Posts

Showing posts from 2019
গল্প: বুদ্ধং শৰণং গচ্ছামি: পৰী পাৰবীন ------------------------------------------------------- দৃশ্যাংশ ১: কিছু শকতকৈ, কিছু মিঠাবৰণীয়া মানুহগৰাকী। বয়স চল্লিশৰ আশে পাশে। অযত্নপালিত চেহেৰা, কিছু মলিয়ন বেশভূষা। পাতল ৰঙা শাৰীখনেৰে নাভিতলৰ চৰ্বীখিনি উন্মুক্ত কৰাৰ নিৰ্লজ প্ৰয়াস। চকুত তাইৰ চিকাৰীৰ দৃষ্টি, খোজত বয়সৰ স’তে খাপ নোখোৱা কিছু চঞ্চলতা বিৰাজমান। গধূলি সময়ত প্ৰায়েই আহি তাই ব্যস্ত ৰাজপথত নতুবা চিনেমাহলৰ কাষত থিয় দিয়েহি। নাই, নাই, বহুত কিবা হাবিয়াস নাই তাইৰ। কোনোমতে দুশটকা হ’লেই দিনটো তাইৰ চলি যায়। এশ টকা হোটেলৰ মালিকক দিব লাগে। এশ টকা নিজৰ বাবে। হোটেল মানেনো কি? আগফালে চাহ-কেকৰ সৰু গুমটি এখন, পিছফালে চালি দিয়া কোঠা এটাত এখন সৰু বিচনা। উৰহ ডাঁহেৰে ভৰা এখন বিচনা। দিনটো হাড় টনটনাই যোৱা পৰিশ্ৰম কৰি ঘৰলৈ ওভতা শ্ৰমিকজন, নতুবা মাতাল ৰিক্সাৱালাজন, নতুবা সেইদিনা বিক্ৰী বেছি হোৱা চানাৱালাজন- সেইসকল তাইৰ নিয়মীয়া গ্ৰাহক। সিহঁতৰ লাভ বেছি হ’লে তাইৰো লাভ বেছি হয়। কেতিয়াবা দুশ টকাতকৈ বেছিকৈ পায়। সিদিনা তাই ফেৰীৱালাৰ পৰা ৰঙা ৰঙৰ নেইলপলিচ এটাও লৈ যায়। সিহঁতৰ লোকচান হ’লে তাইৰ চৌকা
গল্প: ফাগুনৰ গান: পৰী পাৰবীন ----------------------------------------------- দুমহলীয়া ঘৰটোৰ ওপৰৰ ঠাইখিনিত যেন চেগুন পাতৰে আধিপত্য।চেগুনৰ ঢপলা পাত। চেগুনৰ শুকান পাত। পুৱতি নিশাৰ বতাহ-বৰষুণজাকে পাতবোৰ তেনেই ছেদেলি ভেদেলি কৰি দিলে। শ্বলখন মেৰিয়াই ল’লে তাই। ঠাণ্ডা পৰিছে। ফাগুন অহাৰ বতৰা কঢ়িয়াই বতাহজাক বলিছে। কোনোবা গায়কে দূৰৈত ফাগুনৰ গান গাইছে। “অধীৰ নহ’বা অঞ্জনা, গীতৰ গভীৰ বেদনা…..” কলিটো ঠেকা খাই খাই কাণত বাজি আহিছে। তাই ঘূৰি গৈছে, যিমান দিনলৈকে পাৰি, সিমানদিনলৈ ঘূৰি গৈছে তাই। “বিয়াৰ পাছত কি কৰিবা? মডেলিং কৰি থাকিবানে ঘৰ চলাবা?”, ওখ শকত মানুহজনে মৰমেৰে সুধিছিল তাইক। “আপুনি যিদৰে বিচাৰে।”, যিমান পাৰি কোমলকৈ কৈছিল তাই। “গুড। মই তেনেকুৱা উত্তৰ এটাই বিচাৰিছিলো। আই লাইক ইট।“, যেন সৰু ছোৱালীক মৰম কৰাৰ দৰে গালত টুকুৰিয়াই কৈ দিব তেওঁ। লাহেকৈ হাঁহি এটা মাৰে তাই। সৰল হাঁহি। নিষ্পাপ হাঁহি। শিশুৰ দৰে। সেই যে ধাইয়ে হঁহুৱায় কেঁচুৱা এটিক, তেনেকুৱা পৱিত্ৰ হাঁহি। পৱিত্ৰ হাঁহিটো আহি মানুহজনৰ ঘৰ সোমালেহি। কেৰিয়াৰ নে ঘৰ? ঘৰ নে কেৰিয়াৰ? সিদ্ধান্ত লৈ পেলায় উন্মনাই, মানুহজনে যি ক’ব সেইয়াই
গল্প: ধৰ্ম আৰু প্ৰেম: পৰী পাৰবীন প্ৰথমাংশ: --------- “তাবাচুম নাজনীন। কি অৰ্থ তোৰ নামৰ”? "তাবাচুম মানে মিচিকিয়া হাঁহি। নাজনীন মানে ধুনীয়া"। “বাঃ!নামটোৰ দৰে অৰ্থটোও ধুনীয়া।” ঊৰ্দু শব্দবোৰ বৰ ধুনীয়া। আমাৰ অসমীয়া শব্দবোৰো কম কোমল নে? তোৰ নামটোৱেই কি ধুনীয়া অ’? জোনাক কি ধুনীয়া নাম!” “তোৰ নামটোৰ দৰেই তোৰ মুখখনো ধুনীয়া। ফুলা লুচিৰ দৰে গাল দুখন।“ “কি ক’লি? ফুলা লুচি? তই কি তেন্তে? তই হ’লি নিগনি।” সেই যে চতুৰ্থমানতে দুয়োটাৰে ধুনীয়া নাম দুটা মচি লৈ নতুন নাম দুটাৰে ইটোৱে সিটোৰ সম্ভাষণ কৰিবলৈ আৰম্ভ কৰিলে, সেই নামটোৰেই সিহঁত হাইস্কুল পালেগৈ। হাইস্কুল পাইহে সিহঁতৰ কাজিয়াবোৰ অলপ কমিল। তাইৰ ফুলা গাল দুখনত হাঁহো হাঁহোকৈ দিম্পল দুটা ওলমি ৰ’ল। তাই পাটগাভৰু হ’ল। আৰু সি যেন উতনুৱা পছোৱাজাকক বুকুত সামৰিব নোৱাৰি ছটফটাই ৰোৱা এক ব্যৰ্থ প্ৰেমিক হৈ পৰিল। তাৰ হাঁহিবোৰ অলপ গহীন হ’ল, চকুযোৰ চঞ্চল হ’ল। স্কুলীয়া প্ৰেম। জীৱনৰ প্ৰথম প্ৰেম। জীৱনৰ কেঁকুৰি সলাব নোৱাৰিলেও ভাস্কৰ্যৰ দৰে শিলালিপিত খোদিত হৈ ৰোৱা প্ৰেম। কাকো ক’ব নোৱাৰি, দেখুৱাব নোৱাৰি, গধূলি পঢ়াৰ সময়ৰ টেবুললেম্পৰ পোহৰত