------------------------------------------- দৃশ্যপট ১: অনিমেষ চহৰীয়া । ব্যক্তিত্বভৰা মুখখনিৰে ত্ৰিশৰ দেওনা পাৰ নোহোৱা এজন সুদৰ্শন যুৱক । লগতে মোটা দৰমহাৰ এটা চাকৰি । কাজেই বিবাহযোগ্যা অলেখ ছোৱালীৰ চকুত পৰিছিল তেওঁ ।তেওঁ বদলি হৈ আমাৰ কাৰ্যালয়ত যোগদান কৰাৰ পিছতে তেওঁক লগ পালো । ভদ্ৰ মাৰ্জিত ব্যৱহাৰ, কামৰ প্ৰতি যোগাত্মক ধাৰণাৰ বাবে তেওঁ সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিল । তেনে সময়তেই মোৰ মাতৃত্বকালীন ছুটি লোৱাৰো সময় আহি পৰিছিল । গতিকেই উপযুক্ত তথা বিশ্বস্ত সহকৰ্মী হিচাপে তেওঁৰ ওপৰত মোৰ আধৰুৱা কামবোৰ ন্যস্ত কৰি মই নতুনকৈ আহিবলগীয়া আলহীটোৰ বাবে ব্যস্ত হৈ পৰিলো । সন্তানটি জন্ম হোৱাৰ পাছৰ বেছ কিছুদিন কাৰ্যালয়ৰ লগত মোৰ যোগাযোগ একেবাৰেই বিছিন্ন হৈ পৰিল । কণমানিটোৰ লগতে উঠা-বহা, হঁহা-কন্দা এইবোৰ কৰি থাকোতেই সীমিত ছুটিটোও শেষ হ’বৰ হ’ল । ঘৰত চাৰিমহীয়া কেঁচুৱা এৰি আকৌ অফিচত জইন কৰিলো । জইন কৰিয়ে দেখিলো, অফিচৰ টেবুলবোৰত ফুচফুচীয়া মেল । কিবা এটা নতুনকৈ অহা ‘হাৱা’ই জোকাৰিছে চৌদিশ । খুঁচৰ...
- Get link
- X
- Other Apps
গল্প : এই যে ৰাস্তাটো দেখিছা ... স্নেপশ্বট ১ : “ তই বাৰু কেনেবাকৈ খেদা খোৱা বাংলাদেশী নেকি ?” “ কি ক ’ লি ?” “ ওম সুধিছো আক ’ । মুছলিম ছোৱালী হ ’ লি বাৰু ঠিক আছে । কিন্তু খেদা খাই আহিলে যে তোক মই নিনিও দেই। “ “ নিনি্ৱ মোক তই ? নিনিৱ ? ঠিক আছে দে । নিব নালাগে । কাকাহতে চাই দিয়া বুঢ়াটোৰ লগতে নিকাহত বহিমগৈ মই । বৰ এক্কেবাৰে । সুধিছে চা , বাংলাদেশী নেকি বুলি । হুহ ” , বুলি মুখখন এপাচি কৰি তাই যায়গৈ । প্ৰতিদিনে দুয়োটাই আহি নৈখনৰ পাৰত বহে । সিহঁত মানে আফছানা চুলতানা আৰু সুদীপ্ত বৰদলৈ । তাইৰ দুই ককায়েক মগ্ৰীৱৰ নামাজৰ বাবে মছজিদলৈ যায়গৈ । তাই মনে মনে আহি তাৰ লগ লাগেহি । কহুৱা বনৰ গাত গা লগাই দুয়োটাই চুপতি মাৰে । কথা পাতে । কথাৰ তালে তালে তাইৰ চূৰ্ণী খহে । কহুৱাবোৰে মিচিককৈ হাঁহে । লটিঘটিটো হয় তেতিয়া , যেতিয়া সি তাইৰ খং উঠাবলৈ সোধে , “ তই বাৰু কেনেবাকৈ খেদা খোৱা বাংলাদেশী নেকি ?” সিদিনাও তেনে এক ঘটনাই । অলপ ব্যতিক্ৰম মাথো । কাৰণ সিদিনা সি একেবা...